সমললৈ যাওক

ভৌম ৰাজবংশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভৌম ৰাজবংশ

???–???
Status পোৰাণিক
ৰাজধানী প্ৰাগজ্যোতিষপুৰ (বৰ্তমানৰ গুৱাহাটী) [1]
Government ৰাজতন্ত্ৰ

মহাৰাজ  

ঐতিহাসিক যুগ লৌহ যুগ
• Established
???
• Disestablished
???

ভৌম ৰাজবংশ প্ৰাগজ্যোতিষৰ প্ৰথম ৰাজবংশ আছিল। ৰামায়ণ, মহাভাৰত, কালিকা পুৰাণ, যোগিনী তন্ত্ৰ আৰু স্থানীয় কাহিনীত তেওঁলোকৰ উল্লেখ আছে।[2] মহাভাৰতৰ যুদ্ধৰ কিছুকাল আগতেই দ্বাপৰ যুগত এই বংশৰ আৰম্ভণি হৈছিল। নৰকাসুৰৰ পুত্ৰ আৰু পাণ্ডুৰ বন্ধু ভগদত্তই কৌৰৱৰ হৈ যুদ্ধত অংশ লৈছিল। এই বংশ শোণিতপুৰৰ (মধ্য অসম) বাণ বংশৰ সমসাময়িক আছিল।

দানৱ ৰাজবংশৰ শেষ ৰজা ঘটকাসুৰক বধ কৰি বিদেহৰ নৰকে এই বংশ প্ৰতিষ্ঠা কৰিছিল।[2] কালিকা পুৰাণত নৰকক ধৰিত্ৰী বা ভূমিদেৱীৰ পুত্ৰ বুলি কোৱা হৈছে।[3] সেয়ে নৰকৰ বংশক ভৌম বংশ বুলিও জনা যায়।

শাসকসকল

[সম্পাদনা কৰক]
নামমাতৃপিতৃৰাণী
১নৰকাসুৰভূমিবিষ্ণুমায়া (বিদৰ্ভৰ ৰাজকুমাৰী)
২ভগদত্ত-নৰক-
৩পুষ্পদত্ত-ভগদত্ত-
৪বজ্ৰদত্ত-ভগদত্ত-
  1. ↑
    • Prakash, Col Ved, Encyclopedia of North-East India
  2. 1 2 (Gait 1906, পৃষ্ঠা 12)
  3. ↑ "History of Assam: The Ancient Period". Govt. of Assam. Archived from the original on 23 August 2017. https://web.archive.org/web/20170823214948/http://online.assam.gov.in/web/guest/historyofassam?webContentId=109367। আহৰণ কৰা হৈছে: 29 July 2017.

তথ্যসূত্ৰ

[সম্পাদনা কৰক]