সমললৈ যাওক

নৰনাৰায়ণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নৰনাৰায়ণ
ৰাজত্ব ১৫৫৪-১৫৮৬
উত্তৰসূৰী লক্ষ্মীনাৰায়ণ
পিতৃ বিশ্বসিংহ

মহাৰাজ নৰনাৰায়ণ অবিভক্ত কোচ ৰাজ্য কমতাপুৰৰ তৃতীয় আৰু অন্তিম ৰজা আছিল। তেওঁৰ আগৰজন ৰজা আছিল দেউতাক বিশ্বসিংহ। নৰনাৰায়ণৰ শাসনকালত কোচ ৰাজ্যই ইয়াৰ ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ উচ্চ শিখৰত আৰোহণ কৰিছিল। তেওঁ নাৰায়ণী[1] নামেৰে এবিধ ৰূপৰ মুদ্ৰাৰ প্ৰচলন আৰম্ভ কৰাইছিল। শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মলৈ তেৱেঁই প্ৰথম ৰাজকীয় পৃষ্ঠপোষকতা প্ৰদান কৰিছিল। তেওঁ সাহিত্য -সংস্কৃতিৰো এজন উল্লেখযোগ্য পৃষ্ঠপোষক আছিল। তেওঁৰ শাসনকালতে পুৰুষোত্তম বিদ্যাবাগীশে প্ৰয়োগ ৰত্নমালা নামৰ সংস্কৃত ব্যাকৰণ লিখি উলিয়াইছিল।

১৫৮১ চনত ভতিজাক ৰঘুদেৱে (চিলাৰায়ৰ পুত্ৰ) নৰনাৰায়ণৰ অধীনতে ৰাজ্যৰ পূৱ প্ৰান্ত কোচ হাজোত শাসন কৰিবলৈ লয়। কিন্তু নৰনাৰায়ণৰ মৃত্যুৰ পাছত তেওঁ নিজৰ স্বাধীনতা ঘোষণা কৰে আৰু নৰনাৰায়ণৰ পুত্ৰ লক্ষ্মীনাৰায়ণে ৰাজ্যৰ পশ্চিম প্ৰান্ত কোচ বিহাৰত শাসন কৰিবলৈ লয়।

নৰনাৰায়ণৰ সোঁৱৰণত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেদি যোৱা যোগীঘোপা আৰু পঞ্চৰত্ন সংযোগী দলংখনৰ নাম নৰনাৰায়ণ সেতু ৰখা হৈছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Rai Barma, Hemant Kumar (1988). "Narayani Currency". http://coochbehar.nic.in/Htmfiles/Narayani_currency.html। আহৰণ কৰা হৈছে: 2007-12-25. 


নৰনাৰায়ণ
কোচ ৰাজ্য
শাসকীয় শিৰোনাম
পূৰ্বৱৰ্তী
বিশ্বসিংহ
কমতাৰ ৰজা পৰৱৰ্তী
লক্ষ্মীনাৰায়ণ