সমললৈ যাওক

হাদিছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

হাদিছ (আৰবী: الحديث) হ'ল মূলত ইছলাম ধৰ্মৰ শেষ বাণীবাহক হজৰত মুহাম্মাদ চাল্লাল্লাহু আলাইহি ওয়াছাল্লামৰ বাণী আৰু জীৱনাচৰণ। হাদিছৰ উপদেশ মুছলিম সকলৰ জীৱনাচৰণ আৰু ব্যৱহাৰ বিধিথ অন্যতম পথ নিৰ্দেশ। কোৰআন হ'ল মৌলিক গ্ৰন্থ আৰু হাদিছক বহুত সময়ত ইয়াৰ ব্যাখ্যা হিচাপেও অভিহিত কৰা হয়। হাদিছ বিষয়ৰ ওপৰত পণ্ডিত ব্যক্তিক মুহাদ্দিছ বোলা হয়।

সৰ্বোচ্চ হাদিছ বৰ্ণনাকাৰী কেইজনমান ছাহাবী

[সম্পাদনা কৰক]
কিতাবুছ ছিত্তা গ্ৰন্থাৱলি আৰু ইয়াৰ সংকলকসকলৰ নাম
ক্ৰমিক নং ছাহাবীৰ নাম জন্ম জীৱন কাল বৰ্ণিত হাদিছৰ সংখ্যা
হজৰত আবু হুৰায়ৰা (ৰাঃ) প্ৰকৃত নাম আব্দুৰ ৰহমান৫৭ হিজৰি৭৮ বছৰ৫৩৭৪ টা
উম্মুল মুমিনিন হজৰত আয়েশ্বা ছিদ্দিকা (ৰাঃ)৫৮ হিজৰি৬৭ বছৰ২২১০টা
হযৰত আবদুল্লাহ ইবনে আব্বাছ (ৰাঃ)৬৮ হিজৰি৭১ বছৰ১৬৬০টা
হজৰত আবদুল্লাহ ইবনে উমৰ (ৰাঃ)৭০ হিজৰি৮৪ বছৰ১৬৩০টা
হজৰত জাবেৰ ইবনে আব্দুল্লাহ (ৰাঃ)৭৪ হিজৰি৯৪ বছৰ১৫৪০টা

হাদিছ শাস্ত্ৰৰ কেইটামান পৰিভাষা

[সম্পাদনা কৰক]
ছাহাবী (صحابى)

যিজন ব্যক্তি ইমানৰ সৈতে মুহাম্মাদ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামৰ সহচৰ্য লাভ কৰিছে বা তেখেতক দেখিছে আৰু তেখেতৰ হাদিছ বৰ্ণনা কৰিছে অথবা জীৱনত নিম্নতম এবাৰ তেখেতক দেখিছে আৰু ইমানৰ সৈতে মৃত্যুবৰণ কৰিছে তেওঁকেই ছাহাবী বোলা হয়।

তাবিঈ (تابعى)

যিজনে মুহাম্মাদ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামৰ কোনো ছাহাবীৰ ওচৰৰ পৰা হাদীছ শিক্ষা কৰিছে অথবা তেখেতক দেখিছে আৰু মুছলিম হিচাপে মৃত্যুবৰণ কৰিছে তেওঁকেই তাবিঈ বোলে।

হাদিছৰ প্ৰকাৰ আৰু চৰ্ত

[সম্পাদনা কৰক]

ছহীহ হাদিছ

[সম্পাদনা কৰক]

মুহাদ্দিছসকলৰ পৰিভাষাত যিবোৰ হাদিছৰ মাজত ৫টা চৰ্ত পূৰণ হৈছে তাকে ছহীহ হাদিছ বা বিশুদ্ধ হাদিছ বোলে। চৰ্ত ৫টা হ'ল:

  1. হাদিছৰ সকলো বৰ্ণনাকাৰী বা ৰাবী পৰিপূৰ্ণ সৎ আৰু বিশ্বস্ত বুলি প্ৰমাণিত। ইয়াক ‘ আদালত’ বোলে।
  2. সকলো ৰাবীৰ ‘নিৰ্ভুল বৰ্ণনা ক্ষমতা’ পূৰ্ণৰূপে বিদ্যমান বুলি প্ৰমাণিত। ইয়াক ‘যাবতা’ বোলে।
  3. চনদৰ প্ৰত্যেক ৰাবীয়ে তেওঁৰ ঊৰ্ধ্বতন ৰাবীৰ পৰা নিজ কাণে হাদীছটো শুনিছে বুলি প্ৰমাণিত। ইয়াক ‘ইত্তিচাল’ বোলে।
  4. হাদিছটো অন্যান্য প্ৰমাণিত হাদিছৰ বৰ্ণনাৰ বিপৰীত নহয় বুলি প্ৰমাণিত। ইয়াক ‘শুযুয মুক্তি’ বোলে।
  5. হাদিছটোৰ মাজত সূক্ষ্ম কোনো চনদগত বা অৰ্থগত ত্ৰুটি নাই বুলি প্ৰমাণিত। ইয়াক ‘ইল্লাত মুক্তি’ বোলে।[1]

হাছান হাদিছ

[সম্পাদনা কৰক]

মুহাদ্দিছসকলৰ পৰিভাষাত যিবোৰ হাদিছত ছহীহ হাদিছৰ ৫টা চৰ্ত বিদ্যমান, কিন্তু দ্বিতীয় চৰ্ত অৰ্থাৎ ‘যাবতা’ বা হাদীছ বৰ্ণনাকাৰীৰ ‘নিৰ্ভুল বৰ্ণনা ক্ষমতা’ অলপ দুৰ্বল বুলি বুজা যায়, সেই হাদিছক হাছান হাদিছ বা গ্ৰহণযোগ্য হাদিছ বোলা হয়। অৰ্থাৎ যদি চনদত উল্লিখিত কোনো এজন ৰাবীৰ বৰ্ণিত হাদীছৰ মাজত কিছু অনিচ্ছাকৃত ভুল-ত্ৰুটি লক্ষ্য কৰা যায়, তেনেহ’লে এনে ধৰণৰ ৰাবীৰ বৰ্ণিত হাদিছ ‘হাছান হাদিছ’ বুলি গণ্য।[2]

ফিকহবিদসকলে সাধাৰণতে ছহীহ আৰু হাছান হাদিছৰ ভিত্তিতে শ্বৰীয়তৰ বিধান নিৰ্ধাৰণ কৰে।[3]

জঈফ বা দুৰ্বল হাদিছ

[সম্পাদনা কৰক]

যি হাদিছৰ মাজত হাছান হাদিছৰ চৰ্তবিলাক বিদ্যমান নহয়, মুহাদ্দিছসকলৰ পৰিভাষাত তাকে যঈফ হাদিছ বোলে। অৰ্থাৎ,

  1. ৰাবীৰ বিশ্বস্ততাৰ অভাৱ, বা
  2. তেওঁৰ বিশুদ্ধ হাদিছ বৰ্ণনা বা স্মৃতিৰ অভাৱ, বা
  3. চনদৰ মাজত কোনো এজন ৰাবীয়ে তেওঁৰ ঊৰ্ধ্বতন ৰাবীৰ পৰা পোনপটীয়াকৈ আৰু নিজ কাণেৰে শুনা নাই বুলি প্ৰমাণিত হোৱা বা দৃঢ় সন্দেহ হোৱা, বা
  4. অন্যান্য প্ৰমাণিত হাদিছৰ সৈতে সাংঘৰ্ষিক হোৱা, অথবা
  5. সূক্ষ্ম কোনো চনদগত বা অৰ্থগত ত্ৰুটি থকা;

ইত্যাদি যিকোনো এটা বিষয় কোনো হাদীছৰ মাজত থাকিলে হাদিছটো জঈফ বুলি গণ্য। কোনো হাদীছক ‘জঈফ’ বুলি গণ্য কৰাৰ অৰ্থ হ'ল, হাদিছটো ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ কথা নহয় বুলিয়েই প্ৰতীয়মান হয়।[4]

মাউযু বা বানোয়াট হাদিছ

[সম্পাদনা কৰক]

যি হাদিছৰ ৰাবীয়ে জীৱনত কেতিয়াবা ইচ্ছাকৃতভাৱে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ নামত মিছা কথা সজাই সমাজত প্ৰচাৰ কৰিছে অথবা, ইচ্ছাকৃতভাৱে হাদীছৰ সূত্ৰ (চনদ) বা মূল বাক্যৰ মাজত কম-বেছি কৰিছে বুলি প্ৰমাণিত হৈছে, তেওঁৰ বৰ্ণিত হাদিছক বানোয়াট বা মাউযু হাদিছ বোলে। এনেকুৱা ব্যক্তিৰ বৰ্ণিত হাদীছ গ্ৰহণযোগ্য নহয়।[5]

গৰীব হাদীছ

[সম্পাদনা কৰক]

যি ছহীহ হাদিছ কোনো যুগত মাত্ৰ এজন ৰাবীয়ে বৰ্ণনা কৰিছে তাকে গৰীব হাদিছ বোলা হয়।[6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. হাদিছ সম্পৰ্কে বিস্তাৰিত: http://www.quraneralo.com/common-hadith-terminologies/ Archived 2017-07-05 at the Wayback Machine
  2. হাদিছ সম্পৰ্কে বিস্তাৰিত: http://www.quraneralo.com/common-hadith-terminologies/[সংযোগবিহীন উৎস]
  3. হাদিছ সম্পৰ্কে বিস্তাৰিত: http://www.quraneralo.com/common-hadith-terminologies/ Archived 2017-07-05 at the Wayback Machine
  4. হাদিছ সম্পৰ্কে বিস্তাৰিত: http://www.quraneralo.com/common-hadith-terminologies/ Archived 2017-07-05 at the Wayback Machine
  5. হাদিছ সম্পৰ্কে বিস্তাৰিত: http://www.quraneralo.com/common-hadith-terminologies/ Archived 2017-07-05 at the Wayback Machine
  6. হাদিছ সম্পৰ্কে বিস্তাৰিত: http://www.quraneralo.com/common-hadith-terminologies/ Archived 2017-07-05 at the Wayback Machine