সমললৈ যাওক

পাল ৰাজবংশ (কামৰূপ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(পাল ৰাজবংশৰ পৰা পুনঃনিৰ্দেশিত)
কামৰূপ ৰাজ্য
পাল ৰাজবংশ

৯৯০ খ্ৰীষ্টাব্দ–১১৩৮ খ্ৰীষ্টাব্দ
ৰাজধানী দুৰ্জ্জয়া (বৰ্তমানৰ গুৱাহাটী)
ধৰ্ম
হিন্দু ধৰ্ম
Government ৰাজতন্ত্ৰ

মহাৰাজাধিৰাজা  

ইতিহাস  
 Established
৯৯০ খ্ৰীষ্টাব্দ
 Disestablished
১১৩৮ খ্ৰীষ্টাব্দ

পাল ৰাজবংশ (ইংৰাজী: Pala dynasty)ই আনুমানিক ৯৯০ খ্ৰীষ্টাব্দৰ পৰা ১১৩৮ খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল। শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগ সিংহৰ সতি-সন্ততি নথকাত সেই বংশ লোপ পাইছিল।[1] প্ৰজাসকলে ব্ৰহ্মপাল নামৰ পুৰণি নৰক বংশীয় কোঁৱৰ এজনক ৰজা মনোনীত কৰিছিল।[1] বংগ পাল ৰাজবংশৰ দৰেই এওঁলোকৰো প্ৰথম ৰজাজন নিৰ্বাচিত কৰা হৈছিল। বংগৰ পাল ৰাজবংশ বৌদ্ধ ধৰ্মী আছিল। আনহাতে কামৰূপ ৰাজ্য ৰাজত্ব কৰা পাল ৰাজবংশ হিন্দু আছিল।

ক্ৰমৰজাকাৰ্য্যকাল (খ্ৰীষ্টাব্দ)
ব্ৰহ্মপাল৯৯০ - ১০১০
ৰত্নপাল১০১০ – ১০৪০
ইন্দ্ৰপাল১০৪০ - ১০৬৫
গোপাল১০৬৫ - ‍১০৮০
হৰ্ষপাল১০৮০ - ১০৯৫
ধৰ্মপাল১০৯৫ - ১১২০
জয়পাল১১২০ - ১১৩৮

বৃদ্ধকালত ব্ৰহ্মপালে সন্যাস গ্ৰহণ কৰে আৰু পিতাকৰ ইচ্ছা অনুসৰি পুত্ৰ ৰত্নপাল কামৰূপৰ ৰজা হয়। ৰত্নপালৰ পাছত নাতিয়েক ইন্দ্ৰপাল আৰু ক্ৰমে গোপাল, হৰ্ষপাল, ধৰ্মপাল ৰজা হয়। ৰজা হৈ ধৰ্মপালে ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ নগৰলৈ তুলি নিয়ে।[2] ধৰ্মপালৰ পাছত তেওঁৰ পুত্ৰ জয়পাল ৰজা হয়।

পাল বংশৰ পতন

[সম্পাদনা কৰক]

গৌড় ৰজা ৰাম পালে জয়পাল ৰজাৰ দিনত কামৰূপ ৰাজ্য আক্ৰমণ কৰে। ইয়াৰ পিছতেই কামৰূপ ৰাজ্যত পাল ৰাজবংশৰ পতন ঘটে।


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক স্টল. পৃষ্ঠা. ২১.
  2. শান্তনু কৌশিক বৰুৱা (২০১৫). অসম ইয়েৰ বুক ২০১৬. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন.

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
  • Sircar, D. C. The Bhauma-Naraka or the Pala Dynasty of Brahmapala, The Comprehensive History of Assam, ed H. K. Barpujari, Guwahati, 1990.