দেৱতা (হিন্দু ধৰ্ম)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

হিন্দু ধৰ্ম

হিন্দু ধৰ্মOm symbol.svg

ওঁব্ৰহ্মাঈশ্বৰ
হিন্দুহিন্দু ধৰ্মৰ ইতিহাস

ৱিকিপিডিয়া:হিন্দু ধৰ্মHinduSwastika.svg

হিন্দু ধৰ্ম বাটচ'ৰা
হিন্দু পুৰাণ বাটচ'ৰা
 প্ৰ     

হিন্দু ধৰ্মদেৱতা বা দেৱ (ইংৰাজী: Deva; সংস্কৃত: देव) হৈছে দিব্য শৰীৰধাৰী একপ্ৰকাৰৰ উন্নতলোকৰ জীৱ।[1] দেৱতা পুংলিংগবাচক শব্দ। ইয়াৰ স্ত্ৰীলিংগ ৰূপ হৈছে দেৱী।

ষোড়শ শতিকাৰ দেৱৰাজ ইন্দ্ৰৰ মূৰ্তি, নেপাল

প্ৰাচীনতম বৈদিক সাহিত্যত সকলো আতিভৌতিক জীৱকে দেৱতা[2][3][4] আৰু অসুৰ আখ্যা দিয়া হৈছিল।[5][6] দেৱতা সম্পৰ্কীয় ধাৰণা আৰু আখ্যানসমূহ প্ৰাচীন ভাৰতীয় সাহিত্যকৰ্মত বিকশিত হ'বলৈ লয় আৰু বৈদিক যুগৰ শেষৰ ফাললৈ দয়াশীল আতিভৌতিক জীৱক দেৱাসুৰৰ (দেৱতা-অসুৰ) আখ্যা দিয়া হয়। বৈদিক যুগৰ পৰৱৰ্তী কালছোৱাত দেৱতাই শুভ আৰু অসুৰে অশুভ শক্তিক প্ৰতিনিধিত্ব কৰিবলৈ লয়।[7][8] কিছুসংখ্যক মধ্যযুগীয় সাহিত্যত দেৱতাক সুৰ বুলি সম্বোধন কৰা হৈছে আৰু তেওঁলোকৰ শক্তিসমূহ অসুৰসকলৰ সমান কিন্তু ধনাত্মক দিশৰ বুলি বৰ্ণনা কৰা হৈছে।[9]

অসুৰ, যক্ষ আৰু ৰাক্ষসৰ লগতে দেৱতাসকলো ভাৰতীয় কিংবদন্তিসমূহৰ গুৰুত্বপূৰ্ণ অংগ। দেৱতাসকলে হিন্দুধৰ্মৰ ব্ৰহ্মাণ্ড সম্বন্ধীয় বহুতো আখ্যানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।[10][11]

নামৰ উৎপত্তি[সম্পাদনা কৰক]

ত্ৰয়োদশ শতিকাৰ বিষ্ণুৰ মূৰ্তি, তামিলনাডু, ভাৰত

দেৱতাৰ মূল দেৱ শব্দটো সংস্কৃত ভাষাৰ শব্দ আৰু খ্ৰীষ্টপূৰ্ব দ্বিতীয় সহস্ৰাব্দৰ বৈদিক সাহিত্যসমূহত ইয়াৰ উল্লেখ পোৱা গৈছে। মনিয়াৰ-উইলিয়ামছৰ মতে দেৱ শব্দৰ অৰ্থ স্বৰ্গীয়, দৈৱিক, উন্নত লোকৰ জীৱ, উজ্জ্বল ইত্যাদি।[1][12] সংস্কৃত দেৱ শব্দৰ মূল হৈছে আদি-ইণ্ডো-ইউৰোপীয়ান ভাষাৰ দেইৱ যাৰ অৰ্থ মহাজাগতিক বা উজ্জ্বল। দেইৱৰ স্ত্ৰীলিংগ ৰূপ হৈছে দেইৱী, যি ভাৰতীয় ভাষাসমূহত দেৱী ৰূপ লৈছে। ই ইণ্ডো-ইউৰোপীয়ান দেৱতাসকলৰ প্ৰমুখ দ্যুচৰ (আক্ষৰিক অৰ্থত স্বৰ্গীয় উজ্জ্বল পিতৃ) সৈতে জড়িত। দ্যুলোক দেৱতাসকলৰ আবাসস্থল।[13]

ড'গলাছ হাৰ্পাৰৰ মতে দেৱ শব্দৰ অৰ্থ হৈছে জিলিকি থকা আৰু গ্ৰীক ডিয়'ছ অৰ্থাৎ দৈৱিক আৰু জ্যুচৰ উপৰিও লেটিন দেৱতা বুজোৱা শব্দ ডিউচৰ সৈতে সম্পৰ্কীত।[14] পাৰ্চিয়ান শব্দ দেইৱাৰ সৈতেও ইয়াৰ মিল দেখা যায়।[15][16][17]

দেৱ বা দেৱতা পুংলিংবাচক শব্দ। ইয়াৰ স্ত্ৰীৰূপ হৈছে দেৱী।[18] উৎপত্তিগতভাৱে লেটিন দেয়া শব্দৰ সৈতে ইয়াৰ সম্পৰ্ক আছে।[19] হিন্দুধৰ্মত দেৱী শব্দৰে দৈৱিক মাতৃক বুজোৱা হয়।[20] দেৱতাক দেৱ বুলিও কোৱা হয়[12] আৰু স্ত্ৰীলিংগত ই দেৱী বা দেৱীকা ৰূপ পায়।[18]

বৈদিক সাহিত্য[সম্পাদনা কৰক]

সংহিতা আৰু ব্ৰাহ্মণসমূহ[সম্পাদনা কৰক]

বেদৰ প্ৰাচীনতম স্তৰ অৰ্থাৎ সংহিতাসমূহত ৩৩ গৰাকী দেৱতাৰ উল্লেখ আছে। [note 1] ব্ৰাহ্মণসমূহৰ মতে তিনিওলোকৰ বাবে ১১ জনকৈ দেৱতা, বা ১২জন আদিত্য, ১১জন ৰূদ্ৰ, ৮জন বসু আৰু ২জন অশ্বিন।[1][4] ঋকবেদৰ শ্লোক অনুসৰি,

ये देवासो दिव्येकादश स्थ पृथिव्यामध्येकादश स्थ ।
अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञमिमं जुषध्वम्॥११॥[24]

হে স্বৰ্গনিবাসী একাদশ দেৱতা, হে পৃথিৱীবাসী একাদশ দেৱতা, হে জলধাৰাত নিবাস কৰা একাদশ দেৱতা, আনন্দমনেৰে উছৰ্গা গ্ৰহণ কৰা।
– ভাবানুবাদ[25]

কোনো কোনো দেৱতাই প্ৰকৃতিৰ একোটা শক্তিক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে কোনোজনে নৈতিক মূল্যসমূহক প্ৰতিনিধিত্ব কৰে আৰু ইয়াৰে প্ৰত্যেকজনে একো একোটা বিশেষ ক্ষেত্ৰৰ জ্ঞান, সৃষ্টিশীল শক্তি আৰু মায়াবী শক্তিৰ (সিদ্ধি) অধিষ্ঠাতা।[26][27] ঋকবেদত বহুলভাৱে উল্লিখিত দেৱতাসকল হৈছে ইন্দ্ৰ, অগ্নি আৰু সোম। অগ্নি আৰু সোমক যজ্ঞক্ষেত্ৰত বহুল মান্যতা দিয়া হয়। সাবিত্ৰ (সবিতুৰ), বিষ্ণু, ৰুদ্ৰ (পিছলৈ শিৱ) আৰু প্ৰজাপতিও (পিছলৈ ব্ৰহ্মা) দেৱতা। পাৰ্বতী, দুৰ্গা আদি হৈছে দেৱী।

একেশ্বৰবাদ[সম্পাদনা কৰক]

বৈদিক সাহিত্যসমূহত দেৱ বা দেৱতা অদ্বৈতবাদী ঈশ্বৰ নহয়। তেওঁলোক কোনো কোনো বিশেষ শক্তি বা জ্ঞানৰ মূৰ্তি, আৰু তেওঁলোকৰ অৱয়ব তথা কৰ্মসমূহ বীৰত্বপূৰ্ণ যদিও তেওঁলোক আবেগ আৰু বাসনাৰ জৰীৰে বন্ধা।[27][28]

মেক্স মূলাৰে কয় যে বৈদিক শ্লোকসমূহত প্ৰতিজন দেৱতাকেই অদ্বিতীয় বা এজনেই বা মহানতম বুলি উল্লেখ কৰা হয়।[12] তেওঁ এই সিদ্ধান্তলৈ আহে যে দেৱতাৰ ধাৰণাটো একেশ্বৰবাদতকৈ বহুঈশ্বৰবাদ বা সমঈশ্বৰবাদৰ দৃষ্টিৰে চালেহে ভালদৰে বুজিব পৰা যায় য'ত দেৱতাসকলৰ মৰ্যাদা সমান।[12][29]

বৈশিষ্ট্য[সম্পাদনা কৰক]

বায়ু দেৱতা
ইন্দ্ৰ দেৱতা
অগ্নি দেৱতা
বৰুণ দেৱতা

আনন্দ কুমাৰস্বামীৰ মতে বৈদিক আখ্যানৰ দেৱতা আৰু অসুৰসকলৰ গ্ৰীক কিংবদন্তিৰ দ্বাদশ অলিম্পিয়ান আৰু টাইটানসকলৰ সৈতে মিল আছে। দুয়োপক্ষই শক্তিশালী কিন্তু উভয়ৰে আংগিক আৰু প্ৰবৃত্তিসমূহ ভিন্ন। দেৱতাসকলে পোহৰৰ শক্তিক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে অসুৰসকলে অন্ধকাৰৰ শক্তিক প্ৰতিনিধিত্ব কৰে।[30][31] কুমাৰস্বামীৰ ব্যাখ্যা মতে দেৱতা আৰু অসুৰৰ চৰিত্ৰ প্ৰতিজন মানুহৰে মাজত নিহিত থাকে। যিকোনো এটা সিদ্ধান্ত লোৱাৰ মুহূৰ্তত এই দুই চৰিত্ৰৰ সংঘাত হয়।[32][33][34]}}

প্ৰাচীনতম বৈদিক সাহিত্যত শুভ আৰু অশুভৰ সকলো শক্তিশালী জীৱকে দেৱতা আৰু অসুৰ আখ্যা দিয়া হয়।[1][4] ঋকবেদৰ এক বহুল ব্যৱহৃত শ্লোকত "দেৱভ অসুৰ" (দেৱতালৈ উন্নীত হোৱাঅসুৰ) আৰু "অসুৰ অদেৱঃ" (যি অসুৰ দেৱতা নহয়) বাক্যাংশৰ উল্লেখ পোৱা যায়।[35][36] তেওঁলোক উভয়ৰে পিতৃ হৈছে প্ৰজাপতি[37] আৰু তেওঁলোক দুয়োপক্ষই একেই আবাস অৰ্থাৎ "লোক"ত নিবাস কৰাৰ লগতে একেই সোমৰস পান কৰে। তেওঁলোকৰ প্ৰত্যেকৰে বিশেষ একোটা ক্ষেত্ৰত জ্ঞান আৰু শক্তি আছে কিন্তু কৰ্মৰ জৰিয়তেহে তেওঁলোক দেৱতা বা অসুৰ ৰূপে পৰিচিত হয়।[33][38]

উপনিষদ[সম্পাদনা কৰক]

বিষ্ণু হৈছে বৈদিক দেৱতাসকলৰ অন্যতম।[39] কথা উপনিষদৰ তৃতীয় খণ্ডত হিতোপদেশৰ যোগেদি এজন ব্যক্তিয়ে কিদৰে বিষ্ণুৰ দৰে আত্মজ্ঞান লাভ কৰিব পাৰে সেয়া আলোচনা কৰা হৈছে।[40][41]

প্ৰাচীনতম উপনিষদসমূহত দেৱাসুৰৰ সংগ্ৰামৰ কথা উল্লেখ কৰা হৈছে। কৌশিতকী উপনিষদৰ মতে যেতিয়ালৈকে ঈন্দ্ৰ নিজৰ আত্মনৰ (আত্মা, স্বজ্ঞান) সৈতে পৰিচিত নাছিল তেতিয়ালৈকে তেওঁ অসুৰসকলতকৈ দুৰ্বল আছিল।[42] আত্মজ্ঞান প্ৰাপ্তিৰ পিছতেই ইন্দ্ৰই অসুৰৰ ওপৰত বিজয় সাব্যস্ত কৰে। উপনিষদখনৰ মতে যি ব্যক্তিয়ে নিজকে ভিতৰৰপৰা চিনি পায় তেওঁ স্বতন্ত্ৰ হৈ পৰে আৰু অশুভ শক্তিয়ে তেওঁৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে।[42]

ছান্দোগ্য উপনিষদৰ বৰ্ণনা অনুসৰি দেৱাসুৰৰ যুদ্ধৰ কোনো নিৰ্ণায়ক পৰিসমাপ্তি নঘটে আৰু ব্ৰহ্মাণ্ড বা প্ৰকৃতিৰ প্ৰতিটো উপাদানৰে ভাল আৰু বেয়া ৰূপত ইয়াৰ বহিৰ্প্ৰকাশ ঘটে। শেষত দুয়োপক্ষই আত্মাক লক্ষ্য কৰি লয়। যিহেতু আত্মা বিশুদ্ধ আৰু শুভ শক্তিৰে আছাদিত, সেয়ে অৱশেষত দেৱতাসকলৰ জয় হয়।[43][43]

বৃহদাৰণ্যক উপনিষদত দেৱতা, মানৱ আৰু অসুৰ তিনিওকে প্ৰজাপতিৰ সন্তানৰূপে বৰ্ণনা কৰা হৈছে। য়িনিও প্ৰজাপতিৰ ওচৰত নীতিপাঠ বিচৰাত প্ৰজাপতিয়ে দেৱতাক দমন (আত্মনিয়ন্ত্ৰণ), মানৱক দান আৰু অসুৰক দয়াৰ যোগেদি পুণ্যলাভৰ উপদেশ দিয়ে।[44]

মধ্যযুগৰ ভাৰতীয় পণ্ডিতসকলে কয় যে উপনিষদত উল্লিখিত দেৱতা আৰু অসুৰ প্ৰতীকস্বৰূপ আৰু ই এজন মানুহৰ মাজত নিহিত ভাল আৰু বেয়া গুণৰ সংঘাতকে সূচায়।[45][46][47]

পৰৱৰ্তীকালৰ উপনিষদসমূহত দেৱতা আৰু অসুৰে বিভিন্ন কাৰণৰ জ্ঞানৰ আলোচনা তথা অন্বেষণত ব্ৰতী হোৱাৰ উল্লেখ আছে। উদাহৰণস্বৰূপে উপনিষদৰ বৰ্ণনা অনুসৰি আত্ম কি আৰু ইয়াক কেনেকৈ প্ৰাপ্ত কৰিব পাৰি সেয়া জানিবলৈ দেৱতা আৰু অসুৰ প্ৰজাপতিৰ কাষ চাপে। প্ৰজাপতিয়ে প্ৰথমেই এটা সৰল উত্তৰ দিয়ে আৰু অসুৰসকলে তাকে মানি লৈ প্ৰস্থান কৰে। কিন্তু ইন্দ্ৰৰ নেতৃত্বত যোৱা দেৱগণে এই উত্তৰটো সহজে গ্ৰহণ নকৰি ইয়াৰ তাৎপৰ্যৰ বিষয়ে প্ৰশ্ন কৰে। পণ্ডিতসকলৰ মতে উপনিষদে এই কথাকেই সোঁ‌ৱৰাই দিয়ে যে উপস্থাপিত ধাৰণাসমূহক লৈ সংগ্ৰাম কৰিব লাগিব। শিক্ষা গ্ৰহণ এক প্ৰক্ৰিয়া আৰু দেৱত্ব যত্নৰ বলতহে প্ৰাপ্ত হয়।[48]

পুৰাণ আৰু ইতিহাসসমূহত[সম্পাদনা কৰক]

পুৰাণ আৰু ভাগৱত গীতাকে ধৰি ইতিহাসমূহত দেৱতাসকলক শুভ শক্তি আৰু অসুৰসকলক অশুভ শক্তিৰ প্ৰতিনিধি হিচাপে উপস্থাপন কৰা হৈছে।[7][8] ভাগৱত গীতাৰ মতে ব্ৰহ্মাণ্ডৰ সকলো জীৱ দৈৱিক আৰু আসুৰিক দুয়োটা গুণৰে অধিকাৰী।[8][49] গীতাৰ ষোড়শ অধ্যায়ৰ মতে বিশুদ্ধ দেৱতুল্য সাধু আৰু বিশুদ্ধ অসুৰতুল্য দুষ্ট বিৰল আৰু সামূহিকভাৱে মানৱ সমাজ নগণ্য বা অধিক দোষেৰে সৈতে সৰ্বগুণেৰে পৰিপূৰ্ণ।[8] জিনিয়েন ফউলাৰৰ মতে গীতাত কৈছে যে বাসনা, বেয়া লগা, লোভ, প্ৰয়োজন, ভাৱনা আদি সাধাৰণ জীৱনৰ অংশ। যেতিয়া এইসমূহে কামনা, ঘৃণা, লালসা, আকোৰগোঁ‌জ, অহংকাৰ, নিষ্ঠুৰতা আদিৰ ৰূপ লয় তেতিয়াই এই ঋণাত্মক আৰু ধ্বংসাত্মক চৰিত্ৰই অসুৰৰ ৰূপ পায়।[8][49]

টোকা[সম্পাদনা কৰক]

  1. দক্ষিণ এচিয়াত উদ্ধাৰ হোৱা বিভিন্ন ৰচনাত দেৱতাৰ তালিকাখন (বিশেষকৈ পথ প্ৰদৰ্শক অশ্বিন আৰু বিভিন্ন মূৰ্তমান ৰূপৰ দেৱতা) ভিন্ন হোৱা দেখা যায়। আত্ৰেয় ব্ৰাহ্মণত প্ৰাপ্ত তালিকা অনুসৰি দেৱতাসকল হৈছে:[21][22]
    • মূৰ্তমান ৰূপ: ইন্দ্ৰ (চক্ৰ), বৰুণ, মিত্ৰ, আৰ্যমান, ভগ, অংশ, বিধাতা (ব্ৰহ্মা),[23] ত্বস্ত্ৰী, পোষণ, বিভস্বন, সাবিত্ৰ (সবিতুৰ বা ধাত্ৰ), বিষ্ণু.
    • বিভিন্ন অৱস্থা বা অভ্যন্তৰীণ গুণৰ ৰূপ: আনন্দ, বিজ্ঞান, মানস, প্ৰাণ, বাক, আত্মা আৰু ৰূদ্ৰৰ (শিৱ) পঞ্চৰূপ – ঈশান, তৎপুৰুষ, অঘোৰ, বামদেৱ, সদ্যোজাত
    • প্ৰকৃতিৰ উপাদান বা শক্তি ৰূপ: পৃথিৱী, অগ্নি, অন্তৰীক্ষ, জল, বায়ু, ডায়ুছ (আকাশ), সূৰ্য, সত্ৰ (তাৰকা), সোম (চন্দ্ৰ)
    • পথ প্ৰদৰ্শক বা সৃষ্টিশীল শক্তিৰ ৰূপ: বসৎকৰ, প্ৰজাপতি

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 Monier Monier-Williams, A Sanskrit-English Dictionary” Etymologically and Philologically Arranged to cognate Indo-European Languages, Motilal Banarsidass, page 492
  2. Encyclopaedia Britannica - Deva
  3. Encyclopedia of Ancient Deities by Charles Russell Coulter, Patricia Turner. Pg.147
  4. 4.0 4.1 4.2 George Williams (2008), A Handbook of Hindu Mythology, Oxford University Press, আই.এচ.বি.এন. 978-0195332612, pages 90, 112
  5. Wash Edward Hale (1999), Ásura in Early Vedic Religion, Motilal Barnarsidass, আই.এচ.বি.এন. 978-8120800618, pages 5-11, 22, 99-102
  6. Monier Monier-Williams, A Sanskrit-English Dictionary” Etymologically and Philologically Arranged to cognate Indo-European Languages, Motilal Banarsidass, page 121
  7. 7.0 7.1 Nicholas Gier (2000), Spiritual Titanism: Indian, Chinese, and Western Perspectives, State University of New York Press, আই.এচ.বি.এন. 978-0791445280, pages 59-76
  8. 8.0 8.1 8.2 8.3 8.4 Jeaneane D Fowler (2012), The Bhagavad Gita, Sussex Academic Press, আই.এচ.বি.এন. 978-1845193461, pages 253-262
  9. Encyclopædia Britannica
  10. Don Handelman (2013), One God, Two Goddesses, Three Studies of South Indian Cosmology, Brill Academic, আই.এচ.বি.এন. 978-9004256156, pages 23-29
  11. Wendy Doniger (1988), Textual Sources for the Study of Hinduism, Manchester University Press, আই.এচ.বি.এন. 978-0719018664, page 67
  12. 12.0 12.1 12.2 12.3 Klaus Klostermaier (2010), A Survey of Hinduism, 3rd Edition, State University of New York Press, আই.এচ.বি.এন. 978-0791470824, pages 101-102
  13. Dyuloka, Monier Monier-Williams, English Sanskrit Dictionary with Etymology, Oxford University Press, page 500
  14. Deva Etymology Dictionary, Douglas Harper (2015)
  15. Krishnan, K. S. (2019-08-12) (en ভাষাত). Origin of Vedas. Notion Press. ISBN 978-1-64587-981-7. https://books.google.com/books?id=O6SoDwAAQBAJ&q=vedic+deva+avestan+daeva&pg=PT322। আহৰণ কৰা হৈছে: 24 January 2021. 
  16. Boyce, Mary (2001) (en ভাষাত). Zoroastrians: Their Religious Beliefs and Practices. Psychology Press. পৃষ্ঠা. 11. ISBN 978-0-415-23902-8. https://books.google.com/books?id=a6gbxVfjtUEC&q=vedic+deva+avestan+daeva&pg=PA11। আহৰণ কৰা হৈছে: 24 January 2021. 
  17. (en ভাষাত) Essays on the History of Religions. BRILL. 2018. পৃষ্ঠা. 6. ISBN 978-90-04-37792-9. https://books.google.com/books?id=BN-mDwAAQBAJ&q=vedic+deva+avestan+daeva&pg=PA6। আহৰণ কৰা হৈছে: 24 January 2021. 
  18. 18.0 18.1 Monier Monier-Williams, A Sanskrit-English Dictionary” Etymologically and Philologically Arranged to cognate Indo-European Languages, Motilal Banarsidass, page 496
  19. John Stratton Hawley and Donna Marie Wulff (1998), Devi: Goddesses of India, Motilal Banarsidass, আই.এচ.বি.এন. 978-8120814912, page 2
  20. John Stratton Hawley and Donna Marie Wulff (1998), Devi: Goddesses of India, Motilal Banarsidass, আই.এচ.বি.এন. 978-8120814912, pages 18-21
  21. Hermann Oldenberg (1988), The Religion of the Veda, Motilal Banarsidass, আই.এচ.বি.এন. 978-8120803923, pages 23-50
  22. AA MacDonell, Vedic mythology, p. PA19, গুগুল বুকচ্‌ত, Oxford University Press, pages 19-21
  23. Francis X Clooney (2010), Divine Mother, Blessed Mother, Oxford University Press, আই.এচ.বি.এন. 978-0199738731, page 242
  24. ऋग्वेद: सूक्तं १.१३९ Sanskrit, Wikisource
  25. The Rig Veda/Mandala 1/Hymn 139 Verse 11, Ralph T. H. Griffith, Wikisource
  26. George Williams (2008), A Handbook of Hindu Mythology, Oxford University Press, আই.এচ.বি.এন. 978-0195332612, pages 24-33
  27. 27.0 27.1 Bina Gupta (2011), An Introduction to Indian Philosophy, Routledge, আই.এচ.বি.এন. 978-0415800037, pages 21-25
  28. John Bowker (2014), God: A Very Short Introduction, Oxford University Press, আই.এচ.বি.এন. 978-0198708957, pages 88-96
  29. Ivan Strenski (2015), Understanding Theories of Religion: An Introduction, 2nd Edition, Wiley, আই.এচ.বি.এন. 978-1444330847, page 42
  30. Wash Edward Hale (1999), Ásura in Early Vedic Religion, Motilal Barnarsidass, আই.এচ.বি.এন. 978-8120800618, page 20
  31. Ananda Coomaraswamy (1935), Angel and Titan: An Essay in Vedic Ontology, Journal of the American Oriental Society, volume 55, pages 373-374
  32. Ananda Coomaraswamy (1935), Angel and Titan: An Essay in Vedic Ontology, Journal of the American Oriental Society, volume 55, pages 373-418
  33. 33.0 33.1 Nicholas Gier (1995), Hindu Titanism, Philosophy East and West, Volume 45, Number 1, pages 76, see also 73-96
  34. Ananda Coomaraswamy (1935), Angel and Titan: An Essay in Vedic Ontology, Journal of the American Oriental Society, volume 55, pages 373-374
  35. FBJ Kuiper (1975), The Basic Concept of Vedic Religion, History of Religion, volume 15, pages 108-112
  36. Wash Edward Hale (1999), Ásura in Early Vedic Religion, Motilal Barnarsidass, আই.এচ.বি.এন. 978-8120800618, pages 1-2; Note: Hale translates this to "Asuras without the Asura-Devas" in his book, see page 3 for example.;
    For original Sanskrit, see Rigveda hymns 8.25.4 and 8.96.9 Rigveda - Wikisource
  37. Mircea Eliade (1981), History of Religious Ideas, Volume 1, University of Chicago Press, আই.এচ.বি.এন. 978-0226204017, page 204, 199-202, 434-435
  38. Yves Bonnefoy and Wendy Doniger (1993), Asian Mythologies, University of Chicago Press, আই.এচ.বি.এন. 978-0226064567, pages 52-53
  39. Hermann Oldenberg (1988), The Religion of the Veda, Motilal Banarsidass, আই.এচ.বি.এন. 978-8120803923, pages 116-117
  40. Paul Deussen, Sixty Upanishads of the Veda, Volume 1, Motilal Banarsidass, আই.এচ.বি.এন. 978-8120814684, pages 287-289
  41. Dominic Goodall (1996), Hindu Scriptures, University of California Press, আই.এচ.বি.এন. 978-0520207783, pages 175-176
  42. 42.0 42.1 Paul Deussen, Sixty Upanishads of the Veda, Volume 1, Motilal Banarsidass, আই.এচ.বি.এন. 978-8120814684, page 58
  43. 43.0 43.1 Paul Deussen, Sixty Upanishads of the Veda, Volume 1, Motilal Banarsidass, আই.এচ.বি.এন. 978-8120814684, pages 70-71
  44. Paul Deussen, Sixty Upanishads of the Veda, Volume 1, Motilal Banarsidass, আই.এচ.বি.এন. 978-8120814684, pages 508-509
  45. Max Muller, Brihadaranyaka Upanishad 1.3.1 Oxford University Press, page 78 with footnote 2
  46. Jonathan Edelmann (2013), Hindu Theology as Churning the Latent, Journal of the American Academy of Religion, Volume 81, Issue 2, pages 427-466
  47. Doris Srinivasan (1997), Many Heads, Arms and Eyes: Origin, Meaning, and Form of Multiplicity in Indian Art, Brill Academic, আই.এচ.বি.এন. 978-9004107588, pages 130-131
  48. Jonathan Edelmann (2013), Hindu Theology as Churning the Latent, Journal of the American Academy of Religion, Volume 81, Issue 2, pages 439-441
  49. 49.0 49.1 Christopher K Chapple (2010), The Bhagavad Gita: Twenty-fifth–Anniversary Edition, State University of New York Press, আই.এচ.বি.এন. 978-1438428420, pages 610-629