ভৱানী জামাক্কালাম
ভৱানী জামাক্কালাম | |
---|---|
ভৌগোলিক স্বীকৃতি | |
ভৱানী জামাক্কালাম | |
বৰ্ণনা | তামিলনাডুৰ ভৱানীত উৎপাদিত কম্বল আৰু দলিচা |
প্ৰকাৰ | হস্তশিল্প |
অঞ্চল | ভৱানী, তামিলনাডু |
দেশ | ভাৰত |
পঞ্জীয়ন | ২০০৫-২০০৬ |
উপাদান | কপাহ, ৰেচম |
ভৱানী জামাক্কালাম ভাৰতৰ তামিলনাডু ৰাজ্যৰ এৰোড জিলাৰ ভৱানীত উৎপাদিত কম্বল আৰু দলিচাজাতীয় পণ্য।[1][2] এই শিল্পয়ে ২০০৫-২০০৬ চনত ভাৰতৰ ভৌগোলিক নিদৰ্শন চিহ্ন হিচাপে স্বীকৃতি লাভ কৰিছে।[3]
ইতিহাস
[সম্পাদনা কৰক]১৯ শতিকাৰ ব্ৰিটিছ চৰকাৰৰ লগত প্ৰতিযোগিতাত বৰ্তি থাকিবলৈ ভাৰতীয় শিল্পী সকলে এক প্ৰকাৰৰ নতুন ধৰণৰ পোছাক উদ্ভাৱন কৰে।[2] ভৱানীৰ দৰ্জী সম্প্ৰদায়ৰ লোক সকলে ৰঙীন শকত সূতাৰ মাধ্যমত এই কম্বল তৈয়াৰ কৰে।[4] উৎপাদিত জামাক্কালামৰ জনপ্ৰিয়তা অন্যান্য ঐতিহ্যগত শাড়ী আৰু পোছাকৰ সলনি এই জামাক্কালাম উৎপাদনে নেতৃত্ব বহন কৰে। [4]
প্ৰকাৰ
[সম্পাদনা কৰক]ভৱানীত দুই ধৰণৰ জামাক্কালাম উৎপাদিত হয়।
- শকত ৰঙীন কপাহী সূতাৰে তৈয়াৰ কৰা। [5]
- কৃত্ৰিম ৰেচমেৰে তৈয়াৰ কৰা সুন্দৰ প্ৰান্ত যুক্ত কোমল কম্বল।[5]
ভৱানী জামাক্কালামত বাকপাক চাদৰো উৎপাদিত হয়।[6]
বিৱৰণ
[সম্পাদনা কৰক]পৰম্পৰাগত ভাবে জামাক্কালাম আত্মনিৰ্ভৰশীল শিল্পীসকলৰ ঘৰতে উৎপাদিত হয়।[7] তাৰপিছত এই কম্বল প্ৰধান দৰ্জীৰ কাষত পঠিয়াই দিয়া।[8] প্ৰধান দৰ্জীয়ে কম্বল পৰীক্ষা কৰি অন্যান্য কাৰিগৰৰ লগত যোগাযোগ কৰে। এই হস্ত নিৰ্মিত তাঁত বিক্ৰী কৰিবলৈ ব্যৱসায়ী সকলৰ কাষত পঠিয়াই দিয়া হয়।[9] তাৰ পিছত ব্যৱসায়ী সকলে উৎপাদিত পণ্য নিকটবৰ্তী এলাকাসমুহত পঠিয়াই দিয়ে। প্ৰায় ১৫০০ শ্ৰমিক এই জামাক্কালামৰ উৎপাদনৰ লগত জড়িত তাৰে ভিতৰত দুই-তৃতীয়াংশ হল মহিলা । [10]
ৰপ্তানি
[সম্পাদনা কৰক]উৎপাদিত জামাক্কালাম বিশ্বৰ বিভিন্ন দেশত ৰপ্তানি কৰা হয়, যেন - চুইডেন, জাৰ্মানী, ইটালী, ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছিংগাপুৰ।[11] ১৯৯৩ চনত সকলোতকৈ বেছি কাপোৰ ৰপ্তানি কৰা হয়। .[11]
ভৌগোলিক অস্তিত্ব
[সম্পাদনা কৰক]২০০৫ চনত তামিলনাডু চৰকাৰে এই শিল্পক ভৌগোলিক অস্তিত্বৰ ইংগিত বহনকাৰী হিচাপে উপস্থাপন কৰে। [12] ফলশ্ৰুতিত ২০০৫-০৬ চনত ভাৰত চৰকাৰে জামাক্কালামক ভৌগোলিক অস্তিত্বৰ ইংগিত হিচাপে আনুষ্ঠানিক ভাবে স্বীকৃতি প্ৰদান কৰে। [3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Parry, Breman, Kapadia. The worlds of Indian industrial labour. পৃষ্ঠা. 380.
- ↑ 2.0 2.1 de Neve. The Everyday Politics of Labour. পৃষ্ঠা. 42.
- ↑ 3.0 3.1 "Geographical indications of India". Government of India. http://ipindia.nic.in/girindia/। আহৰণ কৰা হৈছে: 28 June 2015.
- ↑ 4.0 4.1 de Neve. The Everyday Politics of Labour. পৃষ্ঠা. 43.
- ↑ 5.0 5.1 de Neve. The Everyday Politics of Labour. পৃষ্ঠা. 87.
- ↑ "When passion met fashion". The Hindu. 13 April 2014. http://www.thehindu.com/features/metroplus/events/when-fashion-met-passion/article5909543.ece.
- ↑ de Neve. The Everyday Politics of Labour. পৃষ্ঠা. 167.
- ↑ de Neve. The Everyday Politics of Labour. পৃষ্ঠা. 45.
- ↑ de Neve. The Everyday Politics of Labour. পৃষ্ঠা. 44.
- ↑ de Neve. The Everyday Politics of Labour. পৃষ্ঠা. 86.
- ↑ 11.0 11.1 Assayag, Fuller. Globalizing India: Perspectives from Below. পৃষ্ঠা. 93.
- ↑ "GI tag: TN trails Karnataka with 18 products". Times of India. 29 August 2013. http://timesofindia.indiatimes.com/city/chennai/GI-tag-TN-trails-Karnataka-with-18-products/articleshow/6458268.cms.