সূত্ৰধাৰ নৃত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
সূত্ৰধাৰ নৃত্য

অসমীয়া অংকীয়া নাটৰ সূত্ৰধাৰ
প্ৰকাৰ শাস্ত্ৰীয় নৃত্য
সত্ৰীয়া নৃত্য
দেশ ভাৰত

সূত্ৰধাৰ নৃত্য সত্ৰীয়া পৰিৱেশ্য কলাৰ অন্তৰ্গত এটি নৃত্য শৈলী। সূত্ৰধাৰজন একেধাৰে গায়ক, নৰ্তক, ঘোষক আৰু পৰিস্থিতিৰ বাখ্যাকাৰী। সূত্ৰধাৰী নাচ অংকীয়া ভাওনাৰ এটি অপবিহাৰ্য নৃত্যগোট। (গায়ন-বায়নৰ অন্তৰ্গত) সাধাৰণতে বৰপেটীয়া ধেমালি খনকে আধাৰ হিচাপে লৈ গুৰুকীৰ্তনৰ ভাওনা আৰম্ভ হয়। সেয়েহে আন নাচত থকাৰ দৰে সূত্ৰধাৰী নাচৰ আধাৰিত ধেমালিখন হ'ল বৰপেটীয়া ধেমালি। অৱশ্যে অন্য উদ্দেশ্যত এই নাচ নাচিবৰ সময়ত ধেমালিৰ ধৰা-বন্ধা নিয়ম নাথাকে।

পৰিচয়[সম্পাদনা কৰক]

ভাৰতীয় সভ্যতাত জগতক ৰংগমঞ্চ, জীৱনক নাটক, জীৱক অভিনেতা/অভিনেত্ৰী আৰু ঈশ্বৰক সূত্ৰধাৰ বুলি কোৱা হয়। সূত্ৰধাৰজন সংস্কৃত নাটক, পুতলা নাচ বা ওজা পালিৰ ওজাৰ অনুৰূপ হ'লেও শংকৰদেৱে নাটৰ সূত্ৰধাৰজন সুকীয়া। সূত্ৰধাৰক কুশল অভিনেতা, গীত-বাদ্য-নাট বিশাৰদ আৰু সুপৰিচালক হিচাপে শংকৰদেৱে তেওঁৰ নাটত ঠাই দিছে।ভাওনাৰ শ্লোক, অপিচ আৰু সূত্ৰধাৰৰ বচনৰ ওপৰত সম্পূৰ্ণ পৰিচালনাৰ ভাৰ সূত্ৰধাৰৰে।[1]নাটৰ প্ৰথম নান্দী শ্লোকৰ পিছত সূত্ৰধাৰশ্লোক আৰু সূত্ৰৰ উক্তিবোৰৰপৰা এই কথা স্পষ্টকৈ বুজা যায়।[2] গায়ন-বায়ন আৰু সূত্ৰধাৰসকলৰ পিন্ধনত বগা ধূতি বা ঘোৰী, হাত গেঞ্জী, পাঞ্জাবী, চেলেং চাদৰ আৰু মূৰত বগা পাগ থাকে।[3]

পৰিৱেশন[সম্পাদনা কৰক]

ভাওনাৰ আৰম্ভণিতে সূত্ৰধাৰে আঁৰ-কাপোৰৰ আঁৰত, অগ্নিগড়ৰ তলত আঁঠুকাঢ়ি সেৱা জনোৱাৰ ভংগীত ৰৈ থাকে। আঁৰ-কাপোৰ আঁতৰ হোৱাৰ লগে লগে বিভিন্ন বাদ্যসমূহ একেলগে বাজি উঠে। ৰাইজে হৰিধ্বনি দিয়ে। বিলম্বিত লয়ত খোল, মৃদংগ, তাল বাজে। সূত্ৰধাৰে সৰু ভংগীৰ এটা নাচ আগবঢ়ায়। নাচৰ মাজতেই সূত্ৰধাৰজন থিয় দিয়ে আৰু মধ্যম লয়ৰ বাজনাত বৰভংগীৰ নাচ এটা আৰম্ভ কৰে। এই দুই অংশ নাচৰ শেষত সূত্ৰধাৰে স্বস্তিক হস্তেৰে গোটেই ভাওনাথলী চতুস্পৰ্শ পৰিভ্ৰমণ কৰি ৰাইজ তথা দৰ্শকৰ মংগল কামনা কৰে। এই নৃত্যৰ খোলত ১৭খন আৰু শ্লোকত ৯খন মুঠতে ২৬খন বাজনা থকাটো উল্লেখযোগ্য। ৪, ৭, ১০, ১১, ১২, ১৪, ১৫ আৰু ১৭ সংখ্যক বাজনাত সূত্ৰধাৰে খৰ নাচ প্ৰদৰ্শন কৰাৰ সুবিধা পায়। নৱম বাজনাত বহু পাকৰ নাচ আৰু ষোড়শ বাজনাত জিধিনাকত হাত সলোৱা হাত পৰে। সূত্ৰধাৰে নৃত্য সমাপ্ত কৰাৰ লগে লগে প্ৰধান চৰিত্ৰ শ্ৰীকৃষ্ণ বা ৰামৰ প্ৰৱেশৰ পথ ঘোষিত হয়। তাৰপিছত আন চৰিত্ৰৰ প্ৰৱেশ ঘটে।

নৃত্য শৈলী[সম্পাদনা কৰক]

ভাওনাৰ আৰম্ভণিতে সূত্ৰধাৰে আঁৰ-কাপোৰৰ আঁৰত, অগ্নিগড়ৰ তলত আঁঠুকাঢ়ি সেৱা জনোৱাৰ ভংগীত ৰৈ থাকে। আঁৰ-কাপোৰ আঁতৰ হোৱাৰ লগে লগে:[4]

  • বাজনা ১: সূত্ৰধাৰীয়ে প্ৰৱেশ কৰি আঁঠু পাৰি শিৰ মাটিত লগাই সেৱা কৰে, ৰাইজে হৰিধ্বনি দিয়ে। কেতিয়াবা সূত্ৰধাৰ-প্ৰৱেশৰ আগৰপৰাই প্ৰথম বাজনাখন বাই থকা হয়। সূত্ৰধাৰে সেৱা কৰি থিয় হৈ সেই বাজনাতে সোঁ-হাত বাঁও-ভৰি আগলৈ দি আকৌ বাঁও-হাত সোঁ-ভৰি আগলৈ দি আগ বাঢ়ি গৈ ভাওনাৰ ঠাইৰ আধাখিনি এৰি থৈ দুই হাত মূৰা-মূৰিকৈ অলপ নিলগে মাটিত পাৰি, লাহে লাহে প্ৰণামত নাচি পুনৰ প্ৰণাম কৰি ওৰা (মতা ওৰা) ধৰে।
  • বাজনা ২: 'ধিনাও'ৰপৰা জলক মাৰি, হাত দুখন ওপৰা-উপৰিকৈ আকৃতি কৰি 'খ্ৰি খ্ৰি....' বোলাত হাত কঁপাই আগলৈ গৈ এপাক ঘূৰি আহে।
  • বাজনা ৩: ওৰা ধৰি উঠি থিয় হৈ হাত দুখন এবাৰ একাষে, এবাৰ আন কাষে দি নাচে। 'ততাক ধেই দাও'ৰপৰা জলক মাৰি পাছলৈ গৈ ৰৈ যায় ।আকৌ জলকত পাক মাৰিই ঘূৰি আগৰ ঠাই পাইহি।
  • বাজনা ৪: খৰ নাচ পৰে।
  • বাজনা ৫: "ধগা ধগা" বোলত ওজাৰ দৰে বৰাহৰ হাত দি অলপ আগফালে চাপৰি দুই হাত ঘনাই ওপৰা-উপৰি কৰি মাৰি আগ বাঢ়ে আৰু 'নিধেই ধেই'ৰপৰা জলক মাৰি মতা-পাক মাৰি পিছ হুঁহকে 'ধেতখিতি'ৰপৰা পুনৰ আগলৈ যায়।
  • বাজনা ৬: খৰ নাচ পৰে।
  • বাজনা ৭: 'ধেখিৰ ইখিৰ তাখিৰ ইখিৰ'ত চন্দ্ৰ হাত দি নাচে আৰু নাচ বাঢ়ি যায় 'তাখিৰ খিৰ তাৎ খিতি'ত হাত সলোৱা হাত পৰে, 'খিতা জিধেই খিতা'ৰপৰা তেৱাৰি পৰে। 'তাখিৰখিৰ ৰাও খিতি'ত এটা জলক মাৰি আগলৈ গৈ বহি আগলৈ হাত দি ৰ'য়।
  • বাজনা ৮: বহুত পাকৰ নাচ পৰে।
  • বাজনা ৯, ১০, ১১: বৰ খৰ নাচ। তেৱাৰি, হাত-সলোৱা হাত আদিয়েই বেছিকৈ পৰে।
  • বাজনা ১২: 'ধগিতা'ত তেৱাৰি, 'ধেই ত্ৰিখি'ৰিপৰা বৰাহৰ হাত দি।
  • বাজনা ১৩, ১৪: খৰ নাচ।
  • বাজনা ১৫: 'জিধিনাক'ত হাত-সলোৱা হাত। 'জিধিনাও'ৰপৰা আঁঠুৱা --মানুহটো আঁঠু মাটিত লগাই লগাই কৰ্তবীমুখ হাত যিটো আঁঠু পৰে তাত লগাই লগাই ছেও দিব। তাৰ পিছত খৰ নাচ পৰে।
  • বাজনা ১৬: খৰ মাচ।
  • শ্লোকৰ নাচ: নাচ শিকোৱা বায়নজনে শ্লোকটো মুখেৰে গাই আৰু নাচত খোল বজাই থকা বায়ন দুজনে তাকে খোলত বজায় দুবাৰকৈ আৰু সূত্ৰধাৰীয়ে নাচে। বায়নে শ্লোক গাই থাকৌতে সূত্ৰধাৰীয়ে নানাচে।

সূত্ৰধাৰৰ নৃত্যৰ পিছত নাটকৰ আন আন পাত্ৰসমূহৰ প্ৰৱেশ নৃত্য হয। এই নৃত্যবিলাকৰ গতি বা বুলন আৰু আন চালনাবোৰ সুকীয়া সুকীয়া। নাচৰ বোলো সেইদৰে পৃথক। যশোদা আদি গোপীসকলে একতালিত, নাৰদে খুকনিত, অসুৰবোৰে চুটা তালত প্ৰৱেশ কৰে।

সাজ-পাৰ[সম্পাদনা কৰক]

সূত্ৰধাৰীৰ মূল পৰিচয় হৈছে মূৰত ব্যৱহাৰ কৰা পাগটো। ইয়াক সূত্ৰধাৰী পাগ বোলে। তলৰ অংশ কাণৰ ওপৰে আৰু কপালৰ আধা অংশ ঢাকি লিপিত খাই পৰে। ওপৰ অংশটোৰ নক্সা গাযনৰ পাণুৰি এটাৰ আগটো পাচ কৰি দিলে যেনে হ'ব তেনে ধৰণৰ; অৰ্থাৎ পিছ অংশটো পাছলৈ জোঙাকে বাঢ়ি যোৱা। ই চৰ্জেদাৰ আৰ্হিৰ কোষাপটীয়া সাঁচৰ টুপিৰ দৰে। ইয়াৰ ওপৰভাগ শিৰৰ আগৰ পৰা পাছলৈ খাল পৰি দুই কাষ সিৰ পাতি থিয় হয়। কাণত উন্তি, হাতত গামখাৰু, ভৰিত জুনুকা আৰু ডিঙিত মতামণি পিন্ধাৰ নিয়ম। শুদ্ধ বগা কপাহী কপোৰৰ লহঙাৰ কঁকাল অংশত ধুতি বা ঘুৰি পিন্ধি বগা ৰঙৰ কপাহী টঙালি তললৈ ওলমাই বন্ধা হয়। কোচ-দিয়া হাতৰ দীঘল চোলা কঁকালৰ কিছু তললৈকে পেলাই পিন্ধে। গাত সূত্ৰধাৰী কাপোৰ খন দীঘলে দীঘলে জাপি আগফালে দুই মূৰ টঙালিৰ তলেদি আঁঠুলৈকে ওলমাই পিছফালৰ অংশটো পিঠিৰ মাজ মানতে শেষ কৰা হয়। টুপিৰ আগ অংশত এটি কক্লা সংযোগ কৰা হয়।[5]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. S. Gajrani (1 September 2004). History, Religion & Culture of India. Gyan Publishing House. পৃষ্ঠা. 113–. ISBN 978-81-8205-065-5. http://books.google.com/books?id=QQWMc7_qj4kC&pg=PA113। আহৰণ কৰা হৈছে: 20 December 2012. 
  2. ভাওনা: লোহিত চন্দ্ৰ দেৱগোস্বামী, ৰামধেনু, দৈনিক অসম, ২৬ মে' ২০১২
  3. Projesh Banerji (1983). Indian Ballet Dancing: Album. Abhinav Publications. পৃষ্ঠা. 84–86. ISBN 978-0-391-02716-9. http://books.google.com/books?id=5fXZKe3xHQAC&pg=PA86। আহৰণ কৰা হৈছে: 19 December 2012. 
  4. সত্ৰীয়া নৃত্যৰ ৰূপ দৰ্শন, কৰুণা বৰা
  5. সত্ৰীয়া নৃত্য আৰু নৃত্যৰ তাল, মহেশ্বৰ নেওগ, কেশৱ চাংকাকতি