যক্ষ
যক্ষ | |
---|---|
বনদেৱতা | |
দেৱনাগৰী | यक्ष |
সম্পৰ্ক | অৰণ্য, পাহাৰ-পৰ্বত |
সঙ্গী | যক্ষিণী |
যক্ষ' (ইংৰাজী: Yakshas) হৈছে একপ্ৰকাৰৰ বনদেৱতা। তেওঁলোক সাধাৰণতে কোমল অন্তৰৰ হয় যদিও কোনো কোনো সময়ত শঠ প্ৰকৃতিৰ আৰু হঠাৎ মনোভাব সলনি কৰা বিধৰ হোৱাও দেখা যায়। তেওঁলোক জলধাৰা, উৰ্বৰতা, বৃক্ষ, অৰণ্য, ধন-সম্পত্তি আৰু বন্যতাৰ সৈতে জড়িত।[1][2] হিন্দুধৰ্ম, জৈনধৰ্ম আৰু বৌদ্ধধৰ্মৰ ৰচনাৱলীত যক্ষসকলৰ উপস্থিতি দেখা যায়। ইয়াৰ উপৰিও দক্ষিণ আৰু দক্ষিণ-পূব এচিয়াৰ মন্দিৰসমূহতো পহৰাদাৰী দেৱতা হিচাপে যক্ষৰ চিত্ৰায়ন কৰা হয়।[2][3] যক্ষৰ নাৰীৰূপ হৈছে যক্ষিণী।[4][5]
হিন্দু, জৈন আৰু বৌদ্ধধৰ্মৰ ৰচনাসমূহত যক্ষক দুটা ৰূপত দেখা পোৱা যায়। এহাতে তেওঁলোক অৰণ্য আৰু পৰ্বতৰ সৈতে জড়িত নম্ৰ স্বভাৱৰ দেৱতা আৰু আনহাতে তেওঁলোক একপ্ৰকাৰৰ ভূত বা ৰাক্ষস। দ্বিতীয় ৰূপটোৰে তেওঁলোকে হাবি-বননি আৰু পদপথত বিচৰণ কৰে আৰু ভ্ৰমণকাৰী লোকক ভক্ষণ কৰে।
হিন্দুধৰ্ম
[সম্পাদনা কৰক]মৌৰ্য সাম্ৰাজ্যৰ সময়ৰেপৰা ভাৰত পাটনা, বিদিশা, পৰ্খম, বেচনগৰ আদি ঠাইত বিভিন্ন যক্ষৰ মূৰ্ত্তি দেখা পোৱা যায়। আদি অৱস্থাত এই যক্ষসকলক সম্ভৱতঃ অৰণ্য আৰু গাওঁসমূহৰ দেৱতা হিচাপে গণ্য কৰা হৈছিল। পৰৱৰ্ত্তী কালত তেওঁলোকক মানুহে ভূমিৰ দেৱতা আৰু মাটিৰ তলত পুতি থোৱা ধন-সম্পত্তিৰ ৰক্ষক হিচাপে গণ্য কৰিবলৈ লয়।[6]
কুবেৰ
[সম্পাদনা কৰক]হিন্দুসকলৰ মতে সম্পত্তিৰ দেৱতা কুবেৰ বা কুবেৰন হৈছে যক্ষসকলৰ ৰজা। তেওঁক দিশসমূহৰ প্ৰহৰী অৰ্থাৎ দিকপাল আৰু পৃথিৱীৰ ৰক্ষাকৰ্তা অৰ্থাৎ লোকপাল বুলি কোৱা হয়। [7]
বৌদ্ধধৰ্ম
[সম্পাদনা কৰক]বৌদ্ধ ৰচনাৱলীত যক্ষসকল হৈছে চাৰিজন স্বৰ্গৰাজৰ অন্যতম তথা উত্তৰ দিশৰ ৰক্ষক বৈশাৱনৰ অনুচৰ। মহাময়ূৰী সূত্ৰত প্ৰাচীন ভাৰতৰ নগৰসমূহত বাস কৰা বহুকেইজন যক্ষৰ নাম পোৱা যায় যি বৌদ্ধধৰ্মৰ ৰক্ষাৰ্থে নিয়োজিত আছিল।[8]
থাইলেণ্ডৰ মন্দিৰ আৰু স্থাপত্যসমূহতো যক্ষৰ উপস্থিতি দেখা যায়।[9]
জৈনধৰ্ম
[সম্পাদনা কৰক]জৈনধৰ্মত প্ৰায়েই ৰক্ষক বা প্ৰহৰী হিচাপে যক্ষসকলৰ প্ৰতিমূৰ্ত্তি দেখা যায়। তেওঁলোক সাধাৰণতে তীৰ্থংকৰসকলৰ কাষতে বিদ্যমান হয় আৰু তেওঁলোকতলৰ সেৱা কৰে। অন্য জীৱৰ দৰে তেওঁলোকো জীৱন-মৃত্যুৰ চক্ৰত আৱদ্ধ কিন্তু তেওঁলোকৰ আতিভৌতিক শক্তি আছে।[10]
যক্ষ আৰু যক্ষিণীৰ ধাৰণা মূৰ্ত্তিপূজক শ্বেতাম্বৰ আৰু বিচপন্থী দিগম্বৰসকলৰ মাজত সততে বিদ্যমান। দিগম্বৰ তেৰাপন্থ আন্দোলনে এওঁলোকৰ পূজাৰ বিৰোধিতা কৰে।[11][12] মূৰ্ত্তিপূজক শ্বেতাম্বৰসকলৰ মাজত ত্ৰিস্তুতিক গচ্ছ পন্থা আৰু আধুনিক পন্থাৰ লোকে এই শ্ৰুত দেৱতাসকলৰ পূজাৰ বিৰোধ কৰে।[13]
জৈন ধৰ্মত চৌব্বিশজন তীৰ্থংকৰৰ সেৱাৰ বাবে চৌব্বিশগৰাকী যক্ষ আৰু যক্ষিণী আছে।[14]
চিত্ৰ বীথিকা
[সম্পাদনা কৰক]-
মন্দিৰৰ প্ৰহৰীৰ ৰূপত যক্ষৰ প্ৰতিমূৰ্ত্তি
-
থাইলেণ্ডৰ মন্দিৰৰ যক্ষৰ মূৰ্ত্তি
-
৯০০ চনত নিৰ্মিত দিগম্বৰ যক্ষ সৰ্বাহনৰ প্ৰতিমূৰ্ত্তি
-
যক্ষিণী মনিভদ্ৰা (১৫০ খ্ৰীষ্টপূৰ্ব)
-
যক্ষ মূদ্গৰপানি (১০০ খ্ৰীষ্টপূৰ্ব)
-
যক্ষ সৰ্বানুভূতি আৰু যক্ষিণী কুষ্মাণ্ডিনী
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Singh (2008). A History of Ancient and Early Medieval India. প্ৰকাশক New Delhi: Pearson Education. পৃষ্ঠা. 430. ISBN 978-81-317-1120-0.
- ↑ 2.0 2.1 Stefon, Matt. "Yaksha | Hindu mythology" (en ভাষাত). Encyclopedia Britannica. https://www.britannica.com/topic/yaksha। আহৰণ কৰা হৈছে: 15 July 2007.
- ↑ Richard John Richards (1995). South-east Asian Ceramics: Thai, Vietnamese, and Khmer: From the Collection of the Art Gallery of South Australia. Oxford University Press. পৃষ্ঠা. 27, 67. ISBN 978-967-65-3075-2. https://books.google.com/books?id=D0DWAAAAMAAJ.
- ↑ For यक्षी as the feminine of यक्षः see V. S. Apte, The Practical Sanskrit-English Dictionary, p. 776.
- ↑ For yakṣiṇī (यक्षिणी) as a regular Sanskrit term for a female yakṣa, and yakṣaṇī as a Buddhist variant, see Franklin Edgerton, Buddhist Hybrid Sanskrit Grammar and Dictionary, Vol. 2, Motilal Banarsidass, first Ed., 1953, p. 442.
- ↑ DeCaroli, Robert (2004). Haunting the Buddha: Indian Popular Religions and the Formation of Buddhism. Oxford University Press, US. ISBN 978-0-19-516838-9.
- ↑ The Poems of Sūradāsa. Abhinav publications. 1999. ISBN 9788170173694. https://books.google.com/books?id=qmUssUXUFFYC&pg=PA359.
- ↑ [V. S. Agravala, " Geographical Contents of Mahamayuri JUPHS, Vol. XV, Pt. ii, 1942, p. 28]
- ↑ "Thai temples - page 2/7". www.thaiworldview.com. http://www.thaiworldview.com/wat/wat2.htm। আহৰণ কৰা হৈছে: 31 December 2019.
- ↑ Pramodaben Chitrabhanu, Jain symbols, Ceremonies and Practices
- ↑ [Studies in Jaina History and Culture: Disputes and Dialogues, edited by Peter Flügel, Routledge, 2006 p. 352]
- ↑ "Indian Antiquary". Popular Prakashan. 31 December 1903. https://books.google.com/books?id=vzNCAQAAMAAJ&q=Gomedha+yaksha&pg=PA496। আহৰণ কৰা হৈছে: 31 December 2019.
- ↑ Jain, Shalin (2012). "Divided Identities: The Jain Sects in Medieval India". Proceedings of the Indian History Congress খণ্ড 73: 450–60. https://www.jstor.org/stable/44156237.
- ↑ "Twenty Four Tirthankaras at a glance". jaindharmonline.com. Archived from the original on 2006-07-12. https://web.archive.org/web/20060712011129/http://www.jaindharmonline.com/tirthan/tirsum.htm। আহৰণ কৰা হৈছে: 2021-04-27.