বৈজ্ঞানিক নামকৰণ পদ্ধতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দ্বৈৰাশিক নামাকৰণ(ইংৰাজী: Binomial nomenclature,) জীৱ বিজ্ঞানত প্ৰজাতি নামাকৰণৰ এটা আনুষ্ঠানিক পদ্ধতি। এই নামাকৰণ পদ্ধতিত, প্ৰত্যেকটো জীৱৰ নাম দুটা অংশৰে গঠিত। নামটো লিখোতে লেটিন বা অন্য যিকোনো ভাষাৰ পৰা আহৰণ কৰা শব্দবোৰ লেটিন ব্যায়াকৰণৰ ৰূপত লিখা হয়। যেনে, “assam” শব্দটো “assama” বুলি লিখা হয়। এনে নাম একোটাই দ্বিপদ নাম, দ্বৈৰাশিক নাম বা বৈজ্ঞানিক নাম; অনানুষ্ঠানিক ভাবে লেটিন নাম বুলিও কয়। নামটোৰ প্ৰথম অংশই প্ৰজাতিটো যিটো গণৰ অন্তৰ্গত তাক চিনাক্ত কৰে; দ্বিতীয় অংশই গণটোৰ অন্তৰ্গত প্ৰজাতিটোক চিনাক্ত কৰে। উদাহৰণ স্বৰূপে, মানুহবোৰ, হম' ([[::en:Homo|Homo]]) নামৰ গণটোৰ অন্তৰ্গত আৰু এই গণৰে হম' চেপিয়েন্স ([[::en:Homo sapiens|Homo sapiens]]) নামৰ প্ৰজাতিটোৰ অন্তৰ্গত জীৱ। প্ৰজাতি নামাকৰণৰ এই প্ৰদ্ধতিটো প্ৰথম ব্যৱহাৰ কৰাৰ শ্ৰেয় ছুইছ প্ৰকৃতি বিজ্ঞানী কাৰ্ল লিনিয়াছক দিয়া হয়, ১৭৫৩ চনত তেওঁ, তেওঁৰ স্পেছিচ প্লেন্টাৰামত ([[::en:Species Plantarum|Species Plantarum]]) এই প্ৰদ্ধতিটো কাৰ্যকৰী ভাৱে আৰম্ভ কৰিছিল।[1]

বৰ্তমান প্ৰচলিত দ্বৈৰাশিক নামাকৰণ, আন্তঃৰাষ্ট্ৰীয় ভাবে গ্ৰহণ কৰা বিভিন্ন নীতিৰ দ্বাৰা নিয়ন্ত্ৰন কৰা হয়, যিবোৰৰ ভিতৰত দুটা অতি গুৰুত্বপূৰ্ণ নীতি হ'ল, “প্ৰাণীবৈজ্ঞানিক নামাকৰণৰ আন্তঃৰাষ্ট্ৰীয় নীতি(ICZN)” প্ৰাণীৰ বাবে, আৰু “শেলাই, ভেঁকুৰ আৰু উদ্ভিদ নামাকৰণৰ আন্তঃৰাষ্ট্ৰীয় নীতি(ICN)।” যদিও দ্বিপদ নামাকৰণৰ দুয়োটা পদ্ধতিতে সাধাৰণ নীতিসমূহ প্ৰায় একে, তথাপি দুয়োটাই ব্যৱহাৰ কৰা সূত্ৰ আৰু নীতি সমূহৰ মাজত কিছু পাৰ্থক্যও আছে, । আধুনিক ব্যৱহাৰত, নামটোৰ প্ৰথম অংশৰ, গণটোৰ, প্ৰথম বৰ্ণটো সদায় বৰফলাত লিখা হয়, কিন্তু দ্বিতীয় অংশটো যদিও, মানুহৰ নাম বা ঠাইৰ নামৰ দৰে নামবাচক বিশেষ্য পদৰ পৰা অনা হয়, তথাপি তেনেদৰে লিখা নহয়। সেইদৰে, যেতিয়া বৈজ্ঞানিক নামটো সাধাৰন ভাবে লিখা হয়, তেতিয়া নামটোৰ দুয়োটা অংশ হেলনীয়াকৈ লিখা হয়। যেনে, এনোৱেল ফ্লক্স (উদ্ভিদবিদ থমাছ ড্ৰোমণ্ডৰ নামেৰে নামাকৰণ কৰা হৈছে)ৰ বৈজ্ঞানিক নামটো Phlox drummondii বুলি লিখা হয়। বৈজ্ঞানিক কামত, অন্ততঃ যেতিয়া নামটো প্ৰথমবাৰৰ বাবে লিখা হয়, তেতিয়া বৈজ্ঞানিক নামটোৰ স্বত্বাধিকাৰীৰ নামটোও সাধাৰণতে লিখা হয়, লগতে প্ৰকাশৰ তাৰিখটোও কেতিয়াবা উল্লেখ কৰা হয়।

অন্য স্থানসমুহ[সম্পাদনা কৰক]

দ্বৈৰাশিক নামাকৰণ, ইয়াত বৰ্ণনা কৰাৰ দৰে, প্ৰজাতি নামাকৰণৰ এটা পদ্ধতি। প্ৰজাতিটোৰ নামটোৰ প্ৰথম অংশ এটা গণৰ নাম হোৱা বাবে ই গণ নামাকৰণৰ এটা পদ্ধতিকো সাঙুৰি লয়। কিছুমান শ্ৰেণীবিভাজন পদ্ধতিত গণৰ ওপৰৰ স্থান আৰু প্ৰজাতিৰ তলৰ স্থান ওপৰত ভিত্তি কৰিও নামাকৰণ কৰা হয়। এনে পদ্ধতিত গণৰ ওপৰৰ স্থানে (যেনে: পৰিয়াল, বৰ্গ, শ্ৰেণী) নামটোৰ এটা অংশ পূৰণ কৰে যিটো হেলনীয়াকৈ লিখা নহয়। যেনে, ঘৰচিৰিকাৰ বৈজ্ঞানিক নাম Passer domesticus, ই Passeridae নামৰ পৰিয়ালৰ অন্তৰ্গত। পৰিয়ালৰ নামবোৰ প্ৰায়ে গণৰ নামৰ ওপৰত ভিত্তি কৰি দিয়া হয়।

প্ৰজাতিৰ তলৰ স্থানসমুহৰ নামত তিনিটা অংশ থাকে, প্ৰজাতিৰ নামৰ দৰেই হেলনীয়াকৈ লিখা হয়। এই ক্ষেত্ৰত ICZN আৰু ICN মাজত গুৰুত্বপূৰ্ণ পাৰ্থক্য পৰিলক্ষিত হয়। প্ৰাণীবিদ্যাত প্ৰজাতিৰ তলৰ একমাত্ৰ স্থানটো হৈছে উপপ্ৰজাতি আৰু নামটো সাধাৰণভাবে তিনিটা অংশত লিখা হয় (ত্ৰিপদ নাম)। যেনে, বাঘৰ এটা উপপ্ৰজাতিৰ বৈজ্ঞানিক নাম Panthera tigris tigris। উদ্ভিদবিদ্যাত প্ৰজাতিৰ তলত কেইবাটাও স্থান থাকে আৰু সিহঁতৰ নামটো তিনিটা অংশতেই লিখা হয় যদিও নিৰ্দিষ্ট স্থানটো দেখুৱাবৰ বাবে এটা "সংযোগী পদ"ৰ (নামটোৰ অংশ নহয়) প্ৰয়োজন হয়। যেনে, Ivy-leaved cyclamen ৰ বগা ফুল ফুলাবিধ Cyclamen hederifolium var. hederifolium forma albiflorum। ইয়াত "var. hederifolium forma albiflorum" এটা সংযোগী পদ। উদ্ভিদ জোপা hederifolium নামৰ ভ্যেৰাইটিৰ অন্তৰ্গত albiflorum নামৰ এটা ফৰ্ম

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  1. http://www.nhm.ac.uk/nature-online/science-of-natural-history/taxonomy-systematics/history-taxonomy/session1/index.html