পদুম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পদুম
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
বৰ্গ: Proteales
পৰিয়াল: Nelumbonaceae
গণ: Nelumbo
প্ৰজাতি: N. nucifera
বৈজ্ঞানিক নাম
Nelumbo nucifera
Gaertn.
সমাৰ্থক
  • Nelumbium speciosum Willd.
  • Nymphaea nelumbo
  • Nymphaea stellata

পদুম (বৈজ্ঞানিক নাম:Nelumbian nucifera) ভাৰতৰ ৰাষ্ট্ৰীয় ফুল। পদ্ম, কমল, শতদল, সহস্ৰদল, উৎপল, মৃণাল, পংকজ, অম্বুজ, নীৰজ, সৰোজ, নলিনী, অৰবিন্দ, ৰাজীৱ, ইন্দিৰা, কুমুদ, পুণ্ডৰীক(শ্বেতপদ্ম), কোকোনদ(ৰক্ত পদ্ম), ইন্দিবৰ(নীল পদ্ম) আদি বিভিন্ন নামেৰে পদুম জনাজাত। ফাৰ্চী ভাষাত পদুমক "নিলোফাৰ" আৰু ইংৰাজী ভাষাত "Indian Lotus" বা "Sacred Lotus" বোলে।

পদুমৰ গছ পানী বা বোকাত গজে। ভাৰতৰ সকলো উষ্ণ অঞ্চলত তথা ইৰানৰ পৰা অষ্ট্ৰেলীয়ালৈ পদুম পোৱা যায়। পদুমৰ ফুল সাধাৰণতে বগা বা গুলপীয়া হোৱা দেখা যায়। ৰঙা, নীলা আৰু সোণালী ৰঙৰো পদুম পোৱা যায়। পাতবোৰ ডাঙৰ আৰু গোলাকৃতিৰ। পাতৰ দীঘলীয়া ঠাৰিৰ পৰা একপ্ৰকাৰৰ সূতা উলিওৱা হয়। এই সূতা মন্দিৰত চাকিৰ শলিতা হিচাপে ব্যৱহাৰ কৰা হয়। এই সূতাৰে তৈয়াৰ কৰা কাপোৰ পিন্ধিলে বহুতো ৰোগৰ পৰা সাৰি থাকিব পাৰি বুলি বিশ্বাস কৰে। পদুমৰ গা-গছ দীঘলীয়া, পোন আৰু ফোপোলা। ই পানীৰ তলত গোটেই বোকা আৱৰি থাকে। গা-গছৰ গাঁঠিৰ পৰা শিপা উলায়। পদুমৰ ৰাইজম পদ্ধতিৰে অযৌন প্ৰজনন ঘটে।

পৰিচয়[সম্পাদনা কৰক]

পুখুৰীত ফুলি থকা পদুম

পৃথিৱীৰ প্ৰায় সকলো ঠাইতে কম বেছি পৰিমাণে পদুম পোৱা যায়। জান-জুৰি, বিল, পুখুৰী আদিত পদুম গজে। গুটিৰ পৰা ইয়াৰ বংশবৃদ্ধি হয়। ৰং আৰু আকাৰভেদে পদুমৰ বহুতো প্ৰজাতি আছে। কিন্তু বিশেষকৈ বগা, গুলপীয়া, ৰঙা আৰু নীলা ৰঙৰ পদুম বেছিকৈ দেখা যায়। কিছুমান ঠাইত সোণালী পদুমো পোৱা যায়। ইয়াৰ পাতবোৰ গোলাকাৰ ডাঙৰ কাঁহীৰ নিচিনা আৰু মাজভাগত পাতল ঠাৰিৰে সংযুক্ত হৈ থাকে। পানীৰ ফালে থকা পাতৰ ভাগ কোমল আৰু পাতল সেউজীয়া ৰঙৰ। চত-বহাগৰ পৰা পদুম ফুলিবলৈ আৰম্ভ হয় আৰু শাওন-ভাদ মাহলৈ ফুলে। ফুলবোৰ দীঘল মিহি ঠাৰিৰ শীৰ্ষত ফুলে। ঠাৰিবোৰত সৰু সৰু ফুটা থাকে। প্ৰাচীন কালত পদুমৰ ঠাৰিৰ পৰা সূতা উলিয়াই কাপোৰ প্ৰস্তুত কৰা হৈছিল। এই কাপোৰে জ্বৰ দূৰ কৰে বুলি বিশ্বাস কৰা হয়। পদুমৰ কলি পুৱা বিকাশত হয় আৰু সন্ধিয়া জাপ খাই পৰে। সকলো ফুলত সমান সংখ্যক পাহি নাথাকে। পাহিবোৰৰ মাজত কেশৰৰ এক মণ্ডল থাকে। পদুমৰ পৰাগেৰে তৈয়াৰ কৰা মৌ চকুৰ বাবে উপকাৰী।

ভিন্ন-ভিন্ন প্ৰজাতিৰ পদুমৰ আকৃতি ভিন্ন-ভিন্ন। আমেৰিকাৰ উমৰা দ্বীপত পোৱা পদুম ফুলৰ ব্যাস ২৪ ইঞ্চি আৰু পাতৰ ব্যাস ৬ ফুট। পাহি বোৰ সৰি যোৱাৰ পিছত বীজস্থলী ডাঙৰ হৈ পৰে। ইয়াক পদুম চকা বোলে। বীজ বোৰ ডিম্বাকৃতিৰ আৰু শুকাই গলে ক'লা ৰঙৰ হৈ পৰে। কেঁচা বীজ মানুহে খায় আৰু আঞ্জা ৰান্ধে, শুকান বোৰ ঔষধ হিচাপে ব্যৱহাৰ হয়। পদুমৰ শিপা শকত আৰু বিন্ধাযুক্ত। খৰাং পৰিস্থিতিত ইয়াৰ শিপা প্ৰচুৰ ভাবে উৎপন্ন হয়। মানুহে ইয়াৰ তৰকাৰী ৰান্ধে। আকালত দুখীয়ালোক সকলে ইয়াৰ পৰা আটা প্ৰস্তুত কৰে। সেইদৰে পদুমৰ কোমল কলিও মানুহে খায়। এক প্ৰকাৰৰ গন্ধহীন ৰঙা পদুমৰ বীজৰ পৰা তেল উলিওৱা হয়।

ব্যৱহাৰ[সম্পাদনা কৰক]

পদুমৰ প্ৰতিটো অংশৰে বেলেগ-বেলেগ নাম আছে আৰু প্ৰতিটো অংশৰ ঔষধীয় গুণ আছে। বিভিন্ন আয়ুৰ্বেদীক, এলপেথীক আৰু য়ুনানী ঔষধ পদুমৰ বিভিন্ন অংশৰ পৰা প্ৰস্তুত কৰা হয়। পাৰম্পৰিক চীনীয় ঔষধতো পদুম ব্যৱহাৰ কৰা হয়।

পূজা-পাৰ্বন আৰু পুষ্পসজ্জাত পদুম ফুলৰ বিশেষ ব্যৱহাৰ কৰা হয়। হিন্দু, জৈন আৰু বৌদ্ধ ধৰ্মত পদুমক পৱিত্ৰ বুলি গণ্য কৰা হয়। পদুমৰ পাত কাঁহী হিচাপেও ব্যৱহাৰ কৰা হয়। পদুমৰ বিভিন্ন অংশ খাদ্য হিচাপে ব্যৱহৃত হয়।

সাংস্কৃতিক তাৎপৰ্য্য[সম্পাদনা কৰক]

পৌৰাণিক তাৎপৰ্য্য[সম্পাদনা কৰক]

ৰাজা ৰবি বৰ্মায়ে অংকন কৰা দেৱী লক্ষ্মী

প্ৰাচীন ভাৰতীয় গ্ৰন্থ সমূহত পদুমৰ গুৰুত্বপূৰ্ণ স্থান আছে। বিষ্ণু পূৰাণত ইন্দ্ৰৰ দ্বাৰা দেৱী লক্ষ্মীৰ স্তুতিত কোৱা হৈছে- হে কমলাসনা, পদুমৰ দৰে হাতৰ অধিকাৰীনী, কমলনয়না, পদ্মমুখী, পদ্মনাভৰ প্ৰিয় দেৱী , মই আপোনাৰ বন্দনা কৰিছোঁ।[क] ইয়াৰ পৰাই গম পোৱা যায় যে ভাৰতীয় সংস্কৃতিত পদুমৰ সৌন্দৰ্য্যক কিমান আকৰ্ষিত আৰু পৱিত্ৰ বুলি গণ্য কৰা হয়। পদ্ম পূৰাণ নামেৰে এখন পূৰাণো আছে। সৃষ্টিৰ ৰচয়িতা ভগৱান ব্ৰহ্মাই নাৰায়ণৰ নাভি পদ্মৰ পৰা উৎপন্ন হৈ সৃষ্টি ৰচনা সম্বন্ধে জ্ঞানৰ বিস্তাৰ কৰিছিল । সেয়ে এই পূৰাণক পদ্ম পূৰাণ বোলে। মহৰ্ষি বেদব্যাসৰ দ্বাৰা ৰচিত সকলো ১৮ পূৰাণৰ ভিতৰত পদ্ম পূৰাণ দ্বিতীয় স্থান প্ৰাপ্ত। শ্লোকৰ সংখ্যাৰ ফালৰ পৰাও এই পূৰাণ দ্বিতীয়।[1] তদুপৰি বিভিন্ন দেৱ দেৱীৰ হাতত পদুম দেখা যায়। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক শ্বেতপদ্ম আসনত আৰু দেৱী লক্ষ্মীক ৰক্তপদ্ম আসনত চিত্ৰীত কৰা হয়।

হাতত পদুম আৰু মুৰত পদুমৰ মুকুট পৰিধান কৰি কমলাসনত বহি থাকা ভগৱান বিষ্ণু


স্থাপত্য কলা[সম্পাদনা কৰক]

দিল্লীত অৱস্থিত বাহাই সকলৰ উপাসনাস্থলী, বাহাই মন্দিৰ বা Lotus Temple

ধাৰ্মিক চিত্ৰ, মন্দিৰৰ দেৱাল, গুম্বজ আৰু স্তম্ভ সমূহত পদুমৰ সুন্দৰ আলংকৰণ পোৱা যায়। বেছি ভাগ হিন্দু দেৱ-দেৱী হাতত পদুম লৈ থকাকৈ চিত্ৰীত কৰা হয়। খাজুৰাহুৰ দেৱী জগদম্বী মন্দিৰত হাতত পদুম লৈ ৪ ফুট ৮ ইঞ্চি ওখ চতুৰ্ভূজী দেৱীৰ মুৰ্তি আছে। ইয়াতে অৱস্থিত এটা সূৰ্য্য মন্দিৰত সূৰ্য্যক পুৰুষ হিচাপে কল্পনা কৰি স্থাপন কৰা হৈছে। মুৰ্তিটো ৫ ফুট ওখ আৰু দুয়োখন হাতত পদুমৰ ফুল আছে।[2] উদয়পুৰৰ পদ্মাৱতী মাৰ জল মন্দিৰ পদুমৰ আকৃতিত সজা হৈছে। মাৰ্বল পাথৰেৰে নিৰ্মিত দেৱী পদ্মাৱতীৰ এই মন্দিৰত দেৱী লক্ষ্মী, সৰস্বতী আৰু অম্বিকাৰ ভৱ্য প্ৰতিমা আছে।[3] ৰাজস্থানৰ ধলপুৰ জিলাত মচকুণ্ড তীৰ্থস্থলৰ ওচৰত পদুম ফুলৰ বাগিচা আছে। শিল কাটি পদুমৰ আকৃতিৰে সজা এই বাগিচাৰ ঐতিহাসিক মহৎত্ব আছে। প্ৰথম মোগল বাদছাহ বাবৰৰ আত্মজীৱনী 'বাবৰ নামা'ত এই বাগিচাৰ উল্লেখ আছে।[4] বিহাৰৰ ঔৰংগাবাদ জিলাত অৱস্থিত দেৱ সূৰ্য্য মন্দিৰৰ গৰ্ভ গৃহৰ শিখৰত পদুমৰ আকৃতিৰ আৰু তাৰ ওপৰত সোণৰ কলহ অৱস্থিত।[5] ভাৰতৰ की ৰাজধানী নতুন দিল্লীত অৱস্থিত বাহাই উপাসনাস্থলীৰ সম্পূৰ্ণ স্থাপত্য পদুমৰ আকৃতিৰ। সেয়ে ইয়াক 'পদুম মন্দিৰ'( Lotus Temple) বোলে।

চিত্ৰমালা[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]