গুড ফ্ৰাইডে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গুড ফ্ৰাইডে
Good Friday
গুড ফ্ৰাইডে Good Friday
স্তৱত বৰ্ণনা, ১৮৬৮
প্ৰকাৰ খ্ৰীষ্টান
মহত্ব যিশু খ্ৰীষ্টৰ ক্ৰুছবদ্ধৰ দিন আৰু যিশুৰ মৃত্যু
তাৰিখ ইষ্টাৰৰ পূৰ্বৰ শুক্ৰবাৰ
আচাৰ উপাসনা, প্ৰাৰ্থনা, উজাগৰী নিশা, দান-দক্ষিণা
সম্পৰ্কিত পাছঅভাৰ, বৰদিন, ইষ্টাৰ
অৱধি এদিন
সংঘটন বাৰ্ষিক

গুড ফ্ৰাইডে বিশ্বৰ খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ।[1][2] পৰম্পৰাগত বিশ্বাস অনুসৰি এইদিনা প্ৰভু যিশুক ক্ৰুছবদ্ধ কৰা হৈছিল আৰু সেই অৱস্থাত কালভেৰিত তেওঁৰ মৃত্যু হৈছিল। ই পৱিত্ৰ সপ্তাহৰ পাশ্চাল ত্ৰিদোম অৰ্থাৎ যিশুৰ ক্ৰুছবদ্ধ কৰা, কবৰ দিয়া আৰু পুনৰ জীৱিত হোৱা তিনিটা মূল ঘটনাৰ অংশ। গুড ফ্ৰাইডেৰ পৰৱৰ্তী দেওবাৰে ইষ্টাৰ পালন কৰা হয়। ই প্ৰায়ে ইহুদী সকলৰ উৎসৱ 'পাছঅভাৰ'ৰ লগত একে দিনত উদযাপিত হয়। ইয়াক পৱিত্ৰ শুক্ৰবাৰ, মহান শুক্ৰবাৰ আৰু ক'লা শুক্ৰবাৰ হিচাপেও অভিভীত কৰা হয়।[3][4][5]

খ্ৰীষ্টান ধৰ্মৰ বিভিন্ন শাখা যেনে, অংগলিকান, কেথলিক, পূব অৰ্থডক্স লুথাৰন, অৰিইণ্টেল অৰ্থডক্স, আৰু ৰীফৰ্ম সকলে পাৰম্পৰিক ভাবে গুড ফ্ৰাইডে উদযাপন কৰে। এইদিনা সকলোৱে গীৰ্জা ঘৰলৈ গৈ ব্ৰত উপাসনা আদি পালন কৰে।[6]

গুড ফ্ৰাইডেৰ দিন প্ৰতি বছৰে সলনি হয়। পূব আৰু পশ্চিম খ্ৰীষ্টান ধৰ্মত ইষ্টাৰ আৰু গুড ফ্ৰাইডে উদযাপনৰৰ দিনৰ পাৰ্থক্য আছে। গুড ফ্ৰাইডে পৃথিৱীৰ বিভিন্ন দেশত ৰাষ্ট্ৰীয় ছুটীৰ দিন।[7] কিছুমান দেশত যেনে জাৰ্মানীত গুড ফ্ৰাইডে উদযাপন কৰাত কিছুমান নিষেধাজ্ঞা আছে। উৎসৱৰ গাম্ভীৰ্যতাৰ বাবে এইদিনা নৃত্য কৰা আৰু ঘোঁৰা দৌৰ অনুষ্ঠিত কৰা নিষেধ। ভাৰতত গুড ফ্ৰাইডে ৰাষ্ট্ৰীয় ছুটিৰ দিন।[8][9]

নামৰ উৎপত্তি[সম্পাদনা কৰক]

গুড ফ্ৰাইডে নামৰ নামৰ গুড শব্দটো 'গড'(God)ৰ অপভ্ৰংশ বুলি কোৱা হয়। খ্ৰীষ্টান ধৰ্মৰ মতে গড হৈছে ঈশ্বৰ। বৰ্তমান এই গুড শব্দয়ে 'পৱিত্ৰ' অৰ্থত ব্যৱহাৰ হৈছে। সেয়ে গুড ফ্ৰাইডেক পৱিত্ৰ শুক্ৰবাৰ বুলিও কোৱা হয়।[10] সেইদৰে অক্সফোৰ্ড অভিধানৰ মতে গুড শব্দটো পৱিত্ৰ সপ্তাহৰ দিনবোৰৰ আগত ব্যৱহাৰ কৰা হয় বুলি কোৱা হৈছে।[11]

বাইবেলত উল্লেখ[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Good Friday 2018 in US, UK, Canada, Australia, India | Friday 30 March 2018". www.goodfriday2018.tk. Archived from the original on 2017-12-30. https://web.archive.org/web/20171230172631/http://www.goodfriday2018.tk/2017/12/Good-Friday-30-March-2018.html। আহৰণ কৰা হৈছে: 2017-12-30. 
  2. "Good Friday 2018". www.goodfriday2018.tk. Archived from the original on 2017-12-30. https://web.archive.org/web/20171230172501/http://www.goodfriday2018.tk/। আহৰণ কৰা হৈছে: 2017-12-30. 
  3. The Chambers Dictionary. Allied Publishers. পৃষ্ঠা. 639. ISBN 978-81-86062-25-8. https://books.google.com/books?id=pz2ORay2HWoC&pg=RA1-PA639। আহৰণ কৰা হৈছে: 13 April 2012. 
  4. Elizabeth Webber; Mike Feinsilber (1999). Merriam-Webster's Dictionary of Allusions. Merriam-Webster. পৃষ্ঠা. 67. ISBN 978-0-87779-628-2. https://books.google.com/books?id=ACB81ZeNN5sC&pg=PA67। আহৰণ কৰা হৈছে: 13 April 2012. 
  5. Franklin M. Segler; Randall Bradley (1 October 2006). Christian Worship: Its Theology And Practice. B&H Publishing Group. পৃষ্ঠা. 226. ISBN 978-0-8054-4067-6. https://books.google.com/books?id=fSRHbo_RfLoC&pg=PA226। আহৰণ কৰা হৈছে: 13 April 2012. 
  6. Ripley, George; Dana, Charles Anderson (1883) (English ভাষাত). The American Cyclopaedia: A Popular Dictionary for General Knowledge. D. Appleton and Company. পৃষ্ঠা. 101. "The Protestant Episcopal, Lutheran, and Reformed churches, as well as many Methodists, observe the day by fasting and special services." 
  7. Harper's New Monthly Magazine, Volume 36, Issue 214. Harper & Brothers. 1868. পৃষ্ঠা. 521. "In England Good-Friday and Christmas are the only close holidays of the year, when the shops are all closed and the churches opened." 
  8. Petre, Jonathan (March 21, 2008). "Good Friday gambling angers churches". The Telegraph. http://www.telegraph.co.uk/news/uknews/1582366/Good-Friday-gambling-angers-churches.html. "Bookmakers estimate that thousands of shops will be operating, even though Good Friday is one of three days in the year when no horse racing takes place." 
  9. Stevens, Laura (March 29, 2013). "In Germany, Some Want to Boogie Every Day of the Year". The Wall Street Journal. https://www.wsj.com/news/articles/SB10001424127887324685104578387084082724670. "Every year on Good Friday, Germany becomes a little like the fictional town in the movie 'Footloose' – dancing is verboten. The decades old 'Tanzverbot,' or dance ban, applies to all clubs, discos and other forms of organized dancing in all German states." 
  10. "Good Friday - Definition of Good Friday". Yourdictionary.com. 2014-04-04. http://www.yourdictionary.com/good-friday। আহৰণ কৰা হৈছে: 2014-04-23. 
  11. "Home : Oxford English Dictionary". Oed.com. http://www.oed.com/view/Entry/79925#eid2855682। আহৰণ কৰা হৈছে: 2014-04-23.