সমললৈ যাওক

শনিবাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ছেটাৰ্ণ, কাৰাভাগিঅ’, ১৬ শতিকা

শনিবাৰ ( IPA: [śônibār] ) সপ্তাহৰ এটা দিন, যিটো শুক্ৰবাৰৰ পিছত আৰু দেওবাৰৰ আগতে আহে৷ বৈদিক দেৱতা শনিৰ নামেৰে এই বাৰৰ নামকৰণ কৰা হৈছে। [1] আনহাতে থাইলেণ্ডৰ থাই সৌৰ কেলেণ্ডাৰত শনি শব্দটো পালি ভাষাৰ শনি শব্দৰ পৰা লোৱা হৈছে আৰু শনিবাৰৰ প্ৰতীকী ৰং বেঙুনীয়া বুলি নিৰ্দ্ধাৰণ কৰা হৈছে। ভাৰতীয় কেলেণ্ডাৰ অনুসৰি ই সপ্তাহটোৰ সপ্তম বা অন্তিম দিনা। ভাৰতৰ বিদ্যালয় সমূহত আৰু কিছুমান কাৰ্যালয়ত শনিবাৰটো অৰ্ধ ছুটিৰ দিন হিচাপে ধাৰ্য কৰা হৈছে।

নামকৰণ আৰু উৎপত্তি

[সম্পাদনা কৰক]
শনিবাৰৰ নামাকৰণ কৰা হৈছে শনি গ্ৰহৰ নামেৰে। যিটো বৈদিক দেৱতা শনিৰ নামেৰে নামাকৰণ কৰা হৈছিল।

জ্যোতিৰ্বিদ্যা

[সম্পাদনা কৰক]

জ্যোতিৰ্বিদ্যাত, শনিবাৰ শনি গ্ৰহৰ লগত সম্পৰ্কিত, ইয়াৰ গ্ৰহ প্ৰতীক তথা ই মকৰ আৰু কুম্ভ ৰাশিৰ লগত সম্পৰ্কিত।

  1. Shirotriya, Kasak (2023-02-27). "Who is Shani, the Lord of Karma?" (en-US ভাষাত). InstaAstro. https://instaastro.com/blog/who-is-shani-the-lord-of-karma/। আহৰণ কৰা হৈছে: 2023-10-15.