বিকানেৰী ভূজিয়া
জয়পুৰৰ এখন বিকানেৰী ভূজিয়াৰ দোকান | |
অন্য নাম | ভূজিয়া |
---|---|
প্ৰকাৰ | জলপান, স্নেক, ষ্টাৰটাৰ |
উৎপত্তিৰ স্থান | ভাৰত |
অঞ্চল | ৰাজস্থান, গুজৰাট |
মুখ্য উপাদান | মোঠ মাহ, বেচন, বাদমৰ তেল |
ভিন্ন প্ৰকাৰ | চেভ |
বিকানেৰী ভূজিয়া এক প্ৰকাৰৰ বেচন আৰু ৰাজস্থানৰ চহৰ বিকানেৰৰ স্থানীয় মচলাৰে প্ৰস্তুত কৰা মচমচীয়া জলপান। ই দেখিবলৈ পাতল হালধীয়া বৰণৰ। পোনপ্ৰথমে ভূজিয়া বিকানেৰত তৈয়াৰ কৰা হৈছিল আৰু পিছলৈ গোটেই পৃথিৱীত ইয়াৰ প্ৰচলন হবলৈ ধৰিলে।[1] বৃহৎ পৰিমাণে প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ ভূজিয়াবোৰ এক শ্ৰেণীবদ্ধ পৰীক্ষা প্ৰণালীৰ মাজেৰে যাবলৈ দিয়া হয়। বিভিন্ন নতুন সামগ্ৰীৰে প্ৰস্তুত কৰিলেও ইয়াৰ মৌলিক ধৰ্মবোৰ একে থাকিবলৈ এই পৰীক্ষাবোৰ কৰা হয়।
বিকানেৰী ভূজিয়া বিকানেৰৰ কুটিৰশিল্প। বিকানেৰ অঞ্চলৰ বিভিন্ন গাঁৱৰ প্ৰায় ২৫ লাখ মানুহ বিশেষকৈ মহিলা সকল ইয়াৰ লগত জড়িত। বৰ্তমানে পেপছিকোকে আদি কৰি বহুতো বহুজাতিক ভাৰতীয় জলপান কোম্পানীয়ে এই ভূজিয়াৰ নাম ব্যৱহাৰ কৰা বাবে স্থানীয় শিল্পটি এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।[2][3] বহু বছৰ নকল সামগ্ৰীৰ লগত যুঁজাৰ পিছত, ২০১০ চনৰ ছেপ্তেম্বৰ মাহত ভাৰতীয় পেটেন্ট কাৰ্য্যালয়ে বিকানেৰী ভূজিয়াক ভৌগোলিক অস্তিত্বৰ অধিকাৰ আৰু স্থানীয় প্ৰস্তুতকৰ্তা সকলক ইয়াৰ পেটেন্ট দিয়ে।[4][5][6]
ইতিহাস
[সম্পাদনা কৰক]মহাৰাজা শ্ৰী দাংগাৰ সিংৰ ৰাজত্ব কালত ১৮৭৭ চনত এই ভূজিয়াৰ প্ৰথম চাম বিকানেৰৰ প্ৰিঞ্চলী ষ্টেটত প্ৰস্তুত কৰা হৈছিল।[7]
প্ৰস্তুত প্ৰণালী
[সম্পাদনা কৰক]মোঠ দাইলৰ বেচন বিভিন্ন মচলা যেনে - বুটমাহৰ বেচন, চেলুল'জৰ গুড়ি(ফাইবাৰ), নিমখ, ৰঙা জলকীয়া, জালুক, ইলাছি, লং, বাদামৰ তেল ইত্যাদিৰে ইয়াক প্ৰস্তুত কৰা হয়। ভূজিয়াৰ বিশেষ আকৃতিৰ বাবে ইয়াক চালনিৰ মাজেৰে জোৰেৰে হেচি বনস্পতি তেলত ভজা হয়। সমগ্ৰ ভাৰতত বিশেষকৈ ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ, বিহাৰ, পশ্চিম বংগ আৰু অসমত ভূজিয়া বৰ জনপ্ৰিয়।
পেটেন্ট আৰু ভৌগোলিক অস্তিত্ব সুৰক্ষা
[সম্পাদনা কৰক]২০১০ চনৰ ছেপ্তেম্বৰ মাহত বিকানেৰী ভূজিয়াক ভৌগোলিক অস্তিত্ব সুৰক্ষা দিয়া হয়।[8]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Camel country: Known for its sand dunes and bhujia, Bikaner..". The Tribune. January 18, 2009. http://www.tribuneindia.com/2009/20090118/spectrum/main5.htm.
- ↑ "The whole world's bhujia". indiatogether.org. 26 July 2005. http://www.indiatogether.org/2005/jul/eco-bikaner.htm.
- ↑ "India: TNCs muscling into cottage industry sectors". TWN (Third World Network). Jan 11, 1996. Archived from the original on September 27, 2011. https://web.archive.org/web/20110927030000/http://www.twnside.org.sg/title/tnc-ch.htm। আহৰণ কৰা হৈছে: January 31, 2016.
- ↑ "A copyright for Bikaneri bhujia, Hyderbadi haleem". Indian Express. Sep 14, 2010. http://www.indianexpress.com/news/a-copyright-for-bikaneri-bhujia-hyderbadi-h/681218/.
- ↑ "Registered Geographical Indications (GI)". Geographical Indication Registry (India). http://ipindia.nic.in/girindia/treasures_protected/registration_GI_27October2010.pdf.
- ↑ "Patent shield soon from copycat GI Joes". Economic Times. 24 Feb 2007. http://economictimes.indiatimes.com/news/economy/finance/patent-shield-soon-from-copycat-gi-joes/articleshow/1670508.cms.
- ↑ http://www.thehindu.com/features/metroplus/Food/in-search-of-bikaneri-bhujia/article3945487.ece
- ↑ A copyright for Bikaneri bhujia, ৰাজস্থানৰ বিকানেৰী ভূজিয়া এই তালিকাত যোগ দিয়াৰ পিছত ১২০ ৰ পৰা ১৩২ লৈ বৃদ্ধি হল।