কাঠমাণ্ডু
কাঠমাণ্ডু येँ देय् काठमाडौं महानगर |
|
---|---|
— ৰাজধানী নগৰ — | |
Kathmandu sites collage.jpgওপৰৰ পৰা বাওঁফালৈ: Torans seen in portals around Kathmandu, Degutaleju with Taleju in background at Kathmandu Durbar Square, Boudhanath Stupa, Bagmati river, Budhanilkantha, Singha Durbar, Swayambhunath temple at night, Pashupatinath temple | |
নীতি বাক্য: মোৰ উত্তৰাধিকাৰ , মোৰ গৌৰৱ , মোৰ কাঠমাণ্ডু (My legacy, my pride, my Kathmandu) | |
ভৌগোলিক স্থানাংক: 27°42′N 85°20′E / 27.7°N 85.333°Eস্থানাংক: 27°42′N 85°20′E / 27.7°N 85.333°E | |
দেশ | ![]() |
উন্নয়ন অঞ্চল | মধ্য |
অঞ্চল | বাগমতী অঞ্চল |
জিলা | কাঠমাণ্ডু জিলা |
মানৱ উন্নয়ন সূচক | ![]() |
HPI | ![]() |
Literacy Rate | ![]() |
স্থাপিত | ৯০০ চন[2] |
মাটিকালি | |
- মুঠ | ৪৯.৪৫ কি.মি.২ (১৯.১ বৰ্গ মাইল) |
উচ্চতা | ১,৪০০ মিটাৰ (৪,৫৯৩.১৮ ফুট) |
জনসংখ্যা (২০১২) | |
- মুঠ | ২৫,০০,০০০ জন |
- জনঘনত্ব | ৫০,৫৫৬.১ প্ৰতি বৰ্গ কি.মি. (১,৩০,৯৩৯.৭ প্ৰতি বৰ্গ মাইল) |
[3] | |
ভাষাসমূহ | |
- স্থানীয় | Nepal Bhasa, Sherpa, Tamang, Gurung, Magar, Kiranti, Tibetan, Nepali |
- চৰকাৰী ভাষা | নেপালী, নেপাল ভাষা, ইংৰাজী |
সময় অঞ্চল | নেপাল মান সময় (গ্ৰী.মা.স.+০৫:৪৫) |
Postal Code | 44600 (GPO), 44601, 44602, 44604, 44605, 44606, 44608, 44609, 44610, 44611, 44613, 44614, 44615, 44616, 44617, 44618, 44619, 44620, 44621 |
অঞ্চল কোড | ০১ |
ৱেবছাইট | kathmandu.gov.np |
নেপালৰ ৰাজধানী কাঠমাণ্ডু (ইংৰাজী: Kathmandu) সৌন্দৰ্য্য আৰু শান্তিৰ এক অপূৰ্ব মিলনভূমি। সমুদ্ৰপৃষ্ঠৰ পৰা ১৩৫০ মিটাৰ উচ্চতাত অৱস্থিত এই ৰোমাণ্টিক নগৰী ইয়াৰ নৈশজীৱনৰ বাবেও বিখ্যাত। কাঠমাণ্ড নেপালৰ আটাইতকৈ ডাঙৰ আন্তঃৰাষ্ট্ৰীয় নগৰ যত পৰ্যটকৰ সকলোতকৈ বেছি আগমন হয়। পাহাৰেৰে আৱৰা এই সুন্দৰ নগৰখন ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত। বৰ্ণিল সংস্কৃতি আৰু পৰম্পৰাৰ উপৰিও ইয়াত বিশিষ্ট শৈলীত নিৰ্মিত ঘৰসমূহে পৰ্যটকক বাৰুকৈয়ে আকৰ্ষিত কৰে। কাঠমাণ্ডুৰ মন্দিৰ আৰু প্ৰাচীন বজাৰসমূহে সমগ্ৰ বিশ্বতে নিজৰ সুকীয়া পৰিচয় ডাঙি ধৰিছে।
ইতিহাস[সম্পাদনা কৰক]
সোল্ল আৰু সোতৰ শতিকাত কাঠমাণ্ডুত মল্ল ৰজাসকলে শাসন কৰিছিল। গোৰখা ৰজা পৃথ্বী নাৰায়ণ শাহে ১৭৬৮ চনত ইয়াৰ অস্থিৰতা সমাপ্ত কৰি একত্ৰিত কৰিছিল। ১৯৫০ চনত এই নগৰৰ সীমা বিদেশী পৰ্যটকৰ বাবে খোলা হৈছিল। তেতিয়াৰ পৰা আজিলৈ এই নগৰলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকৰ সোঁত বৈ আছে।
মুখ্য আকৰ্ষণ[সম্পাদনা কৰক]
কাঠমাণ্ডুৰ কিছুমান মুখ্য আকৰ্ষণ হৈছে: পশুপতিনাথ মন্দিৰ, স্বয়ংভূনাথ, বৌদ্ধনাথ আদি।
পশুপতিনাথ মন্দিৰ[সম্পাদনা কৰক]
পশুপতিনাথ মন্দিৰ নেপালত হিন্দুসকলৰ আটাইতকৈ পৱিত্ৰ তীৰ্থস্থান। ইয়াক বাৰানচীৰ ক্ষুদ্ৰ ৰূপ বুলিও কোৱা হয়। ইয়াত মন্দিৰৰ দীঘলীয়া শৃংখলা , শ্মশান ঘাট , ধাৰ্মিক স্নান আৰু সাধুৰ জাক দেখিবলৈ পোৱা যায়। ভগৱান শিৱলৈ সমৰ্পিত এই মন্দিৰ বাগমতী নদীৰ পাৰত স্থিত। নেপালৰ বাগমতী নদীক ভাৰতৰ গংগা নদীৰ দৰেই পৱিত্ৰ মানা হয়। পশুপতিনাথ মন্দিৰ ভগৱান শিৱৰ এক ঘৰ গণ্য কৰা হয়। প্ৰতিবছৰে লাখ-লাখ তীৰ্থযাত্ৰীয়ে যাত্ৰীয়ে ইয়ালৈ দৰ্শনৰ বাবে আহে।
স্বয়ংভূনাথ[সম্পাদনা কৰক]
স্বয়ংভূনাথ বিশ্ব ঐতিহ্যৰ অন্তৰ্ভুক্ত বৌদ্ধ স্থলৰ অন্যতম। ইয়াৰ লগত কাঠমাণ্ডু ঘাটিৰ নিৰ্মাণৰ লগত সম্পৰ্ক আছে। কাঠমাণ্ডুৰ পৰা ৩ কিঃমিঃ নিলগত ৭৭ মিটাৰ উচ্চতাত ই অৱস্থিত। ইয়াৰ চাৰিওফালে থকা চকুৱে গৌতম বুদ্ধয়ে চাৰিওদিশে চাই আছে বুলি বিশ্বাস কৰা হয়।
বৌদ্ধনাথ[সম্পাদনা কৰক]
পৃথিৱীৰ অন্যতম বৃহৎ বৌদ্ধ স্তুপ বৌদ্ধনাথ কাঠমাণ্ডুৰ পৰা ৬ কিঃমিঃ পূৱত অৱস্থিত। এই স্তুপ বিশ্ব ঐতিহ্যৰ অন্তৰ্ভুক্ত। জনবিশ্বস মতে এই স্তুপ নিৰ্মাণৰ সময়ত ভয়ংকৰ আকাল হৈছিল। সেয়ে পানীৰ নাটনিৰ বাবে নিয়ৰৰ টোপালেৰে ইয়াৰ নিৰ্মাণ কৰা হৈছিল। ৩৬ মিটাৰ ওখ এই স্তুপ কলাৰ এক সুন্দৰ নিদৰ্শন।
ক্ৰীড়া[সম্পাদনা কৰক]
নেপালৰ যুৱচামৰ মাজত ফুটবল আৰু ক্ৰীকেট অতি জনপ্ৰিয় খেল আৰু ইয়াৰ বাবে কাঠমাণ্ডুত কেইবাখনো ষ্টেডিয়াম আছে। নেপালৰ ক্ৰীড়াক্ষেত্ৰৰ উল্লেখনীয় সংস্থা আল নেপাল ফুটবল এছচিয়েশ্বন (ANFA)ৰ প্ৰধান কাৰ্যালয় ইয়াতে আছে। ইয়াৰ দশৰথ ৰংগশালা ষ্টেডিয়াম হৈছে এখন আন্তঃৰাষ্ট্ৰীয় মানবিশিষ্ট ষ্টেডিয়াম। ১৯৫৬ চনত নিৰ্মাণ কৰা ষ্টেডিয়াম খনত একেলগে ২৫,০০০ দৰ্শকে খেল উপভোগ কৰিব পাৰে। আৰচিটি, সংকটা আৰু এনআৰটি আদি নেপালৰ পুৰণি ফুটবল সংঘৰ গৃহচহৰ হৈছে কাঠমাণ্ডু। ইয়াৰোপৰি অন্যান্য কিছুমান বিখ্যাত ফুটবল সংঘ হৈছে এমএমচি, মচিন্দ্ৰা এফচি, ত্ৰিভুৱন আৰ্মি ক্লাব (TAC) আৰু এমপিচি।
চিত্ৰমালা[সম্পাদনা কৰক]
Nepal Telecom complex near Dharahara Tower (Dharahara was destroyed in the Magnitude 7.8 April 2015 Nepal earthquake.
BICC, the seat of the Nepalese Constituent Assembly
Boudhanath Stupa, one of the largest in Nepal
Traditional Buddhist musical performance during Gunla.
President of Nepal Dr. Ram Baran Yadav observing the street festival of Yenya, which literally means "festival of Kathmandu".
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "An Overview of the Central Development Region (CR)" (PDF). Internal-displacement.org. http://www.internal-displacement.org/8025708F004CE90B/(httpDocuments)/0865FF03B159B9C1C1257980002F2D30/$file/Nepal_Central_Region_Overview_Paper.pdf। আহৰণ কৰা হৈছে: November 25, 2013.
- ↑ "History". Kathmandu.gov.np. http://www.kathmandu.gov.np/index.php?cid=4&pr_id=4। আহৰণ কৰা হৈছে: 16 May 2010.
- ↑ "National Population Census 2011". National Planning Commission Secretariat, Central Bureau of Statistics (CBS), Government of Nepal. September. http://census.gov.np/.