টুচু পূজা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


টুচু পূজা
সম্পুৰ্ণ নাম অসমীয়া: টুচু পূজা
পালন কৰে অসমৰ চাহ জনগোষ্ঠী
প্ৰকাৰ অসমৰ উৎসৱ
ভাৰতীয় উৎসৱ

টুচু পূজা হৈছে চাহ জনজাতিসকলৰ এক প্ৰধান মাংগলিক উৎসৱ। টুচু পূজা বা টুচু পৰৱ পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়। পুহ মাহত আৰম্ভ হোৱা বাবে এই পৰৱক পৌৰ পৰৱ বুলিও কোৱা হয়। চাহ জনজাতিসকলে টুচুক এগৰাকী দেৱীৰূপে পূজা কৰে। ব্ৰাহ্মণ পূজাৰীবিহীন এই পূজাত টুচুক শস্যৰ দেৱী বুলি পূজা কৰা হয় যদিও, কোনো কোনো ক্ষেত্ৰত শিৱৰ জীয়েক, মনসাৰ ভনীয়েক, কালী, দূৰ্গা, সীতা,সাৱিত্ৰী আদিৰ ৰূপতো কল্পনা কৰা হয়। এই পূজা মূলতঃ নাৰীকেন্দ্ৰিক যদিও পুৰুষেও ইয়াৰ ৰং-ৰহইচত ভাগ লয়। টুচু পূজাক ঘাইকৈ দুটা ভাগত ভগাব পাৰি। এটা হ'ল ঘৰত আৰু আনটো হ'ল নদীৰ পাৰত।

পুহ মাহ সোমোৱাৰ লগে লগেই চাহ জনগোষ্ঠীৰ গাভৰুবোৰ কোনো এঘৰত গোট খায় আৰু তেওঁলোকৰ মাজত এগৰাকী টুচু-মা পতা। ইয়াৰ পাছত কুলি বা ম'ৰা চৰাইত উঠি থকা, হাতত ছাতি আৰু কলহ লোৱা টুচুৰ মূৰ্তি আনি পূজা কৰা হয়। নিতৌ সন্ধিয়া গাভৰুবোৰে ফল-মূল, আখৈ আদি দি টুচুক অৰ্চনা কৰে। পুহৰ শেষৰ ৰাতিৰ দিনা গাভৰুহঁতৰ লগতে ডেকাবোৰেও উজাগৰে থাকি টুচু গীত গায়। ৰাতিপূৱাৰ লগে লগে টুচু দেৱীৰ মূৰ্তিটো টুচু-মাৰ মূৰত তুলি আটায়ে নদীৰ ঘাটলৈ যায়। যাওঁতে বাটত ঘৰে ঘৰে সোমায় টুচুক ফুৰায়। মানুহে টুচুক পূজা-অৰ্চনা কৰে আৰু তিল পিঠা খাবলৈ দিয়ে। চাহ জনগোষ্ঠীৰ গাভৰুহঁতে মাঘ মাহত তিল পিঠা খোৱাৰ নিয়ম আছে। সেয়ে তেওঁলোকৰ পুহৰ সংক্ৰান্তিৰ এই উৎসক তিল সাঁকৰাইও বোলে। শ্ৰদ্ধাৰে টুচু পূজা পালন কৰিলে বছৰটোত খৰ-খজুৱতি নহয় বুলিও তেওঁলোকৰ মাজত জনবিশ্বাস প্ৰচলিত। একেদৰে সৰস্বতী পূজাৰ পাছত টুচু পূজা পাতিলে খৰ-খজুৱতি হয়। এই পূজাত পিঠা-পনাৰ লগত কাঠ-আলু (খাম-আলু), মিঠা-আলু (চকৰকান্দা) আদি খোৱাৰো নিয়ম আছে।

টুচুক সকলোৰে ঘৰত ফুৰোৱাৰ পাছত নদীৰ ঘাটলৈ নিয়া হয়। নৈৰ ঘাটত বিভিন্ন ঠাইৰ পৰা অহা টুচুৰ দল গোট খায় আৰু তাতে তেওঁলোকৰ মাজত গীতৰ প্ৰতিযোগিতা হয়। শেষত সকলোৱে টুচুক নৈৰ বুকুত বিসৰ্জন (ভাষান) দিয়ে। নৈৰ ঘাটতে জল দেৱতাক সাক্ষী কৰি বহুতে সেইদিনা সখী পাতে। ইয়াক 'ফুলপ্ৰাণ' পতা বোলে। এই 'ফুলপ্ৰাণ' আৰু টুচু সম্পৰ্কে চাহ জনগোষ্ঠীসকলৰ মাজত অনেক কিংবদন্তি আছে।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. অসম অভিধান, শান্তনু কৌশিক বৰুৱা, বনলতা,২০০১,পৃষ্ঠা-১০২ (১)