সোমবাৰ
অৱয়ব

সোমবাৰ ( IPA: [sōmabāra] ) সপ্তাহৰ এটা দিন৷ দেওবাৰৰ পিছৰ আৰু মঙ্গলবাৰৰ আগৰ দিনটো হ'ল সোমবাৰ৷[1] খ্ৰীষ্টান কেলেণ্ডাৰ অনুসৰি সোমবাৰটো সপ্তাহৰ প্ৰথম দিন৷[2] অৱশ্যে ভাৰতত সোমবাৰটোক সপ্তাহৰ দ্বিতীয় দিন হিচাপে গণ্য কৰা হয়। হিন্দু ধৰ্মৰ মতে সোমবাৰটো ভগৱান শিৱৰ প্ৰিয় বাৰ। বেছিভাগ শৈৱ হিন্দুৱে সোমবাৰে হৰ (অৰ্থাৎ শিৱ) প্ৰিয় ব্ৰত পালন কৰে। শাওন মাহৰ প্ৰতিটো সোমবাৰ শৈৱসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। শৈৱ হিন্দুসকলে শ্ৰৱণ মাহৰ প্ৰতিটো সোমবাৰক মহাশ্ৰাৱণ সোমবাৰ বুলি অভিহিত কৰে৷
জ্যোতিৰ্বিদ্যাত
[সম্পাদনা কৰক]জ্যোতিৰ্বিদ্যা চৰ্চাত সোমবাৰক চন্দ্ৰৰ লগত জড়িত বুলি ধৰা হয় আৰু ইয়াৰ জ্যোতিষ শাস্ত্ৰীয় চিহ্ন হৈছে ‘কৰ্কট’; আৰু ইয়াক ☾ চিহ্নৰ দ্বাৰা বুজোৱা হয়। সোমা শব্দৰ আক্ষৰিক অৰ্থ হৈছে চন্দ্ৰ বা জোনাক৷
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Monday Meaning". Cambridge Dictionary. https://dictionary.cambridge.org/dictionary/english/monday.
- ↑ "ISO 8601-1:2019(en) Date and time — Representations for information interchange — Part 1: Basic rules". www.iso.org. https://www.iso.org/obp/ui/en/#iso:std:iso:8601:-1:ed-1:v1:en। আহৰণ কৰা হৈছে: 2024-05-14.