কমতা ৰাজ্য
কমতা ৰাজ্য কমতা
| |
|---|---|
| ১৩ম শতিকা–১৪৯৮
| |
কমতাপুৰ ৰাজধানীৰ সৈতে ১৪-১৫ শতিকাৰ কমতা ৰাজ্য
| |
| ৰাজধানী | কমতাপুৰ |
| সাধাৰণ ভাষা | কমতাপুৰীয়া আৰু অসমীয়া |
| ধৰ্ম | হিন্দু, জনজাতীয় আৰু ইছলাম |
| Government | হিন্দু আৰু জনজাতীয় ৰাজতন্ত্ৰ |
| কমতেশ্বৰ | |
• ১৪-১৫ শতিকা |
দুৰ্লভ নাৰায়ণ |
| ঐতিহাসিক যুগ | ভাৰতৰ মধ্যযুগীয় ৰাজ্য |
• Established |
১৩ম শতিকা |
• হুছেইন শ্বাহৰ আক্ৰমণ |
১৪৯৮ |
কমতা ৰাজ্য ত্ৰয়োদশ শতিকাত পাল ৰাজবংশৰ পতনৰ পাছত পুৰণি কামৰূপ ৰাজ্যৰ পশ্চিম অংশত গঠিত হয়।[1] কমতা ৰাজ্যৰ উত্থানৰ লগে লগে অসম বুৰঞ্জীৰ প্ৰাচীন যুগ শেষ হয় আৰু মধ্য যুগ আৰম্ভ হয়। এই অঞ্চলৰ শেষ শাসক আছিল খেন বংশ যাক গৌড়ৰ শাসক আল্লাউদ্দিন হুছেইন শ্বাহে ক্ষমতাচ্যুত কৰে। প্ৰশাসনিক গাঁথনিৰ সৃষ্টি কৰিলেও হুছেইন শ্বাহে এই অঞ্চল নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিলে আৰু কোচ ৰাজবংশই ইয়াত অসাসন কৰিবলৈ লয়।
কোচসকলে নিজকে কমতেশ্বৰ (কমতাৰ শাসক) বুলি কৈছিল, কিন্তু তেওঁলোকৰ প্ৰভাৱ আৰু বিস্তৃতি ইমানেই বাঢ়িছিল যে তেওঁলোকৰ ৰাজ্যক কোচ ৰাজ্যও বোলা হয়। পাছলৈ ৰাজ্যখন দুভাগ হৈ পৰে: কোচ বিহাৰ আৰু কোচ হাজো। পূবৰ ৰাজ্য কোচ হাজো ১৭শ শতিকাত আহোম ৰাজ্যৰ অন্তৰ্গত হয়। পশ্চিমৰ অংশ কোচ বিহাৰ কোচ ৰাজবংশৰ হাততে থাকে আৰু ভাৰতৰ স্বাধীনতাৰ পাছত ভাৰতত অন্তৰ্ভুক্ত কৰা হয়।[2]
কমতা ৰাজ্য স্থাপন
[সম্পাদনা কৰক]কোচ বংশৰ উত্থানৰ পূৰ্বৰ কামতা ৰাজ্য অঞ্চলৰ ৰাজনৈতিক ইতিহাস অনিশ্চিত হৈ আছে আৰু ইয়াক বহুলাংশে পৰম্পৰা আৰু সিঁচৰতি উৎসৰ পৰা পুনৰ নিৰ্মাণ কৰা হৈছে। ইতিহাসবিদসকলে পিছৰ সাহিত্যিক গ্ৰন্থ, বংশাৱলীৰ পৰম্পৰা আৰু পুৰ্বদৃষ্টিসম্পন্ন বুৰঞ্জীৰ সমান্তৰালভাৱে সীমিত এপিগ্ৰাফিক প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰিছে, যাৰ ফলত পুনৰ্গঠনসমূহ আংশিক হৈয়েই আছে।[3]
ইতিহাসবিদ স্বৰ্ণলতা বৰুৱাৰ মতে ১৩ শতিকাৰ আগভাগত সন্ধ্যা নামৰ এজন ৰজাই কামৰূপৰনগৰ ৰাজধানী কৰি কামৰূপ অঞ্চলত শাসন কৰি আছিল। [4] ১২৫৭ চনত মালিক ইখতিয়াৰুদ্দিন ইউজবাকৰ আক্ৰমণৰ ফলত (য'ত ইউজবাক নিহত হয়[5]) সন্ধ্যাই নিজৰ ৰাজধানী বৰ্তমানৰ কুচ বেহাৰ চহৰৰ ওচৰৰ কামতাপুৰলৈ লৈ যায়। সন্ধ্যাই কামেশ্বৰ নাম লয় আৰু ৰাজ্যখন "কামতা" নামেৰে জনাজাত হয়।[6] এই সময়ছোৱাতে কমতাপুৰৰ ৰাজকুঁৱৰীক চুতীয়া ৰাজ্যৰ নৃপতি ৰত্নধ্বজপালৰ পুত্ৰ বিজয়ধ্বজপাললৈ দিয়ে।[7]
চুতীয়া ৰাজবংশ
[সম্পাদনা কৰক]১৩-১৪ শতিকাত গৌড়ৰ মুচলমান ৰজাসকলে কেইবা বাৰো কমতা ৰাজ্য আক্ৰমণ কৰিছিল, যাৰ ফলত ৰাজ্যখন দুৰ্বল হৈ পৰিছিল। ১৪ শতিকাৰ অন্তিমটো দশকত ঘিয়াছুদ্দিন আজম শ্বাহে কামৰূপ-কমতা অঞ্চল আক্ৰমণ কৰে। তেওঁৰ ৰাজত্বকালৰ পূৰ্বমুখী সামৰিক অভিযানৰ প্ৰমাণ কামৰুপ অঞ্চলৰ বʼকুত উদ্ধাৰ হোৱা এখন শিলালিপিত পোৱা যায়[8]। এই আক্ৰমণৰ ফলত পশ্চিম অসমত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হৈছিল।
সেইসময়তে পূব দিশত চুতীয়া ৰাজ্যখন শক্তিশালী হৈ উঠিছিল। ফল স্বৰূপত চুতীয়া ৰাজশক্তিয়ে পশ্চিম পিনে পাতনি মেলে। চুতীয়া ৰজা দুৰ্লভনাৰায়ণৰ (ধৰ্মনাৰায়ণৰ পুত্ৰ) ১৪২৮ চনৰ তাম্ৰলিপিত উল্লেখ আছে যে তেওঁৰ ককাক সত্যনাৰায়ণে (আন এটা নাম ৰত্ননাৰায়ণ[9]) সেই একে সময়ছোৱাতে (১৩৯০-১৪০০[10]) “কামৰুপৰ শত্রু”ক পৰাস্ত কৰি কমতাপুৰত নিজৰ শাসন প্ৰতিষ্ঠা কৰিছিল। ভূমিদানৰ ফলিখনত উল্লেখ আছে,
"একোহভূ্ৎ কমতাপুৰে নৰপতি ভূপাল-ৱাৰাৰ্চ্চিতঃ
কন্দৰ্প-প্ৰতিপক্ষ-লক্ষ-ৱিজয়ী শ্ৰী ৰত্ননাৰায়ণঃ।।"
অৰ্থাৎ এজন হৈছিল (একোহভূৎ) কমতাপুৰৰ ৰজা (কমতাপুৰে নৰপতি), যি জন আছিল "ভূপাল সমূহৰদ্বাৰা অৰ্চিত"(ভূপাল-ৱাৰাৰ্চ্চিত) আৰু "কামদেৱৰ(আন এটা নাম কন্দৰ্প) শত্ৰুৰ বিৰুদ্ধে বিজয়ী" (কন্দৰ্প-প্ৰতিপক্ষ-লক্ষ-ৱিজয়ী) শ্ৰী ৰত্ননাৰায়ণ। ফলিখনত যদিও এই “শত্রু”ৰ স্পষ্ট পৰিচয় উল্লেখ কৰা হোৱা নাই, তথাপিও ইতিহাসবিদসকলে ধাৰণা কৰে যে ই গৌড়ৰ মুচলমান সেনাবাহিনী অথবা কমৰুপৰ সিংহাসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা কোনো স্থানীয় ৰাজনৈতিক শক্তি হ’ব পাৰে, যাক চুতীয়া ৰজাই পৰাস্ত কৰিছিল।
এইদৰে গৌড়ৰ সামৰিক চাপ আৰু কমৰুপ-কমতা অঞ্চলত সৃষ্টি হোৱা অস্থিৰতাৰ সুযোগ লৈ চুতীয়া শক্তিয়ে পশ্চিমলৈ বিস্তাৰ কৰি কমতাপুৰত নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰিছিল বুলি বুজা যায়।[11]
দুৰ্লভনাৰায়ণৰ পৰিচয় আৰু বিতৰ্ক
[সম্পাদনা কৰক]ঐতিহাসিক তথ্যৰ অনুসৰি কমতা ৰাজ্যৰ "দুৰ্লভনাৰায়ণ" নামৰ এজন ৰজাই অসমীয়া কবি হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, আদি বহু লেখকক পৃষ্ঠপোষকতা আগবঢ়াইছিল।[12] গুৰু চৰিতৰ বৰ্ণনা অনুসৰি কমতা-কামৰূপৰ ৰজা দুৰ্লভনাৰায়ণে কানৌজৰ পৰা অহা বহু ব্ৰাহ্মণ আৰু কায়স্থ ভুঞা পৰিয়ালক নিজৰ ৰাজ্যত আশ্ৰয় দি পূৰ্বাঞ্চলত বসতি স্থাপনৰ ব্যৱস্থা কৰিছিল। শ্ৰীমন্ত শঙ্কৰদেৱৰ পূৰ্বপুৰুষ সকলও এই স্থানান্তৰিত পৰিয়ালসমূহৰ মাজৰে এটা পৰিয়াল আছিল। এই পৰিয়ালসমূহক প্ৰথমতে উত্তৰ গুৱাহাটীৰ ওচৰৰ লেঙামাগুৰি আৰু পাছলৈ নগাঁৱৰ তেম্বুৱানী-বান্ধা(ঢেমনী) অঞ্চলত বসতি দিয়া হৈছিল বুলি গুৰু চৰিতত উল্লেখ আছে।[13]
ইতিহাসবিদ মহেশ্বৰ নেওগে পৰৱৰ্তী কালৰ চৰিত-পুথি আৰু বৈষ্ণৱ পৰম্পৰাৰ ভিত্তিত শঙ্কৰদেৱৰ জন্ম-চন ১৪৪৯ খ্ৰীষ্টাব্দ বুলি গ্ৰহণ কৰিছিল আৰু এই অনুসৰি দুৰ্লভনাৰায়ণৰ ৰাজত্ব কাল ১৪ শতিকাৰ মধ্যভাগ বুলি অনুমান কৰিছিল। কিন্তু ২০১৬ চনত লিখা গৱেষণামূলক প্ৰবন্ধত ইতিহাসবিদ বাণীপ্ৰশন্ন মীশ্ৰই উপলব্ধ তথ্যসমূহ পুনৰ বিশ্লেষণ কৰি এই গণনাক নাকচ কৰে আৰু শঙ্কৰদেৱৰ জন্ম সম্ভৱতঃ খ্ৰীষ্টীয় ১৪৭৯–১৪৮৪ চনৰ ভিতৰত হৈছিল বুলি মত প্ৰকাশ কৰিছে।[14] সেই অনুসৰি তেওঁ দুৰ্লভনাৰায়ণৰ শাসনকালো পুনৰ নিৰ্ধাৰণ কৰি চতুৰ্দশ শতিকাৰ শেষ ভাগৰ পৰা পঞ্চদশ শতিকাৰ প্ৰথম ভাগৰ মাজত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।[15]
হেম সৰস্বতীয়ে দুৰ্লভনাৰায়ণক ‘‘কমতামণ্ডল’’ৰ ৰজা বুলি উল্লেখ কৰিছে।[16][17] প্ৰাচীন কামৰূপৰ তাম্ৰশাসন আৰু সংস্কৃত ৰাজনৈতিক পৰিভাষাত ‘‘মণ্ডল’’ শব্দটো এক আঞ্চলিক বা ৰাজনৈতিক পৰিসৰ বুজাবলৈহে ব্যৱহাৰ কৰা হৈছে। আনহাতে, চুতীয়া তামৰ ফলিত দুৰ্লভনাৰায়ণৰে ‘‘সাধয়াপতি’’ বা সদিয়াৰ ৰজা বুলি পৰিচয় দিয়া দেখা নাযায়; তাৰ বিপৰীতে তেওঁৰ পূৰ্বপুৰুষ ৰত্ননাৰায়ণ ‘‘কমতাপুৰ’’ৰ ৰজা হৈছিল বুলিহে উল্লেখ কৰিছে।
দুৰ্লভনাৰায়ণে পৃষ্ঠাপোষকতা আগ বঢ়োৱা আন এজন কবি হৈছে "হৰিবৰ বিপ্ৰ"। ইতিহাসবিদ মহেশ্বৰ নেওগে এইজন কবিকে ৰামানন্দ দ্বিজৰ "শ্ৰী শ্ৰী বংশী গোপালদেৱ চৰিত"ত উল্লেখ কৰা বংশীগোপালদেৱৰ ককাক হৰিবৰ বিপ্ৰ বুলি চিনাক্ত কৰিছে।[18] ৰচনাখনত হৰিবৰ বিপ্ৰক "কুণ্ডিল গোষ্ঠীত জাত পুৰুষ সুন্দৰ / ব্যাঘ্ৰপিণ্ডা গ্ৰামেশ্বৰ মুখ্য পণ্ডিতৰ" বুলি উল্লেখ কৰা হৈছে, অৰ্থাৎ তেওঁক কুণ্ডিল বা চুতীয়া ৰাজধানী শদিয়া অঞ্চলৰ লোক আৰু ব্যাঘ্ৰপিণ্ডা গাঁৱৰ গ্ৰামেশ্বৰ বুলি কোৱা হৈছে।[19] চৰিত পুথিখনৰ পৰা জনা যায় যে গোপালদেৱৰ জন্ম উজনি অসমৰ শিৱসাগৰ অঞ্চলত হৈছিল আৰু কোচ ৰজা নৰনাৰায়ণৰ দিনত তেওঁক পৰিয়ালৰ সৈতে কামৰূপৰ ভৱানীপুৰত থাকিবলৈ দিয়া হৈছিল। [20] মহেশ্বৰ নেওগৰ মতে হৰিবৰ বিপ্ৰৰ ৰচনাত ‘‘চেতিয়া’’ শব্দৰ উল্লেখো পোৱা যায়। এই শব্দ কিছু ইতিহাসবিদে আহোম যুগৰ পৰৱৰ্তী সংস্কৰণত যোগ হোৱা বুলি ক'ব খোজে।[21] কিন্তু বুৰঞ্জী সমূহৰ পৰা দেখা যে এই চেতিয়া পদবী চুতীয়া ৰাজ্যতো আছিল[22] আৰু চুহুংমুঙে চুতীয়া ৰাজ্য দখল কৰাৰ পাছৰ পৰাহে আহোম ৰাজ্যত প্ৰচলিত হৈছিল।[23]
"কবিৰত্ন সৰস্বতী"ৰ ৰচনাৰ পৰা জনা যায় যে তেওঁক দুৰ্লভনাৰায়ণৰ পুত্ৰ ইন্দ্ৰনাৰায়ণয়ে পৃষ্ঠা পোষকতা আগ বঢ়াইছিল। ইতিহাসবিদ বাণীপ্ৰশন্ন মীশ্ৰৰ মতে মাধৱদেৱৰ ভনীয়েক উৰ্বশীয়ে দহ বছৰ বয়সত (১৫২৬ শতিকাত)[24] এই কবিজনৰ বংশৰ ৰামদাস আতাক বিয়া কৰাইছিল। ৰামদাস ৰত্ন সৰস্বতীৰ পাছৰ ষষ্ঠ প্ৰজন্মৰ পুৰুষ আছিল।[25] সেই অনুসৰি ইন্দ্ৰনাৰায়ণৰ শাসনকালও পঞ্চদশ শতিকাৰ প্ৰথমাৰ্ধৰ মাজভাগত (প্ৰায় ১৪২০–১৪৪০ খ্ৰীষ্টাব্দ) আছিল বুলি অনুমান কৰিব পাৰি।
এই সকলো তথ্যসমূহৰ ভিত্তিত কিছু গৱেষকে কমতা, কামৰূপ আৰু শদিয়া একেই ৰাজ শক্তিয়ে পৰিচালিত কৰিছিল বুলি ক'ব খোজে।[26] তথাপিটো কমতাপুৰৰ এই দুৰ্লভনাৰায়ণ আৰু চুতীয়া বংশৰ দুৰ্লভনাৰায়ণ একে ব্যক্তি আছিল নে নাই, সেই বিষয়ে ইতিহাসবিদ সকলৰ মাজত বৰ্তমানেও একমত পোৱা নাযায়।
খেন ৰাজবংশ
[সম্পাদনা কৰক]খেন ৰাজবংশই তেওঁলোকৰ ৰাজধানী কমতাপুৰ বা গোসানীমাৰীৰ (বৰ্তমান কোচ বিহাৰ জিলাত) পৰা শাসন কৰিছিল। শেষ ৰজা নীলাম্বৰে (১৪৮০-১৪৯৮) ৰাজ্য বহলাই বৰ্তমানৰ পশ্চিম বংগৰ কোচ বিহাৰ জিলা, অসমৰ অবিভক্ত কামৰূপ আৰু দৰং জিলা, আৰু বাংলাদেশৰ উত্তৰ মৈমনছিং আৰু দিনজাপুৰ জিলাৰ পূব অংশ অন্তৰ্ভুক্ত কৰিছিল।[27]
এই ৰাজবংশটোৰ শাসনৰ শেষৰ পিনে (১৪৯২–৯৩ খ্ৰীষ্টাব্দত) বংগৰ ছামছুদ্দিন মুজাফ্ফৰ শ্বাহই কামতা ৰাজ্যৰ অন্ততঃ কিছু অংশ আক্ৰমণ কৰি জয় কৰে, আৰু পৰৱৰ্তী সময়ত কমতা মৰ্দন উপাধি থকা মোহৰ মাৰে।[28]
হুছেইন শ্বাহৰ আক্ৰমণ
[সম্পাদনা কৰক]গৌড়ৰ আফগান শাসক আল্লাউদ্দিন হুছেইন শ্বাহে (১৪৯৪-১৫১৯) ১৪৯৮ চনত শেষ খেন ৰজাক ক্ষমতাচ্যুত কৰে।[29] পৰম্পৰাগত তথ্য অনুসৰি কমতা ৰাণীৰ লগত কমতাৰ বিষয়া এজনৰ পুত্ৰৰ গোপন সম্পৰ্কৰ পৰাই এই ঘটনাৰ সূত্ৰপাত হয়। হুছেইন শ্বাহে ২৪,০০০ পদাতিক, অশ্বাৰোহী সেনা আৰু যুঁজাৰু নাৱেৰে কমতা আক্ৰমণ কৰিছিল।[30] হুছেইন শ্বাহে নগৰখন ধ্বংস কৰি হাজোলৈকে অঞ্চলটো নিজৰ হাতলৈ আনে আৰু তেওঁৰ পুত্ৰক সিংহাসনত বহুৱায়।
হুছেইন শ্বাহে আগৰ গোষ্ঠীপতিসকলক অব্যাহতি দি অঞ্চলটোত সামৰিক শাসন প্ৰতিষ্ঠা কৰে। তেওঁ "কমৰু, কমতাৰ বিজেতা" বুলি নিজৰ মোহৰ সজাইছিল। পাছলৈ বাৰ ভূঞাকে ধৰি স্থানীয় দলপতিসমূহৰ চেষ্টাত হুছেইন শ্বাহে এই অঞ্চলৰ সামৰিক আৰু ৰাজনৈতিক নিয়ন্ত্ৰণ হেৰুৱায়। স্থানীয় নেতাসকলে এই অঞ্চল শাসন কৰিবলৈ লয় আৰু কোচ ৰাজবংশৰ উত্থান হয়। আফগান শাসনৰ প্ৰভাৱ পাছলৈও থাকি যায়। হুছেইন শ্বাহৰ মোহৰ কোচ বংশৰ শাসনকালত ১৫১৮ চনলৈকে ব্যৱহৃত হৈছিল।
কোচ ৰাজবংশ
[সম্পাদনা কৰক]ষোড়শ শতিকাৰ আগভাগতকোচ ৰাজবংশীয় বিশ্ব সিংহই (১৫১৫-১৫৪০) কমতাত কোচ ৰাজ্য প্ৰতিষ্ঠা কৰে। সেই শতিকাৰে শেষৰফালে ৰাজ্যখনৰ পূবফালৰ কোচ হাজো শাসন কৰা ৰজাই নিজকে স্বাধীন ঘোষণা কৰে। কোচ হাজো আৰু কোচ বিহাৰ পৃথক হৈ পৰে আৰু সেই দুখন ৰাজ্যৰ সীমা বৰ্তমানৰ প্ৰায় অসম আৰু পশ্চিম বংগৰ সীমা হৈ পৰে।
১৬১৫ চনত মোগলে কোচ হাজো অধিকাৰ কৰে। অঞ্চলটো লৈ আহোম আৰু মোগলৰ সংঘাতৰ সৃষ্টি হয়। শেষত এই অঞ্চল আহোমৰ হাতলৈ যায়। পশ্চিম অংশৰ কোচ বিহাৰে প্ৰথমে মোগলৰ লগত আৰু পাছত ব্ৰিটিছৰ লগত মিত্ৰতা কৰে। ভাৰতত ব্ৰিটিছৰ শাসনৰ শেষলৈকে ইয়াত ৰাজকীয় শাসন চলিছিল।
আৰু চাওক
[সম্পাদনা কৰক]টোকা
[সম্পাদনা কৰক]- ↑ Kamarupa was reorganized as a new state. 'Kamata' by name with Kamatapur as capital. The exact time when the change was made is uncertain. But possibly it had been made by Sandhya (c1250-1270) as a safeguard against mounting dangers from the east and the west. Its control on the eastern regions beyond the Manah (Manas river) was lax." (Sarkar 1992, পৃষ্ঠা 40–41)
- ↑ http://coochbehar.nic.in/htmfiles/royal_history2.html
- ↑ Neog, Maheswar, "Early History of the Vaiṣṇava Faith and Movement in Assam, p.39,"The political history of Kāmarūpa of the times immediately preceding the age of Śaṅkaradeva still remains a virgin field of research...For a reconstruction of the history of the fourteenth and fifteenth centuries we have to depend upon the scanty evidences afforded by some copperplate and stone inscriptions, the political works of several pre-Śaṅkaradeva poets and of Śaṅkaradeva himself, the guru-caritas, the rāja-vaṁśāvalīs of the Koch kings of Kāmarūpa; and have also to refer in some instances to Muhammedan chronicles"
- ↑ (Baruah 1986:175)
- ↑ "Finally the Bengal army was routed in an open encounter in a narrow mountainous defile. An arrowshot wounded the elephant-borne Sultan in the chest. The Rajah allowed the captured Sultan to see his son before being killed." (Sarkar 1992:38–40)
- ↑ (Baruah 1986:176)
- ↑ Bhuyan, Surjya Kumar,"Deodhai Asam Buranji,p. 166
- ↑ Owahedur Zaman, "Study on the Persian Inscriptions discovered in Assam,p.5, "This stone slab inscription is from the time of Ghiyasuddin Azam Shah (ruled from 1389 A.D. to 1410 A.D). It was discovered in Boko of Kamrup district which was issued by Sultan Ghiyasuddin Azam Shah in 1389 A.D. It seems that he extended his sovereignty through Guwahati upto Boko area."
- ↑ ৰত্ননাৰায়ণৰ আন এটা নাম সত্যনাৰায়ণো আছিল। এই কথা ঘিলামৰা অঞ্চলৰ বৰমূৰ্তিয়া বিলৰ তাম্ৰপত্ৰৰ পৰা জানিবলৈ পোৱা যায়। ফলিখনৰ মতে ১৩৯২ খ্ৰীষ্টাব্দত সুৰ-ৰিপু(অসুৰ) বংশৰ সধয়াপুৰৰ ৰজা নন্দিশ্বৰৰ পুত্ৰ সত্যনায়াণে ব্ৰাহ্মণক ২০০ পুৰা(৮০০ বিঘা) মাটি দান কৰিছিল। তেওঁৰ পুত্ৰ(আত্মজ) ধৰ্মনাৰায়ণ ৰজাই ফলিখনৰ নবীকৰণ কৰিছিল। গতিকে ইয়াৰ পৰা বুজিব পাৰি যে ধৰ্মনাৰায়ণ ৰজাৰ পিতৃ ৰত্ননাৰায়ণৰ আন এটা নাম সত্যনাৰায়ণ আছিল।
- ↑ সত্যনাৰায়ণৰ ৰাজত্ব কাল ১৩৯০ বা তাৰো আগৰ পৰা ১৪০০ লৈকে হ'ব লাগে। তেওঁৰ দিনৰ ১৩৯২ খৃষ্টাব্দৰ দুখন তাম্ৰলিপি উদ্ধাৰ হৈছে। ১৪০১ চনত তেওঁৰ পুত্ৰ লক্ষ্মীনাৰায়ণে ভূমি দান কৰিছিল
- ↑ "The eastern region, whether it is called Sadhaya or Svadhaya as in the plates or Sadhiya or Sadiya as in Assamese chronicles and the western region of Kamatapura seems to be politically connected and the same Satyanarayana/Ratnanarayana might have held sway over both regions"(Neog 1977:818)
- ↑ হেম সৰস্বতীয়ে তেওঁৰ প্ৰহ্লাদ চৰিত গ্ৰন্থত দুৰ্লভনাৰায়ণৰ প্ৰশংসা কৰি লিখিছে—“কামতামণ্ডল দুৰ্লভ নাৰায়ণ নৃপবৰ অনুপাম”। এই শাৰীকেইটাৰ পৰা দুৰ্লভনাৰায়ণক কমতা মণ্ডলৰ অধিপতি আৰু সাহিত্য-সংস্কৃতিৰ পৃষ্ঠপোষক ৰজা হিচাপে বুজা যায়।
- ↑ Baniprasanna Misra, Srimanta Sankara and His Times: Some Further Historical Probings, Centre for Assamese Studies, Tezpur University, 2016, pp. 27–29.
- ↑ Baniprasanna Misra, Srimanta Sankara and His Times: Some Further Historical Probings, Centre for Assamese Studies, Tezpur University, 2016, pp. 19-20.
- ↑ Baniprasanna Misra, Srimanta Sankara and His Times: Some Further Historical Probings, Centre for Assamese Studies, Tezpur University, 2016, pp.23
- ↑ প্ৰহ্লাদ চৰিত্ৰ' উল্লেখ কৰিছে- "কমতামণ্ডল দুলৰ্ভনাৰায়ণ নৃপবৰ অনুপম৷ তাহান ৰাজ্যত ৰুদ্ৰসৰস্বতী দেৱযানী কন্যা নাম৷৷ তাহান তনয় হেমসৰস্বতী ধ্ৰুৱৰ অনুজ ভাই৷"
- ↑ ড: সত্যেন্দ্ৰনাথ শৰ্মা (১৯৯৬). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. প্ৰকাশক গুৱাহাটী: প্ৰতিমা দেৱী. পৃষ্ঠা. ৫৩-৫৪.
- ↑ ভৰালী, হেমন্ত কুমাৰ (২০০১). এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া. প্ৰকাশক গুৱাহাটী: চিত্ৰলেখা পাব্লিকেশ্বন্ছ. পৃষ্ঠা. ২৯৮-২৯৯.
- ↑ Birinchi Kumar Barua; Maheswar Neog, ed (1960). Harivara Vipra’s Babrubahnar Yuddha and Tamradhwajar Yuddha. Gauhati University.
- ↑ https://archive.org/details/in.ernet.dli.2015.463350/page/n145/mode/2up?q=Gopal Barua, Birichi Kumar, "Sankardeva: Vaishnavite Saint of Assam",p.121
- ↑ Kakati, Banikanta (1953). Aspects of Early Assamese Literature. Gauhati University. পৃষ্ঠা. 34.
- ↑ Bhuyan, S.K, "Deodhai Buranji, p.16
- ↑ S.K, "Satsari Buranji, p.16
- ↑ Misra, Baniprasanna (2015). Deprovincialising Srimanta Sankaradeva. Centre for Assamese Studies, Tezpur University. পৃষ্ঠা. 24–25.
- ↑ Kakati, Banikanta (1953). Aspects of Early Assamese Literature. Gauhati University. পৃষ্ঠা. 44.
- ↑ "The eastern region, whether it is called Sadhaya or Svadhaya as in the plates or Sadhiya or Sadiya as in Assamese chronicles and the western region of Kamatapura seems to be politically connected and the same Satyanarayana/Ratnanarayana might have held sway over both regions"(Neog 1977:818)
- ↑ (Sarkar 1992:44)
- ↑ Muhammad Rezaul Karim (2012). "Coins". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 15 June 2026.
- ↑ আক্ৰমণৰ সঠিক তাৰিখ জনা নাযায়। (Sarkar 1992:46–47) চাওক।
- ↑ (Sarkar 1992:46)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- Sarkar, J. N. (1992), "Chapter II The Turko-Afghan Invasions", in Barpujari, H. K., The Comprehensive History of Assam, 2, প্ৰকাশক Guwahati: Assam Publication Board, pp. 35–48
- Baruah, S L (1986), A Comprehensive History of Assam, প্ৰকাশক New Delhi: Munshiram Manoharlal Publishers Pvt. Ltd.
- Neog, Maheswar (1977). "Light on a Ruling Dynasty of Arunachal Pradesh in the Fourteenth and Fifteenth Centuries". Annals of the Bhandarkar Oriental Research Institute খণ্ড 58/59: 813–820. ISSN 0378-1143.
| |||||||||||||||||||||||||||