ইছলাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চৌদি আৰবৰ মক্কাকাবা শ্বৰীফ; য'ত গোটেই বিশ্বৰ লাখ লাখ মুছলিমে একতাৰ মাধ্যমেৰে ধর্মীয় ভাৱগাম্ভীর্যতাৰ সৈতে প্রার্থনা কৰি থাকে।

ইছলাম (ইংৰাজী ভাষা/ˈɪslɑːm/; আৰৱী ভাষাত: الإسلام আল্‌ ইছলাম্‌) এটা একেশ্বৰবাদী ধৰ্ম। "ইছলাম" শব্দৰ অৰ্থ হৈছে "আত্মসমৰ্পণ", বা একক স্ৰষ্টাৰ ওচৰত নিজকে সমৰ্পন কৰা। ইছলাম শব্দটো উৎপত্তি হৈছে ছালামৰ পৰা, যাৰ অৰ্থ হৈছে শান্তি। খৃষ্টীয় সম্তম শতিকাত আৰৱৰ ধৰ্মীয় আৰু ৰাজনৈতিক নেতা মুহাম্মদ (চাঃ) এই ধৰ্ম প্ৰচাৰ কৰে। কোৰআন ইছলামৰ মূল ধৰ্মগ্ৰন্থ। এই ধৰ্মত বিশ্বাসী সকলক মুছলমান বা মুছলিম বোলা হয়। কোৰআন আল্লাহৰ বাণী আৰু তেখেতৰ মুহাম্মদৰ ওপৰত অৱতীৰ্ণ হৈছিল বুলি মুছলিম সকলে বিশ্বাস কৰে। তেওঁলোকৰ বিশ্বাস অনুসৰি মুহাম্মদ চাল্লাহু আলাইহি ওয়াছাল্লাম শেষ নবীহাদিছৰ পৰা প্ৰাপ্ত নিৰ্দেশিত কাম আৰু শিক্ষাৰ ভিত্তিতহে কোৰআন'ক ব্যাখ্যা কৰা হয়।

ইহুদি আৰু খ্ৰীষ্টান ধৰ্মৰ ন্যায় ইছলাম ধৰ্ম আৰু আব্ৰাহামীয়[1] মুছলমানৰ সংখ্যা আনুমানিক ১৪০ কোটি আৰু তেওঁলোক পৃথিৱীৰ দ্বিতীয় বৃহত্তম ধৰ্মাৱলম্বী গোষ্ঠী[2] মুহাম্মদ চাল্লাল্লাহু আলাইহি ওৱাছাল্লাম আৰু তেওঁৰ উত্তৰসূৰী সকলৰ প্ৰচাৰ আৰু উত্তম আদৰ্শৰ ফলশ্ৰুতিতে ইছলাম ধৰ্মৰ বিশ্বত দ্ৰুত বিস্তাৰ হয়।[3] বৰ্তমান সমগ্ৰ বিশ্বব্যাপী, বিশেষকৈ মধ্যপ্ৰাচ্য, উত্তৰ আফ্ৰিকা, পূৰ্ব আফ্ৰিকা, পশ্চিম আফ্ৰিকা. দক্ষিণ এছিয়া, মধ্য এছিয়া, দক্ষিণ-পূৱ এছিয়াত মুছলমানসকল বাস কৰে। আৰব দেশত মুঠ মুছলমানৰ সংখ্যা শতকৰা মাত্ৰ ২০ বিশভাগ।[4] যুক্তৰাজ্যসহ বহুকেইখন ইউৰোপীয় দেশৰ দ্বিতীয় বৃহত্তম ধৰ্ম ইছলাম।[5][6]

ধৰ্মবিশ্বাস[সম্পাদনা কৰক]

মুছলিম সকলে বিশ্বাস কৰে যে, আল্লাহ মানৱজাতিৰ বাবে তেখেতৰ বাণী ফেৰেস্তা যিব্ৰাইল (আঃ) মাধ্যমেৰে মুহাম্মাদ(ছাঃ)ৰ ওচৰত অৱতীৰ্ণ কৰিছে। কোৰআনত উক্ত "খতমে নবুয়্যত" আৰু মুহাম্মাদৰ নিজৰ দাবীৰ ভিত্তিত মুছলিম সকলে তেওঁক শেষ বাণীবাহক (নবী) বুলি বিশ্বাস কৰে। তেওঁলোকৰ বিশ্বাসমতে, তেখেত সকলৰ পবিত্ৰ গ্ৰন্থ কোৰআন নিখুঁত, অবিকৃত আৰু মানৱজাতিৰ উদ্দেশ্যে অৱতীৰ্ণ আল্লাহৰ শেষ বাণী, যি পুনৰুত্থান দিৱস (কিয়ামত) পৰ্যন্ত বৰ্তী বা কাৰ্যকৰী হৈ থাকিব।

মুছলিম সকলৰ বিশ্বাস অনুযায়ী, আদম (আঃ) ৰ পৰা আৰম্ভ কৰি ঈশ্বৰ-প্ৰেৰিত সকলো পুৰুষ ইছলামৰ বাণীয়েই প্ৰচাৰ কৰি গৈছে। পৱিত্র কোৰআনৰ ছূৰা ফাতিৰত কোৱা হৈছে,

"নিঃসন্দেহে মই তোমাক (মুহাম্মদ) পঠাইছো সত্যৰ সৈতে সুসংবাদদাতা আৰু সতর্ককাৰীৰূপে। আৰু এনেকোৱা কোনো সম্প্রদায় নাই, যিসকলৰ মাজত এজন সতর্ককাৰী পঠোৱা হোৱা নাই।"৩৫:২৪[7]

ইছলামৰ দৃষ্টিত ইহুদি আৰু খ্ৰীষ্টান উভয়েই আব্ৰাহামৰ শিক্ষাৰ ঐতিহ্য পৰম্পৰা। উভয় ধৰ্মাৱলম্বীকেই কোৰানত "আহলে কিতাব" (আকাশী কিতাব পোৱা) বুলি সম্বোধন কৰা হৈছে আৰু বহুদেৱতাবাদীসকলৰ পৰা পৃথক কৰা হৈছে। পৱিত্র কোৰআনৰ ছূৰা আলে ইমৰাণত আহ্বান কৰা হৈছে,

"কোৱা, ‘হে কিতাবীসকল! আহা সেই কথাৰ পিনে যিটো আমাৰ আৰু তোমালোকৰ মাজত মিল আছে; সেয়া হৈছে- আমি যেন একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰো, তেওঁৰ লগত আন কাকো অংশী স্থাপন নকৰো আৰু আমাৰ মাজৰ কোনোৱে যাতে ইজনে সিজনক ৰব হিচাপে গ্ৰহণ নকৰে’। তথাপিও যদি সিহঁতে মুখ ঘুৰাই লয়, তেনেহ’লে তোমালোকে কোৱা, ‘তোমালোকে সাক্ষী থকা যে, নিশ্চয় আমি মুছলিম’।"৩:৬৪[7]

এই ধৰ্ম দুটাৰ গ্ৰন্থসমূহৰ বিভিন্ন ঘটনা আৰু বিষয়ৰ উল্লেখ কোৰানত আছে, কিন্তু বহুত ক্ষেত্ৰত পাৰ্থক্যও দেখা যায়। ইছলামী বিশ্বাসানুসাৰে এই দুই ধৰ্মৰ অনুসাৰীসকলে তেখেতসকলৰ ওচৰত প্ৰদত্ত ঈশ্বৰৰ বাণীৰ অৰ্থগত আৰু নানাবিধ বিকৃতসাধন কৰিছে; ইহুদিসকলৰৰ তৌৰাতক (তোৰাহ) আৰু খ্ৰীষ্টানগণৰ ইঞ্জিলক (নতুন বাইবেল)।

আল্লাহ[সম্পাদনা কৰক]

মুছলমানসকলে তেওঁলোকৰ সৃষ্টিকৰ্তাক 'আল্লাহ' বুলি সম্বোধন কৰে। ইছলামৰ মূল বিশ্বাস হ’ল আল্লাহৰ একত্ব বা তৌহিদ। ইছলাম পৰম একেশ্বৰবাদী আৰু কোনোভাবেই আপেক্ষিক বা বহুত্ববাদী নহয়। আল্লাহৰ একত্ব ইছলামৰ পাঁচটি মূল স্তম্ভৰ মাজৰ প্ৰথম, যাক শ্বাহাদাহ/কলিমা বোলা হয়। ইয়াৰ আসমীয়ানুবাদ হ'ল-

মই সাক্ষ্য দি আছোঁ যে, আল্লাহৰ বাহিৰে উপাসনাৰ যোগ্য আন একো নাই, আনহাতে মই সাক্ষি দি আছোঁ যে, মুহাম্মদ (ছঃ) আল্লাহৰ বাৰ্তাবাহক।" এইটো পাঠৰ মাধ্যমত এজনে স্বীকাৰ কৰে যে, (এক) আল্লাহ ব্যতীত অন্য কোনো উপাস্য নাই আৰু (দুই) মুহম্মদ (ছাঃ) তেওঁৰ প্ৰেৰিত বাণীবাহক।

ছূৰা এখলাছত আল্লাহৰ বৰ্ণনা এনেদৰে দিয়া হৈছে,

"কওঁক, তেওঁ আল্লাহ, এক, একক

আল্লাহ অমুখাপেক্ষী, তেওঁ কাকো জন্ম দিয়া নাই আৰু কোনেও তেওঁক জন্ম দিয়া নাই আৰু তেওঁৰ সমতুল্য একোৱেই নাই।

কোৰআনৰ ২:২৫৫ত কোৱা হৈছে,

আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্ত্বাৰ ধাৰক। তেওঁক কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। কোন সেইজন, যিয়ে তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত ছুপাৰিছ কৰিব? সিহঁতৰ সন্মুখত আৰু পিছত যি আছে সকলো তেওঁ জানে; আৰু যি তেওঁ ইচ্ছা কৰে তাৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই সিহঁতে পৰিবেষ্টন কৰিব নোৱাৰে। তেওঁৰ কুৰছীয়ে আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যপ্ত কৰি আছে; আৰু এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বোজা নহয়; আৰু তেওঁ সুউচ্চ, সুমহান।

ব্যুৎপত্তিগতভাৱে আল্লাহ শব্দটো "ইলাহ" তকৈ আগত। খ্ৰীষ্টানসকলে খ্ৰীষ্টান ধৰ্মক একেশ্বৰবাদী বুলি দাবী কৰিলেও মুছলমানসকলে খ্ৰীষ্টানসকলৰ ত্ৰিত্ববাদ (trinity) বা এক ঈশ্বৰৰ মাজৰ পিতা, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ মিলন, এই বিশ্বাসক বহু-ঈশ্বৰবাদী ধাৰণা বুলি অস্বীকাৰ কৰে। ইছলামী ধাৰণাত ঈশ্বৰৰ সাদৃশ্য একোৱেই নাই। মুছলমানসকলে তেওঁলোকৰ সৃষ্টিকৰ্তাক তেওঁৰ বিভিন্ন গুণবাচক নাম আৰু গুণাবলীৰ মাধ্যমেৰে বৰ্ণনা কৰে।

ফৰিষ্টা[সম্পাদনা কৰক]

ফৰিষ্টা ইছলামী ধৰ্মাম্বলম্বীসকলৰ বিশ্বাসমতে স্বৰ্গীয় দূত। ফৰিষ্টাৰ বিশ্বাস ইছলাম ধৰ্ম বিশ্বাসৰ এটা মূল নীতি। এয়া মানুহৰ ন্যায় আল্লাহৰ আৰু এক সৃষ্টি। ফৰিষ্টাই নভোমণ্ডল আৰু ভূমণ্ডলৰ মাজত যোগাযোগ ৰক্ষা কৰে। ফৰিষ্টাত তেওঁলোকৰ সংখ্যা অগণন। ইছলামত তেওঁলোকৰ কোনো শ্ৰেণীবিন্যাস কৰা নহলেও চাৰিজন ফৰিষ্টাক প্ৰাধান্য দিয়া হৈছে:

  1. হজৰত জিবৰাইল (আঃ) – এওঁ আল্লাহৰ দূত আৰু সৰ্বশ্ৰেষ্ঠ ফৰিষ্টা। এই ফৰিষ্টাৰ নাম তিনিবাৰ কোৰআনত উল্লেখ কৰা হৈছে (ছূৰা ২:৯৭; ৯৮, ৬৬:৪)। ছূৰা ১৬:১০২ আয়াতত জিবৰাইল ফৰিষ্টাক পাকৰূহবা ৰুহুল কুদ্দুছ বোলা হৈছে। আল্লাহৰ আদেশ-নিষেধ আৰু সংবাদ আদান-প্ৰদান যিবোৰ ফৰিষ্টাৰ দায়িত্ব, জিব্ৰাইল তেওঁলোকৰ প্ৰধান। জিব্ৰাইল-ই আল্লাহৰ নবীসকলৰ কাষত গমনাগমন কৰে।
  2. হজৰত মিকাইল (আঃ) – কোৰআনৰ ২:৯৭ আয়াতত এই ফৰিষ্টাৰ নাম উল্লেখ কৰা হৈছে। এওঁ বৃষ্টি আৰু খাদ্য উৎপাদনৰ দায়িত্বপ্ৰাপ্ত।
  3. হজৰত ইছৰাফিল (আঃ) – এই ফৰিষ্টাই কিয়ামত বা বিশ্বপ্ৰলয় ঘোষণা কৰিব। তেওঁৰ কথা কোৰআনত নাথাকিলেও হাদিছত উল্লেখ কৰা হৈছে।
  4. হজৰত আজৰাইল (আঃ) বা মালাক আল-মাউত – এওঁ মৃত্যুৰ ফৰিষ্টা আৰু প্ৰাণ হৰণ কৰে।

ইয়াৰ উপৰিও বিশেষ দুজন ফৰিষ্টা কিৰামুন আৰু কাতিবুনে প্ৰতিজন মানুহৰ ভাল বেয়া কামৰ হিচাব ৰাখে। কবৰত মুনকিৰ আৰু নাকিৰ নামেৰে দুজন ফৰিষ্টাই মানুহক সিহঁতৰ কৃতকৰ্মবোৰৰ খতিয়ান লয়। মালিক নামেৰে ফৰিষ্টাই নৰক বা জহন্নামৰ ৰক্ষণাবেক্ষণ কৰে। আকৌ ৰিদওয়ান নামেৰে আৰু এজন ফৰিষ্টাই স্বৰ্গ বা বেহেস্তাৰ চোৱাচিতা কৰে। ইছলাম, খ্ৰীষ্টান আৰু ইহুদী ধৰ্মৰ বাদে হিন্দু ধৰ্মতো ফৰিষ্টা তথা স্বৰ্গীয় দূতসকলৰ অস্তিত্ত্বৰ কথা কোৱা হৈছে।

পয়গম্বৰ(নবী), বাৰ্তাবাহক(ৰাছূল)[সম্পাদনা কৰক]

ইছলামত পয়গম্বৰ (আৰবী: نبي‎) হ'ল সেইজন ব্যক্তি যিজনক স্রষ্টাই মানুহক দিক নির্দেশনা প্রদানৰ বাবে মনোনীত হিচাবে বিবেচনা কৰে। ইছলামী পৰিভাষাত ইয়াক কোৱা হয় নাবী(নবী)।

ইছলামী ঐতিয্য মতে ঈশ্বৰে প্রত্যেক জাতিৰ ওচৰত পয়গম্বৰ প্রেৰণ কৰিছে। ইছলাম অনুযায়ী একমাত্র মুহাম্মদ(আঃ)কেই আল্লাহৰ বার্তা সমগ্র মানৱজাতিৰ ওচৰত পঠিয়াই দিয়াৰ বাবে প্রৰিত হৈছিল, য'ত অন্যান্য পয়গম্বৰ সকল এটা নির্দিষ্ট গোত্র বা জাতিৰ ওচৰত প্রেৰিত হৈছিল।

ইহুদি আৰু খ্রীষ্টধর্মৰ বিপৰীতে, ইছলামত আল্লাহৰ বার্তাবাহক আৰু পয়গম্বৰ (নবীৰ) মাজত পার্থক্য কৰে। উভয়েই “ঐশ্বৰিক অণুপ্রেৰণা”ৰ দ্বাৰা আল্লাহৰ প্রত্যাদেশ প্রাপ্ত। তদুপৰি, বার্তাবাহকসকল গ্রন্থ আকাৰে এটা সম্প্রদায়ৰ বাবে ঐশ্বৰিক নিয়ম কানুন প্রদান কৰে আৰু পয়গম্বৰসকলৰ বিপৰীতে আল্লাহৰ কর্তৃক সাফল্যৰ নিশ্চয়তা প্রাপ্ত ব্যক্তি। যেনেকৈঃ মুছলিমসকলৰ ধর্মগ্রন্থ কোৰআনত কোৱা হৈছে,

যদিও সকলো "ৰাছূল" সকলেই "নবী", কিন্তু সকলো "নবী" সকল "ৰাছূল" নহয়। [8] [9] [10] [11]

সকলো বার্তাবাহক(ৰাছূল আৰু কেইজনমান পয়গম্বৰৰ নাম কোৰআনত উল্লেখিত আছে। মুছলিম সকলে বিশ্বাস কৰে যে আদম হ'ল প্রথম পয়গম্বৰ (নবী), পক্ষান্তৰে শেষ পয়গম্বৰ হ'ল মুহাম্মাদ(ছাঃ)। খ্রীষ্টধর্মৰ নিচিনাই ইছলামেও ঈছা(আঃ) (যীশু)ৰ জন্মবাদৰ ৰহস্যত আৰু বিশ্বাস কৰা হয় যে তেখেত নবী আছিল কাৰণ আল্লাহৰ পৰা তেখেতে ওহী প্রাপ্ত। যীশু এজন বার্তাবাহক হিচাবেও বিবেচিত হয় কাৰণ আল্লাহে তেখেতৰ ওপৰত সুসমাচাৰ(New Testament) প্রকাশ কৰিছিল।[12] অৱশ্যে, খ্রীষ্টধর্মৰ বিপৰীতে ইছলাম ধর্মত আল্লাহৰ পুত্র দাবি কৰা ধর্ম বিৰোধী আৰু যীশু এজন মানুহ হিচাবেই বিবেচিত হয়।

ঐশ্বিক গ্ৰন্থ[সম্পাদনা কৰক]

ঐশ্বিক গ্ৰন্থ বা আচমানী কিতাপ বুলিলে এনে কিছুমান গ্ৰন্থক বুজায় যিবোৰ ইছলাম ধৰ্মত মুছলমানসকলে ঈশ্বৰপ্ৰদত্ত গ্ৰন্থ বুলি বিশ্বাস কৰে। সকলো ঐশ্বিক গ্ৰন্থৰ ওপৰত ঈমান অনাটো ইছলামৰ অপৰিহাৰ্য অংগ। প্ৰথম মানৱ তথা নবী আদম(আঃ)ৰ পৰা শেষ নবী হজৰত মুহাম্মদ (ছঃ) লৈ কালক্ৰমে বিভিন্ন নবীৰ উপৰত এনে ঐশ্বিক গ্ৰন্থসমূহ অৱতীৰ্ণ হয়। ইয়াৰে প্ৰধাণ চাৰিটা ঐশ্বিক গ্ৰন্থ হ'ল-

  • তৌৰাত (Torah, The Old Testament) , যি অবতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক হজৰত মুছা (Moses) [আ.]-ৰ উপৰত,
  • যাবুৰ (Psalms) যি অৱতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক হজৰত দাউদ (David) [আ.]-ৰ উপৰত,
  • ইঞ্জিল, (Bible, The New Testament) যি অৱতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক হজৰত ঈছা (Jesus) [আ.]-ৰ উপৰত, আৰু
  • আল‌‌-কোৰআন (The Final Testament) সৰ্ৱশেষ আৰু পৰিপূৰ্ণ আচমানী কিতাব, যি অৱতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক হজৰত মুহাম্মদ (Muhammad) [ছঃ]-ৰ উপৰত।


বিচাৰ দিৱস[সম্পাদনা কৰক]

মুছলমানসকলে বিশ্বাস কৰে যে প্ৰত্যেক ব্যক্তিৰ কৃতকৰ্মৰ এদিন হিচাব লোৱা হ'ব৷ পৃথিৱীত কৰি যোৱা কৰ্ম অনুযায়ী আখিৰাত (মৃত্যুৰ পিছৰ জীৱন)-ত তেওঁলোকে ফল ভোগ কৰিব৷ ভাল কৰ্ম কৰাসকলক জান্নতৰ দ্বাৰা পুৰষ্কৃত কৰা হব আৰু নিচ কৰ্ম কৰাসকলক জাহান্নামত নিক্ষেপ কৰা হব৷ ইছলামীয় বিশ্বাস অনুযায়ী সেই বিচাৰ দিৱসৰ কিছু পৰিস্থিতি নিম্নৰূপ-

  1. সেইদিনা সকলোকে একত্ৰিত কৰা হব,
  2. পৃথিৱীৰ মাটি হব ৰূটিৰ দৰে,
  3. মানুহ নগ্নপদ ও নগ্নদেহে সমবিত হব,
  4. কোনোয়ে কাৰো প্ৰতি দৃষ্টি দিয়াৰ সময় নাপাব,
  5. কাফিৰসকলক (অবিশ্বাসী) নিচমুৱা কৰি টানি টানি একত্ৰিত কৰা হব,
  6. প্ৰতি এহাজাৰত ৯৯৯ জন লোক জাহান্নামী বুলি ঘোষিত হব
  7. সেইদিন মানুহ ঘৰ্মাক্ত হব, ঘামত সিহঁত কানলৈকে ডুব যাব,
  8. সূৰ্যক অতি ওচৰত অনা হব আৰু মানুহ আমল অনুপাতে ঘামৰ মাজত ডুবি থাকিব,
  9. পৃথিৱীত যিয়ে আল্লাহৰ বাবে ছিজদাহ কৰা নাই বা আন্যক দেখুৱাৰ উদ্দেশ্যে ছিজদাহ কৰিছে সিহঁত সিদিন আল্লাহক ছিজদাহ দিব নোৱাৰিব,
  10. মুমিনসকলৰ হিচাব হব মুখা-মুখি,
  11. যাৰ হিচাব পুংখানুপুংখকৈ সোধা হব সি ধ্বংস প্ৰাপ্ত হব,
  12. সিদিন মানুহৰ মুখ বন্ধ কৰি দিয়া হব,
  13. হাত, ভৰি, কান, চকু আৰু চৰ্মই মানুহৰ বিৰূদ্ধে সাক্ষী দিব,
  14. সেই দিনা সময় সীমা হব ৫০ হাজাৰ বছৰৰ সমান,
  15. কিন্তু সেই দিনা মুমিনসকলৰ বাবে এটি ফৰজ সালাত আদায়ৰ সময় যেন আনুভৱ হব ।

ইছলামৰ পঞ্চস্তম্ভ[সম্পাদনা কৰক]

  • কলিমা ‍(বিশ্বাস, একশ্বৰবাদ)
  • ছালাত (নামাজ, প্ৰাৰ্থনা)
  • ছিয়াম (ৰোজা, নিৰ্ধাৰিত কিছুমান কামৰ পৰা বিৰত থকা)
  • যাকাত (দান)
  • হজ্জ (মক্কা ভ্ৰমণ)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Vartan Gregorian (2003). Islam: A Mosaic, Not a Monolith. প্ৰকাশক Washington D.C.: Brookings Institution Press. পৃষ্ঠা. p. ix. ISBN 0-8157-3283-X. 
  2. Teece, Geoff (2005). Religion in Focus: Islam. Smart Apple Media. পৃষ্ঠা. p. 10. 
  3. Nelson, Lynn Harry. "Islam and the Prophet Muhammad". Kansas University. http://www.ku.edu/kansas/medieval/108/lectures/islam.html। আহৰণ কৰা হৈছে: 2006-06-17.  - "One must remember that we are talking about the Muslim expansion, not Arab conquests. The expansion of Islam was as much, or perhaps much more, a matter of religious conversion than it was of military conquest."
  4. John L Esposito (2002). What Everyone Needs to Know About Islam. Oxford University Press US. পৃষ্ঠা. p. 2. ISBN 0-19-515713-3. 
  5. Office for National Statistics (2003-02-13). "Religion In Britain". http://www.statistics.gov.uk/cci/nugget.asp?id=293। আহৰণ কৰা হৈছে: 2006-08-27. 
  6. BBC (2005-12-23). "Muslims in Europe: Country guide". http://news.bbc.co.uk/1/hi/world/europe/4385768.stm। আহৰণ কৰা হৈছে: 2006-09-28. 
  7. 7.0 7.1 আল্ কোৰআন. Islam House Assamese. 2015 ইংৰাজী. 
  8. Itmam al-hujjah) by Inayat Khan
  9. John Esposito(2005), Islam: The Straight Path, p.20
  10. Amin Ahsan Islahi. Tadabbur-i-Qur'an, vol.8, p.273
  11. Rasul and nabi
  12. see the Qur'an সাঁচ:Quran-usc

বহিঃসংযোগ[সম্পাদনা কৰক]