বায়ু (দেৱতা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
বায়ু
বায়ু আৰু শ্বাস-প্ৰশ্বাসৰ দেৱতা
Guardians of the eight directions 08.JPG
অন্য নাম অনিল, পৱন, ব্যান, বাত, তনুন, মুখ্যপ্ৰাণ, ভাৰতী ৰমণ, ভীম
দেৱনাগৰী वायु
সম্পৰ্ক দেৱতা
নিবাস পৱনলোক
মন্ত্ৰ ওঁ‌ম বায়ৱে নমঃ
অস্ত্ৰ মূষল
সঙ্গী ভাৰতী বা স্বস্তি[1][2]
সন্তান হনুমান আৰু ভীম
আসন/বাহন হৰিণ

বায়ু (সংস্কৃত: वायु) হৈছে হিন্দু ধৰ্মৰ এজন প্ৰধান দেৱতা। তেওঁ বায়ু আৰু শ্বাস-প্ৰশ্বাসৰ অধিকাৰী দেৱতা। হনুমান আৰু দ্বিতীয় পাণ্ডৱ ভীম বায়ুৰ আধ্যাত্মিক পুত্ৰ। তেওঁক অনিল, ব্যান, বাত, তনুন, পৱন,[3] আৰু কোনো কোনো সময়ত প্ৰাণ নামেৰে জনা যায়।

ভাৰতীয় লেখক বনমালীৰ মত অনুসৰি বৈষ্ণৱ উপাসকসকলে বিশ্বাস কৰে যে বায়ু দেৱতাই বিষ্ণুক সহায় কৰিবলৈ তিনিটা অৱতাৰ ধাৰণ কৰিছিল। ইয়াৰে প্ৰথম অৱতাৰ হনুমানৰ জৰিয়তে তেওঁ ৰামৰ আৰু দ্বিতীয় অৱতাৰ ভীমৰ জৰিয়তে কৃষ্ণৰ সহায় হোৱাৰ লগতে তৃতীয় অৱতাৰ মাধৱাচাৰ্যৰ (১২৩৮-১৩১৭) জৰিয়তে তেওঁ দ্বৈত নামৰ বৈষ্ণৱ পন্থাৰ জন্ম দিয়ে। [4] ইণ্ডোল'জিষ্ট ছোলাপুৰকাৰৰ মতে, মাধৱাচাৰ্যই প্ৰৱৰ্ত্তন কৰা দৰ্শন প্ৰথমে বায়ুয়ে নিজৰ পুত্ৰ হনুমানক দিছিল বুলি কোৱা হয়। হনুমানে এয়া ভীমক প্ৰদান কৰে আৰু অৱশেষত ইয়াক আনন্দ তীৰ্থ বা মাধৱাচাৰ্যই লাভ কৰে। [5]

ব্যুৎপত্তিগত অৰ্থ[সম্পাদনা কৰক]

আক্ষৰিক অৰ্থত বায়ু শব্দৰ অৰ্থ বতাহ। হিন্দুধৰ্মৰ ধ্ৰুপদী উপাদানসমূহৰ ভিতৰত বায়ু অন্যতম। সংস্কৃতবাত শব্দৰ অৰ্থ উৰুৱাই নিয়া। একেদৰে বায়ু মানে বতাহ আৰু প্ৰাণ মানে জীৱ বা উশাহ। অৰ্থাৎ বায়ু হৈছে প্ৰাণদায়ী দেৱতা আৰু তেওঁক মুখ্য বায়ু বা মুখ্য প্ৰাণ বুলিও অভিহিত কৰা হয়।[6][7] বাত শব্দৰ পৰা পাৰিপাৰ্শ্বিকতা বুজোৱা বাতাৱৰণ শব্দৰো উৎপত্তি হৈছে।[8]

পৌৰাণিক সাহিত্য[সম্পাদনা কৰক]

কুশান ৰাজবংৰ ৰজা প্ৰথম কনিষ্কৰ মুদ্ৰাৰ বিপৰীত পৃষ্ঠত বায়ু, ১২০-১৫০ চন

ঋকবেদৰ মতে বায়ুৰ সম্পৰ্ক বতাহৰ সৈতে আৰু তেওঁৰ উদৰৰ পৰা মাৰুতসকলৰ উৎপত্তি হয়। সোমৰসৰ ভাগ পোৱা বায়ুৱেই প্ৰথমজন দেৱতা আৰু তেওঁ ইন্দ্ৰৰ সৈতে এয়া ভগাই লয়।[9]

শ্লোকসমূহত বায়ুক দেখাত বৰ সুন্দৰ বুলি বৰ্ণোৱা হৈছে। তেওঁ দুটা, উনপঞ্চাছটা বা এহাজাৰটা ঘোঁৰাই বৈ নিয়া ৰথত উঠি হৈ-চৈ কৰি ভ্ৰমণ কৰে। তেওঁৰ ধ্বজৰ ৰঙ শুকুলা।[3] পৰিৱেশৰ সৈতে জড়িত অন্য দেৱতাসকলৰ দৰে বায়ুও এজন যোদ্ধা আৰু শক্তিশালী তথা সংহাৰকাৰী দেৱতা।[10]

উপনিষদসমূহত বায়ুৰ মহানতাৰ বিষয়ে বিশদ বিৱৰণ আছে। বৃহদাৰণ্যক উপনিষদত কোৱা হৈছে যে এবাৰ মানুহৰ শৰীৰৰ কাম-কাজ নিয়ন্ত্ৰণ কৰা দেৱতাসকলৰ মাজয় কোন সবাতোকৈ বলী তাকে লৈ এক প্ৰতিযোগিতা হয়। দৃষ্টিৰ দেৱতাই শৰীৰ ত্যাগ কৰা স্বত্বেও মানুহ এজন অন্ধ হৈয়ো জীয়াই থাকে আৰু তাকে দেখি তেওঁ পুনৰ দেহত থিতাপি লয়। এনেকৈ এজন এজনকৈ দেৱতাই নিজৰ স্থান এৰাৰ পিছতো মানুহজনৰ মৃত্যু নহয়। কিন্তু যেতিয়া মুখ্য প্ৰাণ অৰ্থাৎ বায়ুৱে দেহত্যাগ কৰে তেতিয়া অন্য দেৱতাসকলেও দেহত্যাগ কৰিবলৈ বাধ্য হয়। তেতিয়া দেৱতাসকলে স্বীকাৰ কৰে যে বায়ু থাকিলেহে তেওঁলোকে নিজৰ কাৰ্য কৰিব পাৰে আৰু অতি শজতে বায়ুৱে তেওঁলোকক পৰাভূত কৰিব পাৰে। অন্য এক অধ্যায়ত কোৱা হৈছে যে বায়ুৱেই একমাত্ৰ দেৱতা যাৰ ওপৰত কোনো পাপ বা অশুভ শক্তিয়ে প্ৰভাৱ পেলাব নোৱাৰে। ছান্দোগ্য উপনিষদতো ব্ৰহ্মত্ব লাভৰ বাবে বায়ু অপৰিহাৰ্য বুলি কোৱা হৈছে।[11]

অৱতাৰ[সম্পাদনা কৰক]

আমেৰিকান ইণ্ডোল'জিষ্ট ফিলিপ লাটগেণ্ডৰ্ফে কৈছে যে মাধৱাচাৰ্যৰ মতে যেতিয়াই বিষ্ণুৱে পৃথিৱীত অৱতাৰ লয় তেতিয়াই মুখ্য প্ৰাণ বা বায়ুৱে ধৰ্ম ৰক্ষাত তেওঁৰ সহযোগী হিচাপে অৱতাৰিত হয়। ত্ৰেতা যুগত হনুমানৰ ৰূপত ৰামৰ সাহায্যৰ অৰ্থে, দ্বাপৰ যুগত ভীম শ্ৰীকৃষ্ণৰ সাহায্যৰ অৰ্থে আৰু কলি যুগত মাধৱৰ ৰূপত বায়ুৱে অৱতাৰ ধাৰণ কৰে। [12][13][14][15] লেখক চি ৰামকৃষ্ণই ব্যাখ্যা আগবঢ়াইছে যে মাধৱাচাৰ্যই ঋকবেদৰ বলিঠা সূক্তত থকা বায়ুৰ তিনিটা ৰূপৰ কথাই কৈছে।[16]

বৌদ্ধ ধৰ্ম[সম্পাদনা কৰক]

বৌদ্ধধৰ্ম অনুসৰি বায়ু এজন ধৰ্মপাল আৰু তেওঁ বাৰজন ৰক্ষক দেৱতাৰ অন্যতম। তেওঁ উতৰ-পশ্চিম দিশৰ ৰক্ষক।[17]

জাপানত বায়ুক ফুটেন নামেৰে জনা যায়। তেওঁ ছক্ৰ, কেটেন, এন্মাটেন, ৰেজেটছুটেন, ঈশানাটেন, বিছামনটেন, ছুইটেন, বনটেন, জিটেন, নিট্টেন আৰু গেটেনৰ সৈতে একেশাৰীৰ দেৱতা।[18]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. M. V. Krishna Rao (1966). Purandara and the Haridasa Movement. Karnatak University. পৃষ্ঠা. 200. https://books.google.com/books?id=MK5WAAAAMAAJ. 
  2. Kindler, Babaji Bob (1996-07-04) (en ভাষাত). Twenty-Four Aspects of Mother Kali. SRV Associations. ISBN 978-1-891893-17-9. https://books.google.com/books?id=UP5-AwAAQBAJ&q=Vayu&pg=PT128. 
  3. 3.0 3.1 Eva Rudy Jansen; Tony Langham (1993), The book of Hindu imagery: The Gods and their Symbols, Binkey Kok Publications, ISBN 978-90-74597-07-4, https://books.google.com/books?id=1iASyoae8cMC, "God of the wind ... also known as Vata or Pavan ... exceptional beauty ... moves on noisily in his shining coach ... white banner ..." 
  4. Vanamali 2010, পৃষ্ঠা. 14.
  5. Sholapurkar 1992, পৃষ্ঠা. 308.
  6. Subodh Kapoor (2002). Indian Encyclopaedia, Volume 1. Genesis Publishing Pvt Ltd. পৃষ্ঠা. 7839. ISBN 9788177552577. https://books.google.com/books?id=BSbgGLdGSRIC. "Mukhya Prana - The chief vital air" 
  7. Raju, P.T. (1954), "The concept of the spiritual in Indian thought", Philosophy East and West খণ্ড 4 (3): 195–213, doi:10.2307/1397554. 
  8. Vijaya Ghose; Jaya Ramanathan; Renuka N. Khandekar (1992), Tirtha, the treasury of Indian expressions, CMC Limited, ISBN 978-81-900267-0-3, https://books.google.com/books?id=_v1tAAAAMAAJ, "... God of the winds ... Another name for Vayu is Vata (hence the present Hindi term for 'atmosphere, 'vatavaran). Also known as Pavana (the purifier), Vayu is lauded in both the ..." 
  9. Stephanie Jamison (2015). The Rigveda –– Earliest Religious Poetry of India. Oxford University Press. পৃষ্ঠা. 47. ISBN 978-0190633394. https://books.google.com/books?id=1LTRDwAAQBAJ. 
  10. Sukumari Bhattacharji (1984), Literature in the Vedic age, K.P. Bagchi, https://books.google.com/books?id=v7soAAAAYAAJ, "... The other atmospheric gods are his associates: Vayu-Vatah, Parjanya, the Rudras and the Maruts. All of them are fighters and destroyers, they are powerful and heroic ..." 
  11. Chandogya Upanishad, Adhyaya XVIII, Verse 4; http://www.swamij.com/upanishad-chandogya.htm
  12. Lutgendorf 2007, পৃষ্ঠা. 67.
  13. "The Mahabharata, Book 1: Adi Parva: Sambhava Parva: Section LXVII". http://www.sacred-texts.com/hin/m01/m01068.htm. 
  14. History of the Dvaita School and Its literature, pg 173
  15. "Balittha Suktha -Text From Rig Veda". raghavendramutt.org. http://raghavendramutt.org/articles/balittha-suktha-text. 
  16. Chintagunta Ramakrishna Rao (1960). Madhva and Brahma Tarka. Majestic Press. পৃষ্ঠা. 9. https://books.google.com/books?id=eiA1AAAAIAAJ. 
  17. Twelve Heavenly Deities (Devas) Nara National Museum, Japan
  18. "juuniten 十二天". http://www.aisf.or.jp/~jaanus/deta/j/juuniten.htm.