ভটিমা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

ভটিমা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা গুণ-বৰ্ণনা বা স্তুতি বিষয়ক এক শ্ৰেণীৰ গীত৷ ভটিমা মানে স্তুতি বা প্ৰশস্তি৷[1] ভাট নামৰ গায়কসকলে পৰিৱেশন কৰা ভক্তিমূলক গীতসমূহকে ভটিমা বোলে৷ ভটিমা সমূহ সামান্যভাবে সুৰ লগাই গালেও সম্পূৰ্ণ গীত-ধৰ্মী নহয়। সেয়ে ভটিমাক টোটয় আৰু চপয়ৰ লগতে লঘূগীত হিচাপেও অভিহিত কৰা হয়।[2] ভটিমা মূলত চাৰি প্ৰকাৰৰ। মহাপুৰুষ শংকৰদেৱে তিনিধৰণৰ ভটিমা ৰচনা কৰে৷ শংকৰদেৱে দেৱ ভটিমা, নাট ভটিমা আৰু ৰাজ ভটিমা আৰু মাধৱদেৱে ইয়াৰ লগতে নিজৰ গুৰু শংকৰদেৱৰ গুণ বৰ্ণনা কৰি গুৰু ভটিমা ৰচনা কৰিছিল। ভটিমাসমূহ ব্ৰজাৱলী ভাষাত ৰচনা কৰা হৈছিল।

নাম[সম্পাদনা কৰক]

ভটিমাৰ অৰ্থ হ'ল স্তুতি। প্ৰাচীন কালত ভাৰতত ভট্ট বা ভাট নামৰ একশ্ৰেণীৰ গায়ক আছিল। এই ভাট সকলে গোৱা স্তুতি মূলক গীত সমূহয়েই হ'ল ভটিমা।[3] শ্ৰীমন্ত শংকৰদেৱৰ ভগৱানৰ স্তুতি বিষয়ক গীত সমূহ হ'ল দেৱ ভটিমা, অংকীয়া নাটত ব্যৱহৃত গীত সমূহ হ'ল নাট ভটিমা আৰু ৰজাৰ স্তুতি বিষয়ক গীত সমূহ হ'ল ৰাজ ভটিমা। সেইদৰে মাধৱদেৱে গুৰু শংকৰদেৱৰ গুণ বৰ্ণাই ৰচনা গীত সমূহ হৈছে গুৰু ভটিমা।[4]

বৰ্ণনা[সম্পাদনা কৰক]

ভটিমা হৈছে স্তুতিপ্ৰধান বা ভক্তিপ্ৰধান কবিতা। প্ৰকাশভংগীৰ বিশেষ গাম্ভীৰ্য থকা ভটিমাসমূহ সাধাৰণতে গুণ-গৰিমা প্ৰকাশক গীত। প্ৰশস্তি বা স্তুতিমূলক গীত গাই থকা ভ্ৰাম্যমাণ গায়ক সকলক পুৰণিকালত 'ভাট' বোলা হৈছিল। এই ভাট সকলে গোৱা গীতসমূহয়েই ভটিমা বা ভট্টিমা। এই ভটিমা সমূহ অসমীয়া বৈষ্ণৱ সাহিত্যৰ এক শ্ৰেণীৰ গীতি কবিতা।[5]

চৰিত পুথি মতে শংকৰদেৱ আৰু মাধৱদেৱ দুয়োগৰাকী পাটবাউসীলৈ যোৱাৰ বাটত ব্ৰাহ্মণ ভাটে গোৱা গীত শুনি শংকৰদেৱে মাধৱদেৱক ভটিমা গাবলৈ আজ্ঞা দিছিল। শংকৰদেৱৰ আজ্ঞা মানি তেওঁ "প্ৰাতঃ সময়ে যশোৱা জননী" ভটিমা গাইছিল।[6] বৰদোৱা চৰিত মতে শংকৰদেৱে ভটিমাৰ অধিকাংশ পাটবাউসীত ৰচনা কৰিছিল। শংকৰদেৱৰ ৰুক্মিণী হৰণ নাটত সুৰভি আৰু হৰিদাস ভাটৰ উল্লেখ আছে। শংকৰদেৱৰ নাটত তিনি প্ৰকাৰৰ ভটিমা পোৱা যায়,

  1. নান্দী শ্লোক আৰু নান্দী গীতৰ পিছৰ ভটিমা
  2. কথা বস্তুৰ লগত জড়িত ভটিমা
  3. মুক্তি মংগল ভটিমা বা সামৰণিৰ ভটিমা[7]

প্ৰকাৰ[সম্পাদনা কৰক]

ভটিমা মূলতঃ চাৰিটা ভাগত ভগাব পাৰি,

  1. দেৱ ভটিমা
  2. নাট ভটিমা
  3. ৰাজ ভটিমা
  4. গুৰু ভটিমা

দেৱ ভটিমা[সম্পাদনা কৰক]

ঈশ্বৰৰ স্তুতিমূলক ভটিমাক দেৱ ভটিমা বোলে। 'পৰম পুৰুষ পুৰাতন', 'জয় জগদীশ ঈশ ভয়হাৰী', 'বন্দে গোবিন্দা গোপীজন মানন্দা' আৰু 'পেখিয়ে চানুৰ সভা' আদি গীতত ঈশ্বৰৰ স্তুতি কৰা হৈছে বাবে এইকেইটাক দেৱ ভটিমা বুলি কোৱা হয়। উদাহৰণ স্বৰূপে:[8]

জয় জগদীশ ঈশ ভয়হাৰী।
লীলা কৰে ভূমি ভাৰ উতাৰি।।
আপন ভকতসব তাৰ মুৰাৰি।
অনুদিনে সেবহু চৰণ তোহাৰি।।

নাট ভটিমা[সম্পাদনা কৰক]

শংকৰদেৱৰ অংকীয়া নাট সমূহত ব্যৱহৃত ভটিমা সমূহক নাট ভটিমা বোলে। নাটৰ আৰম্ভণিতে ইষ্টদেৱতাৰ গুণানুকীৰ্তন কৰি ভটিমা গোৱা হয়। শংকৰদেৱৰ অংকীয়া নাট কালি দমনৰ আৰম্ভণিতে কৃষ্ণ বন্দনাৰ ভটিমা হ'ল:[9]

জয় জয় যদুকুল কমল প্ৰকাশক
      নাশক কংসক প্ৰাণ।
জয় জয় জগতক ভকতক ভীতি
      নীতি কৰু নিৰযান।।

সেইদৰে নাটৰ মাজতো প্ৰাসংগিক ভাবে নাট ভটিমা ব্যৱহাৰ কৰা হয়। ৰাম বিজয় নাটৰ মাজত ৰামৰ ৰূপৰ বৰ্ণনা থকা ভটিমা হ'ল:

কি কহব ৰূপ কুমাৰিল ৰাম।
কনক পুতলি তুল তনু অনুপাম।।
ৰতন তিলক লোনে অলক কপোল।
হেৰিয়া ভ্ৰুৱতঙ্গ ত্ৰিভুৱন ভোল।।
দেখিয়ে বদন চান্দ ভেলি লাজ।
নয়ন নিৰিখি কমল জল মাজ।।

সেইদৰে নাটৰ শেষত মুক্তি মংগল ভটিমা গোৱা হয়। কালি দমন নাটত উল্লেখিত মুক্তি মংগল ভটিমা হ'ল:

দৈৱকী উদৰে বেকত জোহি দেৱা
    কয়লি ভকতক ত্ৰাণ।
অঘ বক ধেনুক কেশী, সবংশক
    কংসক ধ্বংসল প্ৰাণ।।
বিৰিন্দা বিপিন বিহাৰ বিশাৰদ
      শাৰদ চন্দ্ৰ সমান।
সোহি জগতগুৰু তেৰি সততে কুৰু
     মুকুতি মঙ্গল বিধান।।

ৰাজ ভটিমা[সম্পাদনা কৰক]

শংকৰদেৱে কোঁচ ৰজা নৰনাৰায়ণৰ প্ৰশস্তি মূলক এটি ভটিমা ৰচনা কৰিছিল। নৰনাৰায়ণৰ ৰাজসভাত উপস্থিত হৈ গোৱা ৰাজ ভটিমাটো হ'ল:

জয় জয় মল্ল নৃপতি ৰসবান।
যাকেৰি গুণগান নাহিকে সমান।।
নিজ কুল-কুমুদ প্ৰকাশিত ইন্দু।
গহীন গম্ভীৰ ধীৰ পেখিতে সিন্ধু।।
সভা একপাত্ৰ আপন মহাৰাজ।
দেৱক মধ্যে জৈসে সুৰৰাজ।।

গুৰু ভটিমা[সম্পাদনা কৰক]

মহাপুৰুষ মাধৱদেৱে তেওঁৰ পৰম গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ গুণ-গৰিমা মহত্ত্ব প্ৰকাশ কৰি ৰচনা কৰা ভটিমা সমূহ হল গুৰু ভটিমা। শংকৰদেৱৰ গুণ কীৰ্তন কৰি গোৱা এটি গুৰু ভটিমা হ'ল:[10]

জয় গুৰু শংকৰ সৰ্ব্ব গুণাকৰ
    জাকেৰি নাহিকে উপাম।
তোহাৰি চৰণে ৰেণু শত কৌটি
    বাৰেক কৰোহোঁ প্ৰণাম।
দৰশিত সুন্দৰ গৌৰ কলেৱৰ
     জৈসন সূৰ পৰকাশ।
সকল-সভাসদ ৰঞ্জন জাকেৰি
     দৰশনে পাপ বিনাশ।।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "ভটিমা". http://xobdo.org/m/?w=ভটিমা. 
  2. দুৱৰা, ৰাণু (২০০৪). মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু গুৰুজনাৰ গীত-মাত, কবিত্ব, পাণ্ডিত্য. প্ৰকাশক এম চি ৰোড, গুৱাহাটী: শৰাইঘাট প্ৰিণ্টাৰছ. পৃষ্ঠা. ১৪৫. 
  3. বৰ্মন, শিৱনাথ. অসমীয়া সাহিত্যৰ বুৰঞ্জী, দ্বিতীয় খণ্ড. পৃষ্ঠা. ২৫৫. 
  4. দাস, ৰাজু. "মহাপুৰুষ দুজনাৰ বৰগীত আৰু অন্যান্য গীত সমূহ". http://www.xahitya.org/2013/07/14/borgeet2/. 
  5. নেওগ, মহেশ্বৰ. অসমীয়া সাহিত্যৰ ৰূপৰেখা. পৃষ্ঠা. ৯০. 
  6. নেওগ, মহেশ্বৰ (সম্পাদক). বৰদোৱা কথা-চৰিত. পৃষ্ঠা. ১৬০. 
  7. মহন্ত, বাপচন্দ্ৰ. মহাপুৰুষীয়া পৰম্পৰাত সত্ৰ আৰু সংগীত. পৃষ্ঠা. ১৬০. 
  8. মহন্ত, বাপচন্দ্ৰ. মহাপুৰুষীয়া পৰম্পৰাত সত্ৰ আৰু সংগীত. পৃষ্ঠা. ১৬১. 
  9. বৰা, মহিম (সম্পাদক). শংকৰদেৱৰ নাট. পৃষ্ঠা. ১০৪. 
  10. দাস, ৰাজু. "মহাপুৰুষ দুজনাৰ বৰগীত আৰু অন্যান্য গীত সমূহ". http://www.xahitya.org/2013/07/14/borgeet2/.