সমললৈ যাওক

শুক্ৰবাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শুক্ৰ বাৰ বা শুকুৰবাৰ (IPA: [śukrabāra]) হৈছে ভাৰতীয় কেলেণ্ডাৰ অনুসৰি সপ্তাহৰ ষষ্ঠ দিন।[1] বৃহস্পতিবাৰৰ পিছৰ আৰু শনিবাৰৰ আগৰ দিনটোৱেই হ'ল শুক্ৰবাৰ।[2][3]

চৌদি আৰব আৰু ইৰানত, শুক্ৰবাৰ হৈছে সপ্তাহৰ শেষ দিন, আৰু শনিবাৰ হৈছে নতুন কৰ্মদিৱস। ইৰানত, এইটো একমাত্ৰ সাপ্তাহিক বন্ধৰ দিন। যদিও বহুতো দেশত শুক্ৰবাৰক সপ্তাহৰ প্ৰথম বন্ধৰ দিন ধৰা হয় আৰু দেওবাৰক প্ৰথম কৰ্মদিৱস হিচাপে গণ্য কৰা হয়। বাহৰেইন, সংযুক্ত আৰব আমিৰাত (UAE) আৰু কুৱেইটত শুক্ৰবাৰ আছিল সাপ্তাহিক বন্ধৰ দিন আৰু শনিবাৰ আছিল প্ৰথম কৰ্মদিৱস। যদিও বাহৰেইন আৰু আৰব আমিৰাতত ২০০৬ চনৰ ১ ছেপ্টেম্বৰ তাৰিখে এইটো সলনি কৰা হয়[4], আৰু সলনি হোৱা নিয়ম অনুসৰি শুক্ৰবাৰ হৈছে সপ্তাহিক বন্ধৰ প্ৰথম দিন আৰু দেওবাৰ হৈছে সপ্তাহৰ প্ৰথম কৰ্মদিবস; ২০০৭ চনৰ ১ ছেপ্টেম্বৰৰ পৰা কুৱেইটেও এই নিয়ম অনুসৰণ কৰে। বাংলাদেশতো একেদৰে শুক্ৰবাৰ সাপ্তাহিক বন্ধৰ প্ৰথম দিন আৰু দেওবাৰ প্ৰথম কৰ্মদিৱস হিচাপে ধৰা হয়।

ধৰ্মীয় পটভূমি

[সম্পাদনা কৰক]

হিন্দু ধৰ্ম

[সম্পাদনা কৰক]

ভৃগু আৰু কাব্যমতা (উছনা)ৰ পুত্ৰ শুক্ৰৰ নামেৰে এই দিনটোৰ নামকৰণ কৰা হৈছে। হিন্দু ধৰ্মত শুক্ৰবাৰ বিশেষভাৱে দেৱীৰ বাবে পালন কৰা হয়, যেনে দুৰ্গা, লক্ষ্মী, সৰস্বতী, কালি বা পাৰ্বতী। শুক্ৰবাৰটো বিবাহিত মহিলাৰ বাবে গুৰুত্বপূৰ্ণ আৰু সেইদিনা তেওঁলোকে দেৱীক পূজা কৰে।

মালয়েছিয়াৰ মছজিদত মুছলমান সকলৰ জুমাৰ নামাজ।

ইছলাম ধৰ্ম অনুসৰি, শুক্ৰবাৰে সকলো মুছলমান লোকে মছজিদত গোট খায় আৰু ইমামৰ পিছফালে দলবদ্ধভাৱে জমুআৰ নামাজ আদায় কৰে৷ সেয়ে মুছলমান সংখ্যাগৰিষ্ঠ দেশত এই দিনটো সাধাৰণতে ছুটিৰ দিন।

খ্ৰীষ্টান ধৰ্ম

[সম্পাদনা কৰক]

খ্ৰীষ্টান ধৰ্মত ইষ্টাৰৰ আগৰ শুক্ৰবাৰক গুড ফ্ৰাইডে হিচাপে পালন কৰা হয়৷ এই দিনটোত যীশুৰ ক্ৰুচবিদ্ধ হোৱাক স্মৰণ কৰা হয়।

ইহুদীসকলৰ মত অনুসৰি সাবাত উদ্‌যাপন আৰম্ভ হয় শুকুৰবাৰে আৰু ই শনিবাৰৰ নিশা হোৱালৈকে চলি থাকে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "ISO 8601-1:2019(en) Date and time — Representations for information interchange — Part 1: Basic rules". www.iso.org. https://www.iso.org/obp/ui/en/#iso:std:iso:8601:-1:ed-1:v1:en। আহৰণ কৰা হৈছে: 2024-05-14. 
  2. "Login". Archived from the original on 3 May 2011. https://web.archive.org/web/20110503224030/http://business.timesonline.co.uk/tol/business/economics/article697051.ece। আহৰণ কৰা হৈছে: 30 December 2016. 
  3. Wilf, Nabil (29 May 2007). "Expositions of Arabia: Kuwait Changes to Friday-Saturday Weekend". http://fulbrighter-in-kuwait.blogspot.com/2007/05/kuwait-changes-to-friday-saturday.html। আহৰণ কৰা হৈছে: 30 December 2016. 
  4. "Bahrain changes the weekend in efficiency drive". Archived from the original on 2011-06-12. https://web.archive.org/web/20110612091951/http://business.timesonline.co.uk/tol/business/economics/article697051.ece। আহৰণ কৰা হৈছে: ১৬ জুলাই ২০১০.