শদিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
শদিয়া
Sadiya
—  নগৰ  —
অন্য নাম: Starting point of Assam
শদিয়া is located in Assam
শদিয়া
অসম (ভাৰত)ত শদিয়াৰ অৱস্থান
ভৌগোলিক স্থানাংক: 27°50′N 95°40′E / 27.83°N 95.67°E / 27.83; 95.67স্থানাংক: 27°50′N 95°40′E / 27.83°N 95.67°E / 27.83; 95.67
দেশ  ভাৰত
ৰাজ্য অসম
জিলা তিনিচুকীয়া
উচ্চতা ১২৩ মিটাৰ (৪০৩.৫৪ ফুট)
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০)

শদিয়া (ইংৰাজী: Sadiya) হ'ল উত্তৰ-পূৱ ভাৰতৰ অন্তৰ্গত অসম ৰাজ্যৰ এখন সৰু নগৰ। ই তিনিচুকীয়া জিলাত অৱস্থিত। লোহিত নদীৰ পাৰত থকা এই চহৰখনৰ প্ৰায় চাৰিওকাষ হিমালয় পৰ্বতে আগুৰি আছে। শদিয়াক শতফুলৰ দেশ বুলিও জনাজাত। পিছে এই শতফুল নো কি সঠিক ভাৱে কোনোৱে নাজানে।[উদ্ধৃতিৰ প্ৰয়োজন] শদিয়া এসময়ত দ্বিতীয় শ্বিলং হিচাপে জনাজাত আছিল। শদিয়াৰ হাবিত ইংৰাজে প্ৰথম চাহ গছ আৱিষ্কাৰ কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

ইতিহাস[সম্পাদনা কৰক]

শদিয়া মহাবিদ্যালয়

মহাভাৰত যুগত শদিয়া "বিদৰ্ভ ৰাজ্য" নামেৰে জনাজাত আছিল আৰু এই ৰাজ্যৰ ৰজা আছিল ভীষ্মক। এই ৰজাৰ জী ৰুক্মিণীকে ভগৱান শ্ৰীকৃষ্ণই হৰণ কৰিছিল বুলি জনা যায়। শদিয়াত ১১৮৭ খ্ৰীষ্টাব্দত বীৰপালে উত্তৰ-পূৱ অসম আৰু বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ কিছু অংশ লৈ স্থাপন কৰা চুতীয়া ৰাজ্যৰ ৰাজধানী আছিল। বীৰপালৰ পুত্ৰ গৌৰীনাৰায়নে ত্ৰয়োদশ শতিকাত শদিয়াত ৰাজধানী স্থাপন কৰে আৰু ষোড়শ শতিকালৈকে ই ৰাজধানী হৈ থাকে। শদিয়াত ব্ৰিটিছ ৰাজৰ পূৱ বংগ আৰু অসম অঞ্চলৰ অন্তৰ্গত লখিমপুৰ জিলাৰ উত্তৰ-পূৱ সীমান্তৰ চাউনি আছিল। নদীৰ আনটো পাৰত অসম-বংগ সংযোগী ৰেল লাইনৰ বাবে এটা ৰেলৱে ষ্টেচন আছিল। শদিয়াক সেনাৰ দুৰ্গ হিচাপেও ব্যৱহাৰ কৰা হৈছিল। তাৰ বজাৰত, মিচিমি, আবৰ, আৰু খামতি আদি সীমান্তৰ সিপাৰৰ পৰ্বতীয়া লোক সকলে কপাহী কাপোৰ, নিমখ আৰু ধাতৱ বস্তুৰ বিনিময়ত ৰবৰ, মম, হাতী দাঁত, আৰু কস্তুৰী আনি দিছিল। ১৯৫০ চনৰ বৰ ভূমিকম্পত পুৰণি শদিয়া চহৰ ধ্বংস হৈছিল। ১৯২৬ চনৰ এই শদিয়াৰ বুলুং নামৰ এখন গাঁৱত ভাৰত ৰত্ন সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা দেৱৰ জন্ম হৈছিল। বৰ্তমান এই বুলং নামৰ ঠাইখন বালি চৰ হ'ল। ১৯৫০ ৰ বৰ ভূঁইকঁপত ধ্বংস হোৱা এই গাঁৱৰ লোক সকলে বৰ্তমান অৰুণাচল প্ৰদেশৰ দিবাং ভেলি জিলাত পুনৰ বুলুং নামেৰেই নতুনকৈ গাওঁ পাতি বাস কৰি আছে। এই গাওঁখনতে অৰুণাচল চৰকাৰে সুধাকণ্ঠৰ স্মৃতিত এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে।

ভৌগোলিক[সম্পাদনা কৰক]

শদিয়াৰ ভৌগোলিক অৱস্থান হ'ল- 27°50′N 95°40′E / 27.83°N 95.67°E / 27.83; 95.67[1] সমুদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা প্ৰায় 123 মিটাৰ (404 ফুট)।

শদিয়াক বহুলোকে দিহং (চাংপু, ছিয়াং, ব্ৰহ্মপুত্ৰৰ প্ৰধান সুঁতি), দিবাং, আৰু লোহিত নদীৰ সংগমেৰে গঠিত বিশাল ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা পৃথিবীৰ আটাইতকৈ বৃহৎ ভূ-খণ্ড বুলি গণ্য কৰে।

ৰাজনৈতিক[সম্পাদনা কৰক]

শদিয়া ১৪ নং লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত, বিধানসভা সমষ্টিৰ নাম হ'ল ১২৬ নং শদিয়া বিধানসভা সমষ্টি।

তিনিচুকীয়া জিলাৰ তিনিটা মহকুমাৰ ভিতৰত শদিয়া এটা অন্যতম মহকুমা। চপাখোৱা শদিয়াৰ কেন্দ্ৰবিন্দু[2] ১৯৭৯ চনৰ ২৬ জানুৱাৰীত শদিয়াক মহকুমা হিচাপে ঘোষণা কৰা হৈছিল।

শদিয়া মহকুমাত এখন পৌৰসভা আছে। এই চপাখোৱা পৌৰসভাৰ প্ৰথম নিৰ্বাচিত পৌৰপতি জনৰ নাম হ'ল বিপিন গগৈ। শদিয়া মহকুমাত ১১খন পঞ্চায়ত, দুখন জিলা পৰিষদ আছে।

পৌৰাণিক আৰু ঐতিহাসিক কীৰ্তিচিহ্ন[সম্পাদনা কৰক]

শদিয়া মহকুমাৰ বিভিন্ন ঠাইত বহুতো পৌৰাণিক আৰু ঐতিহাসিক কীৰ্তিচিহ্ন আছে। তাৰে কিছুমান উল্লেখনীয় স্থান হ'ল:

শদিয়াৰ চাৰিশাল[সম্পাদনা কৰক]

শদিয়াত অতীজৰে পৰা চুতীয়া সকলৰ দেউৰী-চুতীয়া আৰু পৰৱৰ্তী সময়ত আহোম সকলে এই শালকেইখনত পূজা-অৰ্চনা কৰি আহিছে। প্ৰতি বছৰে বহাগ, আহাৰ বা শাওন, কাতি আৰু মাঘ মাহত বলি-বিধানেৰে পূজা কৰা হয়। তিনি বছৰৰ মূৰে মূৰে চতুৰ্থ বছৰত ম'হ বলি দিয়া হয়। অতীতত এই শাল সমূহত নৰবলি দিয়া হৈছিল। এই শাল সমূহত এতিয়াও দেউৰী সকল পূজাৰীৰ কাম কৰি আছে।

  • বুঢ়া-বুঢ়ী শাল: চপাখোৱাৰ পৰা পশ্চিমে প্ৰায় সাত কিলোমিটাৰ দূৰৈৰ বুঢ়াবুঢ়ী গাঁৱত অৱস্থিত। শিৱ-পাৰ্বতীক পূজা কৰা হয়।
  • কেঁচাইখাতী শাল বা তাম্ৰেশ্বৰী মন্দিৰ: চপাখোৱাৰ পৰা প্ৰায় এঘাৰ কিলোমিটাৰ দূৰৈত কুণ্ডিল নদীৰ পাৰৰ পুৰণি লখিমপুৰীয়া গাঁৱত অৱস্থিত। কেঁচাইখাতী গোসাঁনীক পূজা কৰা হয়।
  • পাতৰ শাল: চপাখোৱাৰ পৰা প্ৰায় বাৰ কিলোমিটাৰ দূৰৈৰ কুকুৰামৰা গাঁৱৰ সমীপৰ বালিজান নদীৰ পাৰত অৱস্থিত। শদিয়াৰে হলৌগাঁৱতো এখন পাতৰ শাল আছে কিন্তু উক্ত শালখন প্ৰকৃত পাতৰ শাল নহয়।
  • বলিয়া বাবাৰ থান: চপাখোৱাৰ পৰা পশ্চিমে প্ৰায় বাৰ কিলোমিটাৰ দূৰৈৰ হৰিপুৰ গাঁৱত অৱস্থিত। বুঢ়া-বুঢ়ী বা শিৱ-পাৰ্বতীৰ পুত্ৰ বলিয়া বাবাক পূজা কৰা হয়। ইয়াত নাৰীৰ প্ৰৱেশ নিষিদ্ধ।

পুখুৰী[সম্পাদনা কৰক]

চুতীয়া ৰাজত্বকালত খন্দোৱা কেইবাটাও পুখুৰী শদিয়াত দেখিবলৈ পোৱা যায়।

  • আহোম পুখুৰী (মিচিমিয়ে দিয়া নাম): বৰ্তমান এই পুখুৰীটো সম্পূৰ্ণৰূপে অৰুণাচলৰ বাসিন্দাৰ দখলত।
  • পদুম পুখুৰী: চপাখোৱাৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ দূৰৈৰ অৰুণাচল সীমান্তত অৱস্থিত পদুম পুখুৰী গাঁৱত আছে। কালি প্ৰায় দহ বৰ্গকিলোমিটাৰ, গভীৰতা দহ ফুট।
  • আম পুখুৰী: পদুম পুখুৰী পৰা প্ৰায় দুই কিলোমিটাৰ দূৰৈৰ শলখনিৰ ওচৰত আছে। কালি প্ৰায় আধাবিঘামান হব।
  • বৰ পুখুৰী: চপাখোৱাৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ দূৰৈৰ বৰ পুখুৰী গাঁৱত আছে। দীঘলে প্ৰায় এশমিটাৰ আৰু বহলে প্ৰায় ত্ৰিশমিটাৰ।
  • নৌ বহৰ: পুখুৰী সদৃশ এই নৌবিহৰটোক বৰ্তমান লাচিত ষ্টেডিয়াম নামেৰে জনাজাত। ইয়াক এখন খেল পথাৰলৈ উন্নিতকৰণ কৰা হৈছে। এই পুখুৰীত পানী জমা নহয়। অসমত হয়তো এইটোৱে এটা পুখুৰীত নিৰ্মাণ কৰা একমাত্ৰ ষ্টেডিয়াম।

অন্যান্য কীৰ্তিচিহ্ন[সম্পাদনা কৰক]

  • বৈৰাগী থান: চপাখোৱাৰ পৰা প্ৰায় ন কিলোমিটাৰ দূৰৈত অৱস্থিত। ড॰ ভূপেন হাজৰিকা সেতুৰ পাৰ হৈ কেৱল এক কিলোমিটাৰ দূৰৈৰ সাত মাইল নামৰ ঠাইৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত এই থান খন।
  • প্ৰতিমা গড়: কেৱল ভগ্নাৱশেষ দেখা পোৱা যায়। ইয়াত চুতীয়াসকলৰ সকলৰ যুদ্ধৰ বেহু পাতিছিল বুলি কোৱা হয়। পুৰনি তৰানি গাওঁৱত এই ভগ্নাংশেষ এতিয়াও আছে।
  • যুৰীয়া মৈদাম: চপাখোৱাৰ পৰা দক্ষিণে প্ৰায় চাৰি কিলোমিটাৰ দূৰৈৰ বিষ্ণুপুৰ গাঁৱত দুটা মৈদাম আছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]