তাওহিদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

তাওহিদ শব্দটো আৰবীওয়াহাদা’ ক্ৰিয়া মূলৰ পৰা গৃহীত, যাৰ অৰ্থ ‘এক হোৱা’, ‘একক হোৱা’ বা ‘অতুলনীয় হোৱা’, তাওহিদৰ অৰ্থ ‘এক কৰা’, ‘একত্বৰ ঘোষণা দিয়া’ বা ‘একত্বত বিশ্বাস কৰা’।

তাওহিদ বা তাওহীদে (আৰবী ভাষাত توحيد) ইছলাম ধৰ্মত এক আল্লাহৰ ধাৰণাক বুজায়।[1] । তাওহিদ শব্দৰ অৰ্থ একত্ববাদ[2] ব্যৱহাৰিক অৰ্থত আল্লাহৰ একত্ববাদ স্বীকাৰ কৰি লোৱাকেই তাওহিদ বোলে ৷ শ্বৰিয়তৰ পৰিভাষাত আল্লাহ তাআলাক এক আৰু অদ্বিতীয় হিচাপে স্বীকাৰ কৰি লোৱাক তাওহিদ বোলে ৷ তাওহিদৰ মূল কথা হ'ল — আল্লাহ তাআলা এক আৰু অদ্বিতীয় ৷[3] তেখেতেই শ্ৰসংশা আৰু ইবাদতৰ একমাত্ৰ মালিক ৷ তেখেতৰ তুলনীয় কোনো নাই৷ আল্লাহ তা'আলায়ে কৈছে [4] — ""কোনো বস্তুৱেই তেওঁৰ সদৃশ নহয়" (কোৰআনঃছুৰা শ্বোৰা,আয়াত ১১)

কোৱা তেখেতেই আল্লাহ একক/অদ্বিতীয়।

আল্লাহ কাৰোৰ মুখাপেক্ষী নহয়। তেখেতৰ কোনো সন্তান নাই আৰু তেখেতো কাৰোৰ সন্তান নহয়,

আৰু তেখেতৰ সমতুল্য কোনো নাই।
তেখেত আকাশমন্ডলী আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, তেখেত তোমালোকৰ মাজৰ পৰা তোমালোকক জোৰ হিচাপে সৃষ্টি কৰিছে আৰু আন‘আমৰ বাহিৰে; এনেকৈ তেখেতে তোমালোকৰ বংশ বিস্তাৰ কৰে; কোনো বস্তুৱেই তেখেতৰ সদৃশ নহয়,তেখেত সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।

তাওহিদৰ সংজ্ঞাঃ[সম্পাদনা কৰক]

তৌহিদ/তাওহিদৰ সকলো প্ৰকাৰৰ সমন্বিত পূৰ্ণাঙ্গ সংজ্ঞা হৈছেঃ পৰিপূৰ্ণ গুণৰ সমন্বয়ত ৰব বা প্ৰতিপালকৰ একত্বতা সম্পৰ্কে বান্দাৰ জ্ঞান, বিশ্বাস, স্বীকৃতি আৰু ঈমান আৰু ইয়াত ৰবক (প্ৰতিপালকক) একক হিচাপে মানা, এই বিশ্বাস স্থাপন কৰা যে, তেওঁৰ কোনো অংশীদাৰ নাই, তেওঁৰ পূৰ্ণতাৰ কোনো উপমা নাই, তেওঁ সকলো বান্দাৰ বাবে ইলাহ আৰু মা‘বুদ (ইবাদতৰ একমাত্ৰ যোগ্য), আনকি সকলো ধৰণৰ ইবাদতৰ ক্ষেত্ৰত তেওঁক একক বুলি স্বীকাৰ কৰা (আন কাকো অংশীদাৰ স্থাপন নকৰা)।[5]

তৌহিদৰ প্ৰকাৰঃ[সম্পাদনা কৰক]

তৌহিদক তিনিটা প্ৰকাৰত ভাগ কৰা দেখা যায়।

প্ৰথমঃ তাওহীদুৰ ৰুবুবিয়্যাহঃ আল্লাহক একমাত্ৰ সৃষ্টিকৰ্তা, ৰিযিকদাতা (জীৱিকাদাতা), পৰিচালনাকাৰী আৰু লালন-পালনকাৰী হিচাপে স্বীকাৰ কৰা।

দ্বিতীয়ঃ তাওহীদুল আছমা ওৱাচ্ ছিফাতঃ আল্লাহে নিজৰ বাবে যিবোৰ নাম আৰু গুণাৱলী সাব্যস্ত কৰিছে অথবা ৰাছুল মুহাম্মাদে(ছাঃ) আল্লাহৰ বাবে যিবোৰ নাম আৰু গুণাৱলী সাব্যস্ত কৰিছে সেইবোৰৰ কোনো সাদৃশ্য আৰু উপমা, বিকৃতি আৰু পৰিৱৰ্তন নকৰি আল্লাহৰ বাবে সাব্যস্ত কৰা।

তৃতীয়ঃ তাওহীদুল ইবাদাহঃ সকলো ধৰণৰ ইবাদতৰ বাবে আল্লাহক এক ও একক বুলি স্বীকাৰ কৰা আৰু তেওঁৰ লগত শ্বিৰ্ক নকৰি ইবাদতত একনিষ্ঠ হোৱা।এতেকে, তাওহীদৰ ওপৰোক্ত প্ৰকাৰসমূহ সম্পূৰ্ণৰূপে ধাৰণ নকৰিলে আৰু এইবোৰক প্ৰতিষ্ঠা নকৰিলে বান্দাহে মুআহহিদ তথা একত্ববাদী হ’ব নোৱাৰিব।[6]

শ্বীৰ্ক[সম্পাদনা কৰক]

তাওহিদৰ বিপৰীত ধাৰণা হ'ল শ্বীৰ্ক

লগতে চাওঁক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "From the article on Tawhid in Oxford Islamic Studies Online" (ইংৰাজী ভাষাত). Oxfordislamicstudies.com. 2008-05-06. http://www.oxfordislamicstudies.com/article/opr/t125/e2356?_hi=0&_pos=2। আহৰণ কৰা হৈছে: 2014-08-24. 
  2. "Allah" (ইংৰাজী ভাষাত). Encyclopædia Britannica Online. http://www.britannica.com/eb/article-9005770/Allah। আহৰণ কৰা হৈছে: 2008-05-28. 
  3. "The Fundamentals of Tawhid (Islamic Monotheism)" (ইংৰাজী ভাষাত). ICRS (Indonesian Consortium of Religious Studies. 2010-10-30. http://icrs.ugm.ac.id/book/35/the-fundamentals-of-tawhid-islamic-monotheism.html। আহৰণ কৰা হৈছে: 2015-10-28. 
  4. Vincent J. Cornell, Encyclopedia of Religion, Vol 5, pp.3561-3562 (ইংৰাজী ভাষাত)
  5. ইছলাম হাউজ(অসমীয়া ভাগ), লেখকঃৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান দৰঙী
  6. ইছলাম হাউজ(অসমীয়া ভাগ), লেখকঃৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান দৰঙী