শালস্তম্ভ ৰাজবংশ
কামৰূপ ৰাজ্য শালস্তম্ভ বংশ | ||||
| ||||
ৰাজধানী | হাৰুপেশ্বৰ (বৰ্তমানৰ তেজপুৰৰ ওচৰত) | |||
ধৰ্ম | হিন্দু ধৰ্ম | |||
চৰকাৰ | Monarchy | |||
মহাৰাজধিৰাজ | ||||
- ৬৫০ – ৬৭০ খ্ৰীষ্টাব্দ | শালস্তম্ভ | |||
- ৮১৫ – ৮৩২ খ্ৰীষ্টাব্দ | হজ্জৰবৰ্মা | |||
- ৮৯০ - ৯০০ খ্ৰীষ্টাব্দ | ত্যাগসিংহ | |||
ইতিহাস | ||||
- স্থাপিত | ৬৫০ খ্ৰীষ্টাব্দ | |||
- পতন | ৯০০ খ্ৰীষ্টাব্দ | |||
Warning: Value specified for "continent" does not comply |
শালস্তম্ভ বংশ সপ্তম শতিকাৰ মাজভাগত শালস্তম্ভ নামৰ ৰজা এজনে প্ৰতিষ্ঠা কৰে।[1] তেওঁ প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী তুলি নি বৰ্তমান তেজপুৰৰ ওচৰৰ হাৰুপ্পেশ্বৰ নামে ঠাইত পাতে।[1] এই বংশৰ ৰজাসকলে আনুমানিক ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯০০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। শালস্তম্ভৰ পিছৰ পৰা ত্যাগসিংহ পৰ্যন্ত মুঠ একৈশজন ৰজাই কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল। ৰত্নপালৰ তামৰ ফলিত শালস্তম্ভক ম্লেছৰাজ বোলা হৈছে।[1][2] ড° ডম্বৰুধৰ নাথৰ মতে শালস্তম্ভ চুতীয়া জাতিৰ লোক।[উদ্ধৃতিৰ প্ৰয়োজন] কিন্তু এই বংশৰ ৰজাবিলাকে নিজকে ভগদত্তৰ বংশধৰ বুলিহে পৰিচয় দিছিল। এই বংশৰ পতনৰ পিছত পাল ৰাজবংশৰ ৰজাই কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল।
কিছুমান বুৰঞ্জীবিদৰ মতে, পাল ৰাজবংশৰ প্ৰতিষ্ঠাপক ব্ৰহ্মপালে এওঁলোকক দক্ষিণ আৰু পূব দিশে খেদি পঠিয়ায়। পাছত এই বংশৰ কোনো লোকে পূবে শদিয়াত চুতীয়া ৰাজ্য আৰু দক্ষিণে ডিমাপুৰত কছাৰী ৰাজ্য প্ৰতিষ্ঠা কৰে।[3]
ৰজাসকল[সম্পাদনা কৰক]
ক্ৰম | ৰজা | কাৰ্য্যকাল |
---|---|---|
১ | শালস্তম্ভ | ৬৫০ – ৬৭০ খ্ৰীষ্টাব্দ |
২ | বিজয় বা বিগ্ৰহ স্তম্ভ | |
৩ | হৰ্ষদেৱ বা হৰ্ষবৰ্মন | ৭২৫ – ৭৪৫ খ্ৰীষ্টাব্দ |
৪ | বলবৰ্মন | |
৫ | প্ৰালম্ভ বা শালম্ভ | |
৬ | হৰ্জৰবৰ্মন | ৮১৫ – ৮৩২ খ্ৰীষ্টাব্দ |
৭ | বনমাল বৰ্মাদেৱ | ৮৩২ – ৮৫৫ খ্ৰীষ্টাব্দ |
৮ | জয়মালা বা বীৰ বাহু | ৮৫৫ - ৮৬০ খ্ৰীষ্টাব্দ |
৯ | বলবৰ্মন (তৃতীয়) | ৮৬০ - ৮৮০ খ্ৰীষ্টাব্দ |
১০ | ত্যাগসিংহ | ৮৯০ - ৯০০ খ্ৰীষ্টাব্দ |
পতন[সম্পাদনা কৰক]
শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগসিংহৰ কোনো সতি-সন্ততি নাছিল। সেয়ে শালস্তম্ভ বংশ লোপ পায়।[4]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 1.2 ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ১৯.
- ↑ ম্লেছ শব্দটো অপমানসূচক হ'লেও এই বংশৰ ৰজা হৰ্জৰবৰ্মনে হয়ুন্থল তামৰ ফলিত ইয়াৰ অৰ্থ বুজাইছে।(Sharma 1978:91)
- ↑ (Bhattacharjee 1992, পৃষ্ঠা 393)
- ↑ ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ২১.
গ্ৰন্থ সংযোগ[সম্পাদনা কৰক]
- Bhattacharjee, J. B. (1992), "The Kachari (Dimasa) state formation", in Barpujari, H. K., The Comprehensive History of Assam, 2, প্ৰকাশক Guwahati: Assam Publication Board, pp. 391–397
- Sharma, M M (1978), Inscriptions of Ancient Assam, প্ৰকাশক Guwahati: Gauhati University
- Sircar, D. C. (1990), "The Mlechchha Dynasty of Salasthambha", in Barpujari, H. K., The Comprehensive History of Assam, 2, প্ৰকাশক Guwahati: Assam Publication Board