দেওবাৰ
অৱয়ব

দেওবাৰ ( IPA: [rabibāra] ) সপ্তাহৰ এটা দিন। ইয়াৰ স্থান শনিবাৰৰ পিছত আৰু সোমবাৰৰ আগত। ইহুদী ধৰ্মীয় পঞ্জিকা অনুসৰি আৰু কিছুমান খ্ৰীষ্টান সম্প্ৰদায়ৰ মতে ই সপ্তাহৰ প্ৰথম দিন। বেছিভাগ খ্ৰীষ্টানৰ বাবে দেওবাৰক উপাসনা আৰু বিশ্ৰামৰ দিন হিচাপে পালন কৰা হয়।[1] পশ্চিমীয়া বহু দেশত দেওবাৰক সপ্তাহৰ শেষ দিন বুলি গণ্য কৰা হয়। পৃথিৱীৰ বেছিভাগ দেশতে দেওবাৰটো বন্ধৰ দিন।[2] দেওবাৰক ৰবিবাৰ বুলিও কোৱা হয়। ৰবি হৈছে সূৰ্য্য দেৱতাৰ আন এটা নাম।
জ্যোতিৰ্বিদ্যাত
[সম্পাদনা কৰক]জ্যোতিৰ্বিদ্যাত দেওবাৰটো ৰবী অৰ্থাৎ সূৰ্য্যৰ সৈতে সম্পৰ্কিত আৰু ইয়াক ☉ চিহ্নৰে প্ৰকাশ কৰা হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Sunday | Rest, Worship, Reflection | Britannica" (en ভাষাত). www.britannica.com. https://www.britannica.com/topic/Sunday-day-of-week। আহৰণ কৰা হৈছে: 2024-12-06.
- ↑ National, The (2021-12-07). "Which countries have a Friday-Saturday weekend?" (en ভাষাত). The National. https://www.thenationalnews.com/mena/2021/12/07/when-is-the-weekend-in-the-arab-world/। আহৰণ কৰা হৈছে: 2023-11-26.