ছালাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Assalamu-aleykum.svg

ছালামঃ (অসমীয়া: ছালাম, আৰবী: سلام, ইংৰাজী: Salam, বঙালী: সালাম) ছালাম আৰবী শব্দ। ইয়াৰ অৰ্থ হৈছে শান্তি, প্ৰশান্তি কল্যাণ, দুআ, আৰাম, আনন্দ, তৃপ্তি।[1] ছালাম এটা সম্মানজনক অভ্যৰ্থনামূলক অভিনন্দন সুলভ শান্তিময় উচ্চমৰ্যাদা সম্পন্ন পৰিপূৰ্ণ ইছলামী অভিবাদন। উল্লেখযোগ্য যে, ‘আছ্-ছালাম’ আল্লাহৰ সুন্দৰ নাম সমূহৰ পৰা এটা অন্যতম নাম[2] আৰু জান্নাতৰ নাম সমূহৰ পৰা এটা জান্নাতৰ নাম।[3]

ছালামৰ উৎপত্তিঃ[সম্পাদনা কৰক]

মুছলিম সকলে বিশ্বাস কৰে যে আল্লাহে সৰ্ৱপ্ৰথমে প্ৰথম মানৱ আদম আলাইহিছ ছালামক ছালামৰ শিক্ষা দিছিল।[4]

হাদিছত আহিছে, আবু হুৰায়ৰা(ৰাদিআল্লাহু আনহু)ৰ পৰা বৰ্ণিত হৈছে ৰাছূলুল্লাহ মুহাম্মাদে(ছাঃ) কৈছে আল্লাহে আদম(আঃ)ক সৃষ্টি কৰি কলে, যোৱা ফিৰিষ্টা সকলৰ দলক ছালাম দিয়া আৰু তোমাৰ ছালামৰ কি উত্তৰ দিয়ে মন দি শুনা। এইটোৱেই হ'ব তোমাৰ আৰু তোমাৰ সন্তান সকলৰ ছালাম। সেয়েহেই আদমে (আঃ) গৈ কলে, আছ্ছালামু আলাইকুম(অৰ্থ- ‘আপোনালোকৰ ওপৰত শান্তি বৰ্ষিত হওক’)। ফৰিষ্টাসকলে উত্তৰ দিলে, আছ্ছালামু আলাইকা ওয়া ৰাহমাতুল্লাহ(অৰ্থঃ ‘আপোনালোকৰ ওপৰত শান্তি আৰু আল্লাহৰ ৰহমত বৰ্ষিত হওক’)। ফৰিষ্টাসকলে ৰাহমাতুল্লাহ বৃদ্ধি কৰিলে। [5]

অন্যান্য নাবী সকলৰ জীৱনতো ছালামৰ প্ৰচলনঃ[সম্পাদনা কৰক]

ইব্ৰাহিম(আঃ)ৰ ক্ষেত্ৰত, কোৰআনত পোৱা যায়-

আৰু অৱশ্যে আমাৰ ফিৰিস্তাসকল সুসংবাদ লৈ ইব্ৰাহীমৰ ওচৰত আহিছিল। তেওঁলোকে ক’লে, ‘ছালাম’। তেখেতেও ক’লে, ‘ছালাম’।[6]

ঠিক তেনেকৈ নূহ(আঃ)ৰ ক্ষেত্ৰত,

কোৱা হ’ল, ‘হে নূহ! অৱতৰণ কৰা (নাৱৰ পৰা) আমাৰ ফালৰ পৰা ছালাম আৰু কল্যাণৰ সৈতে তোমাৰ প্ৰতি আৰু যিবোৰ সম্প্ৰদায় তোমাৰ লগত তেওঁলোকৰ প্ৰতি;[7]

অন্যৰ গৃহলৈ গৈ ছালাম নিদিয়াকৈ প্ৰৱেশ কৰা নিষেধ[সম্পাদনা কৰক]

কোৰআনত আল্লাহে নিৰ্দেশ দিছে যে,

হে মুমিন/বিশ্বাসীসকল তোমালোকে নিজৰ গৃহৰ বাহিৰে অন্যৰ গৃহত প্ৰৱেশ নকৰিবা, যেতিয়ালৈকে আলাপ পৰিচয় নকৰা আৰু গৃহবাসীসকলক ছালাম নিদিয়া। এইটোৱেই তোমালোকৰ বাবে উত্তম। যাতে তোমালোকে স্মৰণ ৰাখা।[8]

হাদিছত অন্যৰ গৃহলৈ গৈ তিনিবাৰ ছালাম দিবলৈ কোৱা হৈছে আৰু অনুমতি প্ৰাৰ্থনা কৰিবলৈ কোৱা হৈছে। অনুমতি নিদিলে ঘূৰি আহিবলৈ কোৱা হৈছে। [9]

আল্লাহে জান্নাত (স্বৰ্গ) বাসীসকলক ছালামৰ দ্বাৰা আপ্যায়িত কৰিব[সম্পাদনা কৰক]

মুছলিমসকলে বিশ্বাস কৰে যে, এদিন জান্নাতীসকলে আনন্দত ডুবি থাকিব, সিহঁত আৰু সিহঁতৰ স্ত্ৰীসকলে উপবিষ্ট থাকিব পৰিৱেশত আসনত ভৰ দি। সিহঁতৰ বাবে ফলমূল আৰু যি বিচাৰিব সেইঠাইত থাকিব। কৰুণাময় পালনকৰ্তাৰ পক্ষৰ পৰা সিহঁতক কোৱা হ'ব “ছালাম”।

ছালামৰ গুৰুত্ব আৰু ফযীলতঃ[সম্পাদনা কৰক]

ছালাম শব্দটো কোৰআনত তলত দিয়া ধৰণে উল্লেখ আছে[সম্পাদনা কৰক]

আৰু যেতিয়া তোমালোকক ছালাম দিয়া হয় তেতিয়া তোমালোকে তাতোকৈ উত্তম ছালাম দিবা অথবা অনুৰূপ প্ৰত্যুত্তৰ দিবা। নিশ্চয় আল্লাহ সকলো বিষয়ে পূৰ্ণ হিচাপ গ্ৰহণকাৰী।[10]
আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক প্ৰৱেশ কৰোৱা হ’ব জান্নাতত, যাৰ তলত নদীসমূহ প্ৰবাহিত। তাত তেওঁলোক নিজ প্ৰতিপালকৰ অনুমতিক্ৰমে স্থায়িত্ব লাভ কৰিব, তাত তেওঁলোকৰ অভিবাদন হ’ব ‘ছালাম’।[11]
ফিৰিস্তাসকলে তেওঁলোকৰেই মৃত্যু ঘটায় উত্তমভাৱে। ফিৰিস্তাসকলে কয়, ‘তোমালোকৰ ওপৰত ছালাম (বৰ্ষিত হওক)! তোমালোকে যি কৰিছিলা তাৰ বিনিময়ত জান্নাতত প্ৰৱেশ কৰা’।[12]

হাদিছত আহিছে[সম্পাদনা কৰক]

আব্দুল্লাহ ইবন আমল ইবনুল ‘আছ ৰাদিআল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, তেখেতে কৈছে,

“এজন ব্যক্তি ৰাছুল (মুহাম্মাদ চাল্লাহু আলাইহি ওয়াছাল্লাম)ক প্ৰশ্ন কৰিলে, হে আল্লাহৰ ৰাছূল! ইছলামত কোন আমলটি সৰ্ৱ উত্তম? উত্তৰত ৰাছুল(মুহাম্মাদ চাল্লাল্লাহু ‘আলাইহি ওয়াছাল্লাম) এ কলে, মানুহক খাদ্য খাৱলৈ দিয়া আৰু তুমি যাকেই চিনি পোৱা আৰু যাকেই চিনি নোপোৱা সকলোকেই ছালাম দিয়া”।[13]

আবু উমাৰা-আল বাৰা ইব্‌ন আযেব ৰাদিআল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে,

ৰাছুল (মুহাম্মাদ চাল্লাহু আলাইহি ওয়াছাল্লাম) এ আমাক সাতটা বিষয়ত নিৰ্দেশ দিছে: ৰুগীক চাবলৈ যোৱা, জানাযাৰ ছালাত(নামাজ)ত অংশ গ্ৰহণ কৰা, হাঁচিৰ উত্তৰ দিয়া, দুৰ্ৱল সকলক সাহায্য কৰা, অত্যাচাৰিত লোকক সহযোগিতা কৰা, ছালামৰ প্ৰসাৰ কৰা, শপথকাৰীক মুক্ত কৰা”।[14]

আবু হুৰাইৰা ৰাদিআল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুল(মুহাম্মাদ চাল্লাহু আলাইহি ওয়াছাল্লামএ কৈছে,

“তোমালোক তেতিয়ালৈকে জান্নাতত (স্বৰ্গত) প্ৰৱেশ নকৰিবা যেতিয়ালৈকে তোমালোক পৰিপূৰ্ণ ঈমানদাৰ হ'ব নোৱাৰা। আৰু তেতিয়ালৈকে তোমালোক পৰিপূৰ্ণ ঈমানদাৰ নহ'বা, যেতিয়ালৈকে তোমালোক এজনে আনজনক ভাল নাপাবা, মই তোমালোকক এনেকোৱা এটা বস্তুৰ বিষয়ে অৱগত কৰাম যিটো কৰিলে, তোমালোক পৰস্পৰে পৰস্পৰক ভাল পাবা? তাৰ পাছত তেখেতে কলে, তোমালোকে বেছি বেছি কৈ ছালামক প্ৰসাৰ কৰা”।[15]

আবু ইউছুফ আব্দুল্লাহ ইবন ছালাম ৰাদিআল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে,

“মই ৰাছুল(মুহাম্মাদ চাল্লাহু আলাইহি ওয়াছাল্লাম)এ কওঁতে শুনিছো, তেখেতে কৈছিল, হে মানৱ সকল! তোমালোকে ছালামৰ প্ৰসাৰ কৰা, মানুহক খাদ্য খাৱলৈ দিয়া, আত্মীয়তা সম্পৰ্ক বজায় ৰখা আৰু মানুহ যেতিয়া টোপনিত যায় তেতিয়া তুমি ছালাত(নামাজ) আদায় কৰা। তেতিয়াহ'লে তুমি নিৰাপদে জান্নাতত প্ৰৱেশ কৰিবা। ( ইমাম তিৰমিযীয়ে কৈছে, হাদিছটো হাছান আৰু ছহীহ। )[16]
এদিন এজন ব্যক্তিয়ে নবী মুহাম্মাদ (চাল্লাহু আলাইহি ওয়াছাল্লাম)ৰ ওচৰত আহি কলে, আচ্ছালামু আলাইকুম। তেতিয়া তেখেতে কলে, লোকজনৰ বাবে ১০টা নেকী(পুণ্য) লিখা হৈছে। ইয়াৰ পাছত আৰুএজন ব্যক্তি আহি কলে, ওয়া ৰাহমাতুল্লাহ নবী(ছাঃ)এ তেওঁৰ উত্তৰ দি কলে, তেওঁৰ বাবে ২০টা নেকী লিখা হৈছে। পাছত আৰুএজন ব্যক্তি আহি কলে ওয়া বাৰাকাতুহু। ৰাছূলুল্লাহই(মুহাম্মাদ ছাঃ) তেওঁৰ উত্তৰ দি কলে, লোকজনৰ ৩০টা নেকী লিখা হৈছে।[17]

হাদিছত আছে,

পাৰষ্পৰিক ছালাম বিনিময়ৰ দ্বাৰা পাৰষ্পৰিক ভালপোৱা বৃদ্ধি পায়।[18]
এক মুছলিমৰ ওপৰত অন্য মুছলিমৰ ছয়টা হক্ক (দায়িত্ব) আছে, তাৰ ভিতৰত অন্যতম হ'ল যেতিয়া তাৰ সৈতে সাক্ষাত হয় তেতিয়া তেওঁক ছালাম দিয়া।[19]

ছালাম নিদিয়া এটা কৃপণতা। হাদিছত আছে যে,

যিয়ে ছালাম দিবলৈ কাৰ্পন্য কৰে তাতকৈ বেছি কোনেও কৃপণ নহয়।[20]

মুছাফাহাৰ গুৰুত্ত্বঃ[সম্পাদনা কৰক]

সাধাৰণতে মুছাফাহা হৈছে ছালামৰ পাছত পৰস্পৰে হাত মিলোৱা কাৰ্য। ইছলামী নিয়মত ছালামৰ ওচৰা-ওচৰি মুছাফাহাৰ গুৰুত্ব দেখা পোৱা যায়।

হাদিছত পোৱা যায়, ৰাছূলুল্লাহ মুহাম্মাদ(ছাঃ)এ কৈছে, যেতিয়া দুজন মুছলিম পৰস্পৰ সাক্ষাত হয় আৰু সিহঁতে মুছাফাহা কৰে, পৃথক হোৱাৰ আগতেই সিহঁতৰ উভয়ৰ গুণাহ(পাপ) সমূহ ক্ষমা কৰি দিয়া হয়। [21]

ছালামক লৈ কিছু কুসংষ্কাৰঃ[সম্পাদনা কৰক]

  1. ছালামৰ বাক্যসমূহ বিকৃত কৰি পঢ়া।
  2. ভৰিত স্পৰ্শ কৰি ছালাম প্ৰদান কৰা।
  3. ছালামৰ পাছত মুছাফাহা(ইজনে সিজনৰ সৈতে হাত মিলোৱা) কৰাৰ পাছত বুকুত হাত ৰখা। ইয়াৰ কোনো ভিত্তি নাই।
  4. ছালামৰ উত্তৰ সঠিক ভাৱে নিদিয়া।

[22]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. www.QuranerAlo.com
  2. 99namesofallah.name
  3. en.m.wikipedia.org/wiki/Jannah
  4. হাদিছ গ্ৰন্থ-মিশ্বকাত, হাদিছ নং-৪৬২৮, অধ্যায়-শিষ্টাচাৰ, অনুচ্ছেদ-ছালাম।
  5. হাদিছ গ্ৰন্থ- মিশ্বকাত,হাদিছ নং- ৪৬২৮, অধ্যায়- শিষ্টাচাৰ, অনুচ্ছেদ- ছালাম।
  6. কোৰআনঃ ছূৰা হুদ(১১), আয়াত নং-৬৯
  7. কোৰআনঃ ছূৰা হুদ(১১), আয়াত নং-৪৮
  8. কোৰআনঃ ছূৰা নূৰ(২৪), আয়াত নং-২৭)
  9. হাদিছ গ্ৰন্থ- তিৰমিযী।
  10. কোৰআনঃ ৪/৮৬
  11. কোৰআনঃ ১৪/২৩
  12. কোৰআনঃ ১৬/৩২
  13. হাদিছ গ্ৰন্থঃ বুখাৰী আৰু মুছলিম।
  14. হাদিছ গ্ৰন্থঃ বুখাৰী আৰু মুছলিম।
  15. হাদিছ গ্ৰন্থঃ মুছলিম।
  16. হাদিছ গ্ৰন্থঃ তিৰমিযী।
  17. হাদিছ গ্ৰন্থঃ মিশ্বকাত, হাদিছ নং- 4644
  18. হাদিছ গ্ৰন্থঃ মিশ্বকাত, হাদিছ নং- ৪৬৩১
  19. হাদিছ গ্ৰন্থঃ মিশ্বকাত, হাদিছ নং- ৪৬৩০
  20. হাদিছ গ্ৰন্থঃ মিশ্বকাত, হাদিছ নং- ৪৬৬৫
  21. হাদিছ গ্ৰন্থ-আবু দাউদ, হাদিছ নং-৫১৮৬
  22. www.QuranerAlo.com