ছিন্নমস্তা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ছিন্নমস্তা
আত্ম বলিদানৰ দেৱী
দশ মহাবিদ্যা-ৰ সদস্য
Calcutta art studio Chinnamasta.jpg
নিজৰ খণ্ডিত মুণ্ডৰ পৰা নিৰ্গত হোৱা তেজ পান কৰা অৱস্থাত দেৱী ছিন্নমস্তা।
দেৱনাগৰী छिन्नमस्ता
সম্পৰ্ক মহাবিদ্যা, দেৱী
নিবাস শ্মশান
অস্ত্ৰ তৰোৱাল, নখ
সঙ্গী কবন্ধ ৰূপত শিৱ বা ছিন্নমস্তক (মুণ্ডহীন)[1]

ছিন্নমস্তা (সংস্কৃত: छिन्नमस्ता, Chinnamastā; "তেওঁ, যাৰ মুৰ কাটি পেলোৱা হৈছে"), বা চিন্নমস্তা, ছিন্নমস্তিকা আৰু প্ৰচণ্ড চণ্ডিকা আৰু যোগিনী মা, এগৰাকী হিন্দু দেৱী। তেওঁ মহাবিদ্যাৰ অন্যতম, তন্ত্ৰৰ গুহ্য পৰম্পৰাৰ দহগৰাকী দেৱী, আৰু হিন্দু মাতৃ দেৱীৰ এক হিংস্ৰ স্বৰূপ। স্ব-শিৰশ্ছেদ কৰা নগ্ন দেৱী, সাধাৰণতে ঈশ্বৰীয় সহবাসকাৰী দম্পতীৰ ওপৰত থিয় হৈ বা বহি থাকে, এখন হাতত নিজৰ কটা মুৰ আৰু আনখন হাতত এখন তৰোৱাল ধৰি থাকে। তেওঁৰ ৰক্তক্ষৰণ হোৱা ডিঙিৰ পৰা তিনিধাৰ তেজ ওলাই আহিছিল আৰু তেওঁৰ নিজৰেই কটা মূৰ আৰু দুজন পৰিচাৰিকাই এই তেজ পান কৰিছিল। তেওঁ এগৰাকী গুৰুত্বপূৰ্ণ তান্ত্ৰিক দেৱতা, গুহ্যতান্ত্ৰিক তান্ত্ৰিক অনুশীলনকাৰীসকলৰ মাজত সুপৰিচিত আৰু তেওঁৰলোকৰ উপাস্য। ছিন্নমস্তা ছিন্নমুণ্ডাৰ সৈতে ওতঃপ্ৰোতভাৱে সম্পৰ্কিত। ছিন্নমুণ্ডা তিব্বতীয় বৌদ্ধ দেৱী বজ্ৰযোগিনীৰ কটা মূৰৰ ৰূপ।

উৎস[সম্পাদনা কৰক]

A decapitated, nude, red-complexioned woman stands, raising her left arm, which holds her severed head. She is flanked by two smaller, nude women: a white-coloured one (left) and a blue-coloured one (right).
বৌদ্ধ দেৱী ছিন্নমুণ্ডা, ১৪শ শতাব্দীৰ চিত্ৰকলা, নেপাল। দেৱী ছিন্নমুণ্ডাক হিন্দু দেৱী ছিন্নমস্তাৰ পূৰ্বৱৰ্তী ৰূপ বুলি ধাৰণা কৰা হৈছে।

হিন্দু দেৱী ছিন্নমস্তা বজ্ৰযান বা তান্ত্ৰিক আৰু তিব্বতি বৌদ্ধধৰ্মৰ এক গুৰুত্বপূৰ্ণ দেৱী। বৌদ্ধধৰ্মৰ উক্ত দুই শাখাত তেওঁ ছিন্নমুণ্ডা বা ত্ৰিকায়া-বজ্ৰযোগিনী নামে পৰিচিত। তেওঁ দেৱী বজ্ৰযোগিনী বা বজ্ৰযোগিনীৰ অন্যতম ভয়ংকৰী মূৰ্তি বজ্ৰবৰাহীৰ কৰ্তিত-মস্তক মূৰ্তি। এই মূৰ্তিটি হিন্দু দেৱী ছিন্নমস্তাৰ মূৰ্তিৰ অনুৰূপ।[2][3]

বৌদ্ধ ধৰ্মগ্ৰন্থত দেৱী ছিন্নমুণ্ডাৰ দুটি জন্মবৃত্তান্ত বৰ্ণিত হৈছে। এটা কাহিনী অনুসৰি, মেখলা আৰু কনখলা নামৰ দুগৰাকী ভগ্নী কৃষ্ণাচাৰ্যৰ শিষ্যা আছিল। তেওঁলোক মহাসিদ্ধ আছিল। নিজৰ মূৰ কাটি তেওঁলোকে গুৰুক উৎসৰ্গা কৰে আৰু নৃত্য কৰিবলৈ ধৰে। দেৱী বজ্ৰযোগিনীও তেতিয়া সেই ৰূপত আৱিৰ্ভাৱ হৈ তেওঁলোকৰ সৈতে নৃত্যত যোগদান কৰে। আন এক কাহিনী অনুসৰি, মহাসিদ্ধা ৰাজকুমাৰী লক্ষ্মীঙ্কৰাই ৰাজাৰ পৰা দণ্ডিত হৈ নিজেই নিজৰ মূৰ কাটি নগৰ পৰিক্ৰমা আৰম্ভ কৰিছিল। সেই সময়ত নগৰবাসীয়ে তেওঁক ছিন্নমুণ্ডা-বজ্ৰবৰাহী নামে স্তুতি কৰিছিল।[4][5]

দেৱী ছিন্নমস্তাৰ অন্যতম বৈশিষ্ট্য হৈছে তেওঁৰ নাগযজ্ঞোপবীত (সৰ্প-উপবীত)আৰু ভৰিৰ তলৰ মৈথুনৰত যুগল। বৌদ্ধ ছিন্নমুণ্ডাৰ মূৰ্তিত এই দুই বৈশিষ্ট্য অনুপস্থিত। ২০শ শতাব্দীৰ প্ৰথম ভাগত তন্ত্ৰবিশাৰদ তথা অৰিয়েণ্টেল ইনষ্টিটিউট অফ বৰোদাৰ তৎকালীন পৰিচালক বিনয়তোষ ভট্টাচাৰ্যৰ বৌদ্ধ সাধনমালা (১১৫৬ খ্ৰিষ্টাব্দ), হিন্দু ছিন্নমস্তাকল্প (ৰচনাকাল অজ্ঞাত) আৰু কৃষ্ণানন্দ আগমবাগীছ ৰচিত তন্ত্ৰসাৰ (১৬শ শতাব্দীৰ শেষভাগ) ইত্যাদি গ্ৰন্থ পৰ্যালোচনা কৰি ছিন্নমুণ্ডা আৰু ছিন্নমস্তা যে একেগৰাকীয়ে দেৱী, সেই সম্পৰ্কে সিদ্ধান্তত উপনীত হয়। বৌদ্ধ সাধনমালা গ্ৰন্থত এই দেৱীৰ নাম সৰ্ববুদ্ধা আৰু এওঁৰ দুই সহচাৰীৰ নাম বজ্ৰবৈৰোচনী আৰু বজ্ৰবৰ্ণিনী। হিন্দু তন্ত্ৰসাৰ গ্ৰন্থত তেওঁৰ নাম সৰ্বসিদ্ধি আৰু দুই সহচাৰীৰ নাম বৰ্ণিনী আৰু ডাকিনী। আনহাতে ছিন্নমস্তাকল্প গ্ৰন্থত তেওঁকে সৰ্ববুদ্ধি নামে অভিহিত কৰি তেওঁৰ সহচাৰী দুগৰাকীৰ নাম অজ্ঞাতে ৰাখিছে। বিনয়তোষ ভট্টাচাৰ্যৰ মতে বৌদ্ধ ছিন্নমুণ্ডা দেবীৰ ধাৰণাৰ পৰাই হিন্দু ছিন্নমস্তা দেবীৰ উৎপত্তি আৰু এই ছিন্নমুণ্ডা দেৱীৰ পূজা সম্ভৱতঃ খ্ৰীষ্টীয় সপ্তম শতাব্দীৰ পৰা প্ৰচলিত হৈছিল।[6]


Depicted enthroned, a decapitated, dark-complexioned woman wearing a red/orange sari holds a sword in her left hand and her own severed head (with a lotus crown) on a platter in her right hand. Five seated devotees (including one with a ram's head) with folded hands surround her. A lake with a large lotus is in the foreground.
দেৱী ছিন্নমস্তা-সংক্ৰান্ত প্ৰথাগত ধাৰণাৰ পৰিপন্থী শান্ত আৰু উপবিষ্ট ৰূপ, ৰাজপুত চিত্ৰকলা, আনুমানিক ১৭৭৫ সাল।

বিনয়তোষ ভট্টাচাৰ্যৰ বক্তব্যক বহুতে বিশ্বাস যোগ্য বুলি ধাৰণা কৰে।[7][8][9][10] অৱশ্যে কোনো কোনো গৱেষকে ভিন্নমত পোষণ কৰিছে। দ্য টেন গ্ৰেট কছমিক পাৱাৰ্ছ গ্ৰন্থৰ ৰচয়িতা এছ. শঙ্কৰনাৰায়ণনে ছিন্নমস্তাৰ বৈদিক (প্ৰাচীন হিন্দু) উৎসৰ কথা উল্লেখ কৰিছে। দ্যা ইণ্ডিয়ান থিওগনি গ্ৰন্থৰ ৰচয়িতা সুকুমাৰী ভট্টাচাৰ্যৰ মতে, পৰৱৰ্তীকালত উদ্ভূত হিন্দু দেৱী কালী, চামুণ্ডা, কৰালী আৰু ছিন্নমস্তাৰ মাজত বৈদিক দেৱী নিৠতিৰ বৈশিষ্ট্য সমূহ সঞ্চাৰিত হৈছে। যি দুখন হিন্দু ধৰ্মগ্ৰন্থত ছিন্নমস্তাৰ প্ৰথম উল্লেখ পোৱা যায়, সেই দুখন হ'ল শাক্তৰ উপপুৰাণ মহাভাগৱত পুৰাণ (আনুমানিক ৯৫০ খ্ৰীষ্টাব্দ) আৰু দেৱীভাগৱত পুৰাণ (৯ম-১২শ শতাব্দী)। ছিন্নমস্তা: দি ৱফুল বুদ্ধিষ্ট এণ্ড হিন্দু তান্ত্ৰিক গডেছ গ্ৰন্থৰ ৰচয়িতা এলিজাবেথ এ. বেনাৰ্ডে[11] কৈছে, উৎস যিয়েই নহওক, এটা স্পষ্ট যে নৱম শতাব্দীত ছিন্নমস্তা/ছিন্নমুণ্ডা দেৱীৰ পূজা প্ৰচলিত আছিল আৰু মহাসিদ্ধা সকলে তেওঁৰ পূজা কৰিছিল।[7] সুকুমাৰী ভট্টাচাৰ্যৰ মূল বক্তৱ্যটিৰ সৈতে একমত হ'লেও, লেইডেন বিশ্ববিদ্যালয়ৰ দক্ষিণ এচিয় শিল্পকলা ইতিহাসৰ প্ৰাক্তন অধ্যাপক কাৰেল আৰ. ভন কুইজ তান্ত্ৰিক দেৱী বাৰাহী আৰু চামুণ্ডাৰ মাজতো ছিন্নমস্তাৰ মূৰ্তিতত্ত্বৰ কিছু কিছু বৈশিষ্ট্য বিচাৰি পাইছে।[12] হিন্দু দেৱী বিশেষজ্ঞ তথা ম্যেকমাষ্টাৰ বিশ্ববিদ্যালয়ৰ ধৰ্মীয় বিদ্যাৰ অধ্যাপক ডেভিড কিনছলে বৌদ্ধ উৎস তত্ত্বৰ সৈতে একমত হ'লেও অন্যান্য প্ৰভাবৰ কথাও কৈছে। যে সকলো প্ৰাচীন হিন্দু দেৱী যি সকল নগ্ন আৰু মস্তকহীন বা মুখমণ্ডলহীন ৰূপে বৰ্ণনা কৰা হয়, ছিন্নমস্তাৰ মূৰ্তিৰ বিকাশত সেইসকলৰো প্ৰভাৱ পৰিছে। এই সকল দেৱীৰ মস্তকবিহীন মূৰ্তিৰ দ্বাৰা প্ৰকৃততে তেওঁলোকৰ যৌনাঙ্গ প্ৰদৰ্শনৰ দিশে দৃষ্টি কেন্দ্ৰীভূত কৰিবলৈ চেষ্টা কৰা হৈছিল। সেই কাৰণে এওঁলোক যৌন ওজস্বিতাৰ প্ৰতীক। কিন্তু এই সমূহ মূৰ্তিত নিজ হাতে মুণ্ড ছেদ কৰাৰ ধাৰণাটি অনুপস্থিত।[9][13]

অশুভ যুদ্ধদেৱী কটাবি বা কটাৰী দক্ষিণ-ভাৰতীয় চিকাৰৰ দেৱী কোৰৰাবাইৰ পৰাও ছিন্নমস্তাৰ ধাৰণাটি অনুপ্ৰেৰিত হৈছে। এওঁলোক দুয়ো হিন্দু নগ্ন দেৱী। কোটাবিক কোনো কোনো ক্ষেত্ৰত মাতৃকা ৰূপটো বৰ্ণনা কৰা হৈছে। তেওঁ কেৱল নগ্নাই নহয়, এক অমাৰ্জিত, বৰ্বৰ আৰু অদ্ভুত ৰূপৰ দেৱী। বিষ্ণু পুৰাণ আৰু ভাগৱত পুৰাণ গ্ৰন্থত একাধিকবাৰ তেওঁক বিষ্ণুৰ শত্ৰু আৰু প্ৰতিপক্ষ বুলি উল্লেখ কৰা হৈছে। ভয়ংকৰ নিষ্ঠুৰ দেৱী কোৰৰাবাই হ'ল যুদ্ধ আৰু বিজয়ৰ দেৱী। এই দুই দেৱী যুদ্ধক্ষেত্ৰৰ সৈতে যুক্ত। কিন্তু ছিন্নমস্তা নহয়।[13] কিনছলে আঙুলিয়াই দিছে যে, হিন্দু পুৰাণত বহু সংখ্যক ৰক্তপিপাসু, নগ্ন আৰু বৰ্বৰ দেৱী আৰু দানবীৰ উল্লেখ থাকিলেও, ছিন্নমস্তাই একমাত্ৰ দেৱী যি নিজৰ হাতেৰে নিজৰ মস্তক ছিন্ন কৰাৰ দৰে এক ভয়ংকৰ বৈশিষ্ট্য বহন কৰিছে।[14][15]

শিৰোচ্ছেদ আৰু পুনঃসংযুক্তিৰ বৈশিষ্ট্যটো ঋষিপত্নী ৰেণুকাৰ উপাখ্যানটো পোৱা যায়। অৱশ্যে এই কাহিনীটো নিজৰ হাতে নিজৰ মস্তক কটাৰ উদাহৰণ নহয়।[16][17] এই কাহিনীৰ পৰিপ্ৰেক্ষিতত তেওঁকো "ছিন্নমস্তা" বিশেষণেৰে ভূষিত কৰা হৈছে।[18][19] মহাবিদ্যা ছিন্নমস্তাৰ সৈতে যোগ হৈছে ৰেণুকাৰ পুত্ৰ পৰশুৰাম। পুৰাণ মতে, এই পৰশুৰামেই তেওঁৰ মাকক শিৰশ্ছেদ কৰি হত্যা কৰিছিল।[20][lower-alpha 1]

মস্তকবিহীন দেৱীসকলৰ শ্ৰেণীগত নাম হিচাপেও "ছিন্নমস্তা" নামটি ব্যৱহৃত হয়। উদাহৰণস্বৰূপে, বিহাৰৰ ঔৰঙ্গবাদ জিলাৰ না-কাটি ভৱানী মন্দিৰৰ ছিন্নমস্তা ভগৱতী আৰু বিহাৰৰ মধুবনী জিলাৰ উচ্ছাইথ মন্দিৰৰ দেৱীৰ নাম উল্লেখযোগ্য বুলি ভৱা হয় কিয়নো। এওঁলোক কোনোৱেই মহাবিদ্যা ছিন্নমস্তা নহয়। [lower-alpha 2][lower-alpha 3][lower-alpha 4]

নিজৰ হাতেৰে নিজৰ মুণ্ড কাটি পেলোৱা আৰু ছিন্ন মুণ্ডৰ ধাৰণাটি ভাৰতীয় পুৰাণত বাৰে বাৰে উল্লেখ হৈছে। বত্ৰিশ সিংহাসন আৰু কথাচৰিতৰিৎসাগৰ গ্ৰন্থত উল্লিখিত কিংবদন্তি সমূহত দেখা গৈছে যে, গল্পৰ নায়কে নিজৰ কণ্ঠৰ ৰক্ত কোনো দেৱীৰ উদ্দেশ্যে উৎসৰ্গা কৰিছে। ৰাজস্থানী লোককথা আৰু গানত এক শ্ৰেণীৰ যোদ্ধা-নায়কৰ কথা পোৱা যায় ("মুণ্ডহীন অশ্বাৰোহী#ভাৰতীয় লোককথাত|ঝুমঝাৰজি]]" বা "ভোমিয়া"), যি যুদ্ধলৈ যোৱাৰ আগে নিজৰ মস্তক কাটি পেলাই অথবা যুদ্ধক্ষেত্ৰত যি সকলৰ যাঁদেৰ শিৰশ্ছেদ কৰা হয়। কিন্তু যেতিয়াই না মুণ্ডছেদৰ প্ৰতিশোধ গ্ৰহণৰ বাবে শত্ৰু সকলৰ হত্যা কৰে তেতিয়াই তেওঁলোকে বিনা মস্তকেৰে যুদ্ধ কৰে আৰু তাৰপিছতে মৃত্যুবৰণ কৰে।[22] ছিন্নদেহ আৰু ছিন্নমুণ্ডৰ ধাৰণাটি কেৱল হিন্দুধৰ্ম বা বৌদ্ধধৰ্মতেই পোৱা নাযায়, সমগ্ৰ বিশ্বতেই বিভিন্ন কাহিনীৰে এই বৈশিষ্ট্যটো যুক্ত হৈছে। খ্ৰীষ্টধৰ্মৰ চেফালোফোৰ সন্ত সকল আৰু ছেল্টিক সংস্কৃতিটো এই ধাৰণাৰ উপস্থিতি আছে।[23]

কিংবদন্তি আৰু শাস্ত্ৰোল্লেখ[সম্পাদনা কৰক]

অষ্টাদশ শতাব্দীৰ এটি ৰাজস্থানী চিত্ৰত ছিন্নমস্তাক প্ৰাণতোষিণী তন্ত্ৰ বৰ্ণিত কৃষ্ণবৰ্ণ ৰঞ্জিত কৰা হৈছে। এই ছবিত তেওঁ ৰতিসংগমৰত যুগলৰ ওপৰত উপবিষ্ট।

বিভিন্ন স্তোত্ৰত ছিন্নমস্তাক পঞ্চম মহাবিদ্যা বুলি উল্লেখ কৰা হৈছে। কিংছলেৰ মতে, মহাবিদ্যাৰ বৰ্ণনা আৰু তালিকাযত কালী, তাৰা আৰু ছিন্নমস্তাই সৰ্বপ্ৰধান। অৱশ্যে মহাবিদ্যাৰ বাহিৰেৰে তেওঁৰ অস্তিত্ব নগণ্য।[24][25] গুহ্যাতিগুহ্য তন্ত্ৰ গ্ৰন্থত বিষ্ণুৰ দশাৱতাৰৰ সৈতে দশমহাবিদ্যাৰ সম্পৰ্ক প্ৰদৰ্শিত হৈছে; এই গ্ৰন্থ মতে, নৰসিংহ অবতাৰৰ উৎস হৈছে ছিন্নমস্তা।[26] মুণ্ডমালা গ্ৰন্থত অনুৰূপ এক তালিকাত ছিন্নমস্তাৰ সৈতে পৰশুৰামৰ তুলনা কৰা হৈছে।[27]

শাক্ত মহাভাগবত পুৰাণ গ্ৰন্থত ছিন্নমস্তা সহ দশমহাবিদ্যাৰ উৎপত্তি-সংক্ৰান্ত এটি উপাখ্যান আছে। দক্ষৰ কন্যা দাক্ষায়ণী আছিল শিৱৰ প্ৰথমা পত্নী। দেৱী সতী আছিল আদিতে প্ৰকাশমান একমাত্ৰ শক্তি দেৱী আদি পৰশক্তি মহামায়া। দক্ষই তেওঁৰ যজ্ঞানুষ্ঠানলৈ শিৱক নিমন্ত্ৰণ নজনালে, দক্ষায়ণী অপমানিত বোধ কৰি তেওঁ বিনা আমন্ত্ৰণেই যজ্ঞলৈ যাবলৈ শিৱৰ পৰা অনুমতি বিচাৰি থাকিল। কিন্তু শিৱ ৰাজি নহ'ল। তেতিয়াই দক্ষায়ণী ভয়ংকৰ দশ মূৰ্তি ধাৰণ কৰি দহ দিশৰ পৰা শিৱক আগুৰি ধৰিলে। এই দশ মূৰ্তিয়েই দশমহাবিদ্যা নামে প্ৰসিদ্ধি লাভ কৰে। ছিন্নমস্তাই পশ্চিমে শিৱৰ সোঁফালে অৱস্থান কৰিছিলে।[28][29][30] আন এক কিংবদন্তি অনুসৰি, শিৱৰ দ্বিতীয়া পত্নী মাতা পাৰ্বতীক দশমহাবিদ্যাৰ উৎস বোলা হৈছে। পাৰ্বতী আছিল পূৰ্বজন্মৰ সতী অথবা দেৱী আদ্যাশক্তি। পাৰ্বতী দশমহাবিদ্যাৰ সহায়ত শিৱক তেওঁৰ পিতৃগৃহ এৰি যোৱাত বাধা দিছিল। শিৱ পাৰ্বতীৰ সৈতে থাকি থাকি ক্লান্ত হৈ পৰিছিল। তেতিয়া তেওঁ পাৰ্বতীক ত্যাগ কৰিবলৈ আগবাঢ়িছিল। এনে অৱস্থাত কালীয়ে তেওঁক জ্ঞান প্ৰদান কৰে তথা নীৰস্ত কৰে।[31] দেৱীভাগৱতপুৰাণ মতে, দশমহাবিদ্যা দেৱী শাকম্ভৰীৰ ৰূপ পাৰ্বতীৰ যুদ্ধসঙ্গী আৰু ৰূপান্তৰ।[32]

প্ৰাণতোষিণী তন্ত্ৰ গ্ৰন্থত ছিন্নমস্তাৰ জন্মসংক্ৰান্তত দুটি কাহিনী বিবৃত হৈছে। এটি কাহিনী নাৰদ-পঞ্চৰাত্ৰীৰ পৰা তুলি লোৱা বুলি দাবি কৰা হৈছে। এই কাহিনি অনুযায়ী, এদিন মন্দাকিনী নদীত স্নানকৰি থকা অৱস্থাত পাৰ্বতী কামাৰ্ত হৈ পৰে। ফলত তেওঁ গাৰবৰণ ক'লা হৈ পৰে। এই সময়ত তেওঁৰ দুই সহচাৰী ডাকিনী আৰু বৰ্ণনী (এওঁলোক জয়া আৰু বিজয়া নামেও পৰিচিত) ক্ষুধাৰ্ত হৈ দেবীৰ কাষত খাদ্য প্ৰাৰ্থনা কৰি আছিল। পাৰ্বতীয়ে গৃহলৈ ঘূৰি গৈ তেওঁলোকক খাবলৈ দিব বুলি আশ্বস্ত কৰে। কিন্তু সহচাৰী দুগৰাকীৰ ক্ষুধাৰ্ত অৱস্থা দেখি কাতৰ হৈ দয়াৰ্দ্ৰহৃদয় দেৱীয়ে নিজ নখৰ আঘাতেৰে স্বমস্তক ছিন্ন কৰি নিজৰ তেজেৰে তেওঁলোকৰ ক্ষুধা দূৰ কৰে। পিছত তেওঁলোক ঘৰলৈ ঘূৰি আহে।[33][34] এই কাহিনীটো প্ৰাণতোষিণী তন্ত্ৰ গ্ৰন্থলৈ স্বতন্ত্ৰতন্ত্ৰ গ্ৰন্থৰ পৰা গৃহীত বুলি কোৱা হৈছে। এই কাহিনীটো শিৱই নিজে বৰ্ণনা কৰিছে: এদিনা তেওঁ আৰু তেওঁৰ পত্নী চণ্ডিকা (পাৰ্বতী) ৰতিসংগমত ৰত আছিল। চণ্ডিকা আছিল বিপৰীত ৰতিত। কিন্তু শিৱৰ বীৰ্যস্খলনত তেওঁ ক্ৰুদ্ধ হৈ পৰে। তেতিয়া তেওঁৰ দেহৰ পৰা ডাকিনী আৰু বৰ্ণনী নামে দুই সহচাৰীৰ জন্ম হয়। কাহিনীৰ অৱশিষ্ট অংশ পূৰ্বকঠিত কাহিনিটিৰ অনুৰূপ। অৱশ্যে এই কাহিনীত উল্লিখিত নদীখনৰ নাম হ'ল পুষ্পভদ্ৰা আৰু ছিন্নমস্তাৰ জন্ম তিথিটোক বীৰৰাত্ৰি বুলি কোৱা হৈছে। শক্তিসংগম তন্ত্ৰ গ্ৰন্থত এই কাহিনীটো পুনঃকথিত হৈছে।[35]

এটা লোকশ্ৰুতি অনুযায়ী, দেৱাসুৰ যুদ্ধত দেৱগণে মহাশক্তিৰ সহায়ৰ প্ৰাৰ্থনা কৰিছিল। দেৱী পাৰ্বতী, প্ৰচণ্ড চণ্ডিকা ৰূপে দেৱগণৰ সাহায্যাৰ্থে উপস্থিত হয়। সকলো দৈত্য বধৰ পিছত ক্ৰোধন্মত্তা দেৱীয়ে নিজ মস্তক কৰ্তন কৰি নিজ ৰক্ত পান কৰে। শাক্তপ্ৰমোদ গ্ৰন্থত ছিন্নমস্তা শতনাম স্তোত্ৰত প্ৰচণ্ড চণ্ডিকা দেৱী, ছিন্নমস্তাৰে আন এটা নাম বুলি কোৱা হৈছে।[35] আন এক লোকশ্ৰুতি অনুযায়ী, সমুদ্ৰ মন্থনৰ সময়ত উত্থিত অমৃত দেৱাসুৰৰ মাজত ভগোৱা হৈছিল, ছিন্নমস্তাই অসুৰ সকলৰ ভাগটি পান কৰে আৰু অসুৰ সকলক অমৃত লাভৰ পৰা বঞ্চিত কৰি স্বমস্তক ছিন্ন কৰে।[36]

ছিন্নমস্তা-সংক্ৰান্ত কিংবদন্তিসমূহৰ মূল উপজীৱ্য বিষয় হ'ল আত্মত্যাগ – মাতৃৰ আত্মত্যাগ (প্ৰাণতোষিণী তন্ত্ৰ গ্ৰন্থৰ কাহিনী) বা জগতৰ হিতাৰ্থে আত্মত্যাগ (দ্বিতীয় জনশ্ৰুতি)। এই কিংবদন্তিৰ উপজীৱ্য হ'ল যৌন কৰ্তৃত্ব স্থাপন (প্ৰাণতোষিণী তন্ত্ৰ গ্ৰন্থৰ দ্বিতীয় কাহিনী) বা আত্মবিধ্বংসী ক্ৰোধ (প্ৰথম লোকশ্ৰুতি)।[37]

স্বৰূপ চিত্ৰায়ন[সম্পাদনা কৰক]

A decapitated, nude, red-complexioned goddess stands on a copulating couple inside a lotus. She holds her severed head and a scimitar. Three streams of blood from her neck feed her head and two nude (one fair, another brown coloured) women holding a scimitar and a skull-cup, who flank her. The goddess wears a skull-garland, a serpent (around her neck) and various ornaments.
কলিকতাৰ কালী পূজাত প্ৰদৰ্শিত ছিন্নমস্তাৰ প্ৰতিমূৰ্তি।

ত্ৰিশক্তি তন্ত্ৰ(১৬ শতিকাৰ পূৰ্বৰ)ত ছিন্নমস্তাৰ শাৰীৰিক অৱয়ব বৰ্ণিত হৈছে,[33] [38] [38][39][40]

ছিন্নমস্তা ৰক্তজৱা ফুলৰ দৰে ৰঙা আৰু নিযুত সূৰ্যৰ পোহৰৰ দৰে উজ্জ্বল বুলি বৰ্ণনা কৰা হৈছে। তেওঁৰ দেহৰ বৰণ ৰঙা, কমলা বা ক'লা বুলি কোৱা হৈছে। তেওঁৰ প্ৰতিমূৰ্তিৰ ভঙ্গীমা এনেকৈ ৰখা হয় যে তেওঁৰ যোনি অদৃশ্য হৈ থাকে ইয়াৰোপৰি ডিঙিৰ মুণ্ড মালা আৰু সৰ্প উপবিত্ত এনেকৈ ৰখা হয় যে বক্ষস্থল আংশিক ঢাক খাই থাকে। তেওঁক ডেকা আৰু শীৰ্ণ ৰূপত উপস্থাপন কৰা হয়। তেওঁ ১৬ বছৰ বয়সৰ সম্পূৰ্ণ বিকশিত বক্ষৰ এগৰাকী স্ত্ৰী ৰূপত বৰ্ণনা কৰা হয় আৰু তেওঁৰ বুকুৰ কাষত এটা নীলা পদুম থাকে।[33][40][41][42][43] কেতিয়াবা কেতিয়াবা তেওঁক আংশিক বা সম্পূৰ্ণকৈ পোচাক পৰিহিতা ৰূপেও প্ৰদৰ্শিত হয়।[44][45][46]

দেৱী গৰাকীয়ে নিজৰেই খণ্ডিত মস্তক বাওঁ হাতত লৈ থাকে। অৱশ্যে তেওঁৰ মস্তক খণ্ডিত কৰা কোনো বিশেষ অস্ত্ৰৰ উল্লেখ পোৱা নাযায়।[47] তেওঁ তেওঁৰ সোঁ-হাতত এখন তৰোৱালৰ দৰে অস্ত্ৰ লৈ থাকে।[33][40][41][42][43] সাধাৰণতে তেওঁৰ প্ৰতিমাত দুখন বা চাৰিখন হাত প্ৰদৰ্শন কৰা হয়। অতিৰিক্ত দুখন হাতত এখনত কেঁচিৰ দৰে অস্ত্ৰ আৰু আনখন হাতত তেওঁৰ ডিঙিৰ পৰা বা মস্তকৰ পৰা নিৰ্গত তেজ ধৰি ৰাখিবলৈ এটা পাত্ৰ বা লাওঁখোলা লৈ থাকে।[44][40][48]

ছিন্নমস্তাৰ জিভা বাহিৰলৈ ওলোৱা, তেওঁৰ খোলা চুলিবোৰ অপৰিপাটী অৱস্থাত থাকে, কোনো কোনো প্ৰতিমাত চুলি বন্ধা আৰু ফুলেৰে সজ্জিত থাকে, চুলিত অৰ্ধ চন্দ্ৰ থাকে। অতিৰিক্ত ভাৱে তেওঁৰ কপালত তৃতীয় নয়ন আছে, ডিঙিত মুণ্ড মালাৰ উপৰি বিভিন্ন অলংকাৰ থাকে। হাতত খাৰু কঁকালত কিংকিনি পৰিধান কৰে। ডিঙিৰ পৰা বৈ অহা তিনিধাৰ তেজৰ দুধাৰ তেওঁৰ যোগিনী সহচাৰীকাই আৰু এধাৰ তেওঁৰ ছিন্ন মস্তকে পান কৰি থাকে।[33][40][41][42][43]

A decapitated, red-complexioned, nude woman stands on a copulating couple inside a large lotus. She holds her severed head and a scissor-like weapon. Three streams of blood from her neck feed her head and two blue-coloured nude women holding a scissor-like object and a skull-cup, who flank her. All three stand above a copulating couple.
ছিন্নমস্তাৰ কাংৰা চিত্ৰ, ১৮০০ খ্ৰীষ্টাব্দ

দুয়োগৰাকী সহচাৰীকা নগ্ন ৰূপত প্ৰদৰ্শিত হয়। ডাকিনী কৃষ্ণবৰ্ণা; তেওঁ তমোগুণৰ প্ৰতীক আৰু বৰ্ণনী ৰক্তবৰ্ণা, তেওঁ ৰজোগুণৰ প্ৰতীক। কেতিয়াবা তেওঁলোকৰ প্ৰতিমূৰ্তিয়ে ডিঙিৰ পৰিৱৰ্তে মুণ্ডৰ পৰা নিৰ্গত তেজ পান কৰা দেখুওৱা হয়।[33][40][41][42][43] কোনো কোনো বৰ্ণনাত এই দুগৰাকী যোগিনী অনুপস্থিত।[43][44][47]

দক্ষিণ পদ প্ৰসাৰিত আৰু উত্তৰ পদ ঈষৎ বেকাকৈ ছিন্নমস্তা কামদেৱ আৰু ৰতিৰ দেহৰ ওপৰত যুদ্ধভঙ্গিমাৰে দণ্ডায়মান। কামদেৱ আৰু ৰতি উভয়েই প্ৰেমৰ দেবতা। কামদেৱ যৌনকামনাৰ প্ৰতীক। তেওঁৰ দেহৰ ওপৰত পত্নী ৰতি দেৱীক বিপৰীত ৰতি ভঙ্গিমাৰে যৌনসংগমৰত অৱস্থাত উপস্থাপন কৰা হৈছে। কাম-ৰতি দুয়ো পদুমৰ ওপৰত থকাৰ বিপৰীতে দেৱীৰ পশ্চাদপটত আছে শ্মশানঘাট।[33][40][41][42][40] ছিন্নমস্তা তন্ত্ৰত উল্লেখ থকা মতে দেৱী ছিন্নমস্তা কাম-ৰতিৰ দেহৰ ওপৰত বহি থাকে।[33] কেতিয়াবা কাম-ৰতিৰ পৰিৱৰ্তে ৰাধা-কৃষ্ণৰ প্ৰতিকৃতি দেখুওৱা হয়।[28] দম্পতী যুগলৰ তলৰ পদুম ফুলপাহৰ পৰিৱৰ্তে কেতিয়াবা মৃতকৰ চিতা এখন থাকে। কেতিয়াবা এই দম্পতী যুগলৰ পৰিৱৰ্তে শিৱ শুই থকা অৱস্থাত দেখুওৱা হয় আৰু দেৱীক তেওঁৰ ওপৰত বহি থকা দেখা যায়।[43][47][49] উপস্থাপনটিত কেতিয়াবা কুকুৰ আৰু শিয়ালে তেজ পান কৰি থকা বৰ্ণোৱা হয়।[48] কোনো কোনো প্ৰতিমাত দেৱী এটা পদুমফুলৰ ওপৰত, ঘাঁহনি বা মাটিৰ ওপৰত থিয়হৈ থাকে।[48][50] তন্ত্ৰসাৰ গ্ৰন্থৰ এক বৰ্ণনা অনুযায়ী, দেৱী নিৰাকাৰা আৰু নিজ নাভিদেশত উপবিষ্ট। কথিত আছে, এই মূৰ্তিটি কেৱল ধ্যানৰত চকুৰেহে দেখা সম্ভৱ।[33]

গৱেষক ভেন কুইজেৰ মতে, ছিন্নমস্তাৰ মূৰ্তিকল্পত বীৰ আৰু ভয়ানক ৰসৰ প্ৰতিফলন ঘটিছে। যুগলমূৰ্তিটো শৃঙ্গাৰ ৰসৰ প্ৰতিফলন। মূৰ্তিৰ প্ৰধান বিষয় হ'ল নিজ ছিন্নমুণ্ডৰ ৰক্ত উৎসৰ্গ আৰু পান তথা যুগল মৰ্দন।[51]

ছিন্নমস্তাৰ জনপ্ৰিয় মূৰ্তিকল্পটি পীতবৰ্ণা ছিন্নমস্তক বৌদ্ধ দেৱী বজ্ৰযোগিনীৰ সমতুল্য। কেৱল বজ্ৰযোগিনী মূৰ্তিৰ ক্ষেত্ৰত সংগমৰত যুগলক দেখা নাযায় তথা ছিন্নমস্তা ৰক্তবৰ্ণা।[8][9]

প্ৰতীকী[সম্পাদনা কৰক]

কূটাভাসৰ দেৱী[সম্পাদনা কৰক]

যদিও তেওঁৰ শিৰশ্ছেদ কৰা হৈছে, তেওঁ জীৱনদান দিয়ে। যদিও তেওঁ দেখাত ভয়ংকৰ, তেওঁ শান্তি প্ৰদান কৰে। যদিও তেওঁ এগৰাকী কুমাৰী, তেওঁ আমাৰ শক্তি বৃদ্ধি কৰে, মা প্ৰচণ্ড চণ্ডিকা।

– গণপতি মুনি, প্ৰচণ্ড চণ্ডিকা ৯–১১, ১৪[52]

ছিন্নমস্তা বৈপৰীত্যৰ দেৱী: তেওঁ "আহাৰো আৰু আহাৰগ্ৰহণ কৰোঁতাও, যাৰ দ্বাৰা বিশ্বত গ্ৰাস আৰু গ্ৰাসক উভয়ৰে প্ৰতীকাত্মক ৰূপটি প্ৰতিনিধিত্ব হয়। গ্ৰহণ কৰোঁতা আৰু দাতা বা বস্তু আৰু বিষয় দুয়োটাই একেটাতে নিমজ্জিত হৈ পৰে।" [53]তেওঁৰ নাম-স্তোত্ৰত তালিকাভুক্ত বেছিভাগ বিশেষণেই (নাম-স্তোত্ৰ, যি য়ে দেৱতাৰ নাম তালিকাভুক্ত কৰে) আশ্চৰ্য আৰু ক্ৰোধ প্ৰকাশক; কিছুমান নাম কামুক বা শান্তিপূৰ্ণ, যিবোৰ ছিন্নমস্তাৰ ভয়ংকৰ প্ৰকৃতি আৰু চেহেৰাৰ বিপৰীত।[54] তেওঁৰ সহস্ৰনামে (হাজাৰ নাম-স্তোত্ৰ) কূটাৰ্থ প্ৰতিধ্বনিত কৰে; তেওঁ হৈছে প্ৰচণ্ড চণ্ডিকা ("শক্তিশালীভাৱে ভয়ংকৰ") তথা সৰ্বানন্দ-প্ৰদায়িনী ("সকলো আনন্দ বা আনন্দৰ মুখ্য দাতা")। তেওঁৰ নামবোৰে এই ধাৰণাটো প্ৰকাশ কৰে যে যদিও দেৱী প্ৰথম ৰূপত ভয়ংকৰ, তথাপিও তেওঁ উপাসনাৰ পৰিপ্ৰেক্ষিতত কৃপালু হ'ব পাৰে।[55]

যদিও কালীৰ দৰে আন ভয়ংকৰ হিন্দু দেৱীসকলে ৰাক্ষসৰ মুৰ ছিন্ন কৰা আৰু উপাসকে তেওঁৰ পূজাৰ বাবে বলিদান দিয়া ৰীতি-নীতি প্ৰচলিত, ইয়াৰ বিপৰীতে দেৱী ছিন্নমস্তাই ভক্তসকলক (পৰিচাৰকসকলক) নিজৰেই শিৰশ্ছেদ কৰি আহাৰহিচাপে আগবঢ়ায়। সেয়েহে, তেওঁ দেৱী হিচাপে দাতাৰ প্ৰতীক, যিদৰে খাদ্যৰ দেৱী অন্নপূৰ্ণা, আৰু শাক-পাচলিৰ দেৱী শাকাম্ভাৰী, বা মাতৃকা।[9][56][53] আত্মবলিদানৰ উপাদান হিচাপে তেওঁ ভক্তসকলৰ প্ৰতি দেৱতাৰ "ঐশ্বৰিক প্ৰতিদান"ৰ প্ৰতীক।[57] এগৰাকী আত্মত্যাগী মাতৃ হিচাপে তেওঁ আদৰ্শ ভাৰতীয় মহিলাৰ প্ৰতীক; অৱশ্যে, যৌনতা আৰু শক্তিৰ সৈতে তেওঁ প্ৰতিনিধিত্ব কৰা স্বৰূপটো বিপৰীত।[58] তেওঁ বশীকৰণেৰে, সমৃদ্ধ ঐশ্বৰিক দম্পতীৰ জীৱন-শক্তি গ্ৰহণ কৰে, যি কালীৰ দৰে প্ৰাণ গ্ৰহণকাৰীৰ দিশটোক সূচায়।[9][53]

ছিন্নমস্তাৰ সৰ্পিল অলংকাৰবোৰে তপস্বীত্ব সূচায়, আনহাতে তেওঁৰ যৌৱনৰ নগ্ন শৰীৰত অলংকাৰযুক্ত কামোদ্দীপক উজ্জ্বলতা আছে। সকলো হিন্দু দেৱীৰ দৰে, তেওঁ সোণৰ অভূষণেৰে সজ্জিত, যি সম্পদ আৰু উৰ্বৰতাৰ প্ৰতীক।[59]

ধ্বংস, পৰিৱৰ্তন আৰু পুনঃ সৃজন[সম্পাদনা কৰক]

১৯ শতিকাৰ ছিন্নমস্তাৰ লিথ'গ্ৰাফ

দক্ষিণ এছিয়াৰ কলা বিশেষজ্ঞ প্ৰতাপদিত্য পাল আৰু হিন্দু দেৱ-দেৱতা বিষয়ৰ লেখক এইচ ভট্টাচাৰ্যই ছিন্নমস্তাক ত্যাগ আৰু সৃষ্টিৰ পুনৰ্নবীকৰণ ধাৰণাৰ সৈতে যুক্ত কৰিছে। ছিন্নমস্তাজ নিজকে আৰু নিজৰ তেজত উৎসৰ্গা কৰিছে। সেই তেজ তেওঁৰ সহচাৰীগণক পান কৰাই বিশ্বচৰাচৰক পুষ্ট কৰিছে।[53][60] এটি স্তবকত তেওঁক সেয়ে ত্যাগ, ত্যাগী আৰু ত্যাগ গ্ৰহণকাৰী বোলা হৈছে। কাৰণ তেওঁৰ কটা মুৰটোক এক নৈবেদ্য হিচাপে গণ্য কৰা হয়। [61][62][63] ই সমগ্ৰ ত্যাগ প্ৰক্ৰিয়াক সূচায়, আৰু এনেদৰে সৃষ্টি, বিলুপ্তি আৰু পুনৰ সৃষ্টিৰ চক্ৰটো চলিছে।[53]]


ছিন্নমস্তা হৈছে "আমূল পৰিৱৰ্তনৰ এক প্ৰতীক, এক মহান যোগিনী।" [1] তেওঁ সৰ্বজনীন এক বাৰ্তা প্ৰদান কৰে যে সকলো জীৱন আন কোনো জীৱনৰ দ্বাৰা বৰ্তি থাকে, আৰু সৃষ্টিৰ ধাৰাবাহিকতাৰ বাবে ধ্বংস আৰু ত্যাগ দুয়োটাই প্ৰয়োজনীয়। [1] দেৱী প্ৰলয়ৰ (মহাজাগতিক বিলুপ্তি) প্ৰতীক, য'ত তেওঁ সকলো সৃষ্টিক গিলি নতুন সৃষ্টিৰ পথ মুকলি কৰে, এনেদৰে পৰিৱৰ্তনৰ ধাৰণা প্ৰকাশ কৰে।[64] সৰ্বোচ্চ দেৱীয়ে বিশ্বব্ৰহ্মাণ্ড ধ্বংসৰ বাবে ছিন্নমস্তাৰ ৰূপ ধাৰণ কৰে বুলি কোৱা হয়।[65] ছিন্নমস্তাক ঈশ্বৰীয় মাতৃৰ এক ভয়ংকৰ দিশ বুলি গণ্য কৰা হয়। [66] তেওঁ পৰিৱৰ্তনক প্ৰতিনিধিত্ব কৰে আৰু কালীৰ পৰিপূৰক বুলি কোৱা হয়। [67] তেওঁৰ এশ নামৰ স্তৱক আৰু হাজাৰ নামৰ স্তোত্ৰত তেওঁৰ ভয়ংকৰ প্ৰকৃতি আৰু ক্ৰোধৰ বৰ্ণনা আছে। নামবোৰৰ বৰ্ণনাত তেওঁৰ সেৱা কাৰ্যত ভূত প্ৰেত আদি জড়িত আৰু তেওঁ তেজ পান কৰা দেৱী বুলি উল্লেখ আছে। তেওঁ মানুহৰ তেজ, মানুহৰ মাংস আদিৰ দ্বাৰা সন্তুষ্ট হয় আৰু শৰীৰৰ চুলি, মাংস, তেজ আৰু ভয়ংকৰ মন্ত্ৰৰ দ্বাৰা পূজা তেওঁৰ পূজা কৰা হয়।[68]

ছিন্নমস্তা গাঁজনী আৰু বজ্ৰপাতৰ সৈতে সম্পৰ্কিত অৰ্থাৎ পোহৰ আৰু শব্দ শক্তিৰ আদান-প্ৰদানৰ সৈতে জড়িত। তেওঁৰ এটা নাম, বজ্ৰ বৈৰোচনী ("বজ্ৰৰ দৰে উজ্জ্বল"), বজ্ৰ (বজ্ৰপাত) আৰু ইয়াৰ ঐশ্বৰিক গৰাকী (ইন্দ্ৰ, স্বৰ্গৰ ৰজা আৰু বৰষুণ, বজ্ৰপাত আৰু বজ্ৰপাতৰ দেৱতা) সৈতে সম্পৰ্কিত।[69][70]

ছিন্ন মস্তকৰ নৈবেদ্য আৰু পৰৱৰ্তী সময়ত ইয়াৰ পুনৰুদ্ধাৰে অমৰত্বক সূচায়। লৌকিকতা আৰু অমৰত্বৰ দ্বৈততাক ছিন্নামস্তাৰ মূৰৰ দ্বাৰা পান কৰা তেজৰ প্ৰবাহেৰে সূচিত কৰা হয় য'ত এই তেজক অমৃত আৰু মৃত্যু নোহোৱাকৈয়ে নিজৰ মোট সলোৱা সৰ্পৰ দ্বাৰা উপস্থাপন কৰা হৈছে। লাওখোলা আৰু কটা মুৰৰ মালাবোৰে সময়ৰ ওপৰত তেওঁৰ বিজয় আৰু মৃত্যুৰ প্ৰতি থকা ভয়ক সূচায়। [71] ছিন্নামস্তাৰ ক'লা বৰণে ধ্বংসক প্ৰতিনিধিত্ব কৰে; তেওঁৰ ৰঙা বা কমলা ৰঙৰ চিত্ৰণে জীৱনক বুজায়।[72] তেজ পান কৰি, তেওঁ ৰক্ষা কৰ্তাৰ দ্বায়িত্ব পালন কৰে, যি পৃথিৱীৰ নেতিবাচকতাক পান কৰি ইয়াক পৰোপকাৰী শক্তিলৈ ৰূপান্তৰ কৰে; এই ব্যাখ্যাত, তেজক অমৃতৰ সলনি ঋণাত্মক ৰূপে উপস্থাপন কৰা হৈছে।[73][74]

ছিন্নমস্তা ৰূপৰ অৰ্থ জীৱন, মৃত্যু আৰু যৌনতা পৰস্পৰ স্বাধীন। ছিন্নমস্তাৰ মূৰ্তি এক চিৰন্তন সত্যৰ বাহক: "জীৱনক মৃত্যুৱে বহন কৰে, জীৱন মৃত্যুৰ দ্বাৰা পুষ্ট হয়, আৰু জীৱনেই মৃত্যুক যাথাৰ্থতা দান কৰে। তথা যৌনতাৰ সৰ্বশেষ লক্ষ্য হ'ল অন্য জীৱন সৃষ্টি কৰা। এই সমূহ নতুন জীৱনেও নিজৰ পৰা নৱ নৱ জীৱনক বহন কৰাৰ স্বাৰ্থত জৰাগ্ৰস্থ হয় আৰু শেষ পৰ্যন্ত মৃত্যুত বিলীন হয়।" [61] পদ্ম আৰু যৌনসংগমৰত যুগল জীৱন আৰু জীৱনসৃষ্টিৰ আকুলতাৰ প্ৰতীক। এওঁলোকে ছিন্নমস্তা দেৱীক জীৱনীশক্তি প্ৰদান কৰে। দেৱীৰ কবন্ধৰ পৰা ৰক্তৰ নিৰ্গমন মৃত্যু আৰু জীৱনীশক্তি ক্ষয়ৰ প্ৰতীক। এই ক্ষয়িত শক্তি তেওঁৰ সহচাৰী যোগিনী দুগৰাকীৰ মুখেৰে প্ৰৱেশ কৰি তেওঁলোকক পুষ্ট কৰে।[61][75]

আত্ম উপলব্ধি আৰু কুণ্ডলিনীৰ জাগ্ৰতকৰণ[সম্পাদনা কৰক]

ছিন্নমস্তাক বৰ্ণনা কৰা এখন পাহাৰী চিত্ৰ  ১৭৫০ খ্ৰীষ্টাব্দ

মস্তক পৰিচয় আৰু সৃষ্টিৰ উৎস হিচাপে হয় চিহ্নিত।[76] সেয়েহে, আত্ম-শিৰশ্ছেদে মায়া (ভ্ৰম বা বিভ্ৰাত), শাৰীৰিক আসক্তি, মিছা ধাৰণা, অজ্ঞতা আৰু অহংকাৰ আঁতৰোৱাক প্ৰতিনিধিত্ব কৰে। তৰোৱাল খনে মোক্ষ (মুক্তি), জ্ঞান (তীক্ষ্ণতা), আৰু আত্ম-উপলব্ধিৰ বাবে এই বাধাবোৰৰ ৰক্ষা কৰাটোও সূচায়। [47][77][78][79][80] ছিন্নমস্তাই ভক্তক এক চেতনা লাভ কৰিবলৈ প্ৰেৰিত কৰে যি তেওঁৰ আত্মত্যাগৰ দ্বাৰা শাৰীৰিক আসক্তি, শৰীৰ আৰু মনৰ বান্ধোন অতিক্ৰম কৰে। [1][81] এক ব্যাখ্যা অনুসৰি তেওঁৰ তিনিটা চকুৱে সূৰ্য, চন্দ্ৰ আৰু জুইক প্ৰতিনিধিত্ব কৰে আৰু তৃতীয় চকুটোক অতীন্দ্ৰিয় জ্ঞানৰ সৈতে সংযোগ কৰে। ভক্তৰ মুখামুখি হোৱা আন হিন্দু দেৱতাসকলৰ বিপৰীতে, ছিন্নামস্তাই ভক্তক আত্মোপলব্ধি কৰিবলৈ প্ৰেৰিত কৰে। [82]

ছিন্নমস্তা কুণ্ডলিনী শক্তি জাগৰণৰো প্ৰতীক। যৌনসংগমৰত যুগলে মেৰুদণ্ডৰ শেষ অস্থিৰ ওপৰত অৱস্থিত মূলাধাৰ চক্ৰৰ প্ৰতীক। কুণ্ডলিনী দেহৰ কেন্দ্ৰ সুষুম্না নদীপথে প্ৰৱাহিত হৈ ব্ৰহ্মতালুত অৱস্থিত সহস্ৰাৰত আঘাত কৰে। এই তত্ত্ব অনুযায়ী, সুষুম্না দেৱীৰ সহস্ৰাৰত ইমান জোৰে আঘাত কৰে যে, দেৱীৰ মস্তক ছিন্ন হৈ যায়। যি ঊৰ্ধ্বমুখী ৰক্তস্ৰোত চক্ৰৰ গ্ৰন্থি ছিন্ন কৰাৰ প্ৰতীক। এই গ্ৰন্থিয়ে মানুহক দুঃখিত, অজ্ঞ আৰু দুৰ্বল কৰে। ছিন্নমস্তক সৰ্বোৎকৃষ্ট চৈতন্যৰ প্ৰতীক। কুণ্ডলিনী যেতিয়া সহস্ৰাৰত অৱস্থানকাৰী শিৱৰ সৈতে মিলিত হয়, তেতিয়া তিনিটা ৰক্তধাৰা অমৃতৰ ধাৰালৈ পৰিণত হয়।[83][84][85][86][lower-alpha 5] তেওঁৰ প্ৰতিমূৰ্তিত থকা সৰ্পয়ো এই শক্তিকে প্ৰতিনিধিত্ব কৰে।[87]

অন্য এক মত অনুসৰি ডাকিনী, যোগিনী আৰু ছিন্নমস্তা হ'ল ইড়া, পিঙ্গলা আৰু সুষুম্না নামে তিনিখন সূক্ষ্ম নদীৰ মুক্তধাৰাৰ প্ৰতীক।   [83][84][88][89][lower-alpha 5] সুষুম্না মূলধাৰ আৰু সহস্ৰাৰৰ সৈতে যুক্ত হৈছে। ই মেৰুদণ্ডৰ সমান্তৰালে প্ৰৱাহিত। ইড়া দক্ষিণ অণ্ডৰ পৰা সোঁ নাসাৰন্ধ্ৰ পৰ্যন্ত প্ৰৱাহিত। শীতল চান্দ্ৰ শক্তি আৰু মস্তিস্কৰ দক্ষিণ ভাগৰ সৈতে সংযুক্ত। পিঙ্গল সোঁ অণ্ডৰ পৰা দক্ষিণ নাসাৰন্ধ্ৰ পৰ্যন্ত প্ৰৱাহিত। তপ্ত সৌৰ শক্তি আৰু মস্তিস্কৰ সোঁ ভাগৰ সৈতে সংযুক্ত।[90] [89]

নিজৰ মস্তক ছিন্ন কৰা মায়া, অজ্ঞতা আৰু আমিত্ব অপসাৰণৰ প্ৰতীক, মস্তক ছিন্ন কৰিও জীৱিত থকা অলৌকিক শক্তি আৰু কুণ্ডলিনী জাগৰণৰ প্ৰতীক।[78] দেৱী আৰু দুই যোগিনীৰ ত্ৰয়ীমূৰ্তি বস্তুৰ সৰ্বোৎকৃষ্ট অৱস্থাৰ দাৰ্শনিক প্ৰতীক, যাৰ সৈতে সৃষ্টিশক্তিৰো সম্পৰ্ক বিদ্যমান।[91]

যৌন আৱেগ নিয়ন্ত্ৰণ[সম্পাদনা কৰক]

ৰাজস্থানত উদ্ধাৰ হোৱা ছিন্নমস্তাৰ অষ্টাদশ শতিকাৰ এখন চিত্ৰ, চিত্ৰত তেওঁ শিৱৰ ওপৰত বহি তেওঁৰ সৈতে সহগামী হৈ আছিল। পৃষ্ঠভূমিত শ্মশানৰ চিতা।

ছিন্নমস্তা যৌনসংগমৰত কামদেৱ আৰু ৰতিদেৱীৰ ওপৰত দণ্ডায়মান। এই সম্পৰ্কে দুটি ব্যাখ্যা দিয়া হয়। এক পক্ষৰ মতে, ই যৌনকামনাৰ আত্মনিয়ন্ত্ৰণৰ প্ৰতীক। আন এজ পক্ষৰ মতে, ইয়াৰ অৰ্থ দেৱী যৌনশক্তিৰ মূৰ্তিস্বৰূপ। তেওঁৰ যোগিনী আৰু মদনাতুৰা ("যি কাম ভাৱ নিয়ন্ত্ৰণ কৰে") নামদুটি তেওঁৰ যৌনশক্তি নিয়ন্ত্ৰণ আৰু দমনকাৰিণী যোগশক্তিৰ পৰিচায়ক।[92] কোনো কোনো চিত্ৰকল্পত ছিন্নমস্তা কাম-ৰতিৰ ওপৰত উপবিষ্ট। এই চিত্ৰত দেৱীৰ দমনকাৰিণী মূৰ্তি দেখা নাযায়। ইয়াত কাম-ৰতিয়ে দেৱীক যৌনক্ষমতা প্ৰদান কৰে। কোনো কোনো মূৰ্তিত দেৱীক শিৱৰ সৈতে সংগমৰত অৱস্থাত দেখা যায়। ছিন্নমস্তাৰ কামেশ্বৰী আৰু ৰতিৰাগবিবৃদ্ধিনী নামদুটি আৰু তেওঁৰ মন্ত্ৰৰ ক্লীঁ বীজৰ উল্লেখে (যি কামদেব আৰু কৃষ্ণৰ মন্ত্ৰটো উপস্থিত) এই তত্ত্বকে সমৰ্থন কৰে।[93]


ছিন্নমস্তা তত্ত্ব গ্ৰন্থৰ লেখক আচাৰ্য আনন্দ ঝা-ৰ মতে, ছিন্নমস্তা যিহেতু যৌনকামনাৰ ওপৰত আত্মনিয়ন্ত্ৰণ, আনৰ স্বাৰ্থ বীৰোচিত আত্মবলিদান আৰু মৃত্যুভয়হীনতাৰ প্ৰতীক, সেয়ে সৈনিক সকলে ছিন্নমস্তাৰ পূজা কৰা উচিত। নগ্নতা ও মস্তকহীনতা দেবীৰ সত্যৰূপ ও "আত্মসচেতনতাহীনতা"-ৰ প্ৰতীক। যুদ্ধত একাধিক দৈত্যবধ কৰাৰ বাবে তেওঁ ৰণজৈত্ৰী নামে পৰিচিত। এই নাম যুদ্ধক্ষেত্ৰত তেওঁৰ প্ৰবল শক্তিমত্তাৰও পৰিচায়ক।[94]

ছিন্নমস্তাৰ মূৰ্তিতত্ত্বৰ লগতে তেওঁৰৰ যন্ত্ৰত পোৱা ওলোটা ত্ৰিভুজটোৱে যোনি (গৰ্ভ) আৰু নাৰীত্বক সূচায়। দেৱীক প্ৰায়ে নাভিৰ ওলোটা ত্ৰিভুজৰ কেন্দ্ৰত কল্পনা কৰা হয়। এই ত্ৰিভুজৰ দ্বাৰা তিনিটা গুণ আৰু শক্তি যেনেঃ ইচ্ছা ("ইচ্ছাশক্তি"), ক্ৰিয়া ("কাৰ্য্য"), আৰু জ্ঞান ("তীক্ষ্ণতা")ক সূচায়।[95] দেৱীক যোনি-মুদ্ৰা বা যোনি-গাম্য বুলি কোৱা হয়।[96]

পূজন[সম্পাদনা কৰক]

ছিন্নামস্তাৰ যন্ত্ৰ। যন্ত্ৰই দেৱীৰ প্ৰতীকী প্ৰতিনিধিত্ব হিচাপে কাম কৰে

ছিন্নামস্তাৰ ব্যক্তিগত পূজনৰ ব্যাপকতা দেখা নাযায়, তেওঁ তান্ত্ৰিকসকলৰ (এক প্ৰকাৰৰ তান্ত্ৰিক অনুশীলনকাৰী) মাজত সুপৰিচিত আৰু গুৰুত্বপূৰ্ণ। দেৱী মন্দিৰত মহাবিদ্যা গোটৰ অংশ হিচাপে ছিন্নমস্তাক পূজা আৰু চিত্ৰিত কৰা হয়। [14][97][68][98] ছিন্নামস্তাৰ মন্দিৰ আৰু ৰাজহুৱা উপাসনা বিৰল, আৰু সাধাৰণ উপাসকসকলৰ দ্বাৰা তেওঁৰ ব্যক্তিগত উপাসনা সম্ভৱতঃ অস্বাভাৱিক। [14][68]

গুহ্যাতিগুহ্য তান্ত্ৰিক পৰম্পৰাৰ ভিতৰত, ছিন্নামস্তাক এক গুৰুত্বপূৰ্ণ দেৱী হিচাপে ধৰা হয়।[98][99][100] তেওঁ পূৱ ভাৰত আৰু নেপালত "সক্ৰিয় উপাসনা"ৰ অংশ; তেওঁৰ মন্দিৰ নেপালৰ লগতে ভাৰতৰ ৰাজ্য উৰিষ্যা, পশ্চিম বংগ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ পূব অংশত পোৱা যায়।[97] বেনাৰ্ডে কৰা মন্তব্য অনুসৰি তেওঁ বংগত কোনো ছিন্নামস্তা মন্দিৰ দৰ্শন কৰিবলৈ পোৱা নাছিল, অৱশ্যে ছিন্নামস্তা বংগৰ এগৰাকী জনপ্ৰিয় দেৱী।[101]

হিন্দু ধৰ্মৰ দেৱী কেন্দ্ৰিক সম্প্ৰদায় শাক্ত ধৰ্মৰ কালীকুল ("কালীৰ পৰিয়াল") সম্প্ৰদায়ত দেৱীক যথেষ্ট শ্ৰদ্ধা ভক্তি কৰা হয়।[99] তেওঁৰ ব্যক্তিগত উপাসনা মূলতঃ বীৰ তান্ত্ৰিকসকলৰ মাজত সীমাবদ্ধ, আৰু যিসকলে তেওঁৰ উপাসনা কৰে তেওঁলোকে কয় যে কেৱল যোগী আৰু সংসাৰ ত্যাগকাৰীসকলৰহে তেওঁৰ প্ৰতিমূৰ্তি ব্যৱহাৰৰে তেওঁক ধ্যান কৰাৰ ক্ষমতা আছে। [14][68][102] সাধাৰণ উপাসকসকলৰ দ্বাৰা ছিন্নামস্তাৰ উপাসনা নোহোৱা বাবে কিংছলেয়ে তেওঁৰ হিংস্ৰ প্ৰকৃতি আৰু কাষ চাপিবলৈ আৰু উপাসনা কৰিবলৈ বিপদজনক বুলি তেওঁৰ খ্যাতিক দায়ী কৰে।[14][68]

পূজনৰ উদ্দেশ্য[সম্পাদনা কৰক]

তান্ত্ৰিক অনুশীলনকাৰীসকলে সিদ্ধি বা অতিপ্ৰাকৃতিক শক্তি অৰ্জন কৰাৰ বাবে ছিন্নামস্তাৰ পূজা কৰে।[14] ছিন্নমস্তাৰ মন্ত্ৰ শ্ৰীঁ ক্লীঁ হ্ৰীঁ ঐঁ বজ্ৰবৈৰোচনীয়ে হুঁ হুঁ ফট্ স্বাহা নাৰী বশীকৰণেৰ হেতু ব্যৱহৃত হয়।[103][104] তেওঁৰ মন্ত্ৰই তেওঁক সৌন্দৰ্য, উজ্জ্বলতা, জুই, আধ্যাত্মিক আত্ম-উপলব্ধি আৰু ভ্ৰম ধ্বংসৰ বিষয়ে উল্লেখ কৰা শব্দাংশৰ সৈতে সংযুক্ত কৰে।[105] শাক্ত প্ৰমোদ আৰু ৰুদ্ৰায়মালাই সম্পদ আৰু শুভতা প্ৰাপ্ত কৰিবলৈ তেওঁৰ মন্ত্ৰ উচ্চাৰণ কৰাৰ পৰামৰ্শ দিয়ে।[106]

ছিন্নামস্তাৰ উপাসনাৰ আন এটা লক্ষ্য হ'ল মন্ত্ৰ উচ্চাৰণৰে আন কাৰোবাৰ ক্ষতি কৰা।[33] পুৰুষ আৰু মহিলাৰ বশ্যতা বা জাদু (বশিকৰণ), শত্ৰুৰ ধ্বংস (উচ্ছাতন), কাৰোবাৰ মৃত্যু (মৰণ) আৰু বন্ধুবৰ্গৰ মাজত ঘৃণা বা শত্ৰুতা (বিদ্বেষ) সৃষ্টি কৰাৰ বাবে তেওঁক পূজা কৰা হয় বুলি কোৱা হৈছে।[107]

চিন্নামস্তা তত্ত্বৰ ৰচক আচাৰ্য্য আনন্দ ঝাই সৈনিকসকলৰ দ্বাৰা তেওঁৰ উপাসনা কৰা হয় বুলি উল্লেখ কৰিছে কিয়নো তেওঁলোকে কামনাৰ আত্ম-নিয়ন্ত্ৰণ, আনৰ হিতৰ বাবে বীৰত্বপূৰ্ণ আত্মত্যাগ আৰু মৃত্যুৰ মুখত নিৰ্ভীকতা মূৰ্ত কৰে। শাক্ত মহা-ভাগৱত পুৰাণত উল্লেখ থকা মতে মহাবিদ্যাসকলৰ প্ৰতি এক সামূহিক প্ৰাৰ্থনাত ভক্তজনে আনৰ প্ৰতি উদাৰতা তছিন্মস্তাক অনুকৰণ কৰিবলৈ প্ৰাৰ্থনা কৰে।[108] সকলো মহাবিদ্যাৰ উপাসনাৰ সচৰাচৰ অন্যান্য লক্ষ্যবোৰ হ'ল: মধুৰ কথন, কল্যাণ, শত্ৰুৰ নিয়ন্ত্ৰণ, বাধা আঁতৰোৱা, ৰজাসকলক প্ৰভাৱিত কৰাৰ সামৰ্থ্য, আনক আকৰ্ষিত কৰাৰ সামৰ্থ্য, আন ৰজাৰ ওপৰত বিজয়, আৰু শেষত, মোক্ষ (পৰিত্ৰাণ) প্ৰাপ্তি। [68][109]

পূজনৰ মাধ্যম[সম্পাদনা কৰক]

তন্ত্ৰসাৰ, শাক্ত প্ৰমোদ, মন্ত্ৰ মহোদধিহ (১৫৮৯ খ্ৰিষ্টাব্দ) নামৰ তন্ত্ৰগ্ৰন্থ আদিত [110] ছিন্নমস্তা আৰু অন্যান্য মহাবিদ্যাপূজাপদ্ধতি, যন্ত্ৰ আৰু ধ্যানমন্ত্ৰ সহ অন্যান্য মন্ত্ৰৰ উল্লেখ আছে।[68] তন্ত্ৰমতে, সাধকক নিজৰ নাভিত যোনি চক্ৰৰ প্ৰতীক ৰক্তসূৰ্যচক্ৰ কল্পনা কৰিবলৈ কোৱা হৈছে। এই চক্ৰৰ মাজতেই ছিন্নমস্তাৰ জনপ্ৰিয় ৰূপটিৰ অৱস্থান।[33] তন্তসাৰ গ্ৰন্থই গৃহস্থক কেৱল নিৰাকাৰ ৰূপেৰেই ছিন্নমস্তাৰ পূজা কৰিবলৈ। এই গ্ৰন্থত লগতে কোৱা হৈছে যে, যদি কোনো নাৰী মন্ত্ৰৰে ছিন্নমস্তাকে আবাহন জনোৱা হয়, তেন্তে তেওঁ ডাকিনীলৈ পৰিণত হয়, স্বামী-পুত্ৰ হেৰুৱাই শেষত পৰিপূৰ্ণ যোগিনী হয়।[33] শক্তিসংগম তন্ত্ৰ গ্ৰন্থত কেৱল বামমাৰ্গৰে দেৱীৰ পূজা কৰিবলৈ কোৱা হৈছে। মন্ত্ৰ মহোদধিহ গ্ৰন্থমতে, অবিবাহিত স্ত্ৰীৰ সৈতে যৌনসংগম ছিন্নমস্তা পূজাৰ এক অঙ্গ। শাক্ত প্ৰমোদ গ্ৰন্থটো পূৰ্বোক্ত মত সমৰ্থন কৰি যজ্ঞ আৰু নিশাৰ ভাগত মদ্ আৰু মাংস যোগে দেবীৰ পূজাৰ কথা কোৱা হৈছে।[111] কোনো কোনো স্তৱকত কোৱা হৈছে যে, দেৱী তেজৰ দ্বাৰা সন্তুষ্ট হয়। সেয়ে তেওঁৰ পূজাত ৰক্ত বলিদান কৰা হয়।[112] শক্তিসংগম তন্ত্ৰ মতে একমাত্ৰ বীৰ আত্মাৰ অধিকাৰী সকলেহে বামমাৰ্গৰ দ্বাৰা দেবীৰ পূজাৰ অধিকাৰী। শাক্ত প্ৰমোদ গ্ৰন্থত কোৱা হৈছে, সঠিক ভাবে দেৱীৰ পূজা নকৰিলে দেৱী পূজকৰ মস্তক ছিন্ন কৰি তেজ পান কৰে। এই গ্ৰন্থত গৃহস্থ আৰু ত্যাগীৰ হেতু পৃথক পন্থাৰে ছিন্নমস্তাৰ পূজাৰ বৰ্ণনা আছে।[111] তোদালা তন্ত্ৰত উল্লেখ কৰা হৈছে যে, ছিন্নমস্তাৰ উপাসনাৰ অংশ হিচাপে, শিৱ বা তেওঁৰ ভয়ংকৰ ৰূপ ভৈৰৱক দেৱীৰ সংগী হিচাপে কবন্ধ ("মুণ্ডহীন কাণ্ড") হিচাপে পূজা কৰা হ'য়। [113][114] ছিন্নমস্তাৰ সোঁফালে থকা কবন্ধৰ পূজাই সিদ্ধি প্ৰদান কৰে বুলি কোৱা হয়।[113]

ছিন্নমস্তাক সাধাৰণতে মাজনিশা আন মহাবিদ্যাৰ সৈতে কালী পূজাত পূজা কৰা হয়। অৱশ্যে, গৃহস্থসকলক তেওঁৰ উপাসনা নকৰিবলৈ সতৰ্ক কৰি দিয়া হৈছে। [115] কলিকতাৰ কটক জিলাৰ বখৰাবাদ অঞ্চল আৰু ৮৬টা পল্লী মণ্ডপত কালী পূজাত কালীৰ পৰিৱৰ্তে ছিন্নমস্তাৰ পূজা কৰাৰ অনন্য পৰম্পৰা আছে।[116][117]

মন্দিৰ[সম্পাদনা কৰক]

ৰাজৰাপ্পাৰ ছিন্নমস্তা মন্দিৰ চিন্তপূৰ্ণি

হিমাচল প্ৰদেশৰ চিন্তপূৰ্ণি হৈছে ছিন্নমস্তিকাৰ এটা মন্দিৰ,[118] শক্তি পীঠ সসমূহৰ (আটাইতকৈ পৱিত্ৰ দেৱী মন্দিৰ হিচাপে বিবেচিত) মাজৰ এটা আৰু ইয়াতেই দেৱী সতীৰ কপাল (মস্তক) পৰিছিল বুলি কোৱা হয়। আন এটা গুৰুত্বপূৰ্ণ মন্দিৰ হৈছে ঝাৰখণ্ডৰ ৰাজৰাপ্পাৰ ওচৰৰ ছিন্নমস্তা মন্দিৰ, য'ত অষ্টধাতু (আঠ-ধাতুৰ মিশ্ৰণ) কৱচ (আৱৰণ)ৰে আবৃত এটা প্ৰাকৃতিক শিলক দেৱী হিচাপে পূজা কৰা হয়।

অষ্টাদশ শতিকাৰ ভিতৰত ছিন্নমস্তাৰ কেন্দ্ৰ হিচাপে সুপ্ৰতিষ্ঠিত,[119][120] উত্তৰ প্ৰদেশবাৰাণসীৰ ওচৰৰ ৰামনগৰৰ দুৰ্গা মন্দিৰ চৌহদত এজন তান্ত্ৰিক সাধুৰ দ্বাৰা ছিন্নমস্তালৈ উৎসৰ্গিত এটা মন্দিৰ নিৰ্মাণ কৰা হৈছিল, য'ত তন্ত্ৰীক সকলে মৃতদেহ ব্যৱহাৰ কৰি দেৱীৰ উপাসনা কৰে।[68][121] উত্তৰ প্ৰদেশৰ কানপুৰত দেৱীৰ আন এটা মন্দিৰ আছে যিটো চ'ত মাহৰ নৱৰাত্ৰিৰ ওচৰাওচৰিকৈ বছৰত মাত্ৰ তিনিদিনহে খোলা থাকে।[122] অন্যান্য মহাবিদ্যাৰ সৈতে অসমকামাখ্যা মন্দিৰ চৌহদত,আৰু ঝাৰখণ্ডৰ বাচুকীনাথ মন্দিৰ চৌহদত ছিন্নমস্তাৰ পূজা কৰা হয়।[111] পশ্চিম বংগৰ বিষ্ণুপুৰত এটা ছিন্নামস্তা মন্দিৰ আছে।[111] উৰিষ্যাৰ জনপ্ৰিয় দেৱী মণিকেশ্বৰী দেৱীক প্ৰায়ে ছিন্নামস্তা দেৱী বুলি অভিহিত কৰা হয়।[114][123]

ছিন্নামস্তাৰ মন্দিৰ কিছু নেপালকাঠমাণ্ডু উপত্যকাতো পোৱা যায়। চাংগু নাৰায়ণ মন্দিৰৰ এটা মন্দিৰত ছিন্নমস্তাৰ ত্ৰয়োদশ শতিকাৰ প্ৰতিমূৰ্তি আছে। দেৱীৰ সন্মানত নেপালী মাহ বৈশাখত এক ৰথযাত্ৰা অনুষ্ঠিত কৰা হয়।[124]

তথ্যউৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 McDaniel (2004, পৃষ্ঠা 259)
  2. Kinsley (1988, পৃষ্ঠা 172)
  3. English (2002, পৃষ্ঠা 94)
  4. Benard (2000, পৃষ্ঠা 9–11)
  5. English (2002, পৃষ্ঠা 101–2)
  6. Benard (2000, পৃষ্ঠা 12–5)
  7. 7.0 7.1 Benard (2000, পৃষ্ঠা 16–7)
  8. 8.0 8.1 Donaldson (2001, পৃষ্ঠা 411)
  9. 9.0 9.1 9.2 9.3 9.4 Kinsley (1988, পৃষ্ঠা 175)
  10. Sanderson (2009, পৃষ্ঠা 240–1)
  11. McDermott (1996, পৃষ্ঠা 357–8)
  12. van Kooij (1999, পৃষ্ঠা 266)
  13. 13.0 13.1 Kinsley (1988, পৃষ্ঠা 176)
  14. 14.0 14.1 14.2 14.3 14.4 14.5 Kinsley (1988, পৃষ্ঠা 177)
  15. Kinsley (1997, পৃষ্ঠা 144–7)
  16. Mishra, Mohanty & Mohanty (2002, পৃষ্ঠা 315)
  17. Storm (2013, পৃষ্ঠা 296)
  18. 18.0 18.1 R Mahalakshmi (2014, পৃষ্ঠা 204)
  19. 19.0 19.1 Benard (2000, পৃষ্ঠা 6–7)
  20. S Shankaranarayanan (2002, পৃষ্ঠা 77-8)
  21. Dainik Jagran (26 July 2016)
  22. English (2002, পৃষ্ঠা 101, 428–9)
  23. Buturovic (2016, পৃষ্ঠা 81)
  24. Kinsley (1988, পৃষ্ঠা 165)
  25. Kinsley (1997, পৃষ্ঠা 2, 5, 9)
  26. Kinsley (1988, পৃষ্ঠা 161)
  27. Bernard (2000, পৃষ্ঠা 5)
  28. 28.0 28.1 Kinsley (1988, পৃষ্ঠা 162)
  29. Kinsley (1997, পৃষ্ঠা 23)
  30. Bernard (2000, পৃষ্ঠা 1–3)
  31. Kinsley (1997, পৃষ্ঠা 28–29)
  32. Kinsley (1997, পৃষ্ঠা 31)
  33. 33.00 33.01 33.02 33.03 33.04 33.05 33.06 33.07 33.08 33.09 33.10 33.11 Donaldson (2001, পৃষ্ঠা 412)
  34. Kinsley (1997, পৃষ্ঠা 147–8)
  35. 35.0 35.1 Kinsley (1997, পৃষ্ঠা 148)
  36. Kinsley (1997, পৃষ্ঠা 21)
  37. Kinsley (1997, পৃষ্ঠা 149–50)
  38. 38.0 38.1 Benard (2000, পৃষ্ঠা 23)
  39. Benard (2000, পৃষ্ঠা 84)
  40. 40.0 40.1 40.2 40.3 40.4 40.5 40.6 40.7 Benard (2000):
    • pp. 33–4, 36–7, 47: Shakta Pramoda
    • p. 86: Mantra-mahodadhih
    • p. 87: Tantrasara
  41. 41.0 41.1 41.2 41.3 41.4 Kinsley (1997, পৃষ্ঠা 144)
  42. 42.0 42.1 42.2 42.3 42.4 van Kooij (1999, পৃষ্ঠা 258)
  43. 43.0 43.1 43.2 43.3 43.4 43.5 Storm (2013, পৃষ্ঠা 289–96)
  44. 44.0 44.1 44.2 Storm (2013, পৃষ্ঠা Cover page) depicts Chhinnamasta as a four-armed fully clothed goddess with a severed head riding on a lion. She holds a scimitar, a skull-bowl collecting dipping sword from her sword.
  45. "Art & Photos – Chinnamasta – Mahavidya". Kauai's Hindu Monasterywww.himalayanacademy.com. https://www.himalayanacademy.com/view/b44a_rajam। আহৰণ কৰা হৈছে: 2016-06-26. 
  46. See File:Bundi painting Chinnamasta.jpg
  47. 47.0 47.1 47.2 47.3 R Mahalakshmi (2014, পৃষ্ঠা 203)
  48. 48.0 48.1 48.2 Donaldson (2001, পৃষ্ঠা 413)
  49. Kinsley (1997, পৃষ্ঠা 11)
  50. R Mahalakshmi (2014, পৃষ্ঠা 204)
  51. van Kooij (1999, পৃষ্ঠা 255, 264)
  52. Frawley (1994, পৃষ্ঠা 112)
  53. 53.0 53.1 53.2 53.3 53.4 Benard (2000, পৃষ্ঠা 8–9)
  54. Benard (2000, পৃষ্ঠা 58–61)
  55. Bhattacharya Saxena (2011, পৃষ্ঠা 69–70)
  56. R Mahalakshmi (2014, পৃষ্ঠা 202)
  57. Storm (2013, পৃষ্ঠা 286)
  58. Storm (2013, পৃষ্ঠা 286–7)
  59. Storm (2013, পৃষ্ঠা 293)
  60. Kinsley (1997, পৃষ্ঠা 50)
  61. 61.0 61.1 61.2 Kinsley (1988, পৃষ্ঠা 173)
  62. Benard (2000, পৃষ্ঠা xv)
  63. van Kooij (1999, পৃষ্ঠা 252)
  64. Frawley (1994, পৃষ্ঠা 116–7)
  65. Kinsley (1997, পৃষ্ঠা 41)
  66. Frawley (1994, পৃষ্ঠা 154)
  67. Frawley (1994, পৃষ্ঠা 153)
  68. 68.0 68.1 68.2 68.3 68.4 68.5 68.6 68.7 Kinsley (1997, পৃষ্ঠা 164)
  69. S Shankaranarayanan (2002, পৃষ্ঠা 69–72)
  70. Frawley (1994, পৃষ্ঠা 116)
  71. Benard (2000, পৃষ্ঠা 99–100, 101–5, 108)
  72. Storm (2013, পৃষ্ঠা 294)
  73. Benard (2000, পৃষ্ঠা 101–2)
  74. Frawley (1994, পৃষ্ঠা 115)
  75. Kinsley (1997, পৃষ্ঠা 157–9)
  76. Benard (2000, পৃষ্ঠা 93–95)
  77. Benard (2000, পৃষ্ঠা 107–108)
  78. 78.0 78.1 Kinsley (1997, পৃষ্ঠা 163–4)
  79. Storm (2013, পৃষ্ঠা 302)
  80. Frawley (1994, পৃষ্ঠা 153, 203)
  81. Frawley (1994, পৃষ্ঠা 112–5)
  82. Benard (2000, পৃষ্ঠা 100–101)
  83. 83.0 83.1 Kinsley (1997, পৃষ্ঠা 159–61)
  84. 84.0 84.1 van Kooij (1999, পৃষ্ঠা 249–50)
  85. Frawley (1994, পৃষ্ঠা 117)
  86. S Shankaranarayanan (2002, পৃষ্ঠা 74-5)
  87. Bhattacharya Saxena (2011, পৃষ্ঠা 65–6)
  88. Benard (2000, পৃষ্ঠা xii–xiii)
  89. 89.0 89.1 S Shankaranarayanan (2002, পৃষ্ঠা 72-4)
  90. Benard (2000, পৃষ্ঠা 88–9)
  91. Benard (2000, পৃষ্ঠা 97)
  92. Kinsley (1997, পৃষ্ঠা 154)
  93. Kinsley (1997, পৃষ্ঠা 155–7)
  94. Kinsley (1997, পৃষ্ঠা 155)
  95. Benard (2000, পৃষ্ঠা 34, 90–1)
  96. Bhattacharya Saxena (2011, পৃষ্ঠা 69)
  97. 97.0 97.1 Storm (2013, পৃষ্ঠা 287)
  98. 98.0 98.1 Bhattacharya Saxena (2011, পৃষ্ঠা 64)
  99. 99.0 99.1 McDaniel (2004, পৃষ্ঠা 91)
  100. Lochtefeld (2002, পৃষ্ঠা 149)
  101. Benard (2000, পৃষ্ঠা 146–7)
  102. Benard (2000, পৃষ্ঠা 47)
  103. Kinsley (1997, পৃষ্ঠা 157)
  104. Bernard (2000, পৃষ্ঠা 34)
  105. Frawley (1994, পৃষ্ঠা 119)
  106. R Mahalakshmi (2014, পৃষ্ঠা 205)
  107. Banerjee (1978, পৃষ্ঠা 91)
  108. Kinsley (1997, পৃষ্ঠা 220)
  109. van Kooij (1999, পৃষ্ঠা 260)
  110. Bernard (2000, পৃষ্ঠা 84)
  111. 111.0 111.1 111.2 111.3 Kinsley (1997, পৃষ্ঠা 165–6)
  112. Kinsley (1997, পৃষ্ঠা 147)
  113. 113.0 113.1 Gupta (2000, পৃষ্ঠা 467)
  114. 114.0 114.1 Mishra, Mohanty & Mohanty (2002, পৃষ্ঠা 319–20)
  115. Bhattacharya Saxena (2011, পৃষ্ঠা 65)
  116. Patnaik (2011)
  117. Roy (2014)
  118. Lochtefeld (2002, পৃষ্ঠা 149–50)
  119. Benard (2000, পৃষ্ঠা 146)
  120. R Mahalakshmi (2014, পৃষ্ঠা 206–13)
  121. Benard (2000, পৃষ্ঠা 145–6)
  122. Shyamnandan (2016)
  123. Satapathy (2009, পৃষ্ঠা 90)
  124. ReedMc & Connachie (2002, পৃষ্ঠা 235)

অন্যান্য সহায়[সম্পাদনা কৰক]

টোকা[সম্পাদনা কৰক]

  1. ৰেণুকা হ'ল ঋষি জমদগ্নিৰ পত্নী। এদিন আকাশপথে এদল গন্ধৰ্বক কামোন্মত্ত অৱস্থাত দেখি তেওঁৰ হৃদয়ত কামনাৰ উদ্ৰেক ঘটে। ফলত তেওঁ তেওঁৰ অনাসক্তি আৰু সতীত্বৰ গুণেৰে অৰ্জিত অলৌকিক শক্তিক হেৰুৱাই। জমদগ্নিয়ে তেওঁ চাৰি পুত্ৰক ৰেণুকাৰ শিৰোচ্ছেদ কৰাৰ আদেশ দিলে। তেওঁলোক ভয়-ভীত হৈ তেনে কাম কৰিবলৈ অস্বীকাৰ কৰে। কিন্তু কনিষ্ঠ পুত্ৰ পৰশুৰামে পিতৃ-আজ্ঞা পালন কৰে। জমদগ্নি আবাধ্যতাৰ শাস্তি হিচাপে নিজৰ যোগলব্ধ শক্তিৰে প্ৰথম চাৰি পুত্ৰক ভষ্ম কৰে। কিন্তু পৰশুৰামৰ কৰ্তব্যপৰায়ণতাত তুষ্ট হৈ তেওঁক এটি বৰ দিবলৈ ইচ্ছা কৰে। বৰ হিচাপে পৰশুৰামে তেওঁৰ মাক আৰু ককায়েক কেইজনৰ প্ৰাণ ভিক্ষা কৰে। জমদগ্নিয়েও সেই বৰেই দান কৰে। ৰেণুকা শুদ্ধ হয় আৰু তাৰপিছৰে পৰা তেওঁক দেৱী হিচাপে গণ্য কৰা হয়।[18][19]
  2. The icon of Chinnamasta Bhagawati, also known as Shakhada Bhagwati, was found in the spot where her temple currently stands, digging for construction. The icon's head was broken. The icon was consecrated and a temple built; the broken head was replaced by a gold mask, although a silver mask is generally worn by the goddess currently.
  3. না-কাটি ভৱানীৰ মূৰ্তিটি কাব্যমাতা দেবীৰ সৈতে সম্পৰ্কযুক্ত। বিষ্ণুৱে তেওঁৰ মস্তক ছিন্ন কৰি তেওঁৰ হত্যা কৰিছিল। তাৰপিছত তেওঁৰ স্বামী ঋষি ভৃগুৱে তেওঁক পুনৰ্জীৱন দান কৰে। এই দেৱীৰ বিগ্ৰহত দেখা যায়, এক ছিন্নমস্তক নাৰীয়ে দুয়ো হাতযোৰ কৰি বহি আছে আৰু তেওঁৰ মুণ্ডটি মাটিত পৰি আছে। ভক্ত সকলে তেওঁক ছিন্নমস্তা বোলে। কিন্তু মন্দিৰৰ পুৰোহিতৰ মতে, এই নামটি ভুল।[21]
  4. The goddess icon at Uchchaith is four-armed and stands upon a lotus over a lion. The head is broken, so she is called Chhinnamasta Durga. She is also identified with Durga's form Siddhidatri and the goddess Kali. She is associated as the goddess who blessed the Sanskrit poet and playwright Kalidasa.[1]
  5. 5.0 5.1 In Yoga, nadis are invisible channels through his life-force is said to flow. There are three nadis: Sushumna, Ida and Pingala. Sushumna connects the Muladhara and Sahasrara and is cognate with the spinal cord. Ida courses from the right testicle to the left nostril and is linked to the cooling lunar energy and the right hand side of the brain. Pingala courses from the left testicle to the right nostril and is associated with the hot solar energy and the left hand side of the brain.
  1. Dainik Jagran (10 April 2016)