গোলনেমু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গোলনেমু
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Sapindales
পৰিয়াল: Rutaceae
গণ: Citrus
প্ৰজাতি: C. × limon
বৈজ্ঞানিক নাম
Citrus × limon, often given as C. limon
(L.) Burm.f.

গোলনেমু (ইংৰাজী: Rough Lemon) বৈজ্ঞানিক নাম - Citrus jambhiri Lush ৷ গোলনেমু উজনি অসমত বৰ জনপ্ৰিয়৷ নামনি অসমৰ ফালে এই নেমুক 'তুইলা টেঙা' বুলি কোৱা হয়৷ এই ফল গোন্ধ আৰু স্বাদৰ দিশত অধিক মানবিশিষ্ট হয়৷ আঘোণ-মাঘ মাহৰ ভিতৰত ফল পকে৷


খাদ্য হিচাপে[সম্পাদনা কৰক]

গোলনেমু কুমলীয়া অৱস্থাৰ পৰাই খাব পাৰি৷ কুমলীয়া অৱস্থাতো এই নেমু ৰসাল হয়৷ জেঠ-আহাৰ মাহৰপৰাই গোলনেমুৰ কেঁচা ফল খাব পাৰি৷ পাতত দিয়া সৰু মাছৰ লগত কেঁচা গোলনেমুৰ ৰস প্ৰয়োগ কৰি খালে খোৱাৰ ৰুচি অনেকখিনি বৃদ্ধি পায়৷ দাইল অথবা মাছৰ আঞ্জাত কেঁচা গোলনেমুৰ ৰস দিলে আঞ্জাখনৰ সোৱাদ দুগুণে চৰে৷ পকা ফলৰ ওপৰৰ হালধীয়া বাকলিখন চুৰুকি নেমুবোৰ নিমখত লেটিয়াই কেইদিনমান ৰ'দত শুকুৱাই পাছত বটলত ভৰাই কেইবা বছৰলৈও সংৰক্ষণ কৰিব পাৰি৷ নেমুৰে প্ৰস্তুত কৰা আচাৰ বজাৰত কিনিবলৈ পোৱা যায়৷ সানমিহলি আচাৰতো নেমু প্ৰয়োগ কৰিলে আচাৰৰ মান উন্নত হয়৷


আকৃতি[সম্পাদনা কৰক]

গোলনেমুৰ আকৃতি গোলাকাৰ৷ কেঁচা নেমু সেউজীয়া ৰঙৰ হয় আৰু পকিলে হালধীয়া বৰণৰ হয়৷

অৰ্থনৈতিক মূল্য[সম্পাদনা কৰক]

গোলনেমুত প্ৰতি ১০০মিলিলিটাৰ ৰসত ২৫-৮৫ মিলিগ্ৰাম পৰ্যন্ত ভিটামিন 'ছি' পোৱা যায়৷ খনিজ পদাৰ্থতো গোলনেমু ফল চহকী৷

ঔষধি গুণ[সম্পাদনা কৰক]

নিমখত থোৱা নেমুৰ ঔষধি গুণাগুণ বহু বেচি৷ পেট কামোৰণি,পেটৰ অসুখ,পেট ফুলা,আভোক আদি পেটৰ অনেক ধৰণৰ বেমেজালিত এই নেমুৰ ৰস বা শাহখিনি খালে উপকাৰ পোৱা যায়৷ নেমুৰ বীজ কৃমিনাশক৷[1]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ড° অন্নজ্যোতি গগৈ (১৬ - ৩০ জুন ২০০৮). "অসমত পোৱা কেইবিধমান ছাইট্ৰাছ ফলৰ পৰিচয় আৰু ব্যৱহাৰ". প্ৰান্তিক খণ্ড ২৭শ বছৰ (১৪শ সংখ্যা): পৃষ্ঠা ৩৭. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]