মহাকাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহাকাল
সময়, মায়া, সৃষ্টি, সংহাৰ আৰু শক্তিৰ দেৱতা
Mahakala and Companions LACMA M.77.19.11.jpg
সংগীসকলৰ সৈতে মহাকাল
নিবাস শ্মশান (উপস্থাপন অনুসৰি ভিন্ন)
অস্ত্ৰ খড়্গ, ত্ৰিশূল,
হাতুৰী (জাপানী চিত্ৰায়নত)
সঙ্গী মহাকালী

মহাকাল হিন্দু আৰু তান্ত্ৰিক বৌদ্ধ ধৰ্মৰ উমৈহতীয়া দেৱতা।[1] বৌদ্ধ ধৰ্মত মহাকালক পবিত্ৰ ধৰ্মপাল হিচাপে গণ্য কৰা হয়। আনহাতে হিন্দু ধৰ্মত মহাকাল শিৱৰ এক উগ্ৰ ৰূপ[1] তথা মহাকালীৰ পতি আৰু তেওঁক শক্তিবাদৰ কালীকুল পন্থাত আটাইতকৈ বেছি দেখা যায়।[2][3][4] মহাকালক বজ্ৰযান, চীনা গুপ্ত বৌদ্ধ ধৰ্ম, আৰু তিব্বতী বৌদ্ধ ধৰ্মৰ[1] লগতে শ্বান আৰু শ্বিংগন পৰম্পৰাতো ধৰ্মপাল হিচাপে জনাজাত এজন ৰক্ষক দেৱতা হিচাপেও দেখা যায়। তেওঁক মেণ্ডেৰিন আৰু কেণ্টনিজ ভাষাত ডাহেইটিয়ান আৰু ডাইহাকটিন, কোৰিয়ান ভাষাত ডেহেউকিয়ন,, ভিয়েটনামী ভাষাত ডাই হাক থিয়েন আৰু জাপানী ভাষাত ডাইককোটেন নামেৰে জনা যায়।

ব্যুৎপত্তি[সম্পাদনা কৰক]

মহাকাল হৈছে সংস্কৃত মূল মহা অৰ্থাৎ "মহান" আৰু কাল অৰ্থাৎ "সময়/মৃত্যু"ৰ পৰা উদ্ভূত। ইয়াৰ অৰ্থ হৈছে "সময়ৰ বাহিৰত" বা মৃত্যু।[5]

বৰ্ণনা[সম্পাদনা কৰক]

মহাকাল, পূব-ভাৰত, ১১০০ খ্ৰী:।

শক্তিসংগম তন্ত্ৰৰ মতে মহাকালীৰ পতি অত্যন্ত ভয়ংকৰ। মহাকালৰ চাৰিখন হাত, তিনিটা চকু আৰু প্ৰলয়ৰ এক কোটি ক’লা জুইৰ উজ্জ্বলতাৰ আঠটা চিতাৰ মাজত বাস কৰে। পাঁচটা মৃতদেহৰ ওপৰত বহি থকা আঠটা লাওখোলাৰে সজ্জিত, হাতত ত্ৰিশূল, ডম্বৰু, তৰোৱাল আৰু কুঠাৰ। তেওঁ চিতাভস্মৰে সজ্জিত আৰু তেওঁৰ চাৰিওফালে সজোৰে চিঞৰি থকা শগুণ আৰু শিয়ালে আগুৰি আছে। তেওঁৰ কাষত তেওঁৰ পত্নীক কালী হিচাপে প্ৰতীকিত কৰা হৈছে। মহাকাল আৰু কালী দুয়োজনেই ব্ৰহ্মৰ চূড়ান্ত সংহাৰক শক্তিক প্ৰতিনিধিত্ব কৰে আৰু তেওঁলোক কোনো নীতি- নিয়মৰ দ্বাৰা সীমাবদ্ধ নহয়। তেওঁলোকৰ আনকি সময় আৰু স্থানকো নিজৰ মাজত দ্ৰৱীভূত কৰাৰ ক্ষমতা আছে আৰু বিশ্বব্ৰহ্মাণ্ডৰ বিলুপ্তিৰ সময়ত মহাশূন্য হিচাপে স্থিত হৈ থাকে। কল্পৰ শেষত ব্ৰহ্মাণ্ডৰ বিলুপ্তিৰ বাবে তেওঁলোক দায়ৱদ্ধ। আন দেৱ-দেৱতা আনকি ত্ৰিমূৰ্তিও ব্যৰ্থ হ’লে অশুভ শক্তি আৰু অসুৰ বিনাশ কৰাৰ বাবেও তেওঁলোক দায়ৱদ্ধ। মহাকাল আৰু কালীয়ে পুৰুষ, নাৰী, শিশু, জীৱ-জন্তু, জগত আৰু সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডক দয়াহীনভাৱে নিঃশেষ কৰে কাৰণ তেওঁলোক কাল বা সময়ৰ ব্যক্তিৰূপ। সময় একোৰেই বান্ধ খাই নাথাকে আৰু সময়ে দয়া প্ৰদৰ্শন নকৰে বা ই একোৰেই বাবে অপেক্ষা নকৰে।[2][6]ওড়িশা, ঝাৰখণ্ড আৰু দুৱাৰছৰ (উত্তৰ বংগত) কিছুমান অঞ্চলত বনৰীয়া হাতীক মহাকাল বুলি পূজা কৰা হয়।[3][4]

মহাকালৰ বৰণ সাধাৰণতে ক’লা হয়। যেনেকৈ সকলো ৰং শোষিত হৈ ক’লাত দ্ৰৱীভূত হয় ঠিক তেনেদৰে সকলো নাম আৰু ৰূপ মহাকালৰ ৰূপত গলি যায় বুলি কোৱা হয়। ই তেওঁৰ সৰ্বাংগীণ আৰু ব্যাপক স্বভাৱৰ প্ৰতীক। ক’লা ৰঙে ৰঙৰ সম্পূৰ্ণ অনুপস্থিতিকো প্ৰতিনিধিত্ব কৰিব পাৰে আৰু আকৌ এই ক্ষেত্ৰত ই মহাকালৰ স্বৰূপক চূড়ান্ত বা নিৰপেক্ষ বাস্তৱতা হিচাপে সূচায়। ইয়াক সংস্কৃতত "নিৰ্গুণ" বুলি জনা যায়, যি সকলো গুণ আৰু ৰূপৰ বাহিৰত। ইয়াক এই দুয়োটা ব্যাখ্যাৰেই চিত্ৰিত কৰা হৈছে।[7]

হিন্দুধৰ্মত[সম্পাদনা কৰক]

হিন্দু ধৰ্মত মহাকালক মহাকাল ভৈৰৱ বুলিও জনা যায়[8][9][10][11] আৰু ভাৰত আৰু নেপালৰ বহুতো মন্দিৰ কেৱল মহাকাল ভৈৰৱৰ বাবে উচৰ্গা কৰা হৈছে। উদাহৰণস্বৰূপে, যাৰ বিষয়ে কালিদাসে একাধিকবাৰ উল্লেখ কৰা উজ্জয়িনীৰ মন্দিৰ। মহাকালৰ বাবে আদি মন্দিৰ পূজাস্থলী হৈছে উজ্জয়িনী। মহাকাল শিৱৰ এজন প্ৰধান পৰিচাৰকৰ নামো। শিৱৰ বাহন লগতে নন্দীক প্ৰায়ে হিন্দু মন্দিৰৰ মূল প্ৰৰৱেশদ্বাৰৰ বাহিৰত প্ৰতিষ্ঠা কৰা হয়।

বৌদ্ধধৰ্মত[সম্পাদনা কৰক]

মহাযান বৌদ্ধ ধৰ্ম, আৰু তিব্বতী বৌদ্ধ ধৰ্মৰ সকলো শাখাই মহাকালক ৰক্ষক দেৱতা হিচাপে গণ্য কৰে। তেওঁক কেইবাটাও ভিন্নতাৰে চিত্ৰিত কৰা হৈছে। প্ৰত্যেকৰে গুণ আৰু দিশ স্পষ্টভাৱে পৃথক। তেওঁক বিভিন্ন ক্ষেত্ৰত বিভিন্ন সত্তাৰ নিৰ্গমন হিচাপেও গণ্য কৰা হয়, যেনে অৱলোকিতেশ্বৰ বা চক্ৰসম্ভাৰ। মহাকালক প্ৰায় সদায় পাঁচটা লাওখোলাৰ মুকুটৰে চিত্ৰিত কৰা হয়। যিয়ে পাঁচটা ক্লেশৰক (ঋণাত্মক দুখ) পাঁচটা প্ৰজ্ঞালৈ ৰূপান্তৰকৰণক প্ৰতিনিধিত্ব কৰে।

মহাকালৰ প্ৰকাশ আৰু চিত্ৰণৰ আটাইতকৈ উল্লেখযোগ্য ভিন্নতা হ’ল হাতৰ সংখ্যা। অৱশ্যে অন্যান্য বিৱৰণো ভিন্ন হ’ব পাৰে। যেনে, কিছুমান ক্ষেত্ৰত বগা ৰঙৰ, একাধিক শিৰৰ, যৌনাংগহীন, বিভিন্ন সংখ্যক বিভিন্ন বস্তুৰ ওপৰত থিয় হৈ, বিভিন্ন সঁজুলি ধৰি, বিকল্প সামগ্ৰী ধাৰণ কৰি ইত্যাদি।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Bryson (2017), পৃষ্ঠা. 42.
  2. 2.0 2.1 Magee (n.d.).
  3. 3.0 3.1 Bhattacharya Saxena (2011).
  4. 4.0 4.1 Johnson (2009), পৃষ্ঠা. [পৃষ্ঠা নং প্ৰয়োজন].
  5. Mookerjee (1988), পৃষ্ঠা. [পৃষ্ঠা নং প্ৰয়োজন].
  6. Snyder (2001), পৃষ্ঠা. 76.
  7. Bowker (2000), পৃষ্ঠা. [পৃষ্ঠা নং প্ৰয়োজন].
  8. Apte, p. 727, left column
  9. For Bhairava form as associated with terror see: Kramrisch, p. 471.
  10. Gopal, Madan (1990). K.S. Gautam. ed. India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 76. https://archive.org/details/indiathroughages00mada. 
  11. "Bhairava: The Wrathful". http://www.philhine.org.uk/writings/tt_wrathful.html। আহৰণ কৰা হৈছে: 13 May 2015. 

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]