সমললৈ যাওক

কমতা ৰাজ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কমতা ৰাজ্য
কমতা

১৩ম শতিকা–১৫৮৭
কমতাপুৰ ৰাজধানীৰ সৈতে ১৪-১৫ শতিকাৰ কমতা ৰাজ্য
কমতাপুৰ ৰাজধানীৰ সৈতে ১৪-১৫ শতিকাৰ কমতা ৰাজ্য

ৰাজধানী কমতাপুৰ (বৰ্তমানৰ গোসানীমাৰী)
সাধাৰণ ভাষা কমতাপুৰীয়া আৰু অসমীয়া
ধৰ্ম
হিন্দু, জনজাতীয় আৰু ইছলাম
Government হিন্দু আৰু জনজাতীয়‌ ৰাজতন্ত্ৰ

কমতেশ্বৰ  
• ১৪-১৫ শতিকা
দুৰ্লভ নাৰায়ণ

ঐতিহাসিক যুগ ভাৰতৰ মধ্যযুগীয় ৰাজ্য
• উৎপত্তিৰ সঠিক সময় অনিশ্চিত
১৩ম শতিকা
• হুছেইন শ্বাহৰ আক্ৰমণ
১৪৯৮
• বিশ্ব সিংহৰ দ্বাৰা কোচ ৰাজবংশ প্ৰতিষ্ঠা
১৫১৫
• কোচ হাজো আৰু কোচ বিহাৰত বিভাজন
১৫৮৭

কমতা ৰাজ্য (ইংৰাজী: Kamata Kingdom) আছিল বৰ্তমানৰ পশ্চিমবংগৰ কোচ বিহাৰ জিলাৰ গোসানীমাৰীৰ সৈতে চিনাক্ত কৰা কমতাপুৰক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এখন মধ্যযুগীয় ৰাজ্য। ইয়াৰ উৎপত্তি আৰু প্ৰাৰম্ভিক ৰাজনৈতিক ইতিহাস অনিশ্চিত। পৰৱৰ্তী পৰম্পৰাৰ ভিত্তিত কিছুমান ইতিহাসবিদে ১২৫৭ খ্ৰীষ্টাব্দত মালিক ইখতিয়াৰুদ্দিন ইউজবকৰ পৰাজয়ৰ পিছত সন্ধ্যাই কামৰূপনগৰৰ পৰা কমতাপুৰলৈ ৰাজধানী স্থানান্তৰ কৰিছিল বুলি মত প্ৰকাশ কৰিছে যদিও ইয়াৰ সমসাময়িক প্ৰমাণ পোৱা নাযায়।[1] প্ৰাচীন অসমীয়া সাহিত্যত দুৰ্লভনাৰায়ণক কমতাৰ শাসক হিচাপে উল্লেখ কৰা হৈছে, কিন্তু তেওঁৰ ৰাজত্বকাল আৰু ৰাজ্যৰ বিস্তৃতি বিতৰ্কিত। আনহাতে, চুতীয়া ৰাজ্যৰ ৰজা দুৰ্লভনাৰায়ণৰ ১৪২৮ খ্ৰীষ্টাব্দৰ তাম্ৰশাসনত তেওঁৰ পূৰ্বপুৰুষ ৰত্ননাৰায়ণক কমতাপুৰৰ ৰজা বুলি উল্লেখ কৰা হৈছে। ইতিহাসবিদ মহেশ্বৰ নেওগে এই ৰত্ননাৰায়ণক সাধয়াপুৰৰ সত্যনাৰায়ণৰ সৈতে চিনাক্ত কৰি শদিয়া আৰু কমতাপুৰৰ মাজত ৰাজবংশীয় তথা ৰাজনৈতিক সম্পৰ্কৰ সম্ভাৱনা প্ৰকাশ কৰিছে।[2]

ৰাজ্যখনৰ ভূখণ্ড আৰু ৰাজনৈতিক নিয়ন্ত্ৰণ সময়ে সময়ে সলনি হৈছিল। পৰৱৰ্তী ঐতিহাসিক পুনৰ্নিৰ্মাণ অনুসৰি ইয়াৰ প্ৰভাৱ বৰ্তমানৰ উত্তৰবংগ, পশ্চিম আৰু মধ্য অসম তথা উত্তৰ বাংলাদেশৰ কিছু অংশলৈ বিস্তৃত আছিল।[3] কমতাৰ শেষৰ ফালৰ খেন ৰাজবংশক ১৪৯৮ খ্ৰীষ্টাব্দত বংগ চুলতানীৰ শাসক আলাউদ্দিন হুছেইন শ্বাহই ক্ষমতাচ্যুত কৰে। কিন্তু বাৰ ভূঞাসকলৰ প্ৰতিৰোধৰ ফলত তেওঁৰ শাসন স্থায়ী নহ'ল।[4] প্ৰায় ১৫১৫ খ্ৰীষ্টাব্দত বিশ্ব সিংহই কোচ ৰাজবংশ প্ৰতিষ্ঠা কৰে। কোচ শাসকসকলে কমতেশ্বৰ উপাধি ব্যৱহাৰ কৰিছিল যদিও তেওঁলোকৰ ৰাজ্য কোচ ৰাজ্য নামেৰেও পৰিচিত হয়। পৰৱৰ্তী সময়ত ৰাজ্যখন কোচ হাজো আৰু কোচ বিহাৰত বিভক্ত হয়। পূবৰ কোচ হাজো সপ্তদশ শতিকাত আহোম ৰাজ্যৰ অন্তৰ্গত হয়, আনহাতে কোচ বিহাৰ ভাৰতৰ স্বাধীনতাৰ পিছত ভাৰতৰ সৈতে সংযুক্ত হয়।

কমতা ৰাজ্য স্থাপন

[সম্পাদনা কৰক]

কোচ ৰাজবংশৰ উত্থানৰ পূৰ্বৰ কমতা ৰাজ্যৰ ৰাজনৈতিক ইতিহাস বহু ক্ষেত্ৰত অনিশ্চিত। এই সময়ছোৱাৰ ইতিহাস পুনৰ্গঠনৰ বাবে ইতিহাসবিদসকলে সীমিত তাম্ৰশাসন আৰু শিলালিপিৰ লগতে পৰৱৰ্তী সাহিত্যিক ৰচনা, গুৰু-চৰিত, ৰাজবংশাৱলী আৰু মুছলমান বুৰঞ্জীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। মহেশ্বৰ নেওগৰ মতে, বিশেষকৈ চতুৰ্দশ আৰু পঞ্চদশ শতিকাৰ কামৰূপ-কমতাৰ ৰাজনৈতিক ইতিহাসৰ বহু দিশ এতিয়াও গৱেষণাৰ বিষয় হৈ আছে।[5] ইতিহাসবিদ কে. এল. বৰুৱাই ১৯৩৩ চনৰ Early History of Kamarupa গ্ৰন্থৰ পাতনিত কমতাৰ ইতিহাস অস্পষ্ট বুলি স্বীকাৰ কৰিছিল। তেওঁৰ সময়ত কমতাৰ ৰজাসকলৰ কোনো শিলালিপি বা তাম্ৰশাসনৰ তথ্য তেওঁৰ জ্ঞাত নাছিল। সেয়েহে তেওঁ ৰজাসকলৰ কালানুক্ৰমিক তালিকা প্ৰস্তুত কৰোঁতে বহুলাংশে অনুমানৰ আশ্ৰয় ল'বলগীয়া হৈছিল আৰু সেই অনুমানৰ কিছুমান ভিত্তিহীনো হ'ব পাৰে বুলি নিজেই উল্লেখ কৰিছিল।[6]

ৰামচৰণ ঠাকুৰৰ নামত প্ৰচলিত গুৰু-চৰিতৰ[টোকা 1] এটা বংশাৱলীমূলক বিৱৰণ অনুসৰি, সন্ধ্যা নামৰ এজন ৰজাই গৌড়েশ্বৰ উপাধি গ্ৰহণ কৰিছিল। এই পৰম্পৰাত তেওঁৰ পিছত তেওঁৰ পুত্ৰ সিন্ধু ৰায়, নাতি ৰূপনাৰায়ণ আৰু পৰৱৰ্তী বংশধৰ সিংহধ্বজৰ উল্লেখ পোৱা যায়। বিৱৰণ অনুসৰি, সিংহধ্বজৰ মন্ত্ৰী প্ৰতাপধ্বজই তেওঁক হত্যা কৰি ৰাজক্ষমতা অধিকাৰ কৰে আৰু তেওঁৰ পুত্ৰ দুৰ্লভনাৰায়ণ পৰৱৰ্তী সময়ত শাসক হয় বুলি বৰ্ণনা কৰা হৈছে। ইয়াত দুৰ্লভনাৰায়ণৰ সৈতে তেওঁৰ সম্পৰ্কীয় তথা কামেশ্বৰ উপাধিধাৰী ৰজা ধৰ্মনাৰায়ণ (ধৰ্মপাল বুলিও উল্লেখিত)ৰ সংঘাত আৰু পৰৱৰ্তী মিত্ৰতাৰ কথাও বৰ্ণনা কৰা হৈছে। কনকলাল বৰুৱাই এই বিৱৰণক বিভ্ৰান্তিকৰ (rather confused) বুলি অভিহিত কৰি সন্ধ্যা আৰু তেওঁৰ উত্তৰাধিকাৰীসকল প্ৰকৃততে কমতাৰ শাসক আছিল বুলি অনুমান কৰিছিল। এই অনুমানৰ ভিত্তিতে তেওঁ কমতা ৰাজ্যৰ প্ৰাৰম্ভিক ৰাজবংশ আৰু কালানুক্ৰম পুনৰ্নিৰ্মাণৰ প্ৰচেষ্টা চলাইছিল।[9][10]

ইতিহাসবিদ স্বৰ্ণলতা বৰুৱাৰ মতে ১৩ শতিকাৰ আগভাগত সন্ধ্যা নামৰ এজন ৰজাই কামৰূপনগৰ ৰাজধানী কৰি কামৰূপ অঞ্চলত শাসন কৰি আছিল। তেওঁ মত প্ৰকাশ কৰিছে যে ১২৫৭ খ্ৰীষ্টাব্দত মালিক ইখতিয়াৰুদ্দিন ইউজবকৰ আক্ৰমণৰ পিছত সন্ধ্যাই নিজৰ ৰাজধানী কামৰূপনগৰৰ পৰা বৰ্তমানৰ কোচবিহাৰৰ ওচৰৰ কমতাপুৰলৈ স্থানান্তৰ কৰে।[11][12] সন্ধ্যাই কামেশ্বৰ নাম লয় আৰু ৰাজ্যখন "কামতা" নামেৰে জনাজাত হয়।[13] এই সময়ছোৱাতে কমতাপুৰৰ ৰাজকুঁৱৰীক‌ চুতীয়া ৰাজ্যৰ নৃপতি ৰত্নধ্বজপালৰ পুত্ৰ বিজয়ধ্বজপাললৈ দিয়ে।[14]

ইলিয়াছ শ্বাহ আৰু চিকন্দৰ শ্বাহৰ অভিযান (১৩৬০–১৩৬২)

[সম্পাদনা কৰক]

চতুৰ্দশ শতিকাৰ মধ্যভাগত বংগ চুলতানীৰ শাসকসকলে কমতা–কামৰূপ অঞ্চলত সামৰিক অভিযান চলায়। বংগৰ চুলতান ছামছুদ্দিন ইলিয়াছ শ্বাহই (১৩৪২–১৩৫৮) নিজৰ ৰাজত্বকালৰ শেষভাগত কমতা–কামৰূপ আক্ৰমণ কৰি অঞ্চলটোৰ কিছু অংশ অধিকাৰ কৰিছিল বুলি ঐতিহাসিক বিৱৰণত উল্লেখ আছে। তেওঁৰ উত্তৰাধিকাৰী চিকন্দৰ শ্বাহই ৰাজত্বৰ প্ৰথম বছৰতে, ৭৫৯ হিজৰী বা ১৩৬০ খ্ৰীষ্টাব্দত, পুনৰ কামৰূপ অভিযান চলায়। তেওঁ চাউলিস্তান উৰ্ফ আৰছা কমৰু (Chawlistan Urf Arsah Kamru) নামৰ টাকশালৰ পৰা ৰূপৰ মুদ্ৰা প্ৰচলন কৰিছিল। ইতিহাসবিদ আব্দুল কৰিমকে ধৰি কিছুমান গৱেষকে এই টাকশালক কামৰূপৰ সৈতে চিনাক্ত কৰিছে। অৱশ্যে বৰ্তমানলৈকে চিকন্দৰ শ্বাহৰ কামৰূপ টাকশালৰ আন কোনো বছৰৰ মুদ্ৰা পোৱা নোযোৱাত তেওঁ অঞ্চলটো দীৰ্ঘদিন নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছিল নে নাই, সেয়া অনিশ্চিত।[15]

কিছুমান ইতিহাসবিদে এই অভিযানক ১৩৬২ খ্ৰীষ্টাব্দৰ কপিলী নদী উপত্যকাৰ ডবকা অঞ্চলত উদ্ধাৰ হোৱা গছতল শিলালিপিত উল্লেখিত যৱন বা বঙাল আক্ৰমণৰ সৈতে সম্পৰ্কিত কৰিছে। শিলালিপিখনৰ বিৱৰণ অনুসৰি, আক্ৰমণকাৰী বাহিনী ডবকা অঞ্চললৈকে অগ্ৰসৰ হৈছিল। নদীপথৰ যুদ্ধকৌশল আৰু মৌচুমী বানপানীৰ সুবিধা লৈ প্ৰায় তিনি হাজাৰ শত্ৰুসৈন্যক আৱদ্ধ কৰি নদীৰ সোঁতত উটুৱাই দিয়াৰ কথা লিপিখনত উল্লেখ আছে। এই তথ্যৰ ভিত্তিত কিছুমান ইতিহাসবিদে অনুমান কৰিছে যে কমতাৰ ৰজা আৰু কছাৰী শাসক মহামাণিক্যই প্ৰায় ১৩৬২ খ্ৰীষ্টাব্দত চিকন্দৰ শ্বাহৰ পূবমুখী অগ্ৰগতিৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিছিল। অৱশ্যে গছতল শিলালিপিত বৰ্ণিত আক্ৰমণ আৰু চিকন্দৰ শ্বাহৰ অভিযান একেটা ঘটনা আছিল নে নাই, সেয়া নিশ্চিতভাৱে প্ৰতিষ্ঠিত হোৱা নাই।[16][17]

চুতীয়া ৰাজবংশ

[সম্পাদনা কৰক]

১৩-১৪ শতিকাত গৌড়ৰ মুচলমান ৰজাসকলে কেইবা বাৰো কমতা ৰাজ্য আক্ৰমণ কৰিছিল, যাৰ ফলত ৰাজ্যখন দুৰ্বল হৈ পৰিছিল। ১৪ শতিকাৰ অন্তিমটো দশকত ঘিয়াছুদ্দিন আজম শ্বাহে কামৰূপ-কমতা অঞ্চল আক্ৰমণ কৰে। তেওঁৰ এই আক্ৰমণ আৰু কামৰূপ দখলৰ প্ৰমাণ বʼকুৰ ১৩৮৯ চনৰ এখন শিলালিপিত পোৱা যায়[18]। এই কথা বিশ্বনাথৰ হেলেম অঞ্চলত উদ্ধাৰ হোৱা ১৩৯৯ খৃষ্টাব্দৰ (১৩২১ শক) হাজোৰ নকুছি অঞ্চলত কৰা ভূমি দানৰ তামৰ ফলিৰ পৰাও জনা যায়।[19] ফলিখনত ভূমিদানৰ দক্ষিণ সীমা বৰ্ণনা কৰিবলৈ "শ্ৰী গিয়াচুদ্দিনে কামৰূপ শাসন কৰা সময়ত গন্ত্ৰী, মন্ত্ৰী-পালী আদিয়ে ভোগ কৰা মাটি" বুলি উল্লেখ কৰা হৈছে।‌ ফলিৰ বাকি অংশত গৌড়াধিপতি জনক কোনোবা ৰজা এজনে পৰাস্ত কৰিছিল বুলি উল্লেখ আছে যদিও উক্ত ৰজা জনৰ নাম থকা অংশটো অস্পষ্ট বুলি কোৱা হৈছে।[20] এই আক্ৰমণৰ ফলত পশ্চিম অসমত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হৈছিল।

সেইসময়তে পূব দিশত চুতীয়া ৰাজ্যখন শক্তিশালী হৈ উঠিছিল। ফল স্বৰূপত চুতীয়া ৰাজশক্তিয়ে পশ্চিম পিনে পাতনি মেলে। চুতীয়া ৰজা দুৰ্লভনাৰায়ণৰ (ধৰ্মনাৰায়ণৰ পুত্ৰ) ১৪২৮ চনৰ তাম্ৰলিপিত উল্লেখ আছে যে তেওঁৰ‌ ককাক সত্যনাৰায়ণে (আন‌ এটা নাম ৰত্ননাৰায়ণ[21]) সেই একে সময়ছোৱাতে (১৩৯০-১৪০০[22]) “কামদেৱৰ শত্ৰু”ক পৰাস্ত কৰি কমতাপুৰত‌ নিজৰ শাসন প্ৰতিষ্ঠা কৰিছিল। ভূমিদানৰ ফলিখনত উল্লেখ আছে,

"একোহভূ্ৎ কমতাপুৰে নৰপতি ভূপাল-ৱাৰাৰ্চ্চিতঃ
কন্দৰ্প-প্ৰতিপক্ষ-লক্ষ-ৱিজয়ী শ্ৰী ৰত্ননাৰায়ণঃ।।"

অৰ্থাৎ এজন হৈছিল (একোহভূৎ) কমতাপুৰৰ ৰজা (কমতাপুৰে নৰপতি), যি জন আছিল "ভূপাল সমূহৰদ্বাৰা অৰ্চিত"(ভূপাল-ৱাৰাৰ্চ্চিত) আৰু "কামদেৱৰ(আন এটা নাম কন্দৰ্প) শত্ৰুৰ বিৰুদ্ধে বিজয়ী" (কন্দৰ্প-প্ৰতিপক্ষ-লক্ষ-ৱিজয়ী) শ্ৰী ৰত্ননাৰায়ণ। ফলিখনত যদিও এই “শত্ৰু”ৰ স্পষ্ট পৰিচয় উল্লেখ কৰা হোৱা নাই, তথাপিও ইতিহাসবিদসকলে ধাৰণা কৰে যে ই গৌড়ৰ মুচলমান সেনাবাহিনী অথবা কমৰুপৰ সিংহাসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা কোনো স্থানীয় ৰাজনৈতিক শক্তি হ’ব পাৰে, যাক চুতীয়া ৰজাই পৰাস্ত কৰিছিল। ১৩৯৯ চনৰ হেলেম অঞ্চলৰ তামৰ ফলি খনৰ পৰা এই সময়ছোৱাত মুচলমান সকলে কামৰূপ আক্ৰমণ কৰাৰ কথা জনা যায়।

এইদৰে গৌড়ৰ সামৰিক চাপ আৰু কমৰুপ-কমতা অঞ্চলত সৃষ্টি হোৱা অস্থিৰতাৰ সুযোগ লৈ চুতীয়া শক্তিয়ে পশ্চিমলৈ বিস্তাৰ কৰি কমতাপুৰত নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰিছিল বুলি বুজা যায়।[23]

পৰৱৰ্তী কালৰ এখন বুৰঞ্জীতো চুতীয়া ৰজাক কমতেশ্বৰ উপাধিৰ সৈতে জড়িত কৰা হৈছে। পদ্মেশ্বৰ নাওবৈচা ফুকনৰ "অসম বুৰঞ্জী" অনুসৰি, আহোম ৰজা চুখাংফাৰ ৰাজত্বকালত “চুটীয়া-কছাৰিৰ ৰজা কমতেশ্বৰ”-এ নিজৰ দুই জীয়ৰী ৰাজনী আৰু ভাজনীক আহোম ৰজালৈ বিয়া দি মিত্ৰতা স্থাপন কৰিছিল। বুৰঞ্জীখনত “চুটীয়া-কছাৰি” শব্দটো চুতীয়া ৰজা তথা চুতীয়া লোকসকলক বুজাবলৈ ব্যৱহাৰ কৰা হৈছে। এই কথাটো চুতুফাৰ মৃত্যুৰ বৰ্ণনাতো স্পষ্ট হয়, য'ত একেজন শাসকক প্ৰথমে “চুটীয়া-কছাৰিৰ ৰজা” আৰু তাৰ ঠিক পাছতে “চুটীয়া ৰজা” বুলি উল্লেখ কৰা হৈছে।[24][টোকা 2][26] পদ্মেশ্বৰ নাওবৈচা ফুকনে "অসম বুৰঞ্জী"ৰ "অসম দেশত চুটীয়া কুলৰ উৎপত্তি" শিতানতো লিখিছে— “চুটীয়াক পূৰ্বে চুটীয়া-কছাৰি বুলিছিল, চুটীয়াৰ আচল কুল কছাৰি”।[27]

দুৰ্লভনাৰায়ণৰ পৰিচয় আৰু বিতৰ্ক

[সম্পাদনা কৰক]

প্ৰাচীন অসমীয়া সাহিত্যৰ তথ্যসমূহৰ ভিত্তিত দুৰ্লভনাৰায়ণক কমতা বা কমতামণ্ডলৰ শাসক হিচাপে চিনাক্ত কৰিব পৰা যায় যদিও তেওঁৰ ৰাজ্যৰ প্ৰকৃত সীমা আৰু শাসনব্যৱস্থাৰ বিষয়ে নিশ্চিত তথ্য পোৱা নাযায়। মহেশ্বৰ নেওগে উল্লেখ কৰিছে যে এই সময়ছোৱাৰ কামৰূপ-কমতাৰ ৰাজনৈতিক ইতিহাস পুনৰ্গঠনৰ বাবে নিৰ্ভৰযোগ্য সমসাময়িক বুৰঞ্জী আৰু তুলনাযোগ্য তাম্ৰশাসনৰ অভাৱ আছে। তেওঁৰ মতে, কমতা বা কমতামণ্ডল নামেৰে পৰিচিত ৰাজ্যখনৰ ভূখণ্ডৰ বিস্তৃতি এতিয়াও অনুমানৰ বিষয় আৰু এই ৰজাসকলৰ শাসনব্যৱস্থাৰ প্ৰকৃতি বা অন্যান্য ৰাজনৈতিক কাৰ্যকলাপ সম্পৰ্কেও নিশ্চিত তথ্য নাই।[28]

ঐতিহাসিক তথ্যৰ অনুসৰি কমতা ৰাজ্যৰ "দুৰ্লভনাৰায়ণ" নামৰ এজন ৰজাই অসমীয়া কবি হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, আদি বহু লেখকক পৃষ্ঠপোষকতা আগবঢ়াইছিল।[29] গুৰু চৰিতৰ বৰ্ণনা অনুসৰি কমতা-কামৰূপৰ ৰজা দুৰ্লভনাৰায়ণে কানৌজৰ পৰা অহা বহু ব্ৰাহ্মণ আৰু কায়স্থ ভুঞা পৰিয়ালক নিজৰ ৰাজ্যত আশ্ৰয় দি পূৰ্বাঞ্চলত বসতি স্থাপনৰ ব্যৱস্থা কৰিছিল। শ্ৰীমন্ত শঙ্কৰদেৱৰ পূৰ্বপুৰুষ সকলও এই স্থানান্তৰিত পৰিয়ালসমূহৰ মাজৰে এটা পৰিয়াল আছিল। এই পৰিয়ালসমূহক প্ৰথমতে উত্তৰ গুৱাহাটীৰ ওচৰৰ লেঙামাগুৰি আৰু পাছলৈ নগাঁৱৰ তেম্বুৱানী-বান্ধা(ঢেমনী) অঞ্চলত বসতি দিয়া হৈছিল বুলি গুৰু চৰিতত উল্লেখ আছে।[30]

শঙ্কৰদেৱৰ পৰৱৰ্তী জীৱনীসমূহত ধৰ্মনাৰায়ণ আৰু দুৰ্লভনাৰায়ণ নামৰ দুজন ৰজাৰ মাজত ৰাজ্য বিভাজন আৰু চণ্ডীবৰৰ লগতে কেইবাটাও ব্ৰাহ্মণ তথা কায়স্থ পৰিয়ালৰ স্থানান্তৰৰ কাহিনী পোৱা যায়। অৱশ্যে বিভিন্ন চৰিত-পুথিত এই ৰজাসকলৰ পৰিচয়, উপাধি, পৰিয়ালসমূহক কোন দিশলৈ স্থানান্তৰ কৰা হৈছিল আৰু তেওঁলোকক কোন অঞ্চলত বসতি দিয়া হৈছিল, সেই বিষয়ে পৰস্পৰবিৰোধী বিৱৰণ আছে। কনকলাল বৰুৱাইও উল্লেখ কৰিছিল যে ৰামচৰণ ঠাকুৰৰ গুৰু-চৰিতত পৰিয়ালসমূহৰ স্থানান্তৰৰ দিশ সম্পৰ্কে প্ৰচলিত বিৱৰণৰ বিপৰীত তথ্য পোৱা যায়।[31] ইতিহাসবিদ এছ. চি. ৰাজখোৱাই ধৰ্মপাল আৰু দুৰ্লভনাৰায়ণৰ মাজত যুদ্ধ হৈছিল আৰু তাৰ পিছত তেওঁলোকে ৰাজ্য বিভাজন কৰিছিল বুলি কনকলাল বৰুৱাই আগবঢ়োৱা পুনৰ্নিৰ্মাণ প্ৰত্যাখ্যান কৰে। ৰাজখোৱাৰ মতে, এই ব্যাখ্যা ৰামচৰণ ঠাকুৰৰ বিৱৰণৰ ভুল পাঠৰ ওপৰত নিৰ্ভৰশীল আৰু ইয়াৰ সমৰ্থনত অন্য কোনো নিৰ্ভৰযোগ্য প্ৰমাণ নাই। তেওঁ ধৰ্মপাল দুৰ্লভনাৰায়ণৰ সমসাময়িক পূব কামৰূপৰ এজন শাসক হোৱাৰ সম্ভাৱনাহে বিবেচনা কৰিছিল; দুয়োজনৰ মাজত যুদ্ধ আৰু ৰাজ্য বিভাজনৰ ঘটনাক প্ৰতিষ্ঠিত ঐতিহাসিক সত্য হিচাপে গ্ৰহণ কৰা নাছিল।[32]

ইতিহাসবিদ মহেশ্বৰ নেওগে পৰৱৰ্তী কালৰ চৰিত-পুথি আৰু বৈষ্ণৱ লোকবিশ্বাসৰ ভিত্তিত শঙ্কৰদেৱৰ জন্ম-চন ১৪৪৯ খ্ৰীষ্টাব্দ বুলি গ্ৰহণ কৰিছিল আৰু এই অনুসৰি দুৰ্লভনাৰায়ণৰ ৰাজত্ব কাল ১৪ শতিকাৰ মধ্যভাগ বুলি অনুমান কৰিছিল। কিন্তু ২০১৬ চনত লিখা গৱেষণামূলক প্ৰবন্ধত ইতিহাসবিদ বাণীপ্ৰশন্ন মিশ্ৰই উপলব্ধ তথ্যসমূহ পুনৰ বিশ্লেষণ কৰি এই গণনাক নাকচ কৰে আৰু শঙ্কৰদেৱৰ জন্ম সম্ভৱতঃ খ্ৰীষ্টীয় ১৪৭৯–১৪৮৪ চনৰ ভিতৰত হৈছিল বুলি মত প্ৰকাশ কৰিছে।[33] সেই অনুসৰি তেওঁ দুৰ্লভনাৰায়ণৰ শাসনকালো পুনৰ নিৰ্ধাৰণ কৰি চতুৰ্দশ শতিকাৰ শেষ ভাগৰ পৰা পঞ্চদশ শতিকাৰ প্ৰথম ভাগৰ মাজত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।[34]

মহেশ্বৰ নেওগে নিজৰ লেখনীত পঞ্চদশ শতিকাৰ আগভাগত কমতা ৰাজ্য শাসন কৰা আন এজন দুৰ্লভ নাৰায়ণ কথা উল্লেখ কৰিছে।[35] এইজন ৰজাৰ লগত কামৰূপ অঞ্চলৰ আৰিমত্ত ৰজাৰ যুদ্ধ হৈছিল। এছ. চি. ৰাজখোৱাই কামৰূপৰ বুৰঞ্জী, ৱেডৰ বিৱৰণ আৰু ৰতিকান্ত দ্বিজৰ ৰাজবংশাৱলী তুলনা কৰি ৰাজবংশাৱলীৰ এটা পাঠত দিয়া ১৩৬০ শক (১৪৩৮ খ্ৰীষ্টাব্দ)ক অৰিমত্তৰ ৰাজত্বৰ শেষ বছৰ বুলি গ্ৰহণ কৰিছে। সেই অনুসৰি তেওঁ মত প্ৰকাশ কৰে যে কমতাৰ ৰজা দুৰ্লভেন্দ্ৰৰ সৈতে অৰিমত্তৰ সংঘৰ্ষ “পঞ্চদশ শতিকাৰ বিশৰ দশকৰ পাছলৈ” নিব নোৱাৰি, অৰ্থাৎ দুৰ্লভেন্দ্ৰ ১৪২০ৰ দশকত বা তাৰ আগতে কমতাৰ ৰাজনৈতিক ক্ষেত্ৰত সক্ৰিয় আছিল।[36] মহেশ্বৰ নেওগৰ মতে দুৰ্লভনাৰায়ণ নামৰ প্ৰথমজন ৰজাই ১৪ শতিকাৰ মধ্য ভাগত আৰু দ্বিতীয় জনে ১৫ শতিকাৰ আগ ভাগত ৰাজত্ব কৰিছিল।[37] কিন্তু বানীপ্ৰশন্ন মিশ্ৰৰ তথ্যৰ অনুসৰি প্ৰথম জন দুৰ্লভনাৰায়ণৰ শাসন কালো ১৫ শতিকাৰ আগ ভাগে আছিল। গতিকে দুয়োজন দুৰ্লভনাৰায়ণ একেই জন ৰজা হোৱাৰ সম্ভাৱনা আছে। নেওগৰ মতে দ্বিতীয়জন দুৰ্লভনাৰায়ণ ধৰ্মপাল নামৰ ৰজা এজনৰ পুত্ৰ আছিল।[38] চুতীয়া ৰজা দুৰ্লভনাৰায়ণৰ পিতৃৰ নামো ধৰ্মনাৰায়ণ আছিল।

হেম সৰস্বতীয়ে দুৰ্লভনাৰায়ণক ‘‘কমতামণ্ডল’’ৰ ৰজা বুলি উল্লেখ কৰিছে।[39][40] প্ৰাচীন কামৰূপৰ তাম্ৰশাসন আৰু সংস্কৃত ৰাজনৈতিক পৰিভাষাত ‘‘মণ্ডল’’ শব্দটো এক আঞ্চলিক বা ৰাজনৈতিক পৰিসৰ বুজাবলৈহে ব্যৱহাৰ কৰা হৈছে। আনহাতে, চুতীয়া তামৰ ফলিত দুৰ্লভনাৰায়ণৰে ‘‘সাধয়াপতি’’ বা সদিয়াৰ ৰজা বুলি পৰিচয় দিয়া দেখা নাযায়; তাৰ বিপৰীতে তেওঁৰ পূৰ্বপুৰুষ ৰত্ননাৰায়ণ ‘‘কমতাপুৰ’’ৰ ৰজা হৈছিল বুলিহে উল্লেখ কৰিছে।

দুৰ্লভনাৰায়ণে পৃষ্ঠাপোষকতা আগ বঢ়োৱা আন এজন কবি হৈছে হৰিবৰ বিপ্ৰ। হৰিবৰ বিপ্ৰই বব্ৰুবাহনৰ যুদ্ধ কাব্যত দুৰ্লভনাৰায়ণক কমতাৰ শাসক হিচাপে প্ৰশংসা কৰাৰ লগতে তেওঁ কামপুৰত ৰজা হোৱা বুলি উল্লেখ কৰিছে। ইতিহাসবিদ মহেশ্বৰ নেওগে এই কামপুৰ নামটো সম্ভৱতঃ কমতাপুৰৰ উল্লেখ বুলি ব্যাখ্যা কৰিছে।[41] ইতিহাসবিদ মহেশ্বৰ নেওগে এইজন কবিকে ৰামানন্দ দ্বিজৰ "শ্ৰী শ্ৰী বংশী গোপালদেৱ চৰিত"ত উল্লেখ কৰা বংশীগোপালদেৱৰ ককাক হৰিবৰ বিপ্ৰ বুলি চিনাক্ত কৰিছে।[42] ৰচনাখনত হৰিবৰ বিপ্ৰক "কুণ্ডিল গোষ্ঠীত জাত পুৰুষ সুন্দৰ / ব্যাঘ্ৰপিণ্ডা গ্ৰামেশ্বৰ মুখ্য পণ্ডিতৰ" বুলি উল্লেখ কৰা হৈছে, অৰ্থাৎ তেওঁক কুণ্ডিল বা চুতীয়া ৰাজধানী শদিয়া অঞ্চলৰ লোক আৰু ব্যাঘ্ৰপিণ্ডা গাঁৱৰ গ্ৰামেশ্বৰ বুলি কোৱা হৈছে।[43] মহেশ্বৰ নেওগৰ মতে হৰিবৰ বিপ্ৰৰ ৰচনাত ‘‘চেতিয়া’’ শব্দৰ উল্লেখো পোৱা যায়। এই শব্দ কিছু ইতিহাসবিদে আহোম যুগৰ পৰৱৰ্তী সংস্কৰণত যোগ হোৱা বুলি ক'ব খোজে।[44] কিন্তু বুৰঞ্জী সমূহৰ পৰা দেখা যে এই চেতিয়া পদবী চুতীয়া ৰাজ্যতো আছিল[45] আৰু চুহুংমুঙে চুতীয়া ৰাজ্য দখল কৰাৰ পাছৰ পৰাহে আহোম ৰাজ্যত প্ৰচলিত হৈছিল।[46]

"কবিৰত্ন সৰস্বতী"ৰ ৰচনাৰ পৰা জনা যায় যে তেওঁক দুৰ্লভনাৰায়ণৰ পুত্ৰ ইন্দ্ৰনাৰায়ণয়ে পৃষ্ঠা পোষকতা আগ বঢ়াইছিল। ইতিহাসবিদ বাণীপ্ৰশন্ন মীশ্ৰৰ মতে মাধৱদেৱৰ ভনীয়েক উৰ্বশীয়ে দহ বছৰ বয়সত (১৫২৬ খ্ৰীষ্টাব্দত)[47] এই কবিজনৰ বংশৰ ৰামদাস আতাক বিয়া কৰাইছিল। ৰামদাস ৰত্ন সৰস্বতীৰ পাছৰ ষষ্ঠ প্ৰজন্মৰ পুৰুষ আছিল।[48] সেই অনুসৰি ইন্দ্ৰনাৰায়ণৰ শাসনকালও পঞ্চদশ শতিকাৰ প্ৰথমাৰ্ধৰ মাজভাগত (প্ৰায় ১৪২০–১৪৪০ খ্ৰীষ্টাব্দ) আছিল বুলি অনুমান কৰিব পাৰি।

এই সকলো তথ্যসমূহৰ ভিত্তিত কিছু গৱেষকে কমতা, কামৰূপ আৰু শদিয়া একেই ৰাজ শক্তিয়ে পৰিচালিত কৰিছিল বুলি ক'ব খোজে।[49] তথাপিটো কমতাপুৰৰ এই দুৰ্লভনাৰায়ণ আৰু চুতীয়া বংশৰ দুৰ্লভনাৰায়ণ‌ একে ব্যক্তি আছিল নে নাই, সেই বিষয়ে ইতিহাসবিদ সকলৰ মাজত বৰ্তমানেও একমত পোৱা নাযায়।

আৰিমত্ত সম্পৰ্কীয় কিংবদন্তি

[সম্পাদনা কৰক]

পৰৱৰ্তী কালৰ কেইবাটাও পৰস্পৰবিৰোধী কিংবদন্তিত আৰিমত্ত বা শশাংক নামৰ এজন শাসকক কামৰূপ আৰু কমতা ৰাজ্যৰ সৈতে সম্পৰ্কিত কৰা হৈছে। কিছুমান আধুনিক ঐতিহাসিক পুনৰ্নিৰ্মাণত তেওঁক ইন্দ্ৰনাৰায়ণৰ উত্তৰাধিকাৰী হিচাপে উপস্থাপন কৰা হয়। এই বিৱৰণ অনুসৰি, মুছলমান আক্ৰমণৰ বিৰুদ্ধে ইন্দ্ৰনাৰায়ণৰ প্ৰতিৰোধৰ দুৰ্বলতাৰ সুযোগ লৈ এজন উচ্চাকাংক্ষী ভূঞা মুখিয়াল আৰিমত্ত বা শশাংকই ইন্দ্ৰনাৰায়ণক হত্যা কৰি কমতাপুৰৰ সিংহাসন অধিকাৰ কৰিছিল। অৱশ্যে সমসাময়িক শিলালিপি বা মুদ্ৰাতাত্ত্বিক প্ৰমাণৰ দ্বাৰা এই ৰাজনৈতিক ক্ষমতা হস্তান্তৰৰ বিৱৰণ নিশ্চিত কৰিব পৰা নাযায়।[50][51]

আৰিমত্তৰ ৰাজত্বকাল সম্পৰ্কেও বিভিন্ন কিংবদন্তিত মতভেদ আছে। মহেশ্বৰ নেওগে উল্লেখ কৰা এটা কালানুক্ৰমত ১৩৬০ শকাব্দ বা ১৪৩৮ খ্ৰীষ্টাব্দক আৰিমত্তৰ ৰাজত্বৰ আৰম্ভণি বুলি গণ্য কৰা হৈছে আৰু ১৪১১ শকাব্দ বা ১৪৮৯ খ্ৰীষ্টাব্দক মৃগাংকৰ ৰাজত্বৰ শেষ বছৰ বুলি উল্লেখ কৰা হৈছে। তেওঁৰ মতে, ১৪৩৮–১৪৮৯ খ্ৰীষ্টাব্দৰ সময়ছোৱা আৰিমত্তৰ বংশৰ ৰাজত্বৰ সৈতে মিলিব পাৰে।[52] আনহাতে, এছ. চি. ৰাজখোৱাই ৰাজবংশাৱলীৰ আন এটা পাঠত ১৩৬০ শকাব্দক আৰিমত্তৰ ৰাজত্বৰ শেষ বছৰ হিচাপে ব্যাখ্যা কৰি দুৰ্লভেন্দ্ৰৰ সৈতে তেওঁৰ সংঘৰ্ষ পঞ্চদশ শতিকাৰ প্ৰথমাৰ্ধত হোৱা বুলি মত প্ৰকাশ কৰিছিল।[53]

আৰিমত্তৰ কাহিনীৰ অন্যতম উৎস আদি চৰিতৰ ঐতিহাসিক নিৰ্ভৰযোগ্যতা সম্পৰ্কে কেইবাজনো গৱেষকে সন্দেহ প্ৰকাশ কৰিছে। মহেশ্বৰ নেওগে মাধৱদেৱৰ নামত প্ৰচলিত আদি চৰিতক লৈ বৈষ্ণৱ সমাজৰ ভিতৰতে মতভেদ থকা আৰু কিছুমান সত্ৰাধিকাৰ তথা সাহিত্যিকে গ্ৰন্থখনক প্ৰত্যাখ্যান কৰাৰ কথা উল্লেখ কৰিছে।[54][55] ইতিহাসবিদ ডিম্বেশ্বৰ নেওগেও আদি চৰিতৰ ৰচনাকাৰ আৰু ঐতিহাসিক সত্যতা উভয়ৰে ওপৰত সন্দেহ প্ৰকাশ কৰিছিল। তেওঁৰ মতে, গ্ৰন্থখনৰ বিৱৰণ মূলতঃ কিংবদন্তি আৰু জনপ্ৰচলিত কাহিনীৰ ওপৰত নিৰ্ভৰশীল আৰু আৰিমত্তক সৰ্বাধিক এজন কিংবদন্তিমূলক ব্যক্তি বুলিহে গণ্য কৰিব পাৰি। তেওঁ আৰিমত্তৰ বংশধৰ আৰু পৰিয়াল সম্পৰ্কীয় পৰস্পৰবিৰোধী কাহিনীসমূহৰ মাজত সামঞ্জস্য স্থাপন কৰাৰ প্ৰচেষ্টাকো ফলপ্ৰসূ নহ'ব বুলি মত প্ৰকাশ কৰিছিল।[56][57] এডৱাৰ্ড গেইটেও আৰিমত্তক কেন্দ্ৰ কৰি অসংখ্য পৰস্পৰবিৰোধী কিংবদন্তি প্ৰচলিত থকা আৰু সেইবোৰৰ পৰা ঐতিহাসিক সত্য নিৰ্ণয় কৰাটো প্ৰায় অসম্ভৱ বুলি উল্লেখ কৰিছিল।[58] এটা কিংবদন্তিগত বংশাৱলীত আৰিমত্তৰ পিছত গজাংক, শুক্ৰাংক আৰু মৃগাংকৰ নাম উল্লেখ কৰা হৈছে। অৱশ্যে এই ৰাজবংশীয় উত্তৰাধিকাৰো স্বতন্ত্ৰ সমসাময়িক প্ৰমাণৰ দ্বাৰা নিশ্চিত হোৱা নাই।[59]

খেন ৰাজবংশ

[সম্পাদনা কৰক]

খেন ৰাজবংশৰ উৎপত্তি আৰু প্ৰাৰম্ভিক ৰাজত্বকাল সম্পৰ্কে নিশ্চিত ঐতিহাসিক তথ্য সীমিত। পৰৱৰ্তী পৰম্পৰাগত বিৱৰণসমূহত এই ৰাজবংশৰ তিনিজন ৰজাৰ নাম উল্লেখ কৰা হৈছে—নীলধ্বজ, চক্ৰধ্বজ আৰু নীলাম্বৰ। ইতিহাসবিদ জে. এন. সৰকাৰে উল্লেখ কৰিছে যে এই ৰাজবংশৰ প্ৰাৰম্ভিক ইতিহাসৰ কিছু অংশ ঊনবিংশ শতিকাৰ গোসানী মঙ্গল আৰু আন পৰৱৰ্তী সাহিত্যিক উৎসৰ ভিত্তিত পুনৰ্নিৰ্মাণ কৰা হৈছে।[60] এটা পৰম্পৰাগত বিৱৰণ অনুসৰি, খেন ৰাজবংশৰ প্ৰতিষ্ঠাপক নীলধ্বজে অঞ্চলটোৰ কেইবাজনো বাৰ ভূঞা মুখিয়ালক একত্ৰিত কৰিছিল আৰু আৰিমত্তৰ বংশৰ শেষ শাসক মৃগাংকক ক্ষমতাচ্যুত কৰি কমতাপুৰৰ শাসনভাৰ গ্ৰহণ কৰিছিল। অৱশ্যে এই বিৱৰণ সমসাময়িক শিলালিপি বা মুদ্ৰাতাত্ত্বিক প্ৰমাণৰ দ্বাৰা প্ৰতিষ্ঠিত হোৱা নাই। পঞ্চদশ শতিকাৰ শেষভাগৰ পৰা বংগ চুলতানীৰ মুদ্ৰা আৰু ঐতিহাসিক বিৱৰণসমূহত কমতা ৰাজ্যৰ উপস্থিতি অধিক স্পষ্টভাৱে দেখা যায়।[61]

খেন ৰাজবংশই তেওঁলোকৰ ৰাজধানী কমতাপুৰ বা গোসানীমাৰীৰ (বৰ্তমান কোচ বিহাৰ জিলাত) পৰা শাসন কৰিছিল। শেষ ৰজা নীলাম্বৰে (১৪৮০-১৪৯৮) ৰাজ্য বহলাই বৰ্তমানৰ পশ্চিম বংগৰ কোচ বিহাৰ জিলা, অসমৰ অবিভক্ত কামৰূপ আৰু দৰং জিলা, আৰু বাংলাদেশৰ উত্তৰ মৈমনছিং আৰু দিনজাপুৰ জিলাৰ পূব অংশ অন্তৰ্ভুক্ত কৰিছিল।[62] এই ৰাজবংশটোৰ শাসনৰ শেষৰ পিনে (১৪৯২–৯৩ খ্ৰীষ্টাব্দত) বংগৰ ছামছুদ্দিন মুজাফ্ফৰ শ্বাহই কামতা ৰাজ্যৰ অন্ততঃ কিছু অংশ আক্ৰমণ কৰি জয় কৰে, আৰু পৰৱৰ্তী সময়ত কমতা মৰ্দন উপাধি থকা মোহৰ মাৰে।[63]

হুছেইন শ্বাহৰ আক্ৰমণ

[সম্পাদনা কৰক]

গৌড়ৰ আফগান শাসক আল্লাউদ্দিন হুছেইন শ্বাহে (১৪৯৪-১৫১৯) ১৪৯৮ চনত শেষ খেন ৰজাক ক্ষমতাচ্যুত কৰে।[64] পৰম্পৰাগত তথ্য অনুসৰি কমতা ৰাণীৰ লগত কমতাৰ বিষয়া এজনৰ পুত্ৰৰ গোপন সম্পৰ্কৰ পৰাই এই ঘটনাৰ সূত্ৰপাত হয়। হুছেইন শ্বাহে ২৪,০০০ পদাতিক, অশ্বাৰোহী সেনা আৰু যুঁজাৰু নাৱেৰে কমতা আক্ৰমণ কৰিছিল।[65] হুছেইন শ্বাহে নগৰখন ধ্বংস কৰি হাজোলৈকে অঞ্চলটো নিজৰ হাতলৈ আনে আৰু তেওঁৰ পুত্ৰক সিংহাসনত বহুৱায়।

হুছেইন শ্বাহে আগৰ গোষ্ঠীপতিসকলক অব্যাহতি দি অঞ্চলটোত সামৰিক শাসন প্ৰতিষ্ঠা কৰে। তেওঁ "কমৰু, কমতাৰ বিজেতা" বুলি নিজৰ মোহৰ সজাইছিল। পাছলৈ বাৰ ভূঞাকে ধৰি স্থানীয় দলপতিসমূহৰ চেষ্টাত হুছেইন শ্বাহে এই অঞ্চলৰ সামৰিক আৰু ৰাজনৈতিক নিয়ন্ত্ৰণ হেৰুৱায়। স্থানীয় নেতাসকলে এই অঞ্চল শাসন কৰিবলৈ লয় আৰু কোচ ৰাজবংশৰ উত্থান হয়। আফগান শাসনৰ প্ৰভাৱ পাছলৈও থাকি যায়। হুছেইন শ্বাহৰ মোহৰ কোচ বংশৰ শাসনকালত ১৫১৮ চনলৈকে ব্যৱহৃত হৈছিল। বংগ চুলতানীৰ এই সামৰিক অভিযানসমূহৰ উপৰি অঞ্চলটোত ইছলাম ধৰ্মীয় পৰম্পৰাৰ বিকাশো ঘটিছিল। ঐতিহাসিক বিৱৰণ অনুসৰি, মক্কাৰ পৰা অহা গিয়াছুদ্দিন আউলিয়া নামৰ এজন মুছলমান ধৰ্মীয় ব্যক্তিয়ে হাজোত বসতি স্থাপন কৰিছিল। তেওঁৰ সমাধিস্থলত মক্কাৰ পৰা অনা অলপ মাটি সংৰক্ষিত আছে বুলি বিশ্বাস কৰা হয়। এই স্থানখন পিছলৈ পোৱা মক্কা নামেৰে পৰিচিত হয় আৰু হিন্দু তথা মুছলমান উভয় সম্প্ৰদায়ৰ লোকৰ ধৰ্মীয় স্থান হিচাপে পৰিগণিত হয়।[66]

হুছেইন শ্বাহে কমতাৰ শাসন পৰিচালনাৰ বাবে নিজৰ পুত্ৰ শ্বাহজাদা দানিয়ালক নিযুক্তি দিছিল। অৱশ্যে স্থানীয় বাৰ ভূঞাসকলে একত্ৰিতভাৱে চুলতানীৰ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰি দানিয়াল আৰু তেওঁৰ বিষয়াসকলক বন্দী কৰি হত্যা কৰিছিল বুলি ঐতিহাসিক বিৱৰণত উল্লেখ আছে। স্বৰ্ণলতা বৰুৱাৰ মতে, ভূঞাসকলে দানিয়ালৰ সামৰিক ছাউনী আক্ৰমণ কৰি সম্পূৰ্ণৰূপে ধ্বংস কৰিছিল। ইয়াৰ পিছত অঞ্চলটো পুনৰ ভূঞা মুখিয়ালসকলৰ সংঘবদ্ধ শাসনৰ অধীনলৈ যায় আৰু কোচ ৰাজবংশৰ উত্থানলৈকে এই পৰিস্থিতি অব্যাহত থাকে।[67][68] অৱশ্যে ভূঞাসকলৰ এই শাসনৰ আৰম্ভণিৰ সঠিক সময় জনা নাযায়। ইতিহাসবিদ ডি. নাথৰ মতে, বিশ্ব সিংহই ভূঞাসকলৰ বিৰুদ্ধে নিজৰ অভিযান প্ৰায় ১৫০৯ খ্ৰীষ্টাব্দত আৰম্ভ কৰিছিল।[69]

কোচ ৰাজবংশ

[সম্পাদনা কৰক]

ষোড়শ শতিকাৰ আগভাগতকোচ ৰাজবংশীয় বিশ্ব সিংহ‌ই (১৫১৫-১৫৪০) কমতাত কোচ ৰাজ্য প্ৰতিষ্ঠা কৰে। সেই শতিকাৰে শেষৰফালে ৰাজ্যখনৰ পূবফালৰ কোচ হাজো শাসন কৰা ৰজাই নিজকে স্বাধীন ঘোষণা কৰে। কোচ হাজো আৰু কোচ বিহাৰ পৃথক হৈ পৰে আৰু সেই দুখন ৰাজ্যৰ সীমা বৰ্তমানৰ প্ৰায় অসম আৰু পশ্চিম বংগৰ সীমা হৈ পৰে।

স্বৰ্ণলতা বৰুৱাৰ মতে, হৰিয়া মণ্ডলৰ পুত্ৰ বিশ্ব সিংহই নিজৰ জনগোষ্ঠীৰ সামৰিক শক্তি সংগঠিত কৰি চুবুৰীয়া ভূঞা মুখিয়ালসকলক এজন এজনকৈ পৰাস্ত কৰিছিল। ইয়াৰ ফলত তেওঁ পশ্চিমে কৰতোৱা নদীৰ পৰা পূবে বৰনদীলৈ বিস্তৃত অঞ্চলৰ অধিকাৰী হৈছিল।[70] ১৫৮১ খ্ৰীষ্টাব্দত চিলাৰায়ৰ পুত্ৰ তথা নৰনাৰায়ণৰ ভতিজা ৰঘুদেৱৰ ৰাজনৈতিক কাৰ্যকলাপৰ ফলত কোচ ৰাজ্যৰ বিভাজন আৰম্ভ হয়। প্ৰথম অৱস্থাত ৰঘুদেৱে নৰনাৰায়ণৰ অধীনতা স্বীকাৰ কৰিছিল যদিও ১৫৮৭ খ্ৰীষ্টাব্দত নৰনাৰায়ণৰ মৃত্যুৰ পিছত ৰাজ্যখন স্থায়ীভাৱে পূবৰ কোচ হাজো আৰু পশ্চিমৰ কোচ বিহাৰত বিভক্ত হয়। ফাৰ্চী লেখকসকলে পূবৰ অঞ্চলটোক কোচ হাজো আৰু পশ্চিমৰ অঞ্চলটোক কোচ বিহাৰ বুলি উল্লেখ কৰিছিল। আনহাতে, অসমীয়া বুৰঞ্জীসমূহত অঞ্চল দুটাক যথাক্ৰমে কামৰূপ আৰু বিহাৰ বুলি উল্লেখ কৰা হৈছিল।[71]

১৬১৫ চনত মোগলে কোচ হাজো অধিকাৰ কৰে। অঞ্চলটো লৈ আহোম আৰু মোগলৰ সংঘাতৰ সৃষ্টি হয়। শেষত এই অঞ্চল আহোমৰ হাতলৈ যায়। পশ্চিম অংশৰ কোচ বিহাৰে প্ৰথমে মোগলৰ লগত আৰু পাছত ব্ৰিটিছৰ লগত মিত্ৰতা কৰে। ভাৰতত ব্ৰিটিছৰ শাসনৰ শেষলৈকে ইয়াত ৰাজকীয় শাসন চলিছিল।

আৰু চাওক

[সম্পাদনা কৰক]
  1. ↑ ৰামচৰণ ঠাকুৰৰ নামত প্ৰচলিত শংকৰ চৰিত বা গুৰু-চৰিত গ্ৰন্থখনৰ ৰচনাকাৰ আৰু ৰচনাকাল সম্পৰ্কে অনিশ্চয়তা আছে। বাণীপ্ৰশন্ন মিশ্ৰৰ মতে, পৰম্পৰাগতভাৱে ৰামচৰণ ঠাকুৰৰ ৰচনা বুলি গণ্য কৰা বৰ্তমানৰ পাঠটো সম্ভৱতঃ অষ্টাদশ শতিকা বা তাৰ পৰৱৰ্তী সময়ত সংকলিত অথবা সংশোধিত হৈছিল। মিশ্ৰই গুৰু-চৰিত-কথাৰ ৰচনাকাল অষ্টাদশ শতিকাৰ প্ৰথম ভাগত নিৰ্ধাৰণ কৰি ৰামচৰণ ঠাকুৰৰ নামত প্ৰচলিত গ্ৰন্থখনক ইয়াৰ পৰৱৰ্তী সময়ৰ ৰচনা হিচাপে স্থান দিছে। তেওঁ উল্লেখ কৰিছে যে ৰামচৰণ ঠাকুৰৰ নামত প্ৰচলিত সাতটা পৃথক পাণ্ডুলিপিৰ খণ্ড একত্ৰিত কৰি ১৯২৫ চনত প্ৰথমবাৰৰ বাবে গ্ৰন্থাকাৰে প্ৰকাশ কৰা হৈছিল। এই খণ্ডসমূহ মূলতঃ এখন অবিচ্ছিন্ন ৰচনাৰ অংশ আছিল নে পৰৱৰ্তী সময়ত সংকলিত হৈছিল, সেয়া নিশ্চিত নহয়। মিশ্ৰই বৈষ্ণৱ ধৰ্মীয় নেতৃত্ব আৰু সত্ৰসমূহৰ মাজত দেখা দিয়া প্ৰতিদ্বন্দ্বিতাৰ পৰিপ্ৰেক্ষিতত গ্ৰন্থখনৰ পৰৱৰ্তী সংশোধন তথা ৰামচৰণ ঠাকুৰৰ নামত আৰোপিত ৰচনাকাৰিত্বৰ সম্ভাৱনাও আলোচনা কৰিছে।[7][8]
  2. ↑ বুৰঞ্জীখনে এই “চুটীয়া-কছাৰি ৰজা”-জনক আন এজন ন-কছাৰি ৰজাৰ পৰা স্পষ্টভাৱে পৃথক কৰি উল্লেখ কৰা হৈছে; এই ন-কছাৰি ৰজাজন সম্ভৱতঃ ডিমাছা ৰজা আছিল, কাৰণ তেওঁৰ অধিকাৰক্ষেত্ৰ দিচৈ নদীৰ অঞ্চলত বিস্তৃত আছিল বুলি বৰ্ণনা কৰা হৈছে।[25]

উদ্ধৃতি

[সম্পাদনা কৰক]
  1. ↑ (Sarkar 1992:40–41)
  2. ↑ (Neog 1977:818–820)
  3. ↑ (Sarkar 1992:39–45)
  4. ↑ (Baruah 1986:181)
  5. ↑ কামৰূপৰ চতুৰ্দশ আৰু পঞ্চদশ শতিকাৰ ৰাজনৈতিক ইতিহাস পুনৰ্গঠনৰ বাবে সীমিত তাম্ৰশাসন আৰু শিলালিপি, শঙ্কৰদেৱৰ পূৰ্বৰ কবিসকলৰ ৰচনা, গুৰু-চৰিত, কোচ ৰাজবংশাৱলী আৰু মুছলমান ঐতিহাসিক বিৱৰণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হোৱা বুলি নেওগে উল্লেখ কৰিছে। (Neog 1980:39)
  6. ↑ কমতাৰ ৰজাসকলৰ কালানুক্ৰমিক তালিকা প্ৰস্তুত কৰাৰ প্ৰসংগত বৰুৱাই লিখিছিল: ""In [an] attempt to prepare a chronological list of these kings ... I have been left, more or less, to conjecture. Some of my conjectures may be unfounded."(Barua 1933:xiii)
  7. ↑ Misra, Baniprasanna (2015). Deprovincialising Srimanta Sankaradeva. পৃষ্ঠা. 28, 36–38.
  8. ↑ Misra, Baniprasanna (2016). Srimanta Sankara and His Times: Some Further Historical Probings. Centre for Assamese Studies, Tezpur University. পৃষ্ঠা. 12–13. "The seven fragments each ascribed to Ramacarana were later brought together and printed within a single cover for the first time in 1925. It will make an interesting study to see how the various parts of the so-called original were collated together if a copy of the first edition were available."
  9. ↑ (Barua 1933:246–251)
  10. ↑ Misra, Baniprasanna (2016). Srimanta Sankara and His Times: Some Further Historical Probings. Centre for Assamese Studies, Tezpur University. পৃষ্ঠা. 38–41.
  11. ↑ (Baruah 1986:175–176)
  12. ↑ "Finally the Bengal army was routed in an open encounter in a narrow mountainous defile. An arrowshot wounded the elephant-borne Sultan in the chest. The Rajah allowed the captured Sultan to see his son before being killed." (Sarkar 1992:38–40)
  13. ↑ (Baruah 1986:176)
  14. ↑ Bhuyan, Surjya Kumar,"Deodhai Asam Buranji,p. 166
  15. ↑ (Sarkar 1992:43)
  16. ↑ (Sarkar 1992:43)
  17. ↑ Sarma, Dimbeswar. Kamrupa Sasanavali: Gachtal pillar inscription. Pramod Kalita, Banalata. পৃষ্ঠা. 281.
  18. ↑ Owahedur Zaman, "Study on the Persian Inscriptions discovered in Assam,p.5, "This stone slab inscription is from the time of Ghiyasuddin Azam Shah (ruled from 1389 A.D. to 1410 A.D). It was discovered in Boko of Kamrup district which was issued by Sultan Ghiyasuddin Azam Shah in 1389 A.D. It seems that he extended his sovereignty through Guwahati upto Boko area."
  19. ↑ Helem copper plated dated to 1399 p.6
  20. ↑ Helem copper plated dated to 1399 p.6
  21. ↑ ৰত্ননাৰায়ণৰ আন এটা নাম সত্যনাৰায়ণো আছিল। এই কথা ঘিলামৰা অঞ্চলৰ বৰমূৰ্তিয়া বিলৰ তাম্ৰপত্ৰৰ পৰা জানিবলৈ পোৱা যায়। ফলিখনৰ মতে ১৩৯২ খ্ৰীষ্টাব্দত সুৰ-ৰিপু(অসুৰ) বংশৰ সধয়াপুৰৰ ৰজা নন্দিশ্বৰৰ পুত্ৰ সত্যনায়াণে ব্ৰাহ্মণক ২০০ পুৰা(৮০০ বিঘা) মাটি দান কৰিছিল। তেওঁৰ পুত্ৰ(আত্মজ) ধৰ্মনাৰায়ণ ৰজাই ফলিখনৰ নবীকৰণ কৰিছিল। গতিকে ইয়াৰ পৰা বুজিব পাৰি যে ধৰ্মনাৰায়ণ ৰজাৰ পিতৃ ৰত্ননাৰায়ণৰ আন এটা নাম সত্যনাৰায়ণ আছিল।
  22. ↑ সত্যনাৰায়ণৰ ৰাজত্ব কাল ১৩৯০ বা তাৰো আগৰ পৰা ১৪০০ লৈকে হ'ব লাগে। তেওঁৰ দিনৰ ১৩৯২ খৃষ্টাব্দৰ দুখন তাম্ৰলিপি উদ্ধাৰ হৈছে। ১৪০১ চনত তেওঁৰ পুত্ৰ লক্ষ্মীনাৰায়ণে ভূমি দান কৰিছিল
  23. ↑ "The eastern region, whether it is called Sadhaya or Svadhaya as in the plates or Sadhiya or Sadiya as in Assamese chronicles and the western region of Kamatapura seems to be politically connected and the same Satyanarayana/Ratnanarayana might have held sway over both regions"(Neog 1977:818)
  24. ↑ (Phukan 2007:30–31)
  25. ↑ (Phukan 2007:24)
  26. ↑ "এইজনা স্বৰ্গদেৱলৈ চুটীয়া কছাৰিৰ ৰজা, কমতেশ্বৰে দুজনী জীয়েকক দি মিত্ৰ কৰিলে। বৰ জীয়েকৰ নাম ৰাজনী সৰু জীয়েকৰ নাম ভাজনী, ৰাজনী গৰ্ভত ৰজাৰ সন্তান এটি জন্মিল, তেওঁৰ নাম তাওচুলাই হ'ল। ... চুটীয়া কছাৰি ৰজাই এইজনা স্বৰ্গদেৱলৈ জীয়েকক দি মিত্ৰ কৰাত নকছাৰি ৰজাই ৰজা হৈ থাকাত অসম ৰজা ডাঙৰ ৰজা হল বুলি ভয় পাই তলতীয়া হৈ দিচৈ নদীলৈকে এৰি দিয়াত স্বৰ্গদেৱৰ ৰাজ্যৰ সামিল হল।" (Phukan 2007:24)
  27. ↑ Baruah, Swarnalata (2007). Chutia Jatir Buranji. পৃষ্ঠা. 62. https://archive.org/details/chutiaburanji/mode/2up.
  28. ↑ Neog, Maheswar (1953). "Assamese Literature before Sankaradeva". In Kakati, Banikanta. Aspects of Early Assamese Literature. প্ৰকাশক Gauhati: Gauhati University. পৃষ্ঠা. 17–18. https://archive.org/details/in.ernet.dli.2015.97610. "The extent of their kingdom Kamata or Kamata-mandala remains to be conjectured. ... Nothing is known of the nature of the rule or other activities of these Kamata kings."
  29. ↑ হেম সৰস্বতীয়ে তেওঁৰ প্ৰহ্লাদ চৰিত গ্ৰন্থত দুৰ্লভনাৰায়ণৰ প্ৰশংসা কৰি লিখিছে—“কামতামণ্ডল দুৰ্লভ নাৰায়ণ নৃপবৰ অনুপাম”। এই শাৰীকেইটাৰ পৰা দুৰ্লভনাৰায়ণক কমতা মণ্ডলৰ অধিপতি আৰু সাহিত্য-সংস্কৃতিৰ পৃষ্ঠপোষক ৰজা হিচাপে বুজা যায়।
  30. ↑ Baniprasanna Misra, Srimanta Sankara and His Times: Some Further Historical Probings, Centre for Assamese Studies, Tezpur University, 2016, pp. 27–29.
  31. ↑ (Barua 1933:246–249)
  32. ↑ Rajkhowa, S. C. (1945). "The Kingdom of Kamarupa and Kamata in the 14th and 15th Centuries". Proceedings of the Indian History Congress: 141–142.
  33. ↑ Baniprasanna Misra, Srimanta Sankara and His Times: Some Further Historical Probings, Centre for Assamese Studies, Tezpur University, 2016, pp. 19-20.
  34. ↑ Baniprasanna Misra, Srimanta Sankara and His Times: Some Further Historical Probings, Centre for Assamese Studies, Tezpur University, 2016, pp.23
  35. ↑ Maheswar Neog, "Early History of the Vaishnavite Faith and Movement in Assam", pp.42-44
  36. ↑ Rajkhowa, S. C. (1945). "The Kingdom of Kāmarupa and Kamatā in the 14th and 15th Centuries". Proceedings of the Indian History Congress খণ্ড 8: 139–146. "If Arimatta's reign ended in 1360 saka i.e. 1438 A.D. his struggle with Durlabhendra must be placed not later than the twenties of the 15th century.".
  37. ↑ Maheswar Neog, "Early History of the Vaishnavite Faith and Movement in Assam", pp.42-44,"The reign of Durlabhendra and his father, in view of Durlabhendra's fight with Arimatta, may be appropriately assigned to the first part of the fifteenth century."
  38. ↑ Maheswar Neog, "Early History of the Vaishnavite Faith and Movement in Assam", pp.42-44,"The identity of Dharmapala, Durlabhnarayana's kinsmen could not be fixed. In one Buranji an unnamed king of Kamata is mentioned, with whom the deity, Bhairava, residing in a stone idol, places towards the west of his capital, was displeased and migrated thereform to Halanginagara...It is a divine agency which is made responsible for the flight both of Dharmapala of the carita as well as of the unnamed Kamata king of the Buranji. My surmise is that they are one and the same person...According to the Assam Buranji, Durlabhendra was the unnamed Kamata king's son by his queen, Sulocana. Durlabhendra remained in the capital with his mother when his father fled to Asama, and became king of Kamata...The reign of Durlabhendra and his father, in view of Durlabhendra's fight with Arimatta, may be appropriately assigned to the first part of the fifteenth century."
  39. ↑ প্ৰহ্লাদ চৰিত্ৰ' উল্লেখ কৰিছে- "কমতামণ্ডল দুলৰ্ভনাৰায়ণ নৃপবৰ অনুপম৷ তাহান ৰাজ্যত ৰুদ্ৰসৰস্বতী দেৱযানী কন্যা নাম৷৷ তাহান তনয় হেমসৰস্বতী ধ্ৰুৱৰ অনুজ ভাই৷"
  40. ↑ ড: সত্যেন্দ্ৰনাথ শৰ্মা (১৯৯৬). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. প্ৰকাশক গুৱাহাটী: প্ৰতিমা দেৱী. পৃষ্ঠা. ৫৩-৫৪.
  41. ↑ Neog, Maheswar (1953). "Assamese Literature before Sankaradeva". In Kakati, Banikanta. Aspects of Early Assamese Literature. প্ৰকাশক Gauhati: Gauhati University. পৃষ্ঠা. 32–45. https://archive.org/details/in.ernet.dli.2015.97610.
  42. ↑ ভৰালী, হেমন্ত কুমাৰ (২০০১). এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া. প্ৰকাশক গুৱাহাটী: চিত্ৰলেখা পাব্লিকেশ্বন্‌ছ. পৃষ্ঠা. ২৯৮-২৯৯.
  43. ↑ Birinchi Kumar Barua; Maheswar Neog, ed (1960). Harivara Vipra’s Babrubahnar Yuddha and Tamradhwajar Yuddha. Gauhati University.
  44. ↑ Kakati, Banikanta (1953). Aspects of Early Assamese Literature. Gauhati University. পৃষ্ঠা. 34.
  45. ↑ Bhuyan, S.K, "Deodhai Buranji, p.16
  46. ↑ S.K, "Satsari Buranji, p.16
  47. ↑ Misra, Baniprasanna (2015). Deprovincialising Srimanta Sankaradeva. Centre for Assamese Studies, Tezpur University. পৃষ্ঠা. 24–25.
  48. ↑ Kakati, Banikanta (1953). Aspects of Early Assamese Literature. Gauhati University. পৃষ্ঠা. 44.
  49. ↑ "The eastern region, whether it is called Sadhaya or Svadhaya as in the plates or Sadhiya or Sadiya as in Assamese chronicles and the western region of Kamatapura seems to be politically connected and the same Satyanarayana/Ratnanarayana might have held sway over both regions"(Neog 1977:818)
  50. ↑ "Indranarayan's inability to resist the Muslims paved the way for the rise of the Bhuyans. Indeed, one of them, Arimatta or Sasanka became so ambitious that he killed Indranarayan and usurped the throne of Kamata." (Baruah 1986:178–179)
  51. ↑ (Barua 1933:254–264)
  52. ↑ "Another work cites 1411 Śaka/1489 A.D. as the date of the end of Mṛgāṅka's reign; and gives 1360 Śaka/1438 A.D. as the date of the beginning of Ārimatta's rule. The period from 1438 to 1489 would appear appropriate as being covered by the reign of Ārimatta's family."(Neog 1980:45)
  53. ↑ Rajkhowa, S. C. (1978). Studies in the History of Kamarupa. পৃষ্ঠা. 144–145. "In one version of the Rajbansawali we have the reading 1360 saka in place of 1160 saka. I am inclined to believe that this is the correct version... If Ārimatta's reign ended in 1360 saka i.e. 1438 A.D. his struggle with Durlabhendra must be placed not later than the twenties of the 15th century."
  54. ↑ Maheswar Neog states that the Adi-charita, ascribed to Madhavadeva, has created much ill feeling among the Vaisnavas of Assam, and has been denounced by the more considerate section of sattra pontiffs and literary men alike.
  55. ↑ Saikia, Baburam (2021). "Marginalisation, Revolt and Adaptation: On Changing the Mayamara Tradition". Journal of Ethnology and Folkloristics খণ্ড 15 (1): 85–102. doi:10.2478/jef-2021-0006. ""the present Mayamoria gosain ... disowns the Adi Carit-Puthi as a forged document written by a third-rate poet and not by Madhavadeva"; "Neog ... puts this manuscript in the category of spurious account in his analysis."".
  56. ↑ Neog, Dimbeswar (1947). Introduction to Assam. পৃষ্ঠা. 72–74. "Like the authorship, the historicity of Adi charita is doubtful. As the composition seems to lack the serenity and classicism of Madhawadew, the accounts also appear to be mainly based on legends and popular traditions, and as such are less than authentic. Arimatta himself is at best a legendary figure."
  57. ↑ Neog, Dimbeswar (1947). Introduction to Assam. পৃষ্ঠা. 72. "The Arimatta legends are so hopelessly divergent that it will simply be a wild goose chase here to make an attempt to reconcile them."
  58. ↑ Gait, Edward A. (1926). A History of Assam. প্ৰকাশক Calcutta and Simla: Thacker, Spink & Co.. পৃষ্ঠা. 19. https://archive.org/stream/historyofassam00gait/historyofassam00gait_djvu.txt. "Many legends cluster round Arimatta, but it would serve no useful purpose to discuss them further, as it is quite impossible to unravel the truth from the various conflicting stories that are current amongst the people."
  59. ↑ Neog, Dimbeswar (1947). Introduction to Assam. পৃষ্ঠা. 72–74.
  60. ↑ (Sarkar 1992:43–46)
  61. ↑ (Sarkar 1992:43–47)
  62. ↑ (Sarkar 1992:44)
  63. ↑ Muhammad Rezaul Karim (2012). "Coins". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 16 November 2026.
  64. ↑ আক্ৰমণৰ সঠিক তাৰিখ জনা নাযায়। (Sarkar 1992:46–47) চাওক।
  65. ↑ (Sarkar 1992:46)
  66. ↑ (Sarkar 1992:48)
  67. ↑ "But the rule of the Muslims was short. The Bhuyans made a united attack on Daniel's garrison and destroyed it to the last man."(Baruah 1986:181)
  68. ↑ "The kingdom again passed on to the rule of the Bhuyans till the rise of the Koches in about 1515 AD." (Baruah 1986:181)
  69. ↑ Nath, D. (1989). History of the Koch Kingdom, C. 1515–1615. Mittal Publications. পৃষ্ঠা. 28–29. ISBN 8170991099. https://books.google.com/books?id=ECxUOSudNGYC.
  70. ↑ "[Bisu, the son of Haria Mandal,] organised the strength of his tribe and defeated all the neighboring Bhuyans one after another and at last made himself the master of the dominion extending from the Karatoya in the west to the Barnadi in the east." (Baruah 1986:204)
  71. ↑ (Baruah 1986:205, 214–215)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  • Sarkar, J. N. (1992), "Chapter II The Turko-Afghan Invasions", in Barpujari, H. K., The Comprehensive History of Assam, 2, প্ৰকাশক Guwahati: Assam Publication Board, pp. 35–48 
  • Baruah, S L (1986), A Comprehensive History of Assam, প্ৰকাশক New Delhi: Munshiram Manoharlal Publishers Pvt. Ltd. 
  • Neog, Maheswar (1977). "Light on a Ruling Dynasty of Arunachal Pradesh in the Fourteenth and Fifteenth Centuries". Annals of the Bhandarkar Oriental Research Institute খণ্ড 58/59: 813–820. ISSN 0378-1143. 
  • Phukan, Padmeswar Naobaisha (2007). Tamuli, Lakshminath. ed. Naobaisha Phukanar Asom Buranji (2nd সম্পাদনা). https://archive.org/details/3_20190901_20190901. 
  • Barua, Kanak Lal (1933). Early History of Kamarupa: From the Earliest Times to the End of the Sixteenth Century. Published by the Author. 
  • Neog, Maheswar (1980). Early History of the Vaiṣṇava Faith and Movement in Assam. 
  • Boruah, Nirode (2011). "Kamarupa to Kamata: The Political Transition and the New Geopolitical Trends and Spaces". Proceedings of the Indian History Congress খণ্ড 72: 78–86. 
  • Baruah, Swarnalata (2007). Chutia Jatir Buranji. https://archive.org/details/chutiaburanji/mode/2up.