সমললৈ যাওক

দেহ বিচাৰ গীত

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দেহ বিচাৰ গীত বা দেহবিচাৰৰ গীত অসমীয়া সমাজত প্ৰচলিত আধ্যাত্মিক ভাবযুক্ত এক শ্ৰেণীৰ তত্ত্বগধুৰ লোকগীত। সাধাৰণতে বৃদ্ধ, ভকত, বৈৰাগী, সন্ন্যাসী, মগনীয়া আদিয়ে দেহ বিচাৰ গীত গায়। সংসাৰৰ মায়া-মোহ, জ্বালা-যন্ত্ৰণা, বেদনা আদিৰ পৰা হাত সাৰিবলৈ অথবা মুক্তি পাবলৈ সাধকসকলে মনৰ বৈৰাগ্য ভাব শ্ৰেণী গীতত প্ৰকাশ পায়।[1]

দেহ বিচাৰৰ গীত একপ্ৰকাৰৰ লোকসংগীত। সেয়ে ইয়াৰ ৰচনাৰ সঠিক সময় নিৰ্ধাৰণ কৰিব পৰা নাযায়। দেহবিচাৰৰ গীতসমূহক চৰ্যাগীত আৰু বৰগীতৰ মাজৰ সংযোগ সেঁতু বুলি অভিহিত কৰিব পাৰি। [2] কিন্তু অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত চৰ্যাপদৰ মাজত ইয়াৰ এতিহাসিক উৎস বিচাৰি পোৱা যায়। এই সময়চোৱাত বৌদ্ধ সহযীয়া পন্থাৰ প্ৰভাৱ জনমানসত ক্ৰমান্বয়ে স্তিমিত হৈ আহিছিল। এচাম চহা কবিয়ে চৰ্যাগীতৰ কথাবস্তুৰ আলম লৈ এই শ্ৰেণীৰ গীতবোৰ ৰচনা কৰিছিল। [2] চৰ্যাপদ আৰু দেহ বিচাৰ গীত দুয়োবিধৰে গীতৰ বিষয়বস্তু আৰু ভাববস্তুৰ অৰ্থৰ মাজত যথেষ্ট মিল দেখা যায়। পঞ্চদশ-ষোড়শ শতিকামানৰ পৰা দেহবিচাৰৰ গীতৰ ওপৰত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ পৰে। এই গীত সমূহত শ্ৰীমন্ত শঙ্কৰদেৱ, মাধৱদেৱ, চান্দসাই আদি বৈষ্ণৱ কবিসকলৰ উল্লেখ পোৱা যায়।

বাদ্যযন্ত্ৰ

[সম্পাদনা কৰক]

মুখে মুখে প্ৰচলিত এই শ্ৰেণীৰ গীতবোৰ গায়কসকলে হাতত খঞ্জৰী, তাল, বেণু, টোকাৰী, ৰামকৰ তাল, দোতাৰা আদি বাদ্যযন্ত্ৰ বজাই গাই। টোকাৰী বজাই গাই জনসমাজত টোকাৰী গীত বুলিও প্ৰচলিত আছে যদিও দুয়ো গীতৰ মাজত কিছু পাৰ্থক্য বিদ্যমান। অসমৰ ৰাতিখোৱা বা ভিতৰপকীয়া সম্প্ৰদায়ৰ ভকতসকলে টোকাৰি বজাই গোৱা কিছুমান গীতত শঙ্কৰদেৱৰ অনাদি পাতন খণ্ডৰ প্ৰভাৱ পৰিছে।[1]

ভাৰতীয় ধৰ্ম দৰ্শনৰ মূল তত্ত্ব দেহবিচাৰৰ গীতসমূহত পৰিলক্ষিত হয়। ক্ৰমান্বয়ে নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱো ইয়াত পৰা দেখা যায়। দেহবিচাৰৰ গীতবোৰে কোনো এক নিৰ্দিষ্ট ধৰ্মৰ মত বহন নকৰে যদিও গীতবোৰ তত্ত্বমূলক।[1] গীতবোৰ শৰীৰ, সংসাৰ, জীৱাত্মা, পৰমাত্মা, গুৰু, ভকত সম্পৰ্কীয় দাৰ্শনিক তত্ত্বৰ কথাৰে পৰিপুষ্ট। দেহ ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ ৰূপ সেয়া দেহবিচাৰৰ গীতৰ মূল বিষয়বস্তু। দেহবিচাৰৰ গীতত মনকে সাধনাৰ মূল আধাৰ হিচাপে বিশ্লেষণ কৰা হয়। দেহবিচাৰৰ সাধকসকলে যোগী তান্ত্ৰিক সাধক সিদ্ধপুৰুষ আছিল।[3]

দেহবিচাৰৰ গীতবোৰ সাধাৰণতে সাংকেতিক বা প্ৰতীকধৰ্মী। গীতিকাৰসকলে গীতৰ তত্ত্ব প্ৰকাশৰ কাৰণে বিবিধ উপমা, ৰূপক, চিত্ৰৰ সহায় লয়।[4] এই গীত সমূহৰ ৰাগ-সুৰো সুকীয়া ধৰণৰ। ইয়াৰ বেছিভাগ গীতৰ সুৰত বৈৰাগ্য ভাব প্ৰকাশ পায়। গীতৰ প্ৰতীক, উপমা, ৰূপক আদিৰ সহায়েৰে সংসাৰৰ সংযমৰ অনিত্যতা, মায়া-মোহ, আত্মা-পৰমাত্মা, ইইকাল-পৰকাল আদিৰ জটিল তত্ত্বসমূহ সহজ-সৰলভাৱে ব্যাখ্যা কৰা হৈছে।[5]

দেহ বিচাৰৰ গীতবোৰ সহজ-সৰল ভাৱ, ভাষা আৰু জতুৱা ঠাঁচযুক্ত, সুৰবিশিষ্ট।[6]

দেহবিচাৰ গীতৰ উদাহৰণ

[সম্পাদনা কৰক]

ভৱনদী পাৰ কৰি দিয়া হে
নাৰায়ণ ভৱনদী পাৰ কৰি দিয়া
এই মানবী দেহা
কত যে কৰিলা বেহা
কচু পাতত ৰৈ যায় জীৱ
হে নাৰায়ণ
ভৱ নদী পাৰ কৰি দিয়া।[5]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 নেওগ, মহেশ্বৰ (১৯৮৫). অসমীয়া গীতি-সাহিত্য. প্ৰকাশক পানবজাৰ, গুৱাহাটী: বাণী মন্দিৰ. 
  2. 2.0 2.1 পূৰ্ণানন্দ ভূঞা (২০২১). শংকৰী সংস্কৃতিৰ আভাস. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৩৪-৩৫. 
  3. বৰুৱা, অতুল চন্দ্ৰ (১৯৮১). অসমীয়া লোকসাহিত্য. প্ৰকাশক গুৱাহাটী: অসম বুক ডিপো. 
  4. শৰ্মা, হেমন্ত কুমাৰ (১৯৯৮). অসমীয়া লোকগীত সঞ্চয়ন. প্ৰকাশক পানবজাৰ, গুৱাহাটী: বীণা লাইব্ৰেৰী. 
  5. 5.0 5.1 বৰুৱা (সম্পা.), প্ৰহ্লাদ চন্দ্ৰ (২০০১). অসমীয়া লোক-সাহিত্য. প্ৰকাশক ডিব্ৰুগড়: সুৰভি সাহিত্য কুটিৰ. 
  6. শৰ্মা, শশী (১৯৯৩). অসমীয়া লোক-সাহিত্য. প্ৰকাশক গুৱাহাটী: ষ্টুডেণ্টছ্ ষ্ট'ৰছ্.