সমললৈ যাওক

কমলাকামিনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কমলা
দশ মহাবিদ্যা-ৰ সদস্য
কমলা, কমলাকামিনী, কমলাত্মিকা
দেৱনাগৰী कमला
সংস্কৃত লিপ্যন্তৰ কমলা
সম্পৰ্ক দেৱী, মহাবিদ্যা, পাৰ্বতী, শিৱশক্তি, লক্ষ্মী
সঙ্গী কমল ৰূপত শিৱ
আসন/বাহন কমল ফুল, ৪টা ঐৰাৱত

কমলা (সংস্কৃত: कमला ),কমলাত্মিকা (সংস্কৃত: कमलात्मिका ) বা কমলাকামিনী হৈছে হিন্দু ধৰ্মৰ এগৰাকী দেৱী। তেওঁৰ সুন্দৰ দিশটো হৈছে পৰিপূৰ্ণতা। তেওঁক দশম আৰু অন্তিম মহাবিদ্যা ("মহান জ্ঞান") বুলি বিশ্বাস কৰা হয় আৰু সকলো মহাবিদ্যাৰ দৰে পাৰ্বতীৰ এক প্ৰকাৰ। কেতিয়াবা, তেওঁক লক্ষ্মীৰ তান্ত্ৰিক ৰূপ বুলিও গণ্য কৰা হয়।[1]

কমলাত্মিকাৰ দেহৰ বৰণ সোণালী। তেওঁৰ ওপৰত চাৰিটা ডাঙৰ হাতীয়ে অমৃতৰ কলহৰে অমৃত ঢালি থাকে।কমলা দেৱীৰ চাৰিখন হাতৰ দুখনত দুটা পদুম ফুল আৰু আন দুখন হাত ক্ৰমান্বয়ে অভয় মুদ্ৰা (আশ্বাস দিয়াৰ ভঙ্গী) আৰু বৰ মুদ্ৰা (বৰদান প্ৰদানৰ ভঙ্গী)ত থাকে। তেওঁ পদ্মাসনত (পদুমৰ ভঙ্গী) পদুমৰ ওপৰত বহি থকা বুলি চিত্ৰিত কৰা হৈছে।[1] কমলাত্মিকা বিশুদ্ধতাৰ প্ৰতীক।

গৰুড় পুৰাণ, লিঙ্গ পুৰাণ আৰু পদ্ম পুৰাণত উল্লেখ কৰা অনুসৰি, তেওঁ মহৰ্ষি ভৃগু আৰু তেওঁৰ পত্নী ক্ষাতিৰ কন্যা হিচাপে দেৱী লক্ষ্মীৰ ৰূপত প্ৰকাশিত হৈছে, পিছত তেওঁৰ ভগৱান বিষ্ণুৰ সৈতে বিবাহ সম্পন্ন হয় আৰু শ্ৰী উপাধি লাভ কৰে। তেওঁ সকলো ভক্তক বস্তুবাদী আৰু আধ্যাত্মিক শান্তিৰ বাবে আশীৰ্বাদ প্ৰদান কৰে। ইয়ে শৈৱবাদ (শক্তিবাদ) আৰু বৈষ্ণৱ ধৰ্মৰ ধাৰণাবোৰক একত্ৰিত কৰে।

তথ্যউৎস

[সম্পাদনা কৰক]
  • Hindu Goddesses: Vision of the Divine Feminine in the Hindu Religious Traditions (আই.এচ.বি.এন. 81-208-0379-5) by David Kinsley