বিহু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(কাতি বিহুৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search


বিহু
পালন কৰে অসমীয়া
প্ৰকাৰ কৃষিভিত্তিক উৎসৱ
ভাৰতীয় উৎসৱ

বিহু অসমৰ জাতীয় উৎসৱ। অসমৰ লগতে অসমৰ কোনো কোনো দাঁতি-কাষৰীয়া ৰাজ্যতো কোনো জাতি জনজাতিৰ লোকে বিহু বা ইয়াৰ সমাৰ্থক উৎসৱ পালন কৰা দেখা যায়। বিহুৰ এক বিশেষ বৈশিষ্ট্য হ'ল ই জাতি, বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ।[1] বিহু মূলতঃ এক কৃষি ভিত্তিক উৎসৱ। "কৃষি উৎসৱ ঘাইকৈ তিনিটা: খেতিৰ আৰম্ভণিৰ বেলিকা, খেতিৰ বাঢ়নী বতৰত আৰু খেতি চপোৱাৰ ‍শেষত। "[2] অসমত পালন কৰা তিনি বিহু হ'ল: ব'হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু, আৰু মাঘ বিহু বা ভোগালী বিহু। এই বিহুৱে অসমীয়া জাতীয় জীৱনত সমন্বয়ৰ বাৰ্তাও বিলাই আহিছে। বৃহত্তৰ অসমীয়া জাতি গঠনত বিহুৱে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।

বিহু শব্দৰ উৎপত্তি[সম্পাদনা কৰক]

'বিহু' শব্দৰ উৎপত্তি সম্বন্ধে নানান মতবাদ আছে, কিন্তু কোনোটো মতেই সৰ্বসন্মত নহয়। কোনো পণ্ডিতৰ মতে সংস্কৃত 'বিষুবত' শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে।[3] বৈদিক 'বিষুবন' পদৰ অৰ্থৰ পৰিসৰে এবছৰ ব্যাপি অনুষ্ঠিত হোৱা 'সত্ৰ' বা 'যজ্ঞ'ৰ মাজৰ দিনটোক বুজায় অৰ্থাৎ দিন আৰু ৰাতিৰ সমান হোৱা দিনটোৱেই 'বিষুবত' ৰূপে পৰিচিত। আন কিছু লোকৰ মতে, বড়োসকলৰ বৈচাগু, ডিমাছাসকলৰ বুচু, কোচসকলৰ বিচুৱা, ত্ৰিপুৰিসকলৰ বিজু বা তিৱাসকলৰ পিচুৰ দৰে উজনি অসমৰ বিহুৰ গুৰি আছে উজনি অসমৰ বড়ো মূলীয় চুতীয়া, দেউৰী, মৰাণ আৰু সোণোৱালসকলৰ "বিচু"ত। "বিচু" শব্দৰ অৰ্থ হৈছে "আটাইতকৈ পবিত্ৰ দিন", ঠিক একে দৰে যেনেকৈ "চুতীয়া" মানে হৈছে "পবিত্ৰ পানীৰ কাষত থকা লোক"। পৰৱৰ্তীকালত অসমীয়া ভাষাত "চ" উচ্চাৰণটো "হ" লৈ ৰূপান্তৰিত হয় একে ধৰণে যেনেকৈ চিলৈ হিলৈ হʼল, চাৰি শাড়ী হʼল বা চাপ সাপ হʼল।

বৈদিক প্ৰভাব পৰা আগতে বিহু/বিচু ব’হাগ মাহৰ প্ৰথম বুধবাৰৰ পৰা আৰম্ভ হৈছিল। শদিয়া অঞ্চলৰ লোকসকলৰ লগতে দেউৰী সম্প্ৰদায়ৰ লোকসকলে আজিও আগৰ দিনৰ দৰে সেই দিনটোতে আৰম্ভ কৰে। কিছুমান পুৰণি বিহু হুঁচৰিৰ পৰা এই কথা ধৰিব পাৰি।

“হাচতি ঐ চʼত বিচুতি ঐ চʼত
বুধে গৰু বিহু মঙ্গলে উৰুকাৰ,
বিহু গৈ আছিলি ক'ত?”

বিহুৰ ইতিহাস[সম্পাদনা কৰক]

উৎপত্তি[সম্পাদনা কৰক]

অসমৰ সামাজিক গাঁঠনিৰ দৰেই, বিহু উৎসৱত মংগোলীয় আৰু আৰ্য সংস্কৃতিৰ সংমিশ্ৰণ আছে। বিহুৰ বিৱৰ্তনৰ মাজেৰেই অসমীয়া সংস্কৃতিৰ উৎপত্তি আৰু গঠন প্ৰক্ৰিয়া সোমাই আছে। মানুহে কৃষিক মূল জীৱিকা কৰি ল'বলে শিকাৰ পৰাই, খেতি চপোৱাৰ সময়ত আনন্দ কৰিছিল, সিয়েই সমূহীয়া ৰূপ পাই এক ৰীতিলৈ পৰিৱৰ্তন হ'ল আৰু কালক্ৰমত বিহু উৎসৱত পৰিণত হ'লগৈ। অসমত কৃষিৰ প্ৰক্ৰিয়া পোনতে অষ্ট্ৰ-এচিয়াটিক আৰু তিব্বতীয়-বৰ্মীয় মংগোলীয়সকলে আৰম্ভ কৰিছিল, গতিকে বিহু পোনতে এই নৃতাত্বিক গোষ্ঠী কেইটাৰে সৃষ্টি। উল্লেখযোগ্য যে অসমত বৰ্তমান কোনো অষ্ট্ৰ-এচিয়াটিক ভাষা গোষ্ঠী দেখা পোৱা নাযায় আৰু ডি.এন.এ. প্ৰমাণৰ অনুসৰি পুৰ্বৰসকল তিব্বতীয়-বৰ্মীয় সকলৰ মাজত বিলীন হৈ গʼল।[4] পিছলৈ বিহু আৰ্য্য সভ্যতাৰ প্ৰভাৱ পৰে। আগৰ দিনত বিহুৰ সময়ত ডেকা-গাভৰু মিলি চ'ত মাহৰ ৰাতি নাচি গাই আনন্দ কৰিছিল। এই কালছোৱাত ব্যক্তিগত উচাহ আৰু প্ৰেমৰ প্ৰকাশেই বিহুত প্ৰাধান্য পাইছিল যদিও ধৰ্ম আৰু কৃষিও সমান্তৰাল বাবে জড়িত আছিল।

বিহুৰ‌‌ উৎপত্তি প্ৰাচীন কালৰ 'বিচু'ৰ পৰা হৈছিল বুলি জনা যায়। বড়োসকলৰ বৈচাগু, ডিমাছাসকলৰ বুচু, ত্ৰিপুৰিসকলৰ বিজু বা তিৱাসকলৰ পিচু দৰে উজনি অসমৰ বড়ো মূলীয় জনজাতি চুতীয়া, দেউৰী, মৰাণ,‌ সোণোৱালসকলে বিহু/বিচু উৎযাপন কৰি আহিছে। পূৰ্বতে চুতীয়া ৰাজ্যৰ দিনত এই বিহু প্ৰধান উৎসৱ হিচাপে গঢ়ি উঠিছিল।

পৌৰাণিক বিহুৰ ৰীতি-নীতি[সম্পাদনা কৰক]

আগৰ দিনত চ’ত মাহত মানুহে ৰাতি বিহু উৎযাপন কৰিছিল। এই বিহু গাঁৱৰ পথাৰত চাকি জ্বলাই বা দেউৰী পূজাৰী ঘৰৰ চোতালত নাচি উৎযাপন কৰা হৈছিল। চ’তৰ বিহুৰ অন্তৰত ব’হাগৰ প্ৰথম বুধবাৰৰ দিনা থানঘৰত পূজা আৰম্ভ কৰা হৈছিল। পুৱাৰ ভাগত গৰু গা ধুৱাই গৰু বিহু পালন কৰা হৈছিল যিটো নিয়ম আজিও একে আগৰ দৰে পালন কৰা হয়। এই প্ৰথা বড়োসকলৰ বৈচাগু উৎসৱতো কৰা হয়। কণী যুঁজ, কুকুৰা যুঁজ আদিয়ে ৰং-ধেমালিৰ আয়োজন কৰে। এই দিনা আবেলি বিহু গাই গাই থানঘৰৰ চোতাললৈ বিহু লৈ যোৱা হৈছিল আৰু কেঁচাই-খাতি (কলিমতী) দেৱীকে ধৰি চাৰি শাল গোসানীক স্বৰ্গৰ পৰা পৃথিৱীলৈ বিহুৰ আশীৰ্বাদ দিবলৈ নমাই অনা হৈছিল। এইয়াই "বিহু নমাই অনা"। কিছু প্ৰচলিত বিহু নামত আজিও কলিমতী (কেঁচাই-খাতি)ৰ আগমণৰ কথা উল্লেখ কৰা হয়। তেনে এক বিহু নাম হৈছে,

"কলিমতী এ বাই ঘূৰি ব’হাগলৈ
আহিবি নে নাই?
আমি থাকিম আমি থাকিম
বাটলৈ চাই।"

বৃহস্পতি বাৰৰ পৰা বলি দিয়া কাৰ্য আৰম্ভ কৰা হৈছিল। সেই দিনা অৰ্থাৎ মানুহ বিহুৰ দিনা দুপৰীয়া ‘দেওধনি’ আৰু ‘বাৰিকে’ গাঁৱৰ ডেকা-গাভৰুক থানঘৰৰ বিহুলৈ যাবলৈ নিৰ্দেশ দিছিল। দেউধনিসকলে আবেলি বলি-বিধান শেষ হোৱাৰ অন্তত সাজ-পাৰ পিন্ধি, মণিকুটত ৰখা ৰূপৰ ফুল মুৰত আৰু কাণত কেৰু পিন্ধিছিল। বলি কটা স্থানত বহি গাঁৱৰ কুশল-মংগল অথবা বিপদ-আপদৰ সন্দৰ্ভত বাতৰি কোৱা হৈছিল। বাতৰি শেষ কৰি দেউধনিয়ে নৃত্য কৰিছিল আৰু বিষয়ববীয়াসকলে সহযোগ কৰিছিল। ঢুলীয়াই ঢোলৰ চেৱত ঢোল বজাইছিল। থানঘৰৰ চোতালৰ পুৰুষ আৰু মহিলাৰ নাচৰ চেও বেলেগ বেলেগ আছিল। দেউধনি নৃত্য অন্ত পৰা পাছত গাঁৱৰ ডেকা-গাভৰু বিহুৱাসকলে গাঁৱৰ ঘৰে ঘৰে গৈ বিহু কৰিছিল। সেইটোকে হুঁচৰি বুলি কোৱা হয়। পিছৰ সপ্তাহৰ বুধবাৰৰ দিনা সকলোৱে পুনৰ বাৰ থানঘৰৰ পৰা বিহু উলিয়াই লৈ আহিছিল আৰু গাঁৱৰ এমুৰত থকা নদী অথবা পুখুৰীৰ পাৰত বিহু থৈ আহিছিল। সেই সময়ত প্ৰতিবছৰে বিহুত হুঁচৰি নাগাইছিল, কেৱল দেওধনিৰ নিৰ্দেশ পালেহে সেই বছৰত হুঁচৰি গোৱা হৈছিল। শেষৰ দিনা কল ঢকুৱাৰে নাও সাজি নাওখনত জবা আৰু তগৰ ফুলেৰে সজাই তোলা হৈছিল আৰু লগতে এটা সৰু কুকুৰা পোৱালি নাৱতে বান্ধি উটুৱাই দিয়া হৈছিল। তাৰ পাচত ঢোল-পেঁপা সামৰি বিহুৱা সমাজ গাঁৱলৈ ঘূৰি আহিছিল।

"ল'হ ল'হৰি প্ৰাণৰ ভাই
ফুলত ভৰ দি নাও মেলি যায়
চহৰা লিপিৰি সোধে আঁঠু কাঢ়ি
ফুলত ভৰ দি নাও নেলি যায়
কি খায় বুলালি দাঁতে সৰিলৰে
ফুলত ভৰ দি নাও মেলি যায়
শদিয়াৰ ৰাজতে হোলেং হাতে পোৱা
ফুলত ভৰ দি নাও মেলি যায়...
ৰূপৰ নাও এখনি সোণৰ বঠাডালি
ফুলত ভৰ দি নাও মেলি যায়
ভাটিলৈ ভটিয়াই যায় সৰিলৰে
ফুলত ভৰ দি নাও মেলি যায়। "

বিহুৰ উৎপত্তিৰ বিষয়ে এটি লোক কথা প্ৰচলিত আছে। সেই লোক কথাৰ অনুসৰি বৰদৈচিলা এই ভূমিৰ দেৱতাৰ জীয়ৰী আছিল আৰু কোনোবা সুদূৰ দেশলৈ বিয়া হৈ গৈছিল। প্ৰত্যেক বছৰে বসন্ত ঋতুত বৰদৈচিলা মাকৰ ঘৰলৈ আহে (ধুমুহা আহে) । সেই দিনটোতে বিহুৰ আৰম্ভণি হয় বুলি বিশ্বাস কৰা হয়। বৰদৈচিলা ঘূৰি যোবা দিনা বিহুৰ সামৰণি পৰে। উল্লেখযোগ্য যে 'বৰদৈচিলা' শব্দটি প্ৰকৃততে বড়ো মূলীয় শব্দ 'বৰদৈচিখলা'ৰ‌ পৰা অহা হয় যাৰ অৰ্থ হৈছে "বায়ু (বৰ)-পানীৰ (দৈ) ছোৱালী (চিখলা)" অৰ্থাৎ এবিধ ধুমুহা আৰু একে লোক কথা বড়োসকলৰ মাজতও প্ৰচলিত হৈ আছে। বড়ো জনগোষ্ঠীৰ লোকসকলে বিহু/বৈচাগুৰ সময়ত "বৰদৈচিখলা" নামৰ এটি নৃত্য কৰা দেখা যায়। ইয়াৰ পৰা বিহু এটি বড়ো মূলীয় উৎসৱ যে হয়, সেই কথা স্পষ্ট হৈ যায়।

বিহুৰ ইতিহাসত উল্লেখ[সম্পাদনা কৰক]

অসমীয়া সমাজত এটি জনপ্ৰবাদ প্ৰচলিত আছে।

"ঢোল বাই কʼত? ৰতনপুৰত।
খোল বাই কʼত? ৰতনপুৰত। "

ৰতনপুৰ আছিল চুতীয়া ৰজা ৰত্নধ্বজপালে গঢ়া নগৰ।[5] এসময়ত সাংস্কৃতিক কেন্দ্ৰ হিচাপে গঢ় লৈছিল আৰু ঢোল, খোল, ইত্যাদি বিভিন্ন বাদ্যযন্ত্ৰ বজোৱা হৈছিল। উল্লেখযোগ্য যে ৰতনপুৰৰ কাঠেৰে নিৰ্মিত (মনিপুৰ আৰু মায়ামৰা সকলৰ দৰে)[6] খোল পৰৱৰ্তীকালত শংকৰদেৱে উত্তৰ ভাৰতৰ আন ৰাজ্যৰ দৰে মাটিৰে নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে আৰু নৃত্য, নাট, ইত্যাদিত ব্যৱহাৰ কৰিবলৈ লয়। এই কথাষাৰৰ পৰা স্পষ্ট হৈ যায় যে বিহু বা বিহুৰ ঢোলে উজনি অসমৰ ৰাইজৰ মাজত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ‌

১৯৩৫ চনত লখিমপুৰ জিলাৰ ঘিলামৰা অঞ্চলত উদ্ধাৰ হোৱা ভূমি দানৰ তামৰ ফলিৰ মতে, চুতীয়া ৰজা সত্যনাৰায়ণৰ পুত্ৰ উগ্ৰবীৰ্য লক্ষ্মীনাৰায়ণে ১৪০১ খ্ৰীষ্টাব্দত 'পবিত্ৰ বিহু'ৰ দিনা ব্ৰাহ্মণক ভূমি দান কৰিছিল।

"এতস্মৈ শাসনপ্ৰাদা লক্ষ্মীনাৰায়ণো নৃপঃ
উৎসৃজ্য বিষুবে (বিহুৱে) পুণ্য ৰবিদেৱ দ্বিজন্মনে...। "

অৰ্থাৎ তাম্ৰপত্ৰ কৰাই ৰজা লক্ষ্মীনাৰায়ণে দ্বিজ ৰবিদেৱক পুণ্য বিহুৰ‌ দিনা মাটি দান কৰিছিল। ইয়াৰ পৰা বুজা যায় বিহু উজনি অসমৰ উত্থান-পতন,‌‌‌‌‌‌‌‌‌‌‌ জীৱন-মৰণৰ সৈতে জড়িত হৈ আহিছে।

সেই প্ৰাচীন চুতীয়া যুগৰ কেইটামান উল্লেখযোগ্য বিহু নাম হৈছে:

"গাত লৈ ফুৰালে বতাহে ফালিব।
মুঠিত লৈ ফুৰাহে ভাল।
এ আগে বাচিলোঁ সেউতী মালতী
এ আগে বাচিলোঁ ফুল।
এ আগে বাচিলোঁ বাঘে ভালোকে।
বাটে মানুহ ধৰি খাই।
এ আগে বাচিলোঁ চৰাই হালধীয়া
উৰি শদিয়ালৈ যায়। "
"এলেং চেলং সৰু সূতাৰ চেলেং
কোনে বৈএ দিব পাৰে ল' হইয়া
আয়ে সৰু সূতা কাটে ল’ হইয়া
তোৰে চেলেংখনি মোকে ঐ নেলাগে
পাইছো ছোৱালী কাজি ল' হইয়া। "
"উৰণ পুৰণ চৰাই হালধীয়া
ঘৰ চৰাই লেতেৰা পাখি ল' হইয়া
এ আগে বাচিলোঁ বাঘে কি ভালুকে
এ আগে বাচিলো ডালৰে মইনা
উৰি শদিয়ালৈ যায়..
এজনী পুহিলোঁ চৰাই হালধীয়া
উৰি শদিয়ালৈ গ'লে চাৰি শাল গোঁসানী
দেউৰী পূজাৰী নিতৌ পূজা কৰে। "
"কোনে আনি দিব লোণে আমলখি
কোনে আনি দিব জৰা,
কোনে আনি দিব ধনৰে বাতৰি
শদিয়া ৰণৰে পৰা।
বাৰীৰে ঢাপতে গছে আমলখি
আনি দিম মহঙৰ লোণ,
শদিয়া ৰণলৈ চিন্তিব নালাগে
তোমাকনো বুলি যাওঁ সোণ।
নৈৰ ৰঙা গড়া দলনি দোপনি
হৰিণা চিঞৰে বনত,
তোমাৰে সন্তাপত থাকিব নোৱাৰোঁ
মৰিমগৈ শদিয়া ৰণত।
ডিবুৰুৰ ৰণেখন শদিয়াত লাগিলে
মিৰিয়নী কান্দিলে চাঙত
সৰুৰে পৰা পীৰিতি কৰিলোঁ
নেৰিবা দুখৰে কালত। "
"ভগা জাপি লৈ যাং কি কৈ বাই ঐ
কোনে আনি দিব শুৱাই না ঐ হেই হেইয়া
জাপিয়ে নেৰখাই দবা বৰষুণক
সেইবুলি খুজিলোঁ ভাল না ঐ হেই হেইয়া…। "
"হুঁচৰি ঐ চʼত আছিলি ক'ত?
শদিয়াৰ আঁহতৰ তলত।
হুঁচৰি ঐ চʼত আছিলি ক'ত?
আমি যে ওলমো যʼত
দূবৰি নগজে তʼত। "
"কুণ্ডিলৰ আগৰিত ওখকৈ শিমলু
তাতে লয় কুৰুৱাই বাহ।
শদিয়া ৰাজত ঐ চাৰিশাল গোসাঁনী
তালৈ নমস্কাৰ কৰোঁ।
সোণৰে জখলা, ৰূপৰ হেতামাৰি
আহে চাৰিশালি নামি। "
"হয় ধন হালধীয়া মোৰ ধন বিন্দনীয়া
কটাৰী আনিবা হালধীয়া ঐ হেই হেইয়া
তামোল কাটিবৰে হাতৰে দাব কটাৰী
পানে কাটিবলৈ চুৰি না ঐ হেই হেইয়া..."
"হুৰাই ল' কৰি খাং বুঢ়ী
শৰাইখন মুকলি কৰ ঐ চৰাই চপাই কৰি
চৰাইয়ে তুলিলে চহৰা পোৱালি
গছৰ ডাল শুৱনি কৰি সৰিলৰ..."
"ভৰিৰ গিৰিপনি মাৰা ভালেকৰি
গৰুচৰ ৰাজলৈ শুনে।
কুণ্ডিলত উপজিল কুণ্ডিলৰ দেউৰী
মঙহত উপজিল লোণ।
শামুকৰ পেটত মাণিক উপজিল
মৰি মৰি উপজিল জোন।
জোনৰে সাৰথি জোনাকী পৰুৱা।
সৰগৰ সাৰথি তৰা।
আমাৰে গোসাঁনী আমাৰে সাৰথি।
গা ধুই কৰি যাওঁ সেৱা।
শদিয়াত আছে ঐ চাৰিশাল গোসাঁনী।
তালৈ কৰিছোঁ সেৱা। "

দেওধাই অসম বুৰঞ্জী আৰু সুকুমাৰ মহন্তৰ ঘৰত পোৱা বুৰঞ্জী অনুসৰি ১৫২৪ খ্ৰীষ্টাব্দৰ ৭ ব’হাগৰ দিনা চুতীয়া সেনাপতি গজৰাজ বৰুৱাই আহোম সেনাপতি ফ্ৰাচেংমুঙ বৰগোঁহাইক চুতীয়া ৰজাই আশ্ৰয় লৈ থকা জেগা দখৰ দেখুৱাই দিছিল। ১৫২৪ চনত সেই দিনা আছিল 'ওজা বিচু'। ইয়াৰ পাছত কিছু অন‌্য চুতীয়ালোকৰ পৰামৰ্শত ফ্ৰাচেংমুঙে আত্মসমৰ্পণ কৰা চুতীয়া সৈনিকক পৰ্বত বগাই ঘিলাগছত উঠি ঢোল বজাবলৈ আদেশ দিয়ে। ইয়াৰ ফলত পাহাৰত আশ্ৰয় লৈ থকা চুতীয়া ৰজা আৰু সৈন্যসকলে যুদ্ধত জয় লাভ হʼল বুলি ভাবি বিহু নাচিবলৈ ধৰে আৰু শেষত গাপ লৈ থকা আহোমৰ হাতত পৰাজিত হয়। পাছৰ পৰ্যায়ত শদিয়াৰ কিছু লোক ধকোৱাখানালৈ আহি এই বিহু হাৰ্হি দেৱালয়ত পাতিবলৈ ধৰে আৰু শেষত মহঘুলী চাপৰিলৈ বিয়পি 'ফাট বিহু'ৰ ৰূপ লয়। আহোম ৰজা ৰুদ্ৰ সিংহই এই বিহুকে ৰংঘৰৰ বাকৰিলৈ আনে।

উজনি অসমৰ এই বিহুৰ প্ৰভাৱ এসময়ত মান দেশৰ লৈকে আছিল বুলি ধৰিব পৰা যায়। এই কথা এটি বিহু গীতত উল্লেখ কৰা হয়।

“লাহে লাহে ঐ
বিহু কোনে ঢালে আহে।
পূৱে পশ্চিমে উত্তৰে দক্ষিণে
বিহু কোনে ঢালে আহে।
মান দেশত মানতৰা এযুৰি
আছিলে নৰিয়াত পৰি,
যেতিয়া শুনিলে বিহুৰে বতৰা
আহিলে লাখুটি ধৰি। ”

অৰ্থাৎ বিহু উৎসৱ ইমানে আকৰ্ষণীয় আছিল যে বিহুৰ কথা শুনিলে মান দেশৰ (Myanmar) বেমাৰত (নৰিয়াত) পৰি থকা মান (Burmese) বুঢ়া-বুঢ়ীসকলো লাখুটি লয় বিহু চাবলৈ আহিবলৈ মন কৰিছিল। সেইবাবে বুঢ়া-বুঢ়ীসকলে গম নোপোৱাকৈ লাহে লাহে বিহু নাচিবলৈ কোৱা হৈছিল।

১৬ শতিকাৰ শেষ ভাগত শংকৰদেৱে প্ৰচাৰ কৰা এক‍শৰণ নামধৰ্মৰ সৰ্বব্যাপী প্ৰভাৱ অসমৰ জনসাধাৰণৰ মাজত পৰাৰ লগে লগে, বিহুলৈকো আমূল পৰিৱৰ্তন আহিছিল। আনহাতে বিহুৰ নৃত্যগীতৰ প্ৰভাৱো গুৰুজনা কৃত বৈষ্ণৱ সংস্কৃতিত নপৰাকৈ নাথাকিল। এই সময়তে বিহুৱে এক পুৰ্ণাংগ সামাজিক উৎসৱৰ ৰূপ পায় আৰু উজনি অসমৰ বড়োমূলীয়সকলৰ মাজৰ পৰা অসমৰ বাকী জনগোষ্ঠীৰ মাজত প্ৰচলিত হয়। এই যুগৰ পৰা বিহুনামসমূহত পূৰ্বৰ "গোসাঁনী"ৰ স্থানত 'কৃষ্ণ/ৰাম'ৰ নাম লোৱা আৰম্ভ হ’ল। এই বিষয়ে শঙ্কৰদেৱৰ 'কীৰ্ত্তন উৰেষা বৰ্ণন' আৰু ৰামচৰণ ঠাকুৰে লিখা 'গুৰু চৰিত'ত এনেদৰে লিখা হৈছে।

উৰেষা বৰ্ণনাত লিখিছে-
"বিষুদিনা বিধিমতে পঞ্চতীৰ্থ কৰি
শুদ্ধ মনে দেখয়ে শুভদ্ৰা ৰাম হৰি
সিয়োজনে সমন্ত যজ্ঞৰ ফল পাইৰ
পাতক নিস্তাৰি বিষ্ণুৰ ভুৱনক যাইব। ""
গুৰু চৰিতত লিখিছে-
"এহিবুলি তিনিজনে কৰন্ত কাতৰ
শুনি সৰ্বজয় বুলি মাতিলা শঙ্কৰ
চৈত্ৰ বিষু সংক্ৰমণে আসিয়া মিলিব
সেহিদিনা ৰুক্মিণীৰ মন্দিৰ উঠিব। "

পৰৱৰ্তী পৰ্যায়ত আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহই চহা ৰাইজৰ বিহুলৈ পোনপতীয়া ৰজাঘৰীয়া পৃষ্ঠপোষকতা আগবঢ়ায়, তেখেতেই গছ তলৰ বিহুক ৰংঘৰৰ বাকৰিলৈ আনে, আৰু অংশগ্ৰহণকাৰী বিহুৱাসকলক পুৰস্কাৰ দিয়াৰো ব্যৱস্থা কৰে। অৱশ্যে বহু লেখক, গৱেষকে আকৌ আহোম স্বৰ্গদেউসকলে বিহুৰ পৃষ্ঠপোষকতা কৰা নাছিল বুলিও মন্তব্য কৰে। এই সন্দৰ্ভত পদ্মেশ্বৰ গগৈৰ ভাষ্য এনেকুৱা: 'কোনো বুৰঞ্জীত আহোম ৰজাই ৰংঘৰৰ বাকৰিত বিহু চোৱা কথাৰ উল্লেখ নাই। সাতসৰী অসম বুৰঞ্জীৰ মতে, ৰংঘৰৰ ওপৰ মহলাত কোন ক’ত বহিব তাক নিৰ্দিষ্ট কৰা থাকে। সেইমতে ৰজা বহাৰ যিখন ঠাই, তাত যদি এজন মানুহ চকীটো বহে, তেওঁ ৰংঘৰৰ বাকৰিখন তাৰপৰা দেখা নেপায়। দ্বিতীয়তে, যদি ৰজাই তাত বিহু চাইছিল- এজন ৰজাই চাওক বা ধাৰাবাহিক কেইবাজনো ৰজাই চাওক- তেতিয়াহ’লে বিহুক কেন্দ্ৰ কৰি এটা বিষয়বাব সৃষ্টি হ’লহেতেন। কিন্তু তেনে কোনো শ্ৰেনী আমি নেপাওঁ। 'আহোম ৰজাসকলে বিহুক কেন্দ্ৰ কৰি বিষয়বাব বা ধাৰক–বাহক হিচাপে এটা শ্ৰেণীৰ সৃষ্টি নকৰিলেও তেওঁলোকৰ বিহু প্ৰীতি সৰ্বজন বিদিত।

যিকিনহওক এইজনা স্বৰ্গদেৱেই হুঁচৰি দলৰ আগত মুৰ দোৱাই আশীৰ্বাদ লোৱাৰো পৰম্পৰা আৰম্ভ কৰে। ইয়াৰ আগলৈকে বিহুৱা হুঁচৰি দলে থানৰ পৰা আৰম্ভ কৰি শেষত থানতে সামৰণি মাৰিছিল। কিন্তু স্বৰ্গদেৱৰ ইচ্ছামতে প্ৰথমতে ৰজা ঘৰলৈ আৰু ক্ৰমে ডা-ডাঙৰীয়াৰ ঘৰলৈ গৈ হুঁচৰি গাই আশীৰ্বাদ দিয়া প্ৰথা প্ৰচলন হয়। পিচলৈ গৈ ইয়েই চোতালে চোতালে হুঁচৰি গোৱাৰ ৰীতিত পৰিণত হয়গৈ। এই সকলোবোৰ পৰিঘটনাই বিহুৰ আচাৰ নীতিলৈ আমূল পৰিৱৰ্তন আনে যদিও, বিহুৰ যি আদিম আবেদন তাৰ ওপৰত বিশেষ প্ৰভাৱ নপৰিল।

১৮২৬ চনত ইয়াণ্ডাবু সন্ধি মতে, অসম বৃটিছৰ অধীনলৈ যোৱাৰ লগে লগে, অসমৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক সকলো দিশতে যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা হয়। পশ্চিমীয়া শিক্ষা আৰু ভিক্টোৰিয়ান-ইংৰাজ সভ্যতাৰ প্ৰভাৱে অসমৰ ৰাইজক নিজৰ থলুৱা কৃষ্টিৰ প্ৰতি উদাসীন কৰি তোলে। সেইসময়ৰ ভালেসংখ্যক উচ্চশিক্ষিত সমাজ সংস্কাৰকলোকে বিহুক "ইতৰ প্ৰাণীৰ নাচ গান" বুলি আখ্যা দি অসমৰ জনজীৱনত বিহুৰ গুৰুত্বক অৱমাননা কৰিবৰো চেষ্টা চলায়। সৌভাগ্যক্ৰমে, সেই সময়তে, লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ প্ৰমুখ্যে অসমীয়া ভাষা সাহিত্যৰ পুৰোধা ব্যক্তিসকলে বিহুৰ সপক্ষে মাত মাতি বিহু বিলুপ্তিৰ গৰাহৰ পৰা ৰক্ষা কৰিলে। তথাপিও বিহুৰ ওপৰত ক্ষতিকৰ প্ৰভাৱ নপৰাকৈ নাথাকিল। গৰিষ্ঠ সংখ্যক শিক্ষিত অসমীয়াই বিহুত হেঁপাহ পলুৱাই আনন্দ কৰাৰ পৰিৱৰ্তে এক সামাজিকভাৱে পালন কৰিব লগা ৰীতি বুলিহে মানিবলৈ ধৰিলে। এনে সময়তে বিহুত এক নতুন অধ্যায়ৰ সূচনা হ'ল- মঞ্চ বিহু।

ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত পশ্চিমীয়া আৰ্হিৰ মঞ্চ তৈয়াৰ হৈছিল, তাত আন আন সাংস্কৃতিক অনুষ্ঠান ৰাইজৰ আগত প্ৰদৰ্শন কৰাৰ ধাৰাও প্ৰচলিত হৈছিল। সেইসময়তে গোলাঘাটৰ বেতিয়নীত ১৯২৯ চনত পোনপ্ৰথমবাৰৰ বাবে মঞ্চত বিহু প্ৰদৰ্শন কৰা হয়।[7] ১৯৪১ চনত মহেশ্বৰ নেওগ আদি ব্যক্তিৰ প্ৰচেষ্টাত শিৱসাগৰত মঞ্চত বিহু প্ৰদৰ্শন কৰে। ১৯৫১ চনত ৰাধাগোবিন্দ বৰুৱা পৃষ্ঠপোষকতাত গুৱাহাটীত বিহু সন্মীলনৰ আয়োজন কৰা হয়। তাৰপাছতে মঞ্চ বিহুৱে সমগ্ৰ

বিহু নাচনী

অসম জুৰি অভুতপূৰ্ব জনপ্ৰিয়তা লাভ কৰে। মঞ্চ বিহুত বিহু -প্ৰদৰ্শনতকৈয়ো বিভিন্ন প্ৰতিযোগিতাৰ ওপৰত গুৰুত্ব দিয়া যায়, আৰু এই বিহু মূলতঃ দৰ্শকক আমোদ দিবলৈ কৰা হয়। গতিকে এই বিহু বহু নীতি নিৰ্দেশনা আৰু ব্যাকৰণৰ মাজত থাকি কৰা হয়। ইয়াৰ ফলত বিহু নৃত্য গীতে এক প্ৰদৰ্শনমূলক কলাৰ ৰূপ লয়। মঞ্চ বিহুৰ জনপ্ৰিয়তাৰ কোবত প্ৰকৃত স্বতঃস্ফূৰ্ত গছ তলৰ বিহু বিলুপ্তপ্ৰায় হৈ পৰে।

বৰ্তমান মঞ্চ বিহু আৰু হুঁচৰি গাই ঘৰে ঘৰে আশীৰ্বাদ দিয়া, এই দুই ধৰণৰ বিহুৱেই অসমৰ সকলো প্ৰান্ততে উদযাপন কৰা দেখা যায়। বৰ্তমান বিহু সন্দৰ্ভত আন এক উল্লেখযোগ্য পৰিৱৰ্তন অহা দেখা গৈছে। দৃশ্য-শ্ৰব্য মাধ্যমৰ মাজেদি প্ৰদৰ্শিত বিহু-সুৰীয়া গীত মাত নতুন প্ৰজন্মৰ মাজত অতীব জনপ্ৰিয় হোৱা দেখা গৈছে। অৱশ্যে, এই বিলাক প্ৰকৃত বিহু নাচ বা বিহু নাম নহয়, ই এক প্ৰকাৰ বিহু আৰু আধুনিক গীতৰ সংমিশ্ৰণহে বুলিব পাৰি। এই গীত বিলাকত বিহুৰ থলুৱা সুৰৰ ওপৰত ভিত্তি কৰি নতুনকৈ সুৰাৰোপণ কৰা হয় আৰু আধুনিক বাদ্যযন্ত্ৰও ব্যৱহাৰ কৰা হয়।

বিহুগীতৰ উদাহৰণ[সম্পাদনা কৰক]

অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো
তাতোকৈ চেনেহৰ ব’হাগৰ বিহুটি নাপাতি কেনৈকৈ থাকোঁ।

ইয়াক যোজনা বুলি কোৱা হয়। বিহুনাচ আৰম্ভ কৰাৰ আগতে যোজনা গোৱা হয়। যোজনা বিলাকে অনেক ক্ষেত্ৰত সামাজিক আৰু সাংস্কৃতিক তথ্য প্ৰতীয়মান কৰে। ঠিক একেদৰে আৰু কেইটামান বিহুৰ যোজনা হ’ল:

১, আজি বিহু বিহু কালি বিহু বিহু চিৰে গৰখীয়াই তৰা;
সীতাই কুমাৰে বাদতি মাৰিলে চ'তৰ বাৰে খৰৰপৰা।

২, আজি বিহু বিহু কালি বিহু বিহু কেতিয়া ফুলিব নাহৰ;
কেতেকী চৰায়ে কাটে সৰু সূতা মৰুৱা কাঠৰে যঁতৰ।

৩, বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত;
বিহু থাকে মানে বিহুকে বিনাবি বিহু গ'লে বিনাবি কাক?

৪,চ'তে গৈয়ে গৈয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা;
কৈনো কৈ থাকিলে ওৰকে নপৰে ব'হাগৰ বিহুৰে কথা।

৫,বিহু মাৰি থাকিবৰ মনে ঐ লাহৰি বিহু মাৰি থাকিবৰ মন;
বিহু মাৰি থাকোঁতে পলুৱাই নিনিবি ভৰিব লাগিব ধন।

৬,তিতা ধানখেৰৰ ছাই সমনীয়া তিতা ধানখেৰৰ ছাই;
অতি চেনেহৰ ব'হাগৰ বিহুটি হাততে মলঙি যায়।

৭,এই বেলি বিহুটি ৰমকে জমকে নাহৰ ফুল ফুলিবৰ বতৰ;
নাহৰ ফুলৰ গোন্ধ পাই লাহৰিৰ তত নাই গচকত ভাঙি যায় যঁতৰ।

৮,বিহুলৈ কেইদিন আছে সমনীয়া বিহুলৈ কেইদিন আছে;
উজনি নামনি মাৰোঁ কেওখিনি বিহুলৈ চাৰি দিন আছে।

৯,নগা জলকীয়াৰ কাক সমনীয়া নগা জলকীয়াৰ কাক;
বিহু থাকে মানে বিহুকে বিনাবি বিহু গ'লে বিনাবি কাক?

১০,আজি বিহু বিহু কালি বিহু বিহু আমাৰ বিহু কাপোৰ নাই;
সমনীয়া সুধিলে কামে কি এবুলি সৰুতে একাজি আই।

[8]

ব'হাগ বিহু বা ৰঙালী বিহু[সম্পাদনা কৰক]

বিহু নাচনী
বহাগ বিহুত সৰু ল'ৰা-ছোৱালীয়ে হুঁচৰি গোৱা পৰম্পৰা

বসন্তৰ আগমণত উদযাপন কৰা ব'হাগ বিহু বা ৰঙালী বিহু, অসমৰ মূল বিহু উৎসৱ। বসন্তৰ আগমনীত যেতিয়া প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠে, তেতিয়া চহা ৰাইজে জীৱন উপভোগ কৰিবলে আগবাঢ়ি আহে। ৰঙালী বিহু যৌৱনৰ উৎসৱ। ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিচাৰি উলিয়ায়। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। সেয়ে খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত ওতপ্ৰোত সম্বন্ধ আছে। ব'হাগ বা ৰঙালী বিহু, একেৰাহে সাতদিন ধৰি উদযাপন কৰা হয়। চ’তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি বহাগৰ ৬ তাৰিখলৈ সাত দিন ধৰি থাকে। প্ৰত্যেক দিনাৰ বিহুৰে সুকীয়া নাম আছে। ইয়াক সাত বিহু বুলি জনা যায়। চতৰ দোমাহীৰ দিনা গৰু বিহুৰে আৰম্ভ হৈ ক্ৰমে, মানুহ বিহু, হাত বিহু, চেনেহী বিহু, মাইকী বিহু, ৰঙালী বিহু আৰু শেষৰ দিনা চেৰা বিহুৰে ব'হাগ বিহু সামৰা হয়। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে তাৰে এটা দিন 'গোসাঁই বিহু বুলিও পালন কৰা যায়।

কাতি বিহু বা কঙালী বিহু[সম্পাদনা কৰক]

কাতি বিহুত ধাননি পথাৰত জ্বলোৱা চাকি

আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু। এইসময়ত মানুহৰ আহু ধান শেষ হয়, শালি ধানো চপাবৰ নহয়। সেইবাবে তেতিয়া মানুহৰ খোৱাত টান পৰে। গতিকে এই বিহুক কঙালী বিহু বোলে। এই বিহুক ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়, ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত চাকি জ্বলায়।

পথাৰত চাকি

মাঘ বিহু বা ভোগালী বিহু[সম্পাদনা কৰক]

মাঘ বিহুৰ মেজি জ্বলোৱা পৰম্পৰা

খেতি চপোৱাৰ ঠিক পিছতে পুহ আৰু মাঘ মাহৰ দোমাহীত মাঘ বিহু বা ভোগালী বিহু পালন কৰা হয়। এই উৎসৱ লগে ভাগে খাই আনন্দ কৰাৰ উৎসৱ। পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু এই বিহু তিনিদিন পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা তৰহৰ পিঠা-পনা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। মাঘ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি জ্বলোৱা।

গাঁৱৰ ডেকা সকলে নৰা-কাটি পুহতে মেজি প্ৰস্তুত কৰে। উৰুকাৰ দিনা তেওঁলোকে লগ লাগি ভোজ ভাত খাই গীত গাই উজাগৰে থাকে। ৰাতি পুওৱাৰ লগে লগে গা-পা ধুই মেজিত জুই লগাই দিয়ে। জুই জ্বলি উঠিলে মন্ত্ৰ মাতি মাহ, মগু, পিঠা, চাউল, ঘিঁউ আদি দি অগ্নিক সেৱা কৰে। মেজি পোৰাৰ শেষত তাৰ ছাঁইৰে সকলোৱে ফোঁট লয়। অৱশ্যে নৰাৰ সুবিধা নথকা ঠাইত কাঠ-বাঁহ আদিৰেই মেজি বনায়। এই বিহুৰ মেজি পোৰা অগ্নি পূজাৰেই নামান্তৰ বুলিব পাৰি।

জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলা-প্ৰীতিৰ ভাৱ অটুট ৰাখিছে। বিহুৰ সকলো কামেই হয় সমূহীয়াভাৱে, যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। বিহুৰ জৰিয়তে মানুহৰ মাজত বয়ন শিল্প, খেল-ধেমালি আদিৰো উন্নতি সাধন হয়। বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে এক নিজস্ব পৰিচয় বহন কৰিছে।


লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Bihu Festival". www.festivalsofindia.in. Pan India Internet Private Limited (PIIPL). http://www.festivalsofindia.in/bihu/। আহৰণ কৰা হৈছে: 2013-04-13. 
  2. অসমৰ সংস্কৃতি: ড॰ লীলা গগৈ
  3. "Origin of the Word Bihu". festivalsofindia.in. Pan India Internet Private Limited (PIIPL. http://www.festivalsofindia.in/bihu/। আহৰণ কৰা হৈছে: 2013-04-13. 
  4. Austroasiatics absorbed by Tibeto-burman groups
  5. Ratanpur was the capital of Chutia king Ratnadhwajpal
  6. কাঠেৰে নিৰ্মিত পোঙ খোল
  7. First stage Bihu organised in Betioni, Golaghat
  8. লীলা গগৈ, বিহুগীত আৰু বনঘোষা।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]