সমললৈ যাওক

প্ৰাগজ্যোতিষপুৰ ৰাজ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰাগজ্যোতিষপুৰ ৰাজ্য
A scene involving king Naraka
A scene involving king Naraka
ৰাজধানীপ্ৰাগজ্যোতিষপুৰ
Historical eraবৈদিক যুগ
Today part of ভাৰত

পৌৰাণিক যুগত অসমৰ নাম প্ৰাগজ্যোতিষপুৰ ৰাজ্য আছিল। তাৰ পাছত ই লাহে লাহে কামৰূপ নামেৰে জনাজাত হয়। খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগত আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাজত্ব কৰিবলৈ লোৱাৰে পৰা কামৰূপ ৰাজ্য সকলোৰে মাজত অসম নামেৰে পৰিচিত হ’বলৈ ধৰে।

ৰামায়ণত লিখা আছে যে বিশ্বমিত্ৰ মুনিৰ পুত্ৰ প্ৰপিতামহ (আজো ককাক) কুশ ৰজাৰ পুত্ৰ অমূৰ্তৰাজে প্ৰাগজ্যোতিষ ৰাজ্য পাতিছিল। ‘প্ৰাগ’ শব্দৰ অৰ্থ হল ‘পূব’, ‘জ্যোতিষ’ মানে চন্দ্ৰ, সূৰ্য, আদি গ্ৰহ-নক্ষত্ৰসমূহৰ অৱস্থানৰপৰা মানুহৰ ভাগ্য গণনা কৰা বিদ্যা। প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ। কথিত আছে যে সৃষ্টিকৰ্তা ব্ৰহ্মাই এবাৰ ইয়াত এটা নক্ষত্ৰ সৃষ্টি কৰিছিল আৰু তেতিয়াৰপৰাই এই ঠাইখনৰ নাম প্ৰাগজ্যোতিষপুৰ হয়।[1]

অতি প্ৰাচীন কালত প্ৰাগজ্যোতিষপুৰ জ্যোতিষ চৰ্চাৰ কেন্দ্ৰ আছিল। বৰ্তমান গুৱাহাটীয়েই তাহানিৰ প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰ মানে পূব দিশৰ জ্যোতিষ চৰ্চা কৰা নগৰ। গুৱাহাটীৰ পূবফালে শচিত্ৰাচল পাহাৰত থকা নৱগ্ৰহ মন্দিৰে এতিয়াও প্ৰমাণ কৰে যে এই ঠাইত এসময়ত জ্যোতিষ চৰ্চা কৰা হৈছিল। এই মন্দিৰত নটা গ্ৰহৰ বিগ্ৰহক নিত্যপূজা কৰাৰ ৰীতি আজিও চলি আছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. পৌৰণিকা, অমল কুমাৰ বন্দোপাদধ্যায়, দ্বিতীয় খণ্ড, পৃষ্ঠা. ১০২