নেমু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
নেমু
নেমু ফল আৰু ফুল
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Sapindales
পৰিয়াল: Rutaceae
গণ: Citrus
প্ৰজাতি: C. limon
বৈজ্ঞানিক নাম
Citrus limon
(L.) Burm.f.
নেমুৰ উৎপাদন, ২০১২

নেমু (Citrus limon L.) এবিধ টেঙা জাতীয় ফল। চিৰসেউজ গুল্মজাতীয় উদ্ভিদ নেমু মূলত দক্ষিণ এছিয়াৰ ঘাইকৈ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ স্থানীয় উদ্ভিদ। গোটেই বিশ্বত নেমুৰ ফল ৰান্ধি বা কেঁচাই দুই ধৰণে ব্যৱহাৰ কৰা হয়। ইয়াৰ টেঙা ৰসৰ বাবে ই বিশেষভাৱে জনাজাত।[1] নেমুৰ বিশেষ গোন্ধ আৰু স্বচ্ছকাৰক গুণৰ বাবে বিভিন্ন প্ৰকাৰে ব্যৱহৃত হয়। নেমুৰ ৰসত ৫% ৰ পৰা ৬% লৈ ২.২ পিএইচৰ চাইট্ৰিক এচিড পোৱা যায়। এওঁ অম্লৰ কাৰণে নেমুৰ ৰসৰ সোৱাদ টেঙা।

ইতিহাস[সম্পাদনা কৰক]

গোটা নেমু আৰু নেমুৰ প্ৰস্থছেদ

নেমুৰ উৎপত্তিৰ বিষয়ে সঠিক তথ্য পোৱা নাযায়। কিন্তু বেছিভাগৰ মতে নেমু পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ অসমত খেতি কৰা হৈছিল।[1] জিনীয় অধ্যয়নৰ পৰা গম পোৱা গৈছে জৰ নেমু টেঙা কমলা আৰু চাইট্ৰন ফলৰ সংকৰ।[2][3]

ৰোমান সম্ৰাজ্যৰ সময়ত আনুমানিক খ্ৰীষ্টীয় দ্বিতীয় শতিকাত নেমু দক্ষিণ ইটালীৰ পৰা ইউৰোপত প্ৰৱেশ কৰিছিল।[1] কিন্তু নেমু খেতি তেতিয়া জনপ্ৰিয়তা অৰ্জন কৰা নাছিল। পিছলৈ ই ৭০০ খ্ৰীষ্টাব্দত পাৰস্য আৰু তাৰপিছত ইৰাক আৰু ইজিপ্তলৈ প্ৰৱেশ কৰে।[1] দশম শতিকাৰ আৰৱীয় সাহিত্যৰ ইছলামিক বাগিচা সমূহত আলংকাৰিক উদ্ভিদ হিচাপে নেমু ৰোৱাৰ বিষয়ে উল্লেখ আছে।[1] ১০০০ ৰ পৰা ১১৫০ খ্ৰীষ্টাব্দলৈ ই গোটেই মধ্য প্ৰাচ্য অঞ্চল বিয়পি পৰে।[1]

১৫ শতিকাত ইউৰোপৰ জিনোৱা অঞ্চলত প্ৰথম নেমু খেতি আৰম্ভ হয়। ১৪৯৩ চনত কলম্বাছে নেমু আমেৰিকা যুক্তৰাষ্ট্ৰলৈ নিয়ে। ১৭৪৭ চনত ডাঃ জেমছ লিণ্ডে স্কাৰ্ভি বেমাৰৰ চিকিৎসাৰ বাবে খাদ্যত নেমুৰ ৰস ব্যৱহাৰ কৰিছিল। ভিটামিন চি আৱিষ্কাৰ হোৱাৰ আগৰে পৰা নেমু গুৰুত্বপূৰ্ণ খাদ্যৰ উপকৰণ আছিল।[1][4]

নামৰ উৎপত্তি[সম্পাদনা কৰক]

অসমীয়া নেমু নামটো সংস্কৃত ভাষা "নিম্বু"ৰ পৰা আহিছে।

খেতি[সম্পাদনা কৰক]

সাৰুৱা, খনিজ পদাৰ্থ বেছিকৈ থকা মাটিত নেমু খেতি ভাল লয়। ইয়াক সৰ্বনিম্ন ৭° চেলছিয়াছৰ প্ৰয়োজন। ক্ৰান্তীয় জলবায়ু নেমুৰ বাবে উত্তম।[5] নেমু জাতীয় গছৰ কলম দিয়া প্ৰয়োজন। সময় মতে কলম দিলে গছ জোপা জোপোহা হয়।

পুষ্টি[সম্পাদনা কৰক]

বাকলিবিহীন কেঁচা নেমু
পৌষ্টিক মূল্য প্ৰতি ১০০ গ্ৰামত
শক্তি 121 kJ (29 kcal)
শৰ্কৰাসমূহ 9.32 g
- চেনী 2.5 g
- খাদ্য আঁহ 2.8 g
চৰ্বী 0.3 g
প্ৰ’টিন 1.1 g
থায়েমিন (ভিটামিন বি) 0.04 mg (3%)
Rৰাইবফ্লভিন (ভিটামিন বি) 0.02 mg (2%)
নিয়াচিন (ভিটামিন বি) 0.1 mg (1%)
পেণ্টথেনিক এচিড (বি) 0.19 mg (4%)
ভিটামিন বি 0.08 mg (6%)
ফলেট (ভিটামিন বি) 11 μg (3%)
চলিন 5.1 mg (1%)
ভিটামিন চি 53 mg (64%)
কেলচিয়াম 26 mg (3%)
লো 0.6 mg (5%)
মেগনেছিয়াম 8 mg (2%)
মেংগানিজ 0.03 mg (1%)
ফছফ’ৰাছ 16 mg (2%)
পটাছিয়াম 138 mg (3%)
জিংক 0.06 mg (1%)
Link to USDA Database entry
শতাংশসমূহ প্ৰাপ্তবয়স্কৰ বাবে ইউ.এছ.
পৰামৰ্শৰ ভিত্তিত আনুমানিকভাৱে দিয়া হৈছে।
উৎস: ইউ.এছ.ডি.এ. পোষক তথ্যকোষ

নেমু ভিটামিন চিৰ উৎকৃষ্ট উৎস। ইয়াৰ ১০০ গ্ৰামত ৬৪% ভিটামিন চি পোৱা যায়। অন্যান্য লাগতিয়াল পুষ্টি নেমুত কমকৈ পোৱা যায়। ইয়াৰ উপৰিও নেমুত পলিফিনল, তাৰপিন আৰু টেনিন পোৱা যায়।[6] নেমুৰ ৰসত প্ৰচুৰ পৰিমাণে চাইট্ৰিক এচিড পোৱা যায়। ইয়াৰ পৰিমাণ সম পৰিমাণৰ কমলা টেঙাৰ ৰসতকৈ পাঁচ গুণ বেছি।[7] নেমুত অন্যান্য খনিজ লৱণ আৰু ভিটামিনো পোৱা যায়।

ব্যৱহাৰ[সম্পাদনা কৰক]

খাদ্য হিচাপে[সম্পাদনা কৰক]

গোটা নেমু, ইয়াৰ ৰস, বাকলি আদি খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। গোটা নেমুৰে আচাৰ, জাম আদি বনোৱাৰ লগতে নেমুৰ টুকুৰাৰে খাদ্য সজাবলৈ আৰু সোৱাদ বঢ়াবলৈ ব্যৱহাৰ কৰা হয়। নেমুৰ ৰস চৰবত আদি বনাবলৈ ব্যৱহাৰ কৰা হয়। সংৰক্ষক হিচাপেও নেমুৰ ৰস ব্যৱহৃত হয়। নেমুৰ বাকলিৰে খোৱা বস্তুত গোন্ধ যোগ কৰিবলৈ ব্যৱহাৰ কৰা হয়। নেমুৰ বাকলিৰ পৰা পেকটিন নিষ্কাশন কৰি জেলী বনাবলৈ ব্যৱহাৰ কৰা হয়। নেমুৰ পাত সুগন্ধিত চাহ বনাবলৈ ব্যৱহাৰ কৰা হয়। ইয়াক মাংস আৰু সাগৰীয় খাদ্য প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়।

ঔদ্যোগিক ব্যৱহাৰ[সম্পাদনা কৰক]

নেমুৰ পৰা বাণিজ্যিক ভাবে চাইট্ৰিক এচিড প্ৰস্তুত কৰা হয়।[8] পৰিষ্কাৰক হিচাপে নেমুৰ ৰস ব্যৱহাৰ কৰা হয়। তাম আদি ধাতুৰ পাত্ৰ পৰিষ্কাৰ কৰিবলৈ নেমু আৰু ছডা ব্যৱহাৰ কৰা হয়। চাবোন প্ৰস্তুতকৰণত নেমু ব্যৱহাৰ কৰা হয়। কাঠ চাফা কৰিবলৈ আৰু পলিছ কৰিবলৈ নেমুৰ ব্যৱহাৰ হয়।

চিকিৎসা বিজ্ঞান[সম্পাদনা কৰক]

আয়ুৰ্বেদিক ঔষধ হিচাপে নেমু বহু বছৰৰ পৰা ব্যৱহাৰ হৈ আহিছে। নিমখত থোৱা নেমুৰ ঔষধি গুণাগুণ বহু বেচি। পেট কামোৰণি,পেটৰ অসুখ,পেট ফুলা,আভোক আদি পেটৰ অনেক ধৰণৰ বেমেজালিত এই নেমুৰ ৰস বা শাহখিনি খালে উপকাৰ পোৱা যায়। নেমুৰ বীজ কৃমিনাশক।[9] ভিটামিন চিৰ অভাৱত হোৱা স্কাৰ্ভিৰ ই উত্তম ঔষধ। সৌন্দৰ্য বৰ্ধনৰ বাবেও নেমু উত্তম। ইয়াৰ তেল এৰমাথেৰাপীত ব্যৱহৃত হয়। ইয়াৰ লগতে নেমুয়ে ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে।[10][11]

অন্যান্য[সম্পাদনা কৰক]

নেমুৰে বিদ্যালয়ত বিভিন্ন শিক্ষামূলক পৰীক্ষা কৰা হয়। ইয়াৰ সহায়ত বেটেৰী বনাব পাৰি।[12] সেইদৰে লিটমাছ টেষ্টত অম্লৰ উদাহৰণ হিচাপে ব্যৱহাৰ কৰা হয়। নেমুৰ ৰসৰে অদৃশ্য চিয়াঁহী হিচাপে ব্যৱহাৰ কৰা হয়। পিছত তাপ প্ৰয়োগ কৰি চিয়াঁহীৰ পাঠোদ্ধাৰ কৰিব পাৰে।[13]

উৎপাদন[সম্পাদনা কৰক]

নেমুৰ উৎপাদন, ২০১৭

(মিলিয়ন টন)

দেশ
2017
 মেক্সিকো
২.৫
 ভাৰত
২.৪
 চীন
২.৩
 আৰ্জেণ্টিনা
১.৭
 ব্ৰাজিল
১.৩
 তুৰস্ক
১.০
বিশ্ব
১৭.২

২০১৭ চনত গোটেই পৃথিৱীত নেমুৰ উৎপাদন আছিল ১৭.২ মিলিয়ন টন।[14] বিশ্বৰ শীৰ্ষ নেমু উৎপাদনকাৰী দেশ সমূহ হ'ল: মেক্সিকো, ভাৰত, চীন, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু তুৰস্ক। এইকেইখন দেশে পৃথিৱীৰ মুঠ উৎপাদনৰ ৬৫% উৎপাদন কৰে।[14]

চিত্ৰবিঠিকা[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 Julia F. Morton (1987). "Lemon in Fruits of Warm Climates". Purdue University. পৃষ্ঠাসমূহ: 160–168. http://www.hort.purdue.edu/newcrop/morton/lemon.html#Description. 
  2. Gulsen, O.; M. L. Roose (2001). "Lemons: Diversity and Relationships with Selected Citrus Genotypes as Measured with Nuclear Genome Markers". Journal of the American Society of Horticultural Science খণ্ড 126: 309–317. 
  3. Genetic origin of cultivated citrus determined: Researchers find evidence of origins of orange, lime, lemon, grapefruit, other citrus species", Science Daily, January 26, 2011 (Retrieved February 10, 2017).
  4. James Lind (1757). A treatise on the scurvy. Second edition.. প্ৰকাশক London: A. Millar. 
  5. "Citrus". Royal Horticultural Society. 2017. https://www.rhs.org.uk/advice/grow-your-own/fruit/citrus। আহৰণ কৰা হৈছে: 19 April 2017. 
  6. Rauf A, Uddin G, Ali J (2014). "Phytochemical analysis and radical scavenging profile of juices of Citrus sinensis, Citrus anrantifolia, and Citrus limonum". Org Med Chem Lett খণ্ড 4: 5. doi:10.1186/2191-2858-4-5. PMID 25024932. 
  7. "Quantitative Assessment of Citric Acid in Lemon Juice, Lime Juice, and Commercially-Available Fruit Juice Products" (PDF). Journal of Endourology খণ্ড 22 (3): 567–570. 2008. doi:10.1089/end.2007.0304. PMID 18290732. PMC 2637791. http://www.liebertonline.com/doi/pdfplus/10.1089/end.2007.0304. 
  8. M. Hofrichter (2010). Industrial Applications. Springer. পৃষ্ঠা. 224. ISBN 978-3-642-11458-8. https://books.google.com/books?id=80XBNrGsIywC&pg=PA224. 
  9. ড॰ অন্নজ্যোতি গগৈ (১৬ - ৩০ জুন ২০০৮). "অসমত পোৱা কেইবিধমান ছাইট্ৰাছ ফলৰ পৰিচয় আৰু ব্যৱহাৰ". প্ৰান্তিক খণ্ড ২৭শ বছৰ (১৪শ সংখ্যা): পৃষ্ঠা ৩৭. 
  10. Kiecolt-Glaser, J. K.; Graham, J. E.; Malarkey, W. B.; Porter, K; Lemeshow, S; Glaser, R (2008). "Olfactory influences on mood and autonomic, endocrine, and immune function". Psychoneuroendocrinology খণ্ড 33 (3): 328–39. doi:10.1016/j.psyneuen.2007.11.015. PMID 18178322. 
  11. Cooke, B; Ernst, E (2000). "Aromatherapy: A systematic review". British Journal of General Practice খণ্ড 50 (455): 493–6. PMID 10962794. 
  12. "Lemon Power". California Energy Commission. http://www.energyquest.ca.gov/projects/lemon.html। আহৰণ কৰা হৈছে: December 7, 2014. 
  13. Mirsky, Steve (April 20, 2010). "Invisible Ink and More: The Science of Spying in the Revolutionary War". https://www.scientificamerican.com/podcast/episode/invisible-ink-and-other-science-of-10-04-20/. 
  14. 14.0 14.1 "World production of lemons and limes in 2017; Crops/Regions/World/Production Quantity from pick lists". Food and Agriculture Organization of the United Nations, Statistics Division (FAOSTAT). 2018. http://www.fao.org/faostat/en/#data/QC। আহৰণ কৰা হৈছে: 20 August 2019. 

লগতে চাওক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • ৱিকিমিডিয়া কমন্সত নেমু সম্পৰ্কীয় মিডিয়া ফাইল।
  • ৱিকিপ্ৰজাতিত নেমু সম্পৰ্কীয় তথ্য