মহাবিদ্যা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
দশমহাবিদ্যা - (ওপৰৰ পৰা বাওঁফাললৈ) কালী, তাৰা, ষোড়শী, ভুৱনেশ্বৰী, ভৈৰৱী, (তলৰ পৰা বাওঁফাললৈ) ছিন্নমস্তা, ধূমাৱতী, বগলা, মাতঙ্গী, কমলা

মহাবিদ্যা বা দশমহাবিদ্যা হিন্দু ধৰ্মৰ দেৱী। দিব্য জননী পাৰ্বতী দেৱীৰ দহটি বিশেষ ৰূপৰ সমষ্টিগত নাম। এই সকল দেৱীৰ এটা ৰূপ হৈছে ভয়ংকৰ দেৱীমূৰ্তি, আৰু আনটো ৰূপ অপৰূপ সুন্দৰী দেৱী প্ৰতিমাৰ।[1]

মুণ্ডমালা তন্ত্ৰ অনুসৰি দশমহাবিদ্যা হৈছে কালী, তাৰা, ষোড়শী, ভৈৰৱী, ভুৱনেশ্বৰী, ছিন্নমস্তা, ধূমাৱতী, বগলা, মাতঙ্গী আৰু কমলাকামিনী। অৱশ্যে মহাবিদ্যাৰ সংখ্যা সম্পৰ্কীয় মতান্তৰ থকা দেখা যায়। আন এক সূত্ৰ মতে মহাবিদ্যাৰ সংখ্যা ১২। দুৰ্গা, কামাখ্যা আৰু অন্নপূৰ্ণাও মহাবিদ্যা। মালিনী বিজয় গ্ৰন্থ মতে, মহাবিদ্যা হৈছে কালী, নীলা, মহাদুৰ্গা, ত্বৰিতা, ছিন্নমস্তিকা, বাগ্বাদিনী, অন্নপূৰ্ণা, প্ৰত্যঙ্গিৰা, কামাখ্যাবাসিনী, বালা, মাতঙ্গী আৰু শৈলবাসিনী[2]মহাবিদ্যা অভিধাটো মূলত সংস্কৃত শব্দ। সংস্কৃত মহা (অৰ্থাৎ মহৎ) আৰু বিদ্যা (অৰ্থাৎ প্ৰকাশ, ৰূপ, জ্ঞান বা বুদ্ধি) শব্দদুটিৰ সমষ্টিয়ে মহাবিদ্যা[3] ইয়াৰ সৈতে কেতিয়াবা কেতিয়াবা সংখ্যাবাচক দহ শব্দটো যুক্ত হৈ থাকে। মহাবিদ্যাৰ বিকাশে শক্তিবাদৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ক প্ৰতিনিধিত্ব কৰে কিয়নো ই শক্তিবাদত ভক্তিদিশৰ উত্থানক চিহ্নিত কৰে, যি ১৫০০ খ্ৰীষ্টাব্দত শীৰ্ষত উপনীত হৈছিল। পৌৰাণিক যুগত, প্ৰায় ৩-৪ শতিকাত, তত্ত্ববাদী আন্দোলনৰ ই এক নতুন ধাৰা আছিল য'ত সৰ্বোচ্চ সত্তাক মহিলা হিচাপে কল্পনা কৰা হৈছিল। [4]

নাম[সম্পাদনা কৰক]

শাক্ত সকলে বিশ্বাস কৰে, "একেটা সত্যই দহোটা ভিন্ন ৰূপে প্ৰকাশিত; দিব্য জননী দহটি বিশ্বৰূপে দৃষ্ট আৰু পূজিত হৈ আছে।” এই দহটা ৰূপেই হ'ল দশমহাবিদ্যা।[5] মহাবিদ্যাগণ প্ৰকৃতিগতভাবে তান্ত্ৰিক। তেওঁলোকৰ সাধাৰণ নাম সমূহ হল:[6]

  • কালী : সৰ্বসংহাৰকাৰিনী, জন্ম আৰু শক্তিৰ দেৱী। তেওঁ শাক্তধৰ্মৰ কালীকুল সম্প্ৰদায়ৰ সৰ্বোচ্চ দেৱী।
  • তাৰা : পথপ্ৰদৰ্শক আৰু ৰক্ষাকাৰিনী (তাৰিনী) দেৱী। বিশ্বৰ উৎস হিৰণ্যগৰ্ভৰ শক্তি আৰু মহাশূন্যৰ প্ৰতীক।
  • ত্ৰিপুৰাসুন্দৰী বা ললিতা-ত্ৰিপুৰাসুন্দৰী (ষোড়শী) : পূৰ্ণতা আৰু পূৰ্ণাঙ্গতাৰ স্বৰূপ। শাক্তধৰ্মৰ শ্ৰীকুল সম্প্ৰদায়ৰ সৰ্ব্বোচ্চ দেৱী। তেওঁ তান্ত্ৰিক পাৰ্বতী নামে পৰিচিত।
  • ভুৱনেশ্বৰী : বিশ্বজননী। পাৰ্থিৱ জগতৰ শক্তিসমূহৰ প্ৰতীক।
  • ভৈৰৱী : ভয়ংকৰী দেৱী। তেওঁ কামনা তথা প্ৰলোভনৰ স্বৰূপ, যি মৃত্যুৰ দিশে টানি লৈ যায়।
  • ছিন্নমস্তা : উলঙ্গিনী দেৱীমূৰ্তি। তেওঁ স্বহস্তে নিজ মস্তক ছিন্ন কৰি নিজৰ ৰক্ত নিজেই পান কৰে। চক্ৰপথে আত্মধ্বংস আৰু আত্মপুনৰুজ্জীৱনৰ মাধ্যমেৰে সৃষ্ট জগতৰ অবিৰাম বিদ্যমানতাৰ শক্তিৰ প্ৰতীক।
  • ধূমাৱতী : বিধবা দেৱীমূৰ্তি। অগ্নিৰ দ্বাৰা জগত ধ্বংসৰ পিছত ভষ্মৰাশিৰ পৰা যি ধোঁৱা নিৰ্গত হয়, তাৰ স্বৰূপ। তেওঁ কেতিয়াবা কেতিয়াবা অলক্ষ্মী বা জ্যেষ্ঠাদেৱী নামেৰেও অভিহিত।
  • বগলামুখী : শত্ৰুনিষ্ক্ৰিয়কাৰিনী দেৱী। ঈৰ্ষা, ঘৃণা আৰু নিষ্ঠুৰতাৰ দৰে মানৱচৰিত্ৰৰ অন্ধকাৰ দিশ নিয়ন্ত্ৰণ কৰে। তেওঁক সাৰস-মুণ্ড ৰূপেও কল্পনা কৰা হয়।
  • মাতঙ্গী : কৰ্তৃত্ব শক্তিৰ দেৱী। জাতিহীন দেৱী (কালীকুল সম্প্ৰদায়), ললিতাৰ প্ৰধানমন্ত্ৰী (শ্ৰীকুল সম্প্ৰদায়); তান্ত্ৰিক সৰস্বতী
  • কমলাকামিনী  : শুদ্ধ চৈতন্যৰ দেৱী। ভাগ্যদেৱী লক্ষ্মীৰ অন্যৰূপ। তেওঁ তান্ত্ৰিক লক্ষ্মী নামেও অভিহিত।

মহাভাগৱত পুৰাণ আৰু বৃহদ্ধৰ্ম পুৰাণত ত্ৰিপুৰাসুন্দৰীক ষোড়শী নামে অভিহিত কৰা হৈছে।[1] গুহ্যাতিগুহ্য তন্ত্ৰত কোৱা হৈছে যে মহাবিদ্যাগণেই হ'ল বিষ্ণুদশাৱতাৰৰ উৎস।

মহাবিদ্যা আৰু বিষ্ণুৰ দশৱতাৰ
নং. দেৱীৰ নাম অৱতাৰ সমূহ
১. কালী কৃষ্ণ
২. তাৰা ৰাম
৩. ত্ৰিপুৰা সুন্দৰী বা ললিতা ত্ৰিপুৰা সুন্দৰী বামন
৪. ভৈৰৱী বৰাহ
৫. ভুৱনেশ্বৰী কল্কি
৬. ছিন্নমস্তা নৰসিংহ
৭. মাতঙ্গী পৰশুৰাম
৮. বগলামুখী কূৰ্ম
৯. কমলাকামিনী বলোৰাম
১০ ধূমাৱতী মৎস্য

দেৱীৰ এই দশ ৰূপ, যি ভয়ংকৰেই হওক বা কোমল, বিশ্বজননী ৰূপে পূজিত হয়। এই প্ৰতিটো ৰূপকে পাৰ্বতী বা কালিৰ দহটা স্বৰূপ বুলি কোৱা হয়:

বাৰ গৰাকী মহাবিদ্যা আৰু তেওঁলোকৰ ভৈৰৱ সকল[7]
নং. দেৱীৰ নাম ভৈৰৱৰ নাম
১. কালী মহাকাল
২. তাৰা অক্ষোভ্য
৩. ত্ৰিপুৰা সুন্দৰী কামেশ্বৰ
৪. ভৈৰৱী দক্ষিণামূৰ্তি
৫. ভুৱনেশ্বৰী ভুৱনেশ্বৰ
৬. ছিন্নমস্তা কবন্ধ
৭. মাতঙ্গী মাতঙ্গ ভৈৰৱ
৮. বগলামুখী একবক্ত্ৰ
৯. কমলাকামিনী সদাশিৱ বা কমল ভৈৰৱ
১০. ধূমাৱতী ভৈৰৱহীন[8]
১১. দুৰ্গা নাৰদ ভৈৰৱ
১২. অন্নপূৰ্ণা দশবক্ৰত

তথ্যউৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 Mahavidyas Hindu goddesses: visions of the divine feminine in the Hindu religious tradition, by David R. Kinsley. University of California Press, 1988. আই.এচ.বি.এন. 0-520-06339-2. Page 161-165.
  2. পৌৰাণিকা: বিশ্বকোষ হিন্দুধৰ্ম, প্ৰথম খণ্ড, অমলকুমাৰ মুখোপাধ্যায়, ফাৰ্মা কেএলএম প্ৰাইভেট লিমিটেড, কলকাতা, ২০০১
  3. The Devī Gītā: the song of the Goddess, by Cheever Mackenzie Brown. SUNY Press, 1998. আই.এচ.বি.এন. 0-7914-3940-2. Page 23
  4. "Mahavidya - Chinese Buddhist Encyclopedia". www.chinabuddhismencyclopedia.com. http://www.chinabuddhismencyclopedia.com/en/index.php/Mahavidya। আহৰণ কৰা হৈছে: 2020-01-03. 
  5. Shankarnarayanan, S., The Ten Great Cosmic Powers: Dasa Mahavidyas. Samata Books (Chennai, 1972; 4th ed. 2002)., pp. 4, 5.
  6. Kinsley, David. Tantric Visions of the Divine Feminine: The Ten Mahavidyas. University of California Press (Berkeley, 1997).
  7. "The Twelve Mahavidyas and their Bhairavas". www.kamakotimandali.com. http://www.kamakotimandali.com/blog/index.php?p=1291&more=1&c=1&tb=1&pb=1। আহৰণ কৰা হৈছে: 2020-01-06. 
  8. Goswami, Kali Prasad (2000) (en ভাষাত). Devadāsī: Dancing Damsel. APH Publishing. ISBN 978-81-7648-130-4. https://books.google.com/books?id=BCaPL88jdToC&q=Dhumavati+No+bhairava+%2C&pg=PA75. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]