কাজিনেমু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
কাজিনেমু
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Sapindales
পৰিয়াল: Rutaceae
গণ: Citrus
প্ৰজাতি: C. limon
বৈজ্ঞানিক নাম
Citrus limon
(L.) Burm.f.
কাজিনেমু
ভৌগোলিক স্বীকৃতি
Assam lemon 2z.jpg
কেৰালাত উৎপাদিত কাজিনেমু
প্ৰকাৰ কৃষি
অঞ্চল অসম
দেশ ভাৰত
উপাদান নেমু

কাজিনেমু (ইংৰাজীKaji Nemu) হৈছে অসমৰ বিভিন্ন অঞ্চলত উৎপাদিত হোৱা এক প্ৰকাৰৰ বিশেষ প্ৰজাতিৰ নেমু। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Citrus limon। ই Rutaceae পৰিয়ালৰ অন্তৰ্গত Citrus গণৰ এটা প্ৰজাতি। কাজিনেমুৰ কিছুমান বৈশিষ্ট্য আছে যাৰ বাবে ই আন নেমুতকৈ পৃথক। বিশেষকৈ ইয়াৰ গোন্ধ আন নেমুতকৈ বেলেগ আৰু আকৃতি তুলনামূলক ভাবে ডাঙৰ। কাজিনেমু পকি যোৱাৰ পিছতো বহু দিন গছত লাগি থাকি সৰি নাযায়। সচৰাচৰ কাজিনেমুত গোটেই বছৰৰ জুৰি ফল লাগে। ২০১৯ চনত কাজিনেমুয়ে ভৌগোলিক স্বীকৃতি লাভ কৰে।[1]

বিৱৰণ[সম্পাদনা কৰক]

কাজি নেমু এবিধ বহু বৰ্ষজীৱী কাঁইটীয়া জোপোহা গুল্মজাতীয় গছ। ইয়াৰ পাতৰ ৰং ডাঠ সেউজীয়া। ছিঙিলে সুগন্ধি ওলায়। গছবোৰ সাধাৰণতে ২-৩.৫ মিটাৰ উচ্চতালৈ হয়। পাতসমূহৰ দীঘ ৭-১০ ছেণ্টিমিটাৰ আৰু প্ৰস্থ ৩-৫ ছেণ্টিমিটাৰ হয়। কাজিনেমু প্ৰায় ২০ৰ পৰা ২৫ বছৰ পৰ্যন্ত জীয়াই থাকে। গছসমূহত পাতল বেঙুনীয়াৰ পোৱা ৰঙা ৰঙৰ ফুল ফুলে আৰু উপযুক্ত বয়সত ৩০০ৰ পৰা ৫০০ ফল লাগে। এটা ফলৰ ভৰ প্ৰায় ৬০-১০০ গ্ৰাম আৰু প্ৰতি হেক্টৰ মাটিত বছৰি ২০ৰ পৰা ৩০ টন উৎপাদন হয়। কাজিনেমুৰ বাকলি পাতল। পুৰঠ নেমুত প্ৰচুৰ পৰিমাণে ৰস থাকে। ফলৰ বৰণ ডাঠ সেউজীয়াৰ পৰা পাতল সেউজীয়া-হালধীয়া হলে ছিঙাৰ উপযুক্ত হয়। কাজি নেমুৰ উৎপাদন গোটেই বছৰ জুৰি হয় যদিও নৱেম্বৰৰ পৰা জানুৱাৰী মাহত উৎপাদন কম হয়।[2]

কৃষি[সম্পাদনা কৰক]

পানী জমা নোহোৱা পলসুৱা মাটিত কাজিনেমুৰ খেতি ভাল হয়। সেমেকা উপক্ৰান্তীয় জলবায়ু কাজিনেমুৰ বাবে উত্তম। কাজি নেমুৰ খেতি ঘাইকৈ কলম পদ্ধতিৰে কৰা হয় যদিও গুটিৰ পৰায়ো পুলি উৎপন্ন হয়। অধিক উৎপাদনৰ বাবে উপযুক্ত পৰিমাণৰ সাৰ-পানী প্ৰয়োগ কৰাৰ লগতে কীট-পতংগ আৰু বেমাৰৰ পৰা ৰক্ষা পাবলৈ কীটনাশক আদিও ব্যৱহাৰ কৰিব লাগে।[2]

বিশেষত্ব[সম্পাদনা কৰক]

কাজিনেমুৰ কিছুকাল বিশেষ বৈশিষ্ট্য আছে। ইয়াৰ আকৃতি আন নেমুৰ তুলনাত যথেষ্ট ডাঙৰ। ফলত গুটিৰ সংখ্যা কম বা প্ৰায় গুটি নাথাকে। অন্যান্য বিশেষত্ব সমূহ হ'ল:[2]

  • কাজিনেমুত গোটেই বছৰ জুৰি ফল লাগে আৰু বছৰত দুবাৰকৈ ফল উৎপাদনৰ শীৰ্ষ সময় আছে বাবে উৎপাদন অধিক।
  • কাজিনেমুৰ গোন্ধ আন নেমুতকৈ পৃথক।
  • গুটিবিহীন ফল বা কম গুটি।
  • কাজিনেমুৰ ফল পকাৰ পিছতো গছৰ পৰা সৰি নাযায়।
  • ফলসমূহ নতুন ডালত থোপা হিচাপে লাগে

ব্যৱহাৰ[সম্পাদনা কৰক]

চুঙা চাউল, ভাত, সৰিয়হৰে ৰন্ধা ভাপত দিয়া মাছ আৰু হাঁহৰ আঞ্জাৰ সৈতে কাজিনেমু

অসমীয়া খাদ্যত কাজিনেমুৰ এক সুকীয়া স্থান আছে। সাধাৰণতে ভাত আৰু আঞ্জাৰ সৈতে কেঁচা নেমুৰ টুকুৰা পৰিবেশন কৰা হয়। নেমুৰ টুকুৰা চেপি ভাত প্ৰয়োজন অনুসৰি টেঙা কৰি থোৱা হয়। বিয়া-সবাহ আদিতো নেমু খাদ্যৰ লগত ব্যৱহাৰ কৰা হয়। কিছুমানে টেঙা আঞ্জা প্ৰস্তুত কৰিবলৈ নেমুৰ ৰস ব্যৱহাৰ কৰে। কাজিনেমুৰ কিছুমান ঔষধি গুণ আছে। ঘৰুৱা চিকিৎসাত কাজিনেমু ব্যৱহাৰ কৰাহয়। কাজিনেমুৰ পৰা সুগন্ধি নিষ্কাষণ কৰি বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰা হয়।

ভৌগোলিক স্বীকৃতি[সম্পাদনা কৰক]

২০১৮ চনৰ ৫ জানুৱাৰী তাৰিখে কাজিনেমুৰ ভৌগোলিক স্বীকৃতি বিচাৰি চিআৰএছ ন-দিহিং নেমু টেঙা উন্নয়ন সমিতিয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত আবেদন জনাইছিল। ২০১৯ চনত ই ভৌগোলিক স্বীকৃতি লাভ কৰে।[3]

তথ্য উৎস[সম্পাদনা কৰক]