মুছা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মুছা
আলাইহিছ ছালাম - (عليه السلام)

ইছলামী লিপিবিদ্যাত লিখা মুছাৰ নাম
স্থানীয় নাম মুছা - موسى
জন্ম প্ৰায় ২০৭৬ হিজৰীৰ পূৰ্বে (প্ৰায় ১৩৯২ বিচিই)
মিচৰ
মৃত্যু প্ৰায় ১৯৫২ হিজৰীৰ পূৰ্বে (প্ৰায় ১২৭২ বিচিই)
মোয়াব, চিৰিয়া
ধৰ্ম ইছলাম

মুছা (ইংৰাজী: Moses) ইহুদি, খ্ৰীষ্টান, আৰু ইছলাম ধৰ্মত স্বীকৃত ৰাছুল বা ঈশ্বৰৰ বাৰ্তাবাহক। তেখেত মোজেছ নামেৰেও পৰিচিত আছিল। কোৰআনত মুছা (আলাইহিছ ছালাম)-ৰ নাম অন্য নবীসকলৰ তুলনাত বেছি উল্লেখ কৰা হৈছে। ধাৰণা কৰা হয় যে মুছা (আলাইহিছ ছালাম) ১২০ বছৰ জীয়াই আছিল। মুছা (আলাইহিছ ছালাম)-ৰ সম্প্ৰদায়ৰ নাম আছিল বনী-ইছৰাঈল। কোৱা হয়, তেখেতৰ অলৌকিকতাসমূহ বিগত অন্যান্য নবী-ৰাছুলসকলৰ তুলনাত সংখ্যাত বেছি, প্ৰকাশৰ বলিষ্ঠতাৰ দিশেও অধিক আছিল।