সমললৈ যাওক

কাজিনেমু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাজিনেমু
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Sapindales
পৰিয়াল: Rutaceae
গণ: Citrus
প্ৰজাতি: C. limon
বৈজ্ঞানিক নাম
Citrus limon
(L.) Burm.f.
কাজিনেমু
ভৌগোলিক স্বীকৃতি

কাজিনেমু
প্ৰকাৰ কৃষি
অঞ্চল অসম
দেশ ভাৰত
উপাদান নেমু

কাজিনেমু (ইংৰাজী: Kaji Nemu) হৈছে অসমৰ বিভিন্ন অঞ্চলত উৎপাদিত হোৱা এক প্ৰকাৰৰ বিশেষ প্ৰজাতিৰ নেমু। কাজিনেমু অসমৰ ৰাজ্যিক ফল৷[1] ইয়াৰ বৈজ্ঞানিক নাম হৈছে Citrus limon। ই Rutaceae পৰিয়ালৰ অন্তৰ্গত Citrus গণৰ এটা প্ৰজাতি। কাজিনেমুৰ কিছুমান বৈশিষ্ট্য আছে যাৰ বাবে ই আন নেমুতকৈ পৃথক। বিশেষকৈ ইয়াৰ গোন্ধ আন নেমুতকৈ বেলেগ আৰু আকৃতি তুলনামূলক ভাবে ডাঙৰ। কাজিনেমু পকি যোৱাৰ পিছতো বহু দিন গছত লাগি থাকি সৰি নাযায়। সচৰাচৰ কাজিনেমুত গোটেই বছৰৰ জুৰি ফল লাগে। ২০১৯ চনত কাজিনেমুয়ে ভৌগোলিক স্বীকৃতি লাভ কৰে।[2]

কাজি নেমু এবিধ বহু বৰ্ষজীৱী কাঁইটীয়া জোপোহা গুল্মজাতীয় গছ। ইয়াৰ পাতৰ ৰং ডাঠ সেউজীয়া। ছিঙিলে সুগন্ধি ওলায়। গছবোৰ সাধাৰণতে ২-৩.৫ মিটাৰ উচ্চতালৈ হয়। পাতসমূহৰ দীঘ ৭-১০ ছেণ্টিমিটাৰ আৰু প্ৰস্থ ৩-৫ ছেণ্টিমিটাৰ হয়। কাজিনেমু প্ৰায় ২০ৰ পৰা ২৫ বছৰ পৰ্যন্ত জীয়াই থাকে। গছসমূহত পাতল বেঙুনীয়াৰ পোৱা ৰঙা ৰঙৰ ফুল ফুলে আৰু উপযুক্ত বয়সত ৩০০ৰ পৰা ৫০০ ফল লাগে। এটা ফলৰ ভৰ প্ৰায় ৬০-১০০ গ্ৰাম আৰু প্ৰতি হেক্টৰ মাটিত বছৰি ২০ৰ পৰা ৩০ টন উৎপাদন হয়। কাজিনেমুৰ বাকলি পাতল। পুৰঠ নেমুত প্ৰচুৰ পৰিমাণে ৰস থাকে। ফলৰ বৰণ ডাঠ সেউজীয়াৰ পৰা পাতল সেউজীয়া-হালধীয়া হলে ছিঙাৰ উপযুক্ত হয়। কাজি নেমুৰ উৎপাদন গোটেই বছৰ জুৰি হয় যদিও নৱেম্বৰৰ পৰা জানুৱাৰী মাহত উৎপাদন কম হয়।[3][4][5]

প্ৰধান উৎপাদনকাৰী জিলাসমূহৰ ভিতৰত ডিব্ৰুগড়, গোলাঘাট, কাছাৰ, চিৰাং, নলবাৰী আৰু ডিমা হাচাও জিলা উল্লেখযোগ্য।[6]

পানী জমা নোহোৱা পলসুৱা মাটিত কাজিনেমুৰ খেতি ভাল হয়। সেমেকা উপক্ৰান্তীয় জলবায়ু কাজিনেমুৰ বাবে উত্তম। কাজি নেমুৰ খেতি ঘাইকৈ কলম পদ্ধতিৰে কৰা হয় যদিও গুটিৰ পৰায়ো পুলি উৎপন্ন হয়। অধিক উৎপাদনৰ বাবে উপযুক্ত পৰিমাণৰ সাৰ-পানী প্ৰয়োগ কৰাৰ লগতে কীট-পতংগ আৰু বেমাৰৰ পৰা ৰক্ষা পাবলৈ কীটনাশক আদিও ব্যৱহাৰ কৰিব লাগে।[3]

বিশেষত্ব

[সম্পাদনা কৰক]

কাজিনেমুৰ কিছুকাল বিশেষ বৈশিষ্ট্য আছে। ইয়াৰ আকৃতি আন নেমুৰ তুলনাত যথেষ্ট ডাঙৰ। ফলত গুটিৰ সংখ্যা কম বা প্ৰায় গুটি নাথাকে। অন্যান্য বিশেষত্ব সমূহ হ'ল:[3]

  • কাজিনেমুত গোটেই বছৰ জুৰি ফল লাগে আৰু বছৰত দুবাৰকৈ ফল উৎপাদনৰ শীৰ্ষ সময় আছে বাবে উৎপাদন অধিক।
  • কাজিনেমুৰ গোন্ধ আন নেমুতকৈ পৃথক।
  • গুটিবিহীন ফল বা কম গুটি।
  • কাজিনেমুৰ ফল পকাৰ পিছতো গছৰ পৰা সৰি নাযায়।
  • ফলসমূহ নতুন ডালত থোপা হিচাপে লাগে

ব্যৱহাৰ

[সম্পাদনা কৰক]
চুঙা চাউল, ভাত, সৰিয়হৰে ৰন্ধা ভাপত দিয়া মাছ আৰু হাঁহৰ আঞ্জাৰ সৈতে কাজিনেমু

অসমীয়া খাদ্যত কাজিনেমুৰ এক সুকীয়া স্থান আছে। সাধাৰণতে ভাত আৰু আঞ্জাৰ সৈতে কেঁচা নেমুৰ টুকুৰা পৰিবেশন কৰা হয়। নেমুৰ টুকুৰা চেপি ভাত প্ৰয়োজন অনুসৰি টেঙা কৰি থোৱা হয়। বিয়া-সবাহ আদিতো নেমু খাদ্যৰ লগত ব্যৱহাৰ কৰা হয়। কিছুমানে টেঙা আঞ্জা প্ৰস্তুত কৰিবলৈ নেমুৰ ৰস ব্যৱহাৰ কৰে। কাজিনেমুৰ কিছুমান ঔষধি গুণ আছে। ঘৰুৱা চিকিৎসাত কাজিনেমু ব্যৱহাৰ কৰাহয়। কাজিনেমুৰ পৰা সুগন্ধি নিষ্কাষণ কৰি বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰা হয়। তদুপৰি চৰ্বত, আচাৰ আদি প্ৰস্তুত কৰিবলৈ আৰু আঞ্জা সজাবলৈও কাজি নেমু ব্যৱহাৰ কৰা হয়।[7]

ভৌগোলিক স্বীকৃতি

[সম্পাদনা কৰক]

২০১৮ চনৰ ৫ জানুৱাৰী তাৰিখে কাজিনেমুৰ ভৌগোলিক স্বীকৃতি বিচাৰি চিআৰএছ ন-দিহিং নেমু টেঙা উন্নয়ন সমিতিয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত আবেদন জনাইছিল। ২০১৯ চনত ই ভৌগোলিক স্বীকৃতি লাভ কৰে।[8] ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত অসম চৰকাৰে অনন্য সুগন্ধি আৰু এন্টিঅক্সিডেন্ট গুণৰ বাবে কাজি নেমুক ৰাজ্যিক ফল হিচাপে ঘোষণা কৰে।[9]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Assam’s unique Kaji Nemu gets status of state fruit". 14 February 2024. https://timesofindia.indiatimes.com/city/guwahati/assam-declares-kaji-nemu-as-state-fruit/amp_articleshow/107676597.cms আহৰণ কৰা হৈছে: 16 February 2024.
  2. "Application Details". http://ipindiaservices.gov.in/GirPublic/Application/Details/609 আহৰণ কৰা হৈছে: 2020-05-26.
  3. 1 2 3 "G.I. APPLICATION NUMBER-609". GEOGRAPHICAL INDICATIONS JOURNAL (১২৩): ১৩-২১. মে' 2019. http://www.ipindia.nic.in/writereaddata/Portal/IPOJournal/1_4799_1/Journal_123.pdf.
  4. "Precious Lemons". natasha-pointstoponder.blogspot.in. 19 June 2014. https://natasha-pointstoponder.blogspot.in/2014/06/precious-lemons.html?m=1 আহৰণ কৰা হৈছে: 2018-02-15.
  5. "ASSAM LEMON (Citrus Limon L. Burmf)". www.kiran.nic.in. http://www.kiran.nic.in/pdf/Agri-Kaleidoscope/Horticulture-resources/ASSAM_LEMON.pdf.
  6. Desk, Sentinel Digital (2022-03-27). "Kaji Nemu - Sentinelassam" (en ভাষাত). www.sentinelassam.com. https://www.sentinelassam.com/editorial/kaji-nemu-584658 আহৰণ কৰা হৈছে: 2022-08-02.
  7. "Design and Development of a Hand Operated Assam Lemon Fruit Harvester" (en ভাষাত). Sustainability and Social Innovation Lab. Archived from the original on 2018-05-11. https://web.archive.org/web/20180511214744/http://www.sustainability-and-social-innovation.com/design-and-development-of-a-hand-operated-assam-lemon-fruit-harvester.html আহৰণ কৰা হৈছে: 2018-05-11.
  8. "Kaji Nemu (Lemon) got GI tag in Assam". AGRI ICAR JRF. November 18, 2019. https://agriicarjrf.com/2020/03/kaji-nemu-lemon-got-gi-tag-in-assam/ আহৰণ কৰা হৈছে: May 26, 2020.
  9. https://thenewsmill.com/2024/02/assam-government-declares-kaji-nemu-as-state-fruit/