সমললৈ যাওক

তাৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তাৰা
সুৰক্ষাৰ দেৱী
দশ মহাবিদ্যা-ৰ সদস্য

উগ্ৰতাৰা ৰূপত তাৰা দেৱী
দেৱনাগৰী तारा
সংস্কৃত লিপ্যন্তৰ Tārā
সম্পৰ্ক পাৰ্বতী, মহাবিদ্যা, দেৱী, শিৱশক্তি
নিবাস শ্মশান
গ্ৰহ বৃহস্পতি
অস্ত্ৰ খৰ্গ, বজ্ৰ কটাৰী
সঙ্গী অক্ষোভ্য (শিৱ)

হিন্দু ধৰ্মত, দেৱী তাৰা (সংস্কৃত: : तारा, tārā) হৈছে দশ মহাবিদ্যা বা "মহান জ্ঞানৰ দেৱী"ৰ ভিতৰত দ্বিতীয়, আৰু শক্তিৰ এক প্ৰকাৰ বা দেৱীৰ তান্ত্ৰিক প্ৰকাশ। তাৰা শব্দটো সংস্কৃতৰ "তাৰ্" মূলৰ পৰা আহিছে, ইয়াৰ অৰ্থ "পাৰ কৰোৱা"।[1] আন বহুতো সমসাময়িক ভাৰতীয় ভাষাত 'তাৰা' শব্দৰ আন এক অৰ্থ হৈছে তৰা।

তাৰাৰ উৎপত্তি সম্পৰ্কীয় বিভিন্ন ধৰ্মীয় মত আছে। এটা সংস্কৰণে তাৰাৰ ৰাক্ষস-হত্যাৰ ৰূপৰ বিষয়ে বৰ্ণনা কৰিছে: হয়গ্ৰীৱ নামৰ এজন ৰাক্ষসে সকলো ঠাইতে ধ্বংসযজ্ঞ চলাইছিল, তেওঁ ব্ৰহ্মাৰ চাৰি বেদ চুৰ কৰাৰ লগতে দেৱতাসকলক অমৰাৱতীৰ (স্বৰ্গ) পৰা নিৰ্বাসিত কৰিছিল আৰু তেওঁলোকৰ সম্পত্তি সমূহ লুটি লৈছিল। উপায়ন্তৰ দেৱতাসকলে পৰিত্ৰাণৰ বাবে ব্ৰহ্মাৰ কাষ চাপিছিল, ব্ৰহ্মাই দেৱগণক কালীৰ ওচৰলৈ যোৱাৰ উপদেশ দিয়াত কালীয়ে তেওঁৰ তৃতীয় চকুৰ পৰা তাৰা নামৰ আন এগৰাকী দেৱী সৃষ্টি কৰিছিল আৰু হয়গ্ৰীৱক পৰাস্ত কৰিবলৈ পঠিয়াইছিল। যুদ্ধত, তাৰাই হয়গ্ৰীৱক বধ কৰে।

কালী আৰু তাৰাৰ ৰূপৰ বৰ্ণনাত সাদৃশ্য আছে। তেওঁলোক দুয়োকে নিস্তেজ বা মৃতদেহৰ দৰে শুই থকা শিৱৰ ওপৰত থিয় হৈ থকা বুলি বৰ্ণনা কৰা হৈছে। অৱশ্যে, কালী দেৱীৰ দেহৰ ক'লা বৰণৰ বিপৰীতে, তাৰাৰ দেহ নীলা বৰণৰ। দুয়ো নূন্যতম পোছাক পৰিধান কৰে, তাৰা দেৱীয়ে কঁকালত বাঘৰ ছাল মেৰিয়াই পিন্ধে, আনহাতে কালী দেৱীৰ কঁকালত মানুহৰ কটা হাতৰ মালা সদৃশ আৱৰণ থাকে। দুয়োগৰাকীয়ে মুণ্ড মালা পিন্ধে। দুয়োৰে জিভা ৰঙা আৰু বাহিৰলৈ ওলোৱা, মুখৰ পৰা তেজ নিৰ্গত হৈ থাকে। তাৰাদেৱী প্ৰত্যালিধ ভঙ্গীত থিয় হৈ থকা দেখুওৱা হৈছে (য'ত বাওঁ ভৰি আগলৈ থাকে)। তেওঁৰৰ ভৈৰৱ হৈছে অক্ষোভ্য, এগৰাকী বোধিসত্ত্ব। তাৰা দেৱীয়ে পাঁচজন ধ্যানকাৰী বুদ্ধৰ মুণ্ড খোলাৰে নিৰ্মিত মুকুট পিন্ধে। তেওঁৰ মুঠ আঠটা ভিন্ন ৰূপৰ বাবে অষ্ট তাৰা নামেৰেও জনা যায়। নামসমূহ হৈছে: এক জঁটা, উগ্ৰাতাৰা, মহোগ্ৰা, কামেশ্বৰী, চামুণ্ডা, নীলা সৰস্বতী, বজ্ৰ, আৰু ভদ্ৰকালী।[2][3] তাৰা দেৱীক তেওঁৰ মাতৃ প্ৰবৃত্তিৰ বাবে ভক্ত (ভক্ত) বা তন্ত্ৰিকৰ ওচৰত সহজে সদয় হয় বুলি বিশ্বাস কৰা হয়।

বৌদ্ধ ধৰ্মত

[সম্পাদনা কৰক]

তাৰা হৈছে মহাযান বৌদ্ধ ধৰ্মৰ এগৰাকী মহিলা বোধিসত্ত্ব যি বজ্ৰায়ণ বৌদ্ধ ধৰ্মত মহিলা বুদ্ধ হিচাপে বিদিত। তেওঁক "মুক্তিৰ মাতৃ" বুলি জনা যায়, আৰু কাম আৰু কৃতিত্ব তথা সফলতাৰ গুণাগুণক প্ৰতিনিধিত্ব কৰে।

কোনো কোনো গৱেষকে বিশ্বাস কৰে যে পাৰ্ণশবৰী হিন্দু দেৱী তাৰাৰ আন এটা নাম।[4][5]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. David Gordon White The Alchemical Body: Siddha Traditions in Medieval India, (Kindle Locations 1613–1615). University of Chicago Press. Kindle Edition. "This coastal location reminds us of what may have been Tārā’s original role: she was a goddess of navigation, of sea crossings— tārā is generated from the verb tṛ, to cross over the sea."
  2. Reflections on the Tantras. S̄udhakar Chattopadhyaya. পৃষ্ঠা. 76. https://books.google.com/books?id=CmaewdodLZQC&pg=PA76&lpg=PA76&dq=Paranasabari&source=bl&ots=BLE3Jqwsrs&sig=_X5dWvMO_9HczMVRdxyuLQb6Vjs&hl=en&sa=X&ei=2WkKT6rXOs7KrAen4OjbDw&ved=0CCgQ6AEwAA#v=onepage&q=Paranasabari&f=false. 
  3. The social function of art by Radhakamal Mukerjee. Philosophical Library. 1954. পৃষ্ঠা. 151. https://books.google.com/books?id=Vh4sAQAAIAAJ&q=paranasavari&dq=paranasavari&hl=en&sa=X&ei=k3MKT6D_JYfZrQfWgcXWDw&ved=0CDQQ6AEwAA. 
  4. Reflections on the Tantras. S̄udhakar Chattopadhyaya. 1978. পৃষ্ঠা. 76. ISBN 9788120806917. https://books.google.com/books?id=CmaewdodLZQC&q=Paranasabari&pg=PA76. 
  5. The social function of art by Radhakamal Mukerjee. Philosophical Library. 1954. পৃষ্ঠা. 151. https://books.google.com/books?id=Vh4sAQAAIAAJ&q=paranasavari.