তাওৰাত

অসমীয়া ৱিকিপিডিয়াৰ পৰা

তাওৰাত এটা আকাশী কিতাপ যিটো ইছলামৰ ৰাছুল মুছা (আঃ)ৰ উপৰত অৱতীৰ্ণ হৈছিল। ই হিব্ৰু ভাষাত লিখিত ইহুদীসকলৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ। হিব্ৰু ভাষাত ইয়াৰ নাম '"তোৰাহ্। তোৰাহ্ শব্দৰ অৰ্থ "আইন", "নিয়ম", বা "শিক্ষণীয় উপদেশ"। ই ৫ টা পুস্তকৰ সম্বন্ধয়েৰে গঠিত সেয়েহেই তাওৰাতক বহুতে মুছাৰ "পঞ্চ পুস্তক" বুলি কয়।

তাওৰাত ইহুদিসকলৰ ধৰ্মীয় ৰীতিনীতিৰ মূল আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ দলিল। এইটো এটা হিব্ৰু শব্দ, যাৰ অৰ্থ "শিক্ষা"। তাওৰাত মূলত সিহঁতৰ ধৰ্মগ্ৰন্থ তানাখৰ প্ৰথম অংশক বুজালেও, সাৰ্বিকভাবে তোৰাহ বুলিলে ইহুদিসকলৰ লিখিত আৰু মৌখিক শিক্ষা, যেনেকৈ - মিশ্বনাহ, তালমুদ, মিদ্ৰাশ্ব, ইত্যাদি ধৰ্মীয় অনুশাসনমূলক গ্ৰন্থক একেলগে ইঙ্গিত কৰে।

তাওৰাতৰ মাজত হিব্ৰু বাইবেলৰ প্ৰথম পাঁচখন কিতাপ পৰে। এই পঞ্চ পুস্তকৰ নাম নিম্নৰূপ।

ইহুদিসকলে বিশ্বাস কৰে তাওৰাত হ'ল মুছাৰ ওচৰত ঈশ্বৰৰ পোনপটীয়া প্ৰদত্ত বাণী।

তথ্যসূত্ৰ[সম্পাদনা কৰক]