সমললৈ যাওক

জিকিৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


জিকিৰ (ইংৰাজী: Zikir) হৈছে এক প্ৰকাৰৰ ইছলাম ধৰ্মীয় স্তুতি গীত যাৰ দ্বাৰা অসমৰ থলুৱা ইছলাম ধৰ্মী লোক সকলে আল্লাহৰ স্তুতি কৰে। জিকিৰ শব্দটো আৰবী শব্দ ‘জিকিঅৰ’ শব্দৰ পৰা উদ্ভব হৈছে, যাৰ অৰ্থ হ’ল আল্লাৰ নাম স্মৰণ কৰা[1] বা ঘনে ঘনে উচ্চাৰণ কৰা। এয়া ইছলাম ধৰ্মৰ পবিত্ৰ কাম বুলি গণ্য কৰা হয়। আজান ফকীৰে অসমীয়া ভাষাত জিকিৰ ৰচনা কৰিছিল। আজান ফকীৰৰ আগমনৰ সময়ত অসমৰ মুছলমান সকলে নামাজ, ৰোজা, জাকাত আদি ইছলামীয় ৰীতি-নীতি, আচাৰ-অনুষ্ঠান নৈষ্ঠিক ভাবে পালন কৰা নাছিল। আজান পীৰ চাহাবে তেওঁলোকক ইছলাম ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈ জিকিৰ লিখিছিল[1]। জিকিৰৰ ভাষা, ছন্দ, উপমা, সুৰ আদি অসমীয়া যদিও ইছলাম ধৰ্ম সম্বন্ধীয় কিছুমান পাৰ্চী, আৰবী শব্দ গীতসমূহত সোমাই পৰিছে। অসমীয়া দেহ বিচাৰ গীতৰ লগত সাদৃশ্য থকা এই গীতসমূহত আল্লাৰ নাম-কলিমা, দেহৰ ভংগুৰতা আদি বিষয়বোৰ অন্তৰ্ভুক্ত হৈছে।

ৰচনাকাল

[সম্পাদনা কৰক]
জিকিৰ পৰিবেশন দৃশ্য প্ৰদৰ্শিত এক দেৱাল অংকন

জিকিৰসমূহৰ ৰচনাৰ সময় দুটা দিয়া হয় - ১০৪৫ হিজৰী বা ১৬৩৪ খ্ৰীষ্টাব্দ; ১১৪৫ হিজৰী বা ১৭৩৪ খ্ৰীষ্টাব্দ। ডক্তৰ ভূঞা[2]ই পোৱা এখনি পুৰণি বুৰঞ্জীমতে গদাধৰসিংহৰ দিনত ৰূপাই দা-ধৰাই আজান ফকীৰৰ চকু কাঢ়ে ১৬০৮ শক বা ১৬৮৪ ছনত। গদাধৰসিংহৰ ৰাজত্বৰ সময় ১৬৮১-৯৬ চন। ১৬৩৪ চনত অসমত বুঢ়াৰজা প্ৰতাপসিংহ; ১৭৩৪ চনত শিৱসিংহ। গতিকে জিকিৰসমূহৰ তাৰিখ মিলোৱা টান। [3]

পৰিৱেশন

[সম্পাদনা কৰক]

জিকিৰসমূহ সমূহীয়াকৈ গোৱা হয় আৰু লোকগীতৰ দৰেই ইয়াৰ প্ৰকাশ ভংগী সহজ-সৰল। এই গীত পৰিবেশনত থলুৱা লোকবাদ্য দোতৰা, বাঁহী, টোকাৰি, বীণ আদিৰ ব্যৱহাৰ সততে দেখা যায়। বহি বহি গোৱাৰ লগতে জিকিৰ নাচি নাচি হাত চাপৰি বজাই, তাল ৰাখি বৃত্তকাৰে ঘূৰি গোৱাৰ ৰীতিও প্ৰচলন আছে। জিকিৰসমূহৰ লগত শ্বাহমিলন বা আজান পীৰৰ নাম ৰচকৰূপে জড়িত হৈ আছে।[4] আজান ফকিৰে সৰহ ভাগ জিকিৰ ৰচনা কৰিছিল যদিও মুনীয়া দেৱান, বান্দৰ ফকিৰ, চৈয়দ মূৰতাজা, গোলাম হুছেইন, হৰিদাস কুমাৰ, বেথাই গুৱাল আদিয়েও জিকিৰ ৰচনা কৰিছিল।

'জিকিৰ'বোৰত বৈষ্ণৱীয় নামকীৰ্তনৰ প্ৰভাৱ ,মধূৰ সুৰ ,ইচলামীয় ধৰ্মতত্ব আৰু অসমীয়া ঘৰুৱা ভাষাৰ মাজত ফাৰ্চী ,আৰবী শব্দ প্ৰয়োগ লক্ষ্যণীয় বৈশিষ্ট।[5] জিকিৰৰ ৰচনা কাল সম্পৰ্কে তলৰ গীতফাকি পোৱা যায়:

“দহশ দুকুৰি নৰীচন হিজিৰি
আকৌ পাঁচ বছৰ (বাৰ বছৰ) যায়
চাহ মিলনে এই জিকিৰ কৰিলে
কোৰাণ কিতাবত পাই।”[6]

অতি সুৰীয়া জিকিৰসমূহত অসমীয়া সমাজ জীৱনৰ প্ৰতিফলন সততে দেখা যায়ঃ

বিছমিল্লাহ বুলি মই কাঠত ঘাপ মাৰিলোঁ
টোকাৰী বনাব লাগে মোৰ চাহেব ঐ
টোকাৰী বনাব লাগে ঐ

আন এটা গীতত অসমীয়া গাৱঁলীয়া সমাজ জীৱনৰ সাহ স্বৰূপ বাঁহৰ কথা উল্লেখ কৰিছে এনেদৰেঃ
বাৰীৰে ঢাপৰে জাতি বাঁহ এজুপি
সিও মোৰ সোদৰৰ ভাই

মুঠ সংখ্যা

[সম্পাদনা কৰক]

বাৰকুৰি বৰগীত, তেৰকুৰি ফকৰাৰ দৰে আঠকুৰি জিকিৰ অসমীয়া ভাষাৰ অমূল্য সম্পদ।[4] এই বক্তব্যলৈ চাই জিকিৰ মুঠ সংখ্যা ১৬০ টা বুলি অনুমান কৰিব পাৰি।

জাৰীবোৰ মৰ্চিয়া বা মহৰমৰ শোক গীত, এইবোৰ মৌখিক গীত। কাৰাবালাৰ কৰুণ কাহিনী অৱলম্বন কৰি জাৰী গীতসমূহ ৰচিত। আৰব দেশৰ যি ঐতিহাসিক কাহিনীৰ ভিত্তিত গীতবোৰ ৰচিত হৈছিল সেইবোৰে নিজা স্থানীয় ৰূপ হেৰুৱাই হাড়ে হিমজুৱে অসমীয়া ৰূপ লৈছে। জাৰী গালে বৰষুণ দিয়ে বুলি লোক বিশ্বাস প্ৰচলিত।[7]

লগতে পঢ়ক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 গ্ৰন্থ: এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া, লিখক:হেমন্ত কুমাৰ ভৰালী, পৃষ্ঠা নং- ৯৬, প্ৰকাশক: অনন্ত হাজৰিকা, সংস্কৰণ: জানুৱাৰী,২০১২
  2. সূৰ্য কুমাৰ ভূঞা
  3. মহেশ্বৰ নেওগ, অসমীয়া সাহিত্যৰ ৰূপৰেখা পৃষ্ঠা ৩০
  4. 4.0 4.1 মহেশ্বৰ নেওগ, অসমীয়া সাহিত্যৰ ৰূপৰেখা পৃষ্ঠা ২৯
  5. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবিত্ত, সত্যেন্দ্ৰনাথ শৰ্মা, সোমাৰ প্ৰকাশ, ২০১৮, পৃষ্ঠা-৩৫
  6. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবিত্ত, সত্যেন্দ্ৰনাথ শৰ্মা, সোমাৰ প্ৰকাশ, ২০১৮, পৃষ্ঠা-৩৫
  7. অসম অভিধান, শান্তনু কৌশিক বৰুৱা, বনলতা, ২০০১, পৃষ্ঠা-৯৭ (১)