সমললৈ যাওক

সৰস্বতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সৰস্বতী দেৱী
সৰস্বতীৰ প্ৰতিমুৰ্তি
সৰস্বতীৰ প্ৰতিমুৰ্তি
দেৱনাগৰী सरस्वती
গোত্ৰ দেৱী , ত্ৰিদেৱী
অধিষ্ঠান ব্ৰহ্মলোক
মন্ত্ৰ শ্ৰীসৰস্বত্যৈ নমঃ
দাম্পত্যসঙ্গী ব্ৰহ্মা
বাহন ময়ূৰ
হংস

সৰস্বতী (সংস্কৃত: सरस्वती) হ'ল জ্ঞান, সংগীত, শিল্পকলা, বুদ্ধি আৰু বিদ্যাৰ হিন্দু দেৱী।[1] তেখেত সৰস্বতী-লক্ষ্মী-পাৰ্বতী এই ত্ৰিদেৱীৰ অন্যতম। এই ত্ৰিদেৱীৰ কাম হ'ল ব্ৰহ্মা, বিষ্ণু আৰু শিৱক যথাক্ৰমে জগৎ সৃষ্টি, পালন আৰু ধ্বংস কৰাত সাহায্য কৰা।[2]

সৰস্বতীৰ প্ৰথম উল্লেখ পোৱা যায় ঋগ্বেদত। বৈদিক যুগৰ পৰা আধুনিক যুগলৈকে তেখেতে হিন্দুধৰ্মৰ এক গুৰুত্বপূৰ্ণ দেৱী।[1] হিন্দুসকলে বসন্তপঞ্চমী (মাঘ মাহৰ শুক্লাপঞ্চমী তিথি) তিথিত সৰস্বতী পূজা কৰে।[3] বৌদ্ধ[4] আৰু পশ্চিম আৰু মধ্য ভাৰতত জৈনসকলেও সৰস্বতীৰ পূজা কৰে।[5] জ্ঞান, সংগীত আৰু শিল্পকলাৰ দেৱী হিচাপে ভাৰতৰ বাহিৰে জাপান, ভিয়েটনাম, বালি আৰু ম্যানমাৰতো সৰস্বতী পূজা কৰা হয়।[6] হিন্দুধৰ্মৰ বাদে খ্ৰিষ্টীয় চতুৰ্থ-পঞ্চম শতিকাতে ৰচিত মহাযান বৌদ্ধ ধৰ্মগ্ৰন্থ মহাযান সূত্ৰটো সৰস্বতী দেৱীৰ উল্লেখ পোৱা যায়।[7]

পৌৰাণিক কাহিনী

[সম্পাদনা কৰক]

স্কন্দপুৰাণত

[সম্পাদনা কৰক]

ব্ৰহ্মাই কন্যা সৰস্বতীৰ প্ৰতি দুৰ্ব্যৱহাৰ কৰাত শিৱই তেওঁক শৰবিদ্ধ কৰি হত্যা কৰে। তেতিয়া ব্ৰহ্মাৰ পত্নী গায়ত্ৰীয়ে কন্যা সৰস্বতীক লগতলৈ স্বামীৰ প্ৰাণ ওভতাই অনাৰ বাবে গন্ধমাদন পৰ্ৱতত তপস্যা আৰম্ভ কৰে। তেওঁলোকৰ দীৰ্ঘ তপস্যাত সন্তুষ্ট হৈ শিৱই ব্ৰহ্মাৰ প্ৰাণ ওভতাই দিয়ে। তেতিয়াৰ পৰাই শিৱৰ নিৰ্দেশত গায়ত্ৰী আৰু সৰস্বতীৰ তপস্যাস্থলত দুটা প্ৰসিদ্ধ তীৰ্থ সৃষ্টি হয়।[8]

জগতত সকলো দেৱতাৰ তীৰ্থ আছে, মাত্ৰ ব্ৰহ্মাৰ তীৰ্থ নাই – এইকথা ভাবি ব্ৰহ্মাই পৃথিৱীত নিজৰ তীৰ্থ স্থাপনত উদ্যোগী হ'ল। তেখেতে এটা সৰ্ৱৰত্নময়ী শিল পৃথিৱীলৈ নিক্ষেপ কৰিলে। সেইটো চমৎকাৰপুৰত আহি পৰিল। ব্ৰহ্মাই তাতেই নিজৰ তীৰ্থ স্থাপন কৰিব বুলি ভাবিলে। ব্ৰহ্মাৰ নিৰ্দেশত সৰস্বতী পাতালৰ পৰা উঠি আহিল। ব্ৰহ্মাই তেখেতক কলে, “তুমি ইয়াত মোৰ ওচৰত সকলো সময়ত থাকা। মই তোমাৰ পানীত ত্ৰিসন্ধ্যা তৰ্পণ কৰিম। ” সৰস্বতীয়ে ভয় পাই কলে, “মই লোকৰ স্পৰ্শলৈ ভয় কৰোঁ বাবেই সকলো সময়তে পাতালত থাকোঁ। কিন্তু আপোনাৰ আদেশ মই অমান্যও কৰিব নোৱাৰো। আপুনি সকলো দিশত বিচাৰ কৰি এটা ব্যৱস্থা কৰক। ” তেতিয়া ব্ৰহ্মাই সৰস্বতীৰ অৱস্থানৰ বাবে এটা হ্ৰদ খনন কৰিলে। সৰস্বতী সেই হ্ৰদত অৱস্থান কৰিবলৈ ধৰিলে। ব্ৰহ্মাই ভয়ংকৰ সাপবোৰক সেই হ্ৰদ আৰু সৰস্বতীৰ ৰক্ষকৰূপে নিযুক্ত কৰিলে।[9]

উপপুৰাণত

[সম্পাদনা কৰক]

দেৱীভাগৱত পুৰাণ

[সম্পাদনা কৰক]
লক্ষ্মী আৰু সৰস্বতী, ৰজা ৰবি বৰ্মা অঙ্কিত

দেৱীভাগৱত পুৰাণ অনুসৰি, দেৱী আদ্যাপ্ৰকৃতিৰ তৃতীয় অংশত দেৱী সৰস্বতীৰ জন্ম। তেখেত কৃষ্ণৰ জিহ্বাগ্ৰৰ পৰা উৎপন্ন হৈছে। সৰস্বতী হ'ল বাক্য, বুদ্ধি, বিদ্যা আৰু জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী; সকলো সংশয় ছেদকাৰিণী আৰু সৰ্ৱসিদ্ধি প্ৰদায়িনী আৰু বিশ্বৰ উপজীৱিকা স্বৰূপিনী। ব্ৰহ্মাই প্ৰথমে তেখেতক পূজা কৰিছিল। পাছত জগতত তেখেতৰ পূজা প্ৰতিষ্ঠিত হয়। সৰস্বতী হ'ল শুক্লবৰ্ণা, পীতবস্ত্ৰধাৰিণী, বীণা আৰু পুস্তকহস্তা। তেখেত নাৰায়ণৰ অন্যতম পত্নী হৈছিল। তাৰ পাছত কৃষ্ণই জগতত তেখেতৰ পূজা প্ৰৱৰ্তন কৰে। মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিত তেখেতৰ পূজা হয়।[10]

গঙ্গা, লক্ষ্মী আৰু সৰস্বতী আছিল নাৰায়ণৰ তিনিজনী পত্নী। এবাৰ গঙ্গা আৰু নাৰায়ণৰ পৰস্পৰৰ দিশে চাই হাঁহিলে, তিনি দেৱীৰ মাজত তুমুল বিবাদ উপস্থিত হয়। এই বিবাদৰ পৰিণামত এজনীয়ে আনজনীক অভিশাপ দিয়ে। গঙ্গাৰ অভিশাপত সৰস্বতী নদীলৈ পৰিণত হয়। পাছত নাৰায়ণে বিধান দিয়ে যে, সৰস্বতী এক অংশত নদী, এক অংশত ব্ৰহ্মাৰ পত্নী আৰু এক অংশত তেওঁৰ সঙ্গিনী হ'ব আৰু কলিযুগৰ পাঁচ হাজাৰ বছৰ অতিক্ৰান্ত হ'লে সৰস্বতী সহ তিনি দেৱীৰেই শাপমোচন হ'ব।[11]

গঙ্গাৰ অভিশাপত সৰস্বতী মৰ্ত্যৰ নদীলৈ পৰিণত হ'ল আৰু ব্ৰহ্মাৰ প্ৰিয়তমা পত্নী ব্ৰাহ্মী হ'ল।[12]

শুম্ভ আৰু নিশুম্ভ অসুৰদ্বয়ক বধ কৰাৰ সময়ত দেৱী দুৰ্গাৰ শৰীৰৰ পৰা যি কৌশিকী দেৱীৰ উৎপত্তি হৈছিল, তাৰ অন্য নাম সৰস্বতী।[13]

শুক্ল যজুৰ্বেদ

[সম্পাদনা কৰক]

"শুক্ল যজুৰ্বেদ" অনুসৰি, একসময়ত ইন্দ্ৰৰ শৰীৰৰ শক্তি গুচি যোৱাৰ ফলত তেখেত ভেড়াৰ আকৃতি গ্ৰহণ কৰে। সেইসময়ত ইন্দ্ৰৰ চিকিৎসাৰ দায়িত্ব আছিল স্বৰ্গৰ অশ্বিনীদ্বয়ৰ ওপৰত আৰু সেৱা-শুশ্ৰূষাৰ ভাৰ আছিল সৰস্বতীৰ হাতত। সংগীত আৰু নৃত্যপ্ৰেমী ইন্দ্ৰই সৰস্বতীৰ গানবাজনা আৰু সেৱাত সুস্থ হোৱাৰ পাছত তেখেতক ভেড়াটো দান কৰে।[14]

ৰামায়ণ ৰচয়িতা বাল্মীকিয়ে যেতিয়া ক্ৰৌঞ্চ হননৰ শোকত বিহবল হৈ পৰিছিল, সেই সময়ত জ্যোতিৰ্ময়ী সৰস্বতীয়ে তেখেতৰ ললাটত বিদ্যুৎ ৰেখাৰ নিচিনা প্ৰকাশিত হৈছিল। [15]

সৰস+বতী=সৰস্বতী অৰ্থ জ্যোতিময়ী। ঋগ্বেদত আৰু যৰ্জুবেদত বহুতবাৰ ইড়া, ভাৰতী, সৰস্বতীক একেলগে দেখা যায়। বেদত মন্ত্ৰসমূহৰ পৰ্যালোচনাত প্ৰতীতি জন্মে যে, সৰস্বতী মূলত সূৰ্যাগ্নি। [16]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Kinsley, David (1988). Hindu Goddesses: Vision of the divine feminine in the Hindu religious traditions. University of California Press. ISBN 0-520-06339-2. https://archive.org/details/hindugoddessesvi0000kins. 
  2. Encyclopaedia of Hinduism, p. 1214; Sarup & Sons, ISBN 978-81-7625-064-1
  3. Vasant Panchami Saraswati Puja, Know India - Odisha Fairs and Festivals
  4. Thomas Donaldson (2001), Iconography of the Buddhist Sculpture of Orissa, ISBN 978-8170174066, pages 274-275
  5. Birmingham Museum of Art (2010). Birmingham Museum of Art : guide to the collection. প্ৰকাশক [Birmingham, Ala]: Birmingham Museum of Art. পৃষ্ঠা. 55. ISBN 978-1-904832-77-5. http://artsbma.org. 
  6. Kinsley, David (1988). Hindu Goddesses: Vision of the divine feminine in the Hindu religious traditions. University of California Press. পৃষ্ঠা. 95. ISBN 0-520-06339-2. https://books.google.com/books?id=hgTOZEyrVtIC. 
  7. "সৰস্বতী, বিদ্যাৰ দেৱী". ষ্টিফেন নাপ. http://www.stephen-knapp.com/sarasvati_goddess_of_learning.htm। আহৰণ কৰা হৈছে: ডিচেম্বৰ ২৪, ২০১১. 
  8. স্কন্দপুৰাণ, ব্ৰহ্মখণ্ড, সেতু, ৪০
  9. স্কন্দপুৰাণ, নাগখণ্ড, ৪০
  10. দেৱীভাগৱত পুৰাণ, নৱম স্কন্ধ, অধ্যায় ১, ২ ও ৪
  11. দেৱীভাগৱত পুৰাণ, নৱম স্কন্ধ, অধ্যায় ৭
  12. দেৱীভাগৱত পুৰাণ, নৱম স্কন্ধ, অধ্যায় ৮
  13. দেৱীভাগৱত পুৰাণ, দশম স্কন্ধ, অধ্যায় ১২
  14. প্ৰত্নতাত্ত্বিক এন এচ ভট্টচাৰি
  15. বাল্মীকি ৰামায়ণ
  16. শংকৰনাথ ভট্টাচাৰ্য

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]