নৱগ্ৰহ
অৱয়ব

নৱগ্ৰহ হৈছে আকাশ মাৰ্গৰ নটা অৱয়ব (অথৱা স্বৰ্গীয় দেৱতা)। হিন্দু ধৰ্মৰ হিন্দু জ্যোতিৰ্বিদ্যা অনুসৰি এই নটা অৱয়বে পৃথিৱীত মানৱ জীৱনৰ ওপৰত গুৰুত্বৰ প্ৰভাৱ বিস্তাৰ কৰে।[1] এই অভিধাটো "নৱ" অৰ্থাৎ "ন"(৯,সংস্কৃত: नव) আৰু "গ্ৰহ" (সংস্কৃত: ग्रह অৰ্থাৎ সৌৰজগতৰ নিজা তাপ আৰু পোহৰ নথকা পদাৰ্থপিণ্ড বা গ্ৰহ। ভাৰতীয় জ্যোতিৰ্বিদ্যাত ভূদেৱী (পৃথিৱী), ইউৰেনাচ আৰু নেপচুনক নটা গ্ৰহৰ এটা তালিকাত অন্তৰ্ভুক্ত কৰা নহয়।[2] ভাৰতীয় সংস্কৃতিৰ সপ্তাহৰ সাত দিনৰ নাম সমূহো এই নৱগ্ৰহৰ নামেৰে সংযুক্ত। ঠাইভেদে ভাৰতত এই সাত বাৰৰ নামৰ কিছু পাৰ্থক্য আছে।
মহাজাগতিক পদাৰ্থ পিণ্ড
[সম্পাদনা কৰক]| নং | চিত্ৰ | নাম (বৈদিক) | পশ্চিমীয়া সমন্বয় | দিন |
|---|---|---|---|---|
| ১. | সূৰ্য (দেৱতা), ৰবি | সূৰ্য | দেওবাৰ, ৰবিবাৰ | |
| ২. | চন্দ্ৰ (দেৱতা), সোম | জোন | সোমবাৰ, | |
| ৩. | বুধ (দেৱতা), সৌম্য | বুধ গ্ৰহ | বুধবাৰ, | |
| ৪. | শুক্ৰ (দেৱতা), শুক্ৰাচাৰ্য্য | শুক্ৰ গ্ৰহ | শুক্ৰবাৰ, | |
| ৫. | মংগল (দেৱতা), অংগৰক | মঙ্গল গ্ৰহ | মংগল বাৰ, | |
| ৬. | বৃহস্পতি (দেৱতা), গুৰু | বৃহস্পতি গ্ৰহ | বৃহস্পতি বাৰ, গুৰুবাৰ | |
| ৭. | শনি (দেৱতা), | শনি গ্ৰহ | শনিবাৰ, | |
| ৮. | ৰাহু | চন্দ্ৰ আৰু পৃথিৱীৰ কক্ষৰ উত্তৰ চেদ বিন্দু | ||
| ৯. | কেতু | চন্দ্ৰ আৰু পৃথিৱীৰ কক্ষৰ দক্ষিণ চেদ বিন্দু |
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ Sanskrit-English Dictionary by Monier-Williams, 1899