তাম্ৰেশ্বৰী মন্দিৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
তাম্ৰেশ্বৰী মন্দিৰত অৱস্থিত মূৰ্তিৰ ছবি

তাম্ৰেশ্বৰী মন্দিৰ বা কেঁচাই খাইতি শাল[1] অসম-অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত এক ঐতিহাসিক মন্দিৰ। অসমৰ তিনিচুকীয়া জিলাশদিয়াৰ পৰা প্ৰায় ১৮ কিঃমিঃ নিলগত বৰ্তমান এই মন্দিৰৰ ধ্বংসাৱশেষ অৰুণাচল প্ৰদেশৰ লোহিত জিলাত অৱস্থিত।[2] এই মন্দিৰ তাম্ৰেশ্বৰী বা কেঁচাই খাইতি দেৱীলৈ উছৰ্গিত। তাম্ৰেশ্বৰী দেৱী হিন্দু ধৰ্মকালী, তাৰা, চামুণ্ডা আদিৰ দৰে উগ্ৰ দেৱী। কিছুমানৰ মতে এই মন্দিৰ জনজাতীয় লোকদেৱী কেঁচাই খাইতিৰ মূল মন্দিৰ। কেঁচাই খাইতি দেউৰী জনগোষ্ঠীৰ দেৱী আছিল।[3]

কালিকা পুৰাণত উল্লিখিত মতে দিক্কৰ বাসিনী নামৰ এখন শক্তিপীঠ আছিল। দিক্কৰ বাসিনীৰ দুটা ৰূপ বিদ্যমান, তীক্ষ্ণ কণ্ঠ আৰু ললিত কণ্ঠ। তীক্ষ্ণ কণ্ঠৰ দেহৰ বৰণ ক'লা আৰু পেট ঘটিৰ দৰে। এইৰূপক উগ্ৰতাৰা বা এক জঁটা বোলে। ললিত কণ্ঠ, ধুনীয়া আৰু আকৰ্ষণীয় আৰু তেওঁক তাম্ৰেশ্বৰী বোলা হয়। তাম্ৰেশ্বৰী মন্দিৰত অতীতত নৰবলি প্ৰথা প্ৰচলিত আছিল।[2] পিছলৈ মন্দিৰত প্ৰচলিত নৰবলি প্ৰক্ৰিয়া আহোম শাসকসকলে বন্ধ কৰি দিছিল।

নামৰ উৎপত্তি[সম্পাদনা কৰক]

তাম্ৰেশ্বৰী মন্দিৰ তাম ধাতুৰে নিৰ্মাণ কৰা হৈছিল। বিশেষকৈ ইয়াৰ ছাদ তামেৰে তৈয়াৰ কৰা হৈছিল। ইয়াৰ পৰায়ে তাম্ৰেশ্বৰী নামটো প্ৰচলিত হ'ল।[4] আনহাতে কেঁচাই খাইতি নাম ইয়াৰ উগ্ৰ স্বভাৱ আৰু নৰবলি প্ৰথাৰ পৰা আহিছে বুলি গণ্য কৰা হয়।

শিলালিপি[সম্পাদনা কৰক]

তাম্ৰেশ্বৰী মন্দিৰত উদ্ধাৰ কৰা পাথৰ শিলালিপিত লিখা আছে,[5]

“শিৱ চৰণ প্ৰসাদৎ বৃদ্ধাৰাজতন
য়া শ্ৰী শ্ৰীমত মুক্ত ধৰ্মনাৰায়ণ
শ্ৰী শ্ৰীমতী দিক্কৰবাসিনী ইষ্টক
দি বিৰচিত প্ৰকাৰ নিবন্ধ
কৃত অগ্ৰহায়নকে শক ১৩৬৪”

শিলালিপিত বৰ্ণনা কৰা মতে ১৩৬৪ শকত (১৪৪২ খ্ৰীষ্টাব্দ) চুতীয়া ৰজা মুক্ত ধৰ্মনাৰায়ণে ইটা ('ইষ্টকা') ব্যৱহাৰ কৰি মন্দিৰৰ দেৱাল নিৰ্মাণ কৰাইছিল। মন্দিৰটো দেৱী দিক্কৰ বাসিনীৰ প্ৰতি উৎসৰ্গিত। দিক্কৰবাসিনী নৱম-দশম শতিকাৰ কালিকা পুৰাণত 'কামৰূপ পীঠ' হিচাপে উল্লেখ আছে।

স্থাপত্য[সম্পাদনা কৰক]

মন্দিৰখনৰ দেৱাল আৰু দুৱাৰবোৰ সুন্দৰ কাৰু-কাৰ্য খচিত আছিল। মূলদ্বাৰৰ সন্মুখত ৰূপালী দাঁতৰ সৈতে দুটা প্ৰকাৰৰ হাতীৰ ভাস্কৰ্য আছিল। ১৭১১ খ্ৰীষ্টাব্দৰ চামৰুং ফুকনৰ বুৰঞ্জী মতে তাম্ৰেশ্বৰী মন্দিৰৰ ছাদ তামেৰে নিৰ্মিত আছিল। ১৮৪৮ চনত ব্ৰিটিছ পুৰাতত্ত্ববিদ ডেল্টনে সেই স্থানত শিলৰ মন্দিৰৰ গাঁথনি লক্ষ্য কৰিছিল। কিন্তু তামৰ ছাদ ইতিমধ্যে আঁতৰোৱা হৈছিল। ১৯০৫ চনত এই স্থান ভ্ৰমণ কৰা টি. ব্লকৰ অনুসৰি, এই বৰ্গাকাৰ গাঁথনিটো ভিতৰত মুল মন্দিৰটো হ'ব নোৱাৰে আৰু ইটাৰ বেৰটোৱে স্পষ্টভাৱে কেন্দ্ৰত কোনো এক প্ৰকাৰৰ বৃহৎ মন্দিৰ আছিল যি সময়ৰ সৈতে নাইকিয়া হৈছে। গোটেই মন্দিৰটো ইটাৰ দেৱালেৰে পৰিবেষ্টিত আছিল আৰু পশ্চিম ফালে নৰবলি স্থান আছিল।[6]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]

  1. Leslie Shakespear,History of Upper Assam, Upper Burmah and North-East Frontier, p.24
  2. 2.0 2.1 "RUINS OF COPPER TEMPLE (TAMRESWARI), NEAR PAYA". Archeological Survey of India. http://asiguwahaticircle.gov.in/coppertemple.html। আহৰণ কৰা হৈছে: 23 November 2020. 
  3. 'According to E.A. Gait, "The religion of the Chutiyas was a curious one. They worshipped various forms of Kali with the aid not of the Brahmanas but of their own tribal priests or Deoris. The favorite form in which they worshipped this deity was that of Kesai-khati 'the eater of raw flesh' to whom human sacrifices were offered. After their subjugation by the Ahoms, the Deoris were permitted to continue their ghastly rites; but they were usually given for this purpose, criminals who have been sentenced to capital punishment..."' (Gogoi & 2011 236)
  4. "তাহানিৰ অসমৰ গৌৰৱ তাম শিল্প". বিকাশপিডিয়া. https://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9a49be9b99be9a89bf9f0-9859b89ae9f0-9979f09f1-9a49be9ae-9b69bf9b29cd9aa। আহৰণ কৰা হৈছে: 23 November 2020. 
  5. Sircar,D.C,Journal of Ancient Indian History, p. 21.
  6. "Sadiya - Tourism, History, Culture and other facts". http://onlinesivasagar.com/tourism/sadiya.php। আহৰণ কৰা হৈছে: 12 June 2015. 
  7. Gogoi, Kakoli (2011). "Envisioning Goddess Tara: A Study of the Tara Traditions in Assam". Proceedings of the Indian History Congress খণ্ড 72: 232–239. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]