সমললৈ যাওক

কাতি বিহু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাতি বিহু
কঙালী বিহু
কাতি বিহুকঙালী বিহু
লখিমীক আদৰিবলৈ তুলসীৰ তলত কাতি বিহু উপলক্ষে জ্বলোৱা চাকি
পালন কৰে অসমীয়া সকলে
প্ৰকাৰ কৃষিভিত্তিক লোকউৎসৱ
তাৰিখ আহিন-কাতিৰ সংক্ৰান্তি
উদযাপন তুলসীৰ তলত চাকি জ্বলোৱা, পথাৰত চাকি দিয়া, লখিমী আদৰা, আকাশ বন্তি

কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়।[1] এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা এই সময়ত উদ্‌যাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়।

এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়। ইয়াৰ লগতে ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলায়।[2] কোনো কোনো ঠাইত আকাশ বন্তিয়ো জ্বলোৱা হয়।[3] কঙালী বিহুত উলহ-মালহ আৰু ভোগ-প্ৰাচুৰ্য বেছিকৈ নাথাকে। কিন্তু কঙালী বুলিলে এই বিহুটি তাৎপৰ্যহীন নহয়। ধৰ্মীয় আচাৰ-অনুষ্ঠানেৰে শৰৎ কালৰ এই কাতি বিহু শৰতৰ দৰে স্নিগ্ধ সমাহিত বুলি গণ্য কৰা হয়। এইদৰে প্ৰাচুৰ্যৰ অহংকাৰ নাশ হ'লে মানুহৰ অন্তৰ আধ্যাত্মিকতাৰ জ্যোতিৰে আলোকিত হয় বুলি বিশ্বাস কৰা হয়।[4]

কাতি বিহুত গৃহস্থই পথাৰত চাকি জ্বলোৱাৰ আলোকচিত্ৰ
কাতি বিহুৰ উপলক্ষত পৰম্পৰাগত ভাৱে ধাননি পথাৰত ঔটেঙাৰ চকলত চাকি দিয়াৰ পৰম্পৰা

লগতে চাওক

[সম্পাদনা কৰক]

চিত্ৰসম্ভাৰ

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Bihu Festival". www.festivalsofindia.in. Pan India Internet Private Limited (PIIPL). http://www.festivalsofindia.in/bihu/ আহৰণ কৰা হৈছে: 2013-04-13.
  2. অসমৰ সংস্কৃতি: ড॰ লীলা গগৈ
  3. চুতীয়া, সতীশ. "কাতি বিহুৰ লোকাচাৰ". বিকাশপেডিয়াhttps://as.vikaspedia.in. http://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9959be9a49bf-9ac9bf9b99c19f0-9b29959be99a9be9f0 আহৰণ কৰা হৈছে: 5 December 2020.
  4. "Bihu Festival". natunassam.in. Archived from the original on 18 October 2021. https://web.archive.org/web/20211018041418/https://www.natunassam.in/2021/10/kati-bihu-is-celebrated-on-day-of-month.html আহৰণ কৰা হৈছে: 18 October 2021.