দিহিং পাটকাই উৎসৱ
দিহিং পাটকাই উৎসৱ | |
---|---|
আৰম্ভ | ১৬ জানুৱাৰী |
শেষ | ১৯ জানুৱাৰী |
অন্তৰ | বাৰ্ষিক |
ঠাই | লেখাপানী, তিনিচুকীয়া, অসম |
প্ৰথমবাৰ পালন | ডিচেম্বৰ, ২০০২ |
দিহিং পাটকাই উৎসৱ (ইংৰাজী: Dehing Patkai Festival) হৈছে অসমৰ তিনিচুকীয়া জিলাৰ লেখাপানীত অনুষ্ঠিত হোৱা বাৰ্ষিক উৎসৱ। পাটকাই পৰ্বত আৰু দিহিং নদীৰ নাম অনুসৰি এই উৎসৱৰ নাম দিহিং পাটকাই উৎসৱ ৰখা হৈছে।[1][2][3] ২০০২ চনৰ পৰা এই উৎসৱ নিয়মীয়াকৈ উদ্যাপন কৰি অহা হৈছে। ২০০২ বৰ্ষৰ উৎসৱত মুখ্য অতিথি আছিল সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ড॰ এ পি জে আব্দুল কালাম। পৰ্যটক সকলক আনন্দ-উল্লাস কৰাৰ সুবিধা কৰি দিয়া লক্ষ্যৰে এই উৎসৱ অসম চৰকাৰে আয়োজন কৰে।[1]
মূল কাৰ্যক্ৰমনিকা[সম্পাদনা কৰক]
দিহিং পাটকাই উৎসৱত বিশেষকৈ চাহ উদ্যোগৰ লগত জড়িত ঠাই ভ্ৰমণ, জনগোষ্ঠীসমূহৰ দ্বাৰা ব্যৱহৃত সামগ্ৰী সমূহৰ মেলা, প্ৰাকৃতিক পৰিৱেশৰ মাজত আমেজ লোৱা আদি অন্তৰ্ভুক্ত কৰা হৈছে। এই উৎসৱৰ এটা উল্লেখযোগ্য আকৰ্ষণ হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ সৈন্যসকলৰ সমাধিস্থল পৰিভ্ৰমণ কৰাৰ সুবিধা দিয়া হয়। ইয়াৰ উপৰিও অসমক ম্যানমাৰৰ লগত সংযোজিত কৰা ষ্টিলৱেল পথটো চোৱাৰো সুবিধা দিয়া হয়।[1][2][3] এই উৎসৱৰ সময়ত খাদ্য সামগ্ৰীৰ মেলা, বাণিজ্য মেলা, সাংস্কৃতিক অনুষ্ঠান আদিৰো আয়োজন কৰা হয়। পৰ্যটকসকলে হাতী ছাফাৰীৰ জৰিয়তে বনাঞ্চলসমূহ চোৱাৰো সুবিধা কৰি দিয়া হয়। এই উৎসৱৰ সময়ত চাহ বাগান আৰু ডিগবৈৰ তৈলক্ষেত্ৰ সমূহ পৰিভ্ৰমণ কৰিবলৈ ইয়াৰ পৰা সুবিধা কৰি দিয়া হয়।[1][3]
আলোকচিত্ৰ[সম্পাদনা কৰক]
লগতে চাওক[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 1.2 1.3 "Dehing Patkai Festival". North East India. http://www.north-east-india.com/assam/dehing-patkai-festival.html। আহৰণ কৰা হৈছে: 12 January 2010.
- ↑ 2.0 2.1 "Dehing Patkai Festival". Locate India. http://www.locateindia.com/assam/assam-festivals-fairs-dehing-patkai.html। আহৰণ কৰা হৈছে: 12 January 2010.
- ↑ 3.0 3.1 3.2 "Dehing Patkai Festival". Incredible Northeast India. http://www.incredible-northeastindia.com/assam-north-east-india/dehing-festival-assam.html। আহৰণ কৰা হৈছে: 12 January 2010.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
|