হৰ্ষদেৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

হৰ্ষদেৱ আনুমানিক ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯০০ খ্ৰীষ্টাব্দলৈ অসমত ৰাজত্ব কৰা শালস্তম্ভ বংশৰ তৃতীয় জন ৰজা৷[1] তেওঁ ৭২৫ খ্ৰীষ্টাব্দৰ পৰা ৭৫০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল বুলি জনা যায়৷

উল্লেখযোগ্য কাম[সম্পাদনা কৰক]

হৰ্ষদেৱে তেওঁৰ ৰাজত্ব কালত আনুমানিক ৭৪৮ খ্ৰীষ্টাব্দত ৰাজ্যবিস্তাৰৰ কাম হাতত লৈছিল বুলি জনা যায়৷ তেওঁ ৰাজত্বকালত গৌড়, ওড্ৰ, কলিংগ, কোশল আদি ৰাজ্য অধিকাৰ কৰিছিল৷ অষ্টম শতিকাৰ মাজভাগত তেওঁৰ ৰাজত্ব পূবে শদিয়াৰ পৰা পশ্চিমে অযোধ্যালৈ, উত্তৰে হিমালয়ৰ পৰা দক্ষিণ-পশ্চিমে উৰিষ্যাক সামৰি বংগোপসাগৰলৈকে বিস্তৃত আছিল বুলি জনা যায়৷[1]

তথ্যউৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 ’অসমৰ ইতিহাস’ (২০০৭)-ড° নিশিপদ দেৱ চৌধুৰী, চেনেহী বেগম, ড° শান্ত বৰ্মণ; অসম সাহিত্য সভা, পৃষ্ঠা ৫৮-৫৯