সূৰ্য (দেৱতা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সূৰ্য
সূৰ্য, পোহৰ আৰু দিনৰ দেৱতা
অন্য নাম আদিত্য, ভাস্কৰ, দিবাকৰ, সূৰ্যনাৰায়ণ, ৰবি, ভানু, প্ৰভাকৰ, বিভাসন
সম্পৰ্ক দেৱতা, নৱগ্ৰহ, আদিত্য, সগুন ব্ৰহ্ম
নিবাস সূৰ্যলোক
গ্ৰহ সূৰ্য
মন্ত্ৰ ॐ सः सूर्याय नमः
অস্ত্ৰ দণ্ড
বাৰ ৰবিবাৰ
সঙ্গী সংজ্ঞা আৰু ছায়া
সন্তান
আসন/বাহন সাতটা ঘোঁৰাই টনা ৰথ
সাৰথি: অৰুণ[1]
গ্ৰীক সমাৰ্থক হেলিঅ'চ[2]
ৰোমান সমাৰ্থক ছ'ল

সূৰ্য (সংস্কৃত: सूर्य) হৈছে হিন্দু ধৰ্মৰ এজন দেৱতা।[3] সংস্কৃত ভাষাত সূৰ্যৰ অৰ্থ বেলি।[4] পৌৰাণিক ভাৰতীয় সাহিত্যত সূৰ্যক আদিত্য, অৰ্ক, ভানু, সৱিতুৰ, পোষণ, ৰবি, মাৰ্তণ্ড, মিত্ৰ, ভাস্কৰ, প্ৰভাকৰ, কথিৰাৱন আৰু বিভাসন আদি নামেৰে সম্বোধিত কৰা হৈছে।[5][6][7] ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড আৰু উৰিষ্যাৰ সৌৰপন্থী অৰ্থাৎ সূৰ্যৰ উপাসকসকলৰ মাজত তেওঁৰ গুৰুত্ব অধিক। হিন্দুধৰ্মৰ প্ৰধান পাঁ‌চজন দেৱতাৰ মাজত সূৰ্য অন্যতম। স্মাৰ্ত পৰম্পৰা অনুসৰি ব্ৰহ্মত্ব প্ৰাপ্তিৰ বাবে সূৰ্য এক অপৰিহাৰ্য দেৱতা।[8]

সূৰ্যক প্ৰায়েই সাতটা ঘোঁৰাই টনা এখন ৰথত উপৱিষ্ট হিচাপে চিত্ৰায়িত কৰা হয়।[1] ই দৃশ্যমান সাতোৰঙ আৰু সপ্তাহৰ সাতোটা দিনক প্ৰতিনিধিত্ব কৰে।[4][9] মধ্যযুগীয় হিন্দুধৰ্মত সূৰ্যৰ নামেৰে ত্ৰিদেৱ অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু আৰু শিৱকো বুজোৱা হৈছিল।[3][10] কিছুসংখ্যক প্ৰাচীন সাহিত্য আৰু কলাত সূৰ্যক ইন্দ্ৰ, গণেশ বা অন্য দেৱতাৰ সৈতে সমূহীয়াভাৱে উপস্থাপন কৰা হৈছিল।[5][9] বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ কলা আৰু সাহিত্যতো সূৰ্যৰ উপস্থিতি দেখা পোৱা যায়।[11][12]

সূৰ্যক এক চক্ৰৰ সৈতে চিত্ৰায়িত কৰা হয়। ইয়াক ধৰ্মচক্ৰ নামেৰে জনা যায়।[13] ভাৰতীয় জ্যোতিষশাস্ত্ৰৰ মতে সূৰ্য সিংহ ৰাশিৰ অধিপতি। হিন্দু দিনপঞ্জী অনুসৰি ৰবি নামেৰে তেওঁ ৰবিবাৰৰ অধিষ্ঠাতা দেৱতা।[14] সূৰ্যদেৱতাৰ প্ৰতি উৎসৰ্গিত প্ৰধান উৎসৱ-পাৰ্বনসমূহ হৈছে মকৰ সংক্ৰান্তি, পোংগল, সম্ব দশমী, ৰথ সপ্তমী, ছট পূজা আৰু কুম্ভ মেলা.[15][16][17]

ত্ৰয়োদশ শতিকাত সম্ভৱতঃ উত্তৰ ভাৰতলৈ মুছলমানসকলৰ আগমণৰ লগে লগে বিষ্ণু আৰু শিৱৰ বাহিৰে অন্য বৈদিক দেৱতাসকলতকৈ অধিক কালজুৰি হিন্দুধৰ্মৰ এগৰাকী প্ৰধান দেৱতা হিচাপে পৰিগণিত হৈ অহা সূৰ্যৰ উপাসনা বহুলাংশে হ্ৰাস পায়। নতুনকৈ সূৰ্যৰ মন্দিৰ নিৰ্মাণ হোৱা কাৰ্য প্ৰায় বন্ধ হৈ পৰে। পুৰণি মন্দিৰসমূহৰ কিছুসংখ্যক পিছলৈ অন্য দেৱতাৰ প্ৰতি উৎসৰ্গিত হ'বলৈ ধৰে। সূৰ্যক বিষ্ণু আৰু শিৱৰ সৈতে লীণ কৰাৰ বা তেওঁক এই দুয়োগৰাকী দেৱতাতকৈ নিম্ন পৰ্যায়ৰ বুলি গণ্য কৰাৰ এক ৰীতি আৰম্ভ হয়।[18]

পৌৰাণিক সাহিত্য[সম্পাদনা কৰক]

বেদ[সম্পাদনা কৰক]

ঋকবেদৰ প্ৰাচীনতম শ্লোকসমূহত উদিত বেলিতলৰ প্ৰসংগত সূৰ্যৰ উল্লেখ কৰা হৈছে য'ত তেওঁ‌ আন্ধাৰ নাশ কৰি সকলো জীৱ, শুভ শক্তি আৰু জ্ঞানৰ সংবৰ্ধন কৰিছে।[4][19] কিছুসংখ্যক শ্লোকত সূৰ্যৰ অৰ্থ হৈছে এক জড় পদাৰ্থ বা আকাশৰ এক ৰত্ন। অন্য কিছু শ্লোকত তেওঁক এজন মূৰ্তমান দেৱতাৰ ৰূপত উল্লেখ কৰা হৈছে।[4][20] ৰাতিপুৱা বা দোকমোকালিৰ দেৱী ঊষাৰ সৈতে সূৰ্যৰ ওতপ্ৰোত সম্পৰ্ক দেখা যায়। তেওঁক কোনো সময়ত ঊষাৰ পুত্ৰ বা স্বামী বুলি উল্লেখ কৰা হৈছে।[21]

ঋকবেদত সূৰ্যৰ জন্ম আৰু প্ৰতিপালন সম্পৰ্কে বৰ্ণনাৰ ভিন্নতা পোৱা যায়। বিভিন্ন দেৱ-দেৱী যেনে আদিত্য অদিতি, দ্যুচ, মিত্ৰ, বৰুণ, অগ্নি, ইন্দ্ৰ, সোম, পুৰুষ, ধাত্ৰী আৰু ইন্দ্ৰ-সোম, ইন্দ্ৰ-বৰুণ, ইন্দ্ৰ-বিষ্ণু, পুৰুষ, ধাত্ৰী আদিয়ৱ যুটীয়াভাৱে বা দেৱতা সমাজে বৰুণৰ তত্বাৱধান লোৱাৰ কথা উল্লেখ আছে।[22][23] অথৰ্ববেদৰ মতে সূৰ্যৰ আৱিৰ্ভাৱ বৃত্ৰাসুৰৰ পৰা হৈছিল।[23] বেদত সূৰ্যৰদ্বাৰাই জাগতিক বিশ্বব্ৰহ্মাণ্ড বা প্ৰকৃতিৰ উদ্ভৱ হোৱা বুলি কোৱা হৈছে।[24] হিন্দুধৰ্মৰ সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ কাৰক বিভিন্ন ত্ৰিমূৰ্তিৰো অন্যতম হিচাপে সূৰ্যৰ বৰ্ণনা পোৱা যায়। এনে ত্ৰিমূৰ্তিৰ ভিতৰত সূৰ্যৰ সৈতে অগ্নি আৰু বায়ু অথবা ইন্দ্ৰ অন্তৰ্ভুক্ত হৈছে আৰু তেওঁলোকক একেলগে ব্ৰহ্ম বুলি কোৱা হৈছে।[25]

বৈদিক সাহিত্যৰ অন্যতম ব্ৰাহ্মণসমূহত (যেনে শতপথ ব্ৰাহ্মণ) একেটা শ্লোকত অগ্নিৰ সৈতে সূৰ্যৰ উল্লেখ আছে।[26] সূৰ্যই দিনৰ ভাগত নিজ কাৰ্য সম্পাদন কৰাৰ বিপৰীতে ৰাতিৰ ভাগত অগ্নিয়ে দায়িত্ব গ্ৰহণ কৰাৰ কথা বৰ্ণনা কৰা হৈছে।[26] কপিলা বাৎসায়নৰ মতে সূৰ্যক অগ্নি তথা ব্ৰহ্মাণ্ডৰ বীজৰ ৰূপত উত্থাপন কৰা হৈছে।[27] ব্ৰাহ্মণসমূহ[28][29] আৰু উপনিষদসমূহৰ মতে সূৰ্য পোনপটীয়াভাৱে দৃষ্টি আৰু জ্ঞানৰ সৈতে জড়িত। বৃহদাৰণ্যক, ছান্দোগ্য, কৌশিতকী আদি উপনিষদত বাহ্যিক পূজা-সেৱা ত্যাগ কৰি আত্মদৃষ্টি আৰু ধ্যানৰ যোগেদি অন্তৰত নিহিত ঈশ্বৰৰ উপাসনাৰ জৰিয়তে আত্মজ্ঞান লাভ কৰিবৰ নিমিত্তে সূৰ্যক পৌৰাণিক ঋষিসকলৰ নেত্ৰ হিচাপেও বৰ্ণনা কৰা হৈছে[30][31][32]

মহাকাব্য[সম্পাদনা কৰক]

ৰামায়ণৰ যুদ্ধ কাণ্ডত উল্লেখ থকা মতে ৰাৱণৰ সৈতে সংগ্ৰামৰ পূৰ্বে ৰামক সূৰ্যৰ মহিমা বৰ্ণনা কৰা আদিত্য হৃদয় শ্লোকৰ শিক্ষা দিয়া হৈছিল।

মহাভাৰতত সূৰ্যক বিশ্বব্ৰহ্মাণ্ডৰ নেত্ৰ, সকলো জীৱৰে মূল, সাংখ্য (হিন্দুসকলৰ দৰ্শন শিক্ষাবিশেষ) আৰু যোগীসকলৰ লক্ষ্য, আৰু স্বাধীনতা তথা আধ্যাত্মিক মুক্তিৰ স্বৰূপ বুলি কোৱা হৈছে।[4] মহাকাব্যখনত সূৰ্যক কুমাৰী মাতৃ কুন্তীৰ পুত্ৰ কৰ্ণৰ পিতৃ হিচাপে বৰ্ণোৱা হৈছে।[4][33]

জ্যোতিৰ্বিদ্যা[সম্পাদনা কৰক]

সংস্কৃত ভাষাত ৰচিত ভাৰতীয় জ্যোতিৰ্বিদ্যাৰ শাস্ত্ৰসমূহত সূৰ্যক আকাশমাৰ্গৰ এক গুৰুত্বপূৰ্ণ পদাৰ্থ বুলি কোৱা হৈছে। ইয়াৰ ভিতৰত পঞ্চম শতিকাত ৰচিত আৰ্যভট্টৰ গ্ৰন্থ 'আৰ্যভট্টীয়, ষষ্ঠ শতিকাত ৰচিত লতদেৱৰ ৰোমাকা আৰু বৰাহমিহিৰপঞ্চ সিদ্ধান্ত আৰু সপ্তম শতিকাত ৰচিত ব্ৰহ্মগুপ্তৰ খণ্ডখাদ্যক আদি উল্লেখযোগ্য[34] এই গ্ৰন্থসমূহত সূকে ধৰি অন্যান্য গ্ৰহসমূহৰ লগতে ইহঁ‌তৰ আনুমানিক তূলনামূলক গতিৰ বিশেষত্বৰ বিষয়ে উল্লেখ কৰা হৈছে।[34] পঞ্চমৰ পৰা দশম শতিকাৰ ভিতৰত ৰচিত সূৰ্য সিদ্ধান্তত বিভিন্ন গ্ৰহ আৰু ইয়াৰ সৈতে জড়িত আখ্যানসমূহৰ কথা বৰ্ণনা কৰা হৈছে।[34]

এই গ্ৰন্থসমূহ সূৰ্য আৰু অন্য গ্ৰহভিত্তিক গণনা আৰু পৃথিৱীৰ তুলনাত ইহঁতৰ গতিৰ বিষয়ে সামান্য সালসলনি থকা সংস্কৰণত উপলব্ধ। ই এই কথাকে সূচায় যে সময়ৰ লগে লগে ইয়াৰ সংশোধন কৰা হৈছিল।[35][36][37] উদাহৰণস্বৰূপে, খ্ৰীষ্টিয় প্ৰথম সহস্ৰাব্দৰ হিন্দু পণ্ডিতসকলে এটা বছৰৰ দৈৰ্ঘ্যক বিভিন্নধৰণে অনুমান কৰি উলিয়াইছে:[38]

গ্ৰন্থ এবছৰৰ দৈৰ্ঘ্য[38]
সূৰ্য সিদ্ধান্ত ৩৬৫ দিন, ৬ ঘণ্টা, ১২ মিনিট, ৩৬.৫৬ ছেকেণ্ড
পৌলিকা সিদ্ধান্ত ৩৬৫ দিন, ৬ ঘণ্টা, ১২ মিনিট, ৩৬ ছেকেণ্ড
পৰাকাৰ সিদ্ধান্ত ৩৬৫ দিন, ৬ ঘণ্টা, ১২ মিনিট, ৩৬.৫০ ছেকেণ্ড
আৰ্য সিদ্ধান্ত ৩৬৫ দিন, ৬ ঘণ্টা, ১২ মিনিট, ৩৬.৮৪ ছেকেণ্ড
লঘু আৰ্য সিদ্ধান্ত ৩৬৫ দিন, ৬ ঘণ্টা, ১২ মিনিট, ৩০ ছেকেণ্ড
সিদ্ধান্ত শিৰোমণি ৩৬৫ দিন, ৬ ঘণ্টা, ১২ মিনিট, ৯ ছেকেণ্ড

এই সকলোবোৰৰ ভিতৰত সূৰ্য সিদ্ধান্ত আটাইতকৈকৈ পুৰণি হোৱাৰ বিপৰীতে সিদ্ধান্ত শিৰোমণিত উল্লিখিত গণনাই সবাতোকৈ শুদ্ধ।[38]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Jansen, Eva Rudy. The Book of Hindu Imagery: Gods, Manifestations and Their Meaning, p. 65.
  2. Pande, Govind Chandra (2007). A golden chain of civilizations : Indic, Iranic, Semitic, and Hellenic up to c. 600 B.C. (1. publ. সম্পাদনা). প্ৰকাশক New Delhi: Project of History of Indian Science, Philosophy, and Culture. পৃষ্ঠা. 572. ISBN 978-8187586289. https://books.google.com/books?id=ZGsMAQAAMAAJ&q=Surya+Helios। আহৰণ কৰা হৈছে: 20 April 2018. 
  3. 3.0 3.1 Roshen Dalal (2010). Hinduism: An Alphabetical Guide. Penguin Books India. পৃষ্ঠা. 343. ISBN 978-0-14-341421-6. https://books.google.com/books?id=DH0vmD8ghdMC&pg=PA343। আহৰণ কৰা হৈছে: 26 September 2016. 
  4. 4.0 4.1 4.2 4.3 4.4 4.5 Roshen Dalal (2010). Hinduism: An Alphabetical Guide. Penguin Books India. পৃষ্ঠা. 399–401. ISBN 978-0-14-341421-6. https://books.google.com/books?id=DH0vmD8ghdMC। আহৰণ কৰা হৈছে: 26 September 2016. 
  5. 5.0 5.1 Roshen Dalal (2010). Hinduism: An Alphabetical Guide. Penguin Books India. পৃষ্ঠা. 5, 39, 247, 343, 399–400. ISBN 978-0-14-341421-6. https://books.google.com/books?id=DH0vmD8ghdMC। আহৰণ কৰা হৈছে: 26 September 2016. 
  6. Alexandra Anna Enrica van der Geer (2008). Animals in Stone: Indian Mammals Sculptured Through Time. BRILL. পৃষ্ঠা. 236–. ISBN 978-90-04-16819-0. https://books.google.com/books?id=oQ3quxh9gsgC&pg=PA236। আহৰণ কৰা হৈছে: 15 November 2015. 
  7. Gopal, Madan (1990). K.S. Gautam. ed. India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 76. https://archive.org/details/indiathroughages00mada. 
  8. Flood, Gavin (1996), An Introduction to Hinduism, Cambridge University Press, p. 113, ISBN 9780521438780, https://books.google.com/books?id=KpIWhKnYmF0C, আহৰণ কৰা হৈছে: 3 September 2016 
  9. 9.0 9.1 Shimkhada, Deepak (1984). "The Masquerading Sun: A Unique Syncretic Image in Nepal". Artibus Asiae খণ্ড 45 (2/3): 223–229. doi:10.2307/3249732. 
  10. T. Richard Blurton (1993). Hindu Art. Harvard University Press. পৃষ্ঠা. 118. ISBN 978-0-674-39189-5. https://books.google.com/books?id=xJ-lzU_nj_MC&pg=PA118। আহৰণ কৰা হৈছে: 26 September 2016. 
  11. Rajiv Kumar and Anil Kumar (2010), A UNIQUE SŪRYA CARVING ON AŚOKAN RAILINGS AT BODHGAYA Archived 11 October 2016 at the Wayback Machine Annals of the Bhandarkar Oriental Research Institute, Vol. 91, pp. 87-89
  12. R. T. Vyas; Umakant Premanand Shah (1995). Studies in Jaina Art and Iconography and Allied Subjects. Abhinav Publications. পৃষ্ঠা. 23–24. ISBN 978-81-7017-316-8. https://books.google.com/books?id=fETebHcHKogC&pg=PA23। আহৰণ কৰা হৈছে: 26 September 2016. 
  13. Journal, Volumes 11-14. Asiatic Society. 1969. পৃষ্ঠা. 131. 
  14. Roshen Dalal (2010). Hinduism: An Alphabetical Guide. Penguin Books India. পৃষ্ঠা. 89. ISBN 978-0-14-341421-6. https://books.google.com/books?id=DH0vmD8ghdMC। আহৰণ কৰা হৈছে: 26 September 2016. 
  15. J. Gordon Melton (2011). Religious Celebrations: An Encyclopedia of Holidays, Festivals, Solemn Observances, and Spiritual Commemorations. ABC-CLIO. পৃষ্ঠা. 547–548. ISBN 978-1-59884-205-0. https://books.google.com/books?id=KDU30Ae4S4cC&pg=PA547। আহৰণ কৰা হৈছে: 8 March 2017. , Quote: "Makar Sankranti is a festival held across India, under a variety of names, to honour the god of the sun, Surya."
  16. Diana L. Eck (2013). India: A Sacred Geography. Random House. পৃষ্ঠা. 152–154. ISBN 978-0-385-53192-4. https://books.google.com/books?id=PyC4o7i9tnEC&pg=PA153। আহৰণ কৰা হৈছে: 8 March 2017. 
  17. James G. Lochtefeld (2002). The Illustrated Encyclopedia of Hinduism: N-Z. The Rosen Publishing Group. পৃষ্ঠা. 514. ISBN 978-0-8239-3180-4. https://archive.org/details/illustratedencyc0000loch. 
  18. Pathak, Ratnesh K., Humes, Cynthia Ann, "Lolark Kund: Sun and Shiva Worship in the City of Light", in Living Banaras: Hindu Religion in Cultural Context, Eds. Bradley R. Hertel, Cynthia Ann Humes, pp. 206-211, 1993, SUNY Press, আই.এচ.বি.এন. 0791413314, 9780791413319, google books Archived 11 October 2020 at the Wayback Machine
  19. Atkins, Samuel D. (1938). "A Vedic Hymn to the Sun-God Sūrya: (Translation and Exegesis of Rig-Veda 1. 115)". Journal of the American Oriental Society খণ্ড 58 (3): 419–434. doi:10.2307/594607. 
  20. Arthur Anthony Macdonell (1898). Vedic Mythology. Motilal Banarsidass (1996 Reprint). পৃষ্ঠা. 30–31. ISBN 978-81-208-1113-3. https://books.google.com/books?id=b7Meabtj8mcC। আহৰণ কৰা হৈছে: 26 September 2016. 
  21. Constance Jones; James D. Ryan (2006). Encyclopedia of Hinduism. Infobase Publishing. পৃষ্ঠা. 472. ISBN 978-0-8160-7564-5. https://books.google.com/books?id=OgMmceadQ3gC&pg=PA472. 
  22. Jamison, Stephanie W. (2014). The Rigveda: The Earliest Religious Poetry of India. Oxford University Press. পৃষ্ঠা. 45. ISBN 9780199370184. 
  23. 23.0 23.1 Macdonell, Arthur Anthony (1897). Vedic Mythology. Oxford University Press. পৃষ্ঠা. 30–31. 
  24. Barbara A. Weightman (1996), Sacred Landscapes and the Phenomenon of Light Archived 11 October 2016 at the Wayback Machine, Geographical Review, Vol. 86, No. 1 (Jan. 1996), pages 59-71
  25. Jan Gonda (1969), The Hindu Trinity Archived 25 April 2020 at the Wayback Machine, Anthropos, Bd. 63/64, H. 1/2, (1968/1969), pages 216, 219 with footnote 51, 212-226
  26. 26.0 26.1 H. W. Bodewitz (1976). The Daily Evening and Morning Offering (Agnihotra) According to the Brāhmanas. Motilal Banarsidass. পৃষ্ঠা. 36–39 with notes. ISBN 978-81-208-1951-1. https://books.google.com/books?id=8hmmCoxGmX4C&pg=PA36। আহৰণ কৰা হৈছে: 26 September 2016. 
  27. Roy W. Perrett (2001). Indian Philosophy: Theory of value. Routledge. পৃষ্ঠা. 182–183. ISBN 978-0-8153-3612-9. https://books.google.com/books?id=61gqCISiFAQC। আহৰণ কৰা হৈছে: 26 September 2016. 
  28. Henk Bodewitz (1997), Jaiminīya Brāhmaṇa I, 1–65: Translation and Commentary, Brill Academic, আই.এচ.বি.এন. 978-9004036048, pp. 328–329, 254-258
  29. JC Heesterman (1985), The Inner Conflict of Tradition: Essays in Indian Ritual, Kinship, and Society, University of Chicago Press, আই.এচ.বি.এন. 978-0226322995, pp. 93–94, link গুগুল বুকচ্‌
  30. Brihadaranyaka Upanishad Robert Hume (Translator), Oxford University Press, pp. 96–97
  31. Kausitaki Upanishad Robert Hume (Translator), Oxford University Press, pp. 302–303, 307–310, 327–328
  32. Patrick Olivelle (1992), The Samnyasa Upanisads: Hindu Scriptures on Asceticism and Renunciation, Oxford University Press, আই.এচ.বি.এন. 978-0195070453, pp. 147–151
  33. G. B. Milner (2005). Natural Symbols in South East Asia. Routledge. পৃষ্ঠা. 129–130. ISBN 978-1-135-75287-3. https://books.google.com/books?id=gYuRAgAAQBAJ। আহৰণ কৰা হৈছে: 26 September 2016. 
  34. 34.0 34.1 34.2 Ebenezer Burgess (1989). P Ganguly, P Sengupta. ed. Sûrya-Siddhânta: A Text-book of Hindu Astronomy. Motilal Banarsidass (Reprint), Original: Yale University Press, American Oriental Society. পৃষ্ঠা. vii–xi. ISBN 978-81-208-0612-2. https://books.google.com/books?id=W0Uo_-_iizwC। আহৰণ কৰা হৈছে: 26 September 2016. 
  35. Lionel D. Barnett (1994). Antiquities of India: An Account of the History and Culture of Ancient Hindustan. Asian Educational Services. পৃষ্ঠা. 190–192. ISBN 978-81-206-0530-5. https://books.google.com/books?id=x40mwFwgK44C&pg=PA190। আহৰণ কৰা হৈছে: 26 September 2016. 
  36. Ebenezer Burgess (1989). P Ganguly, P Sengupta. ed. Sûrya-Siddhânta: A Text-book of Hindu Astronomy. Motilal Banarsidass (Reprint), Original: Yale University Press, American Oriental Society. পৃষ্ঠা. ix-xi, xxix. ISBN 978-81-208-0612-2. https://books.google.com/books?id=W0Uo_-_iizwC। আহৰণ কৰা হৈছে: 26 September 2016. 
  37. J Fleet (1911). "Arbhatiya". Journal of the Royal Asiatic Society of Great Britain and Ireland (Cambridge University Press for the Royal Asiatic Society): 794–799. https://books.google.com/books?id=1LssAAAAIAAJ। আহৰণ কৰা হৈছে: 26 September 2016. 
  38. 38.0 38.1 38.2 Ebenezer Burgess (1989). P Ganguly, P Sengupta. ed. Sûrya-Siddhânta: A Text-book of Hindu Astronomy. Motilal Banarsidass (Reprint), Original: Yale University Press, American Oriental Society. পৃষ্ঠা. 26–27. ISBN 978-81-208-0612-2. https://books.google.com/books?id=W0Uo_-_iizwC। আহৰণ কৰা হৈছে: 26 September 2016.