সমললৈ যাওক

যীচু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(যীশুৰ পৰা পুনঃনিৰ্দেশিত)
যীচু
খ্ৰীষ্ট

চীনয় পৰ্বতত চেইণ্ট কেথেৰিন মঠত খ্ৰীষ্ট পান্ত'ক্ৰাত'ৰ, খ্ৰীষ্টীয় ৬ষ্ঠ শতাব্দী
স্থানীয় নাম ܝܶܫܽܘܥ
জন্ম য়েশ্বূআʿ (ܝܶܫܽܘܥ, Imperial Aramaic pronunciation: [Yēšūaʿ])
প্ৰায় ৪ খ্ৰী.পূ.[টোকা 1]
বৈৎলেহম, যিহূদীয়া, হেৰোদীয়া ৰাজ্য, ৰোমান সাম্ৰাজ্য[5]
মৃত্যু প্ৰায় ৩০ বা ৩৩ খ্ৰী.[টোকা 2]
(বয়স ৩৩–৩৬)
যীৰূচালেম, যিহূদীয়া, ৰোমান সাম্ৰাজ্য
মৃত্যুৰ কাৰণ ক্ৰুচাৰোপণ[টোকা 3]
অন্য নাম খ্ৰীষ্ট
মচীহ
যীচু খ্ৰীষ্ট
নাচৰতীয়া যীচু
গৃহস্থান নাচৰৎ, যিহূদীয়া, ৰোমান সাম্ৰাজ্য
পিতৃ-মাতৃ
নাচৰতীয়া
যীচু
গৃহ চহৰ নাচৰৎ, যিহূদীয়া, ৰোমান সাম্ৰাজ্য
Venerated in
Major shrine যীচুৰ সমাধি, পুৰণি যীৰূচালেম
Feast
প্ৰভাৱ
পৰম্পৰা

যীচু[টোকা 5] (প্ৰায় ৬ৰ পৰা ৪ খ্ৰী.পূ. – ৩০ বা ৩৩ খ্ৰী.), যি যীচু খ্ৰীষ্ট,[টোকা 6] নাচৰতীয়া যীচু আৰু আন বিভিন্ন নাম আৰু উপাধিৰে পৰিচিত, আছিল ১ম শতিকাৰ যিহূদীয়া প্ৰদেশৰ এজন গালীলীয়া ইহুদী ধৰ্মপ্ৰচাৰক আৰু ধৰ্মীয় নেতা। তেওঁ বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম খ্ৰীষ্টধৰ্মকেন্দ্ৰীয় ব্যক্তিত্ব। প্ৰকৃততে সকলো[11] খ্ৰীষ্টান লোকে যীচুক পুত্ৰ ঈশ্বৰৰ অৱতাৰ আৰু প্ৰত্যাশিত মচীহ বা খ্ৰীষ্ট বুলি বিবেচনা কৰে—যি পুৰণি নিয়মত ভৱিষ্যদ্বাণী কৰা দায়ূদীয় বংশধাৰাৰ এজন উত্তৰাধিকাৰী। ধ্ৰুপদী সভ্যতাৰ প্ৰায় সকলো আধুনিক গৱেষক যীচুৰ ঐতিহাসিক অস্তিত্বৰ ক্ষেত্ৰত একমত।[টোকা 7] যীচুৰ জীৱনৰ বিৱৰণ পোৱা যায় সুসমাচাৰসমূহত, বিশেষকৈ নতুন নিয়মৰ চাৰিখন কানুনী সুসমাচাৰত। আলোকায়ন যুগৰ পিছৰে পৰা শিক্ষাগত গৱেষণাই সুসমাচাৰসমূহৰ ঐতিহাসিক নিৰ্ভৰযোগ্যতা আৰু সেইবোৰে কিমান ঘনিষ্ঠভাৱে ঐতিহাসিক যীচুক প্ৰতিফলিত কৰে—এই বিষয়ে নানাবিধ মতামত উপস্থাপন কৰিছে।[19][টোকা 8][22][23]

সুসমাচাৰ আৰু পাঁচনিসকলৰ কাৰ্যবিৱৰণত সংৰক্ষিত খ্ৰীষ্টীয় পৰম্পৰা অনুসৰি, যীচুৰ জন্মৰ অষ্টম দিনা তেওঁৰ ত্বকছেদ কৰা হয়, ডেকা বয়সত বাপ্তিস্মক যোহনৰ দ্বাৰা বাপ্তিস্ম কৰা হয় আৰু মৰুভূমি অঞ্চলত চল্লিশ দিন আৰু চল্লিশ ৰাতি উপবাস কৰাৰ পিছত তেওঁ নিজৰ পৰিচৰ্যা কাৰ্য আৰম্ভ কৰে। তেওঁ আছিল এজন ভ্ৰাম্যমাণ শিক্ষক, যিয়ে ঐশ্বৰিক কৰ্তৃত্বৰে ঈশ্বৰৰ বিধান ব্যাখ্যা কৰিছিল আৰু প্ৰায়েই তেওঁক ৰব্বি বুলি সম্বোধন কৰা হৈছিল। যীচুৱে প্ৰায়েই তেওঁৰ সহধৰ্মী ইহুদীসকলৰ সৈতে ঈশ্বৰক সৰ্বোত্তমভাৱে অনুসৰণ কৰাৰ বিষয়ে তৰ্কত লিপ্ত হৈছিল, আৰোগ্য দান কৰিছিল, দৃষ্টান্তৰ মাধ্যমেৰে শিক্ষা দিছিল আৰু অনুগামী সংগ্ৰহ কৰিছিল; তেওঁলোকৰ মাজৰ পৰা ১২ জনক তেওঁ নিজৰ পাঁচনি হিচাপে নিযুক্ত কৰে। তেওঁক যীৰূচালেমত গ্ৰেপ্তাৰ কৰা হয় আৰু ইহুদী কৰ্তৃপক্ষৰ দ্বাৰা বিচাৰ কৰা হয়,[24] ইয়াৰ পিছত তেওঁক ৰোমান চৰকাৰৰ হাতত গতাই দিয়া হয় আৰু যিহূদিয়াৰ দেশাধিপতি পন্তীয় পীলাতৰ আদেশত ক্ৰুচবিদ্ধ কৰা হয়। তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ অনুগামীসকলে দৃঢ়ভাৱে বিশ্বাস কৰিবলৈ লয় যে তেওঁ মৃতকৰ মাজৰ পৰা পুনৰুত্থিত হৈছে আৰু তেওঁলোকে গঠন কৰা এই সম্প্ৰদায়টো পৰৱৰ্তী সময়ত আদি খ্ৰীষ্টান মণ্ডলীলৈ ৰূপান্তৰিত হয়, যি ক্ৰমে এটা বিশ্বব্যাপী আন্দোলন হিচাপে বিস্তৃতি লাভ কৰে।[25]

খ্ৰীষ্টান ধৰ্মতত্ত্বত বিশ্বাস কৰা হয় যে, যীচু পবিত্ৰ আত্মাৰ দ্বাৰা গৰ্ভজাত হৈছিল, মৰিয়ম নামৰ এগৰাকী কুমাৰীৰ গৰ্ভত তেওঁৰ জন্ম হৈছিল, তেওঁ বিভিন্ন অলৌকিক কাৰ্য সম্পাদন কৰিছিল, খ্ৰীষ্টীয় মণ্ডলী প্ৰতিষ্ঠা কৰিছিল, পাপৰ প্ৰায়শ্চিত্ত সাধনৰ বাবে আত্মবলিদানস্বৰূপ ক্ৰুচবিদ্ধ হৈ মৃত্যুবৰণ কৰিছিল, তৃতীয় দিনা মৃতকৰ মাজৰ পৰা পুনৰুত্থিত হৈছিল আৰু স্বৰ্গলৈ আৰোহণ কৰিছিল—যি ঠাইৰ পৰা তেওঁ পুনৰ প্ৰত্যাৱৰ্তন কৰিব। সাধাৰণভাৱে খ্ৰীষ্টানসকলে বিশ্বাস কৰে যে, যীচুৰ মাধ্যমেৰে মানুহ ঈশ্বৰৰ সৈতে পুনৰ মিলি হ’বলৈ সক্ষম। নিকাইয়াৰ ধৰ্মমত অনুসৰি, যীচুৱে জীৱিত আৰু মৃতকৰ বিচাৰ কৰিব—তেওঁলোকৰ দৈহিক পুনৰুত্থানৰ আগতে বা পিছত—যি ঘটনাটো খ্ৰীষ্টীয় পৰকালবিদ্যাত যীচুৰ দ্বিতীয় আগমনৰ সৈতে সম্পৰ্কিত। অধিকাংশ খ্ৰীষ্টানে যীচুক ত্ৰিত্বৰ তিনি ব্যক্তিৰ ভিতৰত দ্বিতীয়, অৰ্থাৎ পুত্ৰ ঈশ্বৰৰ অৱতাৰ হিচাপে উপাসনা কৰে।[টোকা 9] যীচুৰ জন্ম প্ৰতি বছৰে সাধাৰণতে ২৫ ডিচেম্বৰ[টোকা 10] বৰদিন হিচাপে উদ্‌যাপন কৰা হয়। তেওঁৰ ক্ৰুশাৰোপণক পূণ্যশুক্ৰবাৰত স্মৰণ কৰা হয় আৰু তেওঁৰ পুনৰুত্থানক পূণ্যৰবিবাৰত উদ্‌যাপন কৰা হয়। বিশ্বৰ সৰ্বাধিক ব্যৱহৃত বৰ্ষপঞ্জী ব্যৱস্থা—য’ত বৰ্তমান বৰ্ষ 2026 খ্ৰীষ্টাব্দ বা সাধাৰণাব্দযীচুৰ জন্মৰ আনুমানিক তাৰিখৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হৈছে।[26]

ইহুদী ধৰ্মই এই বিশ্বাস প্ৰত্যাখ্যান কৰে যে যীচু আছিল প্ৰত্যাশিত মচীহ; তেওঁলোকৰ যুক্তি হ’ল: তেওঁ মচীহ-সংক্ৰান্ত ভৱিষ্যদ্বাণীসমূহ পূৰণ কৰা নাছিল, বিধিসন্মতভাৱে অভিষিক্ত হোৱা নাছিল আৰু তেওঁ ঐশ্বৰিকো নাছিল, বা পুনৰুত্থিতো হোৱা নাছিল। আনহাতে, ইছলামত যীচুক[টোকা 11] মচীহ আৰু আল্লাহৰ এজন নবী হিচাপে গণ্য কৰা হয়; তেওঁক বনী ইস্ৰায়েলৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু তেওঁ কিয়ামতৰ আগতে পুনৰ পৃথিৱীলৈ প্ৰত্যাৱৰ্তন কৰিব। মুছলমানসকলে বিশ্বাস কৰে যে, যীচুৰ জন্ম কুমাৰী মৰিয়মৰ গৰ্ভত হৈছিল, পিছে তেওঁ ঈশ্বৰ নহয় আৰু ঈশ্বৰৰ পুত্ৰও নহয়। অধিকাংশ মুছলমানে বিশ্বাস নকৰে যে তেওঁক হত্যা বা ক্ৰুচবিদ্ধ কৰা হৈছিল; বৰঞ্চ তেওঁলোকে বিশ্বাস কৰে যে ঈশ্বৰে তেওঁক জীৱিত অৱস্থাতে স্বৰ্গলৈ উঠাই লৈছিল[টোকা 12] যীচু মানী, দ্ৰুজ, বাহাই আৰু ৰাস্তাফাৰি ধৰ্মতো এজন সন্মানীয় ব্যক্তিত্ব।

  1. জন পি. মেইয়াৰে লিখিছে যে, যীচুৰ জন্ম চন আনুমানিক খ্ৰীষ্টপূৰ্ব ৭ বা ৬ অব্দ।[1] কাৰ্ল ৰাহনাৰ উল্লেখ কৰিছে যে, আনুমানিক খ্ৰীষ্টপূৰ্ব ৪ অব্দটোক যীচুৰ জন্ম চন হিচাপে ধৰাৰ ক্ষেত্ৰত গৱেষকসকল একমত।[2] ই. পি. ছেণ্ডাৰ্ছও সাধাৰণ ঐক্যমতৰ কথা উল্লেখ কৰি আনুমানিক খ্ৰীষ্টপূৰ্ব ৪ অব্দটোকেই যীচুৰ জন্ম চন হিচাপে ধৰাৰ সপক্ষে মত দিছে।[3] জেক ফিনেগানে আদি খ্ৰীষ্টীয় মতবাদ-সংক্ৰান্ত গৱেষণাসমূহক ব্যৱহাৰ কৰি আনুমানিক খ্ৰীষ্টপূৰ্ব ৩ বা ২ অব্দক যীচুৰ জন্ম চন হিচাপে ধৰাৰ সপক্ষে মত দিয়ে।[4]
  2. অধিকাংশ গৱেষকেই অনুমান কৰে যে, ৩০ বা ৩৩ খ্ৰীষ্টাব্দত যীচু ক্ৰুচবিদ্ধ হৈছিল।[6]
  3. জেম্ছ ডান লিখিছে যে, যীচুৰ বাপ্তিস্ম আৰু ক্ৰুচাৰোপণ “প্ৰায় সৰ্বজনীন সন্মতি আদায় কৰে” আৰু “[এই দুয়োৰে] স্থান ইমান উৰ্ধত যে তাক ‘সন্দেহ বা অস্বীকাৰ কৰা প্ৰায় অসম্ভৱ’ স্তৰৰ ঐতিহাসিক ঘটনা।” এই দুটা বিষয়ক তেওঁ প্ৰায়বোৰ ক্ষেত্ৰতে ঐতিহাসিক যীচু-সংক্ৰান্ত গৱেষণাৰ সূচনা বিন্দু বুলি উল্লেখ কৰিছে।[7] বাৰ্ট এৰমেনে কৈছে যে, পন্তীয় পীলাতৰ নিৰ্দেশত যীচুৰ ক্ৰুচাৰোপণেই তেওঁৰ সম্পৰ্কে জ্ঞাত সৰ্বাধিক নিশ্চিত ঘটনা।[8] জন ডমিনিক ক্ৰোচান আৰু ৰিচাৰ্ড জি. ৱাট্ছে কৈছে যে, যীচুৰ ক্ৰুশাৰোপণ যিকোনো ঐতিহাসিক ঘটনাৰ দৰেই নিশ্চিত।[9] পল আৰ. এডি আৰু গ্ৰেগৰী এ. বয়েডে কৈছে যে, যীচুৰ ক্ৰুচাৰোপণ প্ৰসংগত অখ্ৰীষ্টান সূত্ৰৰ সমৰ্থন এতিয়া "দৃঢ়ভাৱে প্ৰতিষ্ঠিত"।[10]
  4. খ্ৰীষ্টানসকলৰ বিশ্বাসমতে, মৰিয়ম পবিত্ৰ আত্মাৰ প্ৰভাৱত অলৌকিকভাৱে গৰ্ভৱতী হৈছিল। মুছলমানসকলে বিশ্বাস কৰে যে, ঈশ্বৰৰ আদেশত অলৌকিক উপায়েৰে তেওঁ নিজৰ পুত্ৰক গৰ্ভত ধাৰণ কৰে। এই দৃষ্টিভংগীৰ পৰা উভয় ক্ষেত্ৰতে যোচেফক যীচুৰ পালক-পিতৃ গণ্য কৰা হয়।
  5. Ancient Greek: Ἰησοῦς, romanized: Iēsoús, সম্ভৱত ইব্ৰীয় বা অৰামীয়: יֵשׁוּעַ, romanized: সাঁচ:Tlitৰ পৰা
  6. কপ্টীয়: Ⲓⲏⲥⲟⲩⲥ Ⲡⲓⲭ́ρⲓⲥτⲟⲥ; গেএজ: መሲህ ኢየሱስ; গ্ৰীক: Ἰησοῦς Χριστός; ইব্ৰীয়: ישוע המשיহ; লাতিন: Iesus Christus; স্লাভোনীয়: І҆исоу́съ Хрїсто́съ; ছুৰীয়: ܝܫܘܥ ܡܫܺܝܚܳα
  7. In a 2011 review of the state of modern scholarship, Bart D. Ehrman wrote, "He certainly existed, as virtually every competent scholar of antiquity, Christian or non-Christian, agrees."[12] Richard A. Burridge states: "There are those who argue that Jesus is a figment of the Church's imagination, that there never was a Jesus at all. I have to say that I do not know any respectable critical scholar who says that any more."[13] Robert M. Price does not believe that Jesus existed but agrees that this perspective runs against the views of the majority of scholars.[14] James D. G. Dunn calls the theories of Jesus's non-existence "a thoroughly dead thesis".[15] Michael Grant (a classicist), "In recent years, 'no serious scholar has ventured to postulate the non historicity of Jesus' or at any rate very few, and they have not succeeded in disposing of the much stronger, indeed very abundant, evidence to the contrary."[16] Robert E. Van Voorst states that biblical scholars and classical historians regard theories of non-existence of Jesus as effectively refuted.[17] Writing on The Daily Beast, Candida Moss and Joel Baden state that, "there is nigh universal consensus among biblical scholars – the authentic ones, at least – that Jesus was, in fact, a real guy."[18]
  8. Ehrman writes: "The notion that the Gospel accounts are not completely accurate but still important for the religious truths they try to convey is widely shared in the scholarly world, even though it's not so widely known or believed outside of it."[20]
    Sanders writes: "The earliest Christians did not write a narrative of Jesus' life, but rather made use of, and thus preserved, individual units—short passages about his words and deeds. These units were later moved and arranged by authors and editors. [...] Some material has been revised and some created by early Christians."[21]
  9. খ্ৰীষ্টান ধৰ্মগোষ্ঠীৰ এটা সৰু সংখ্যালঘুৱে ত্ৰিত্ববাদক সম্পূৰ্ণৰূপে বা আংশিকভাৱে অশাস্ত্ৰীয় বুলি নাকচ কৰে।
  10. বেছিভাগ খ্ৰীষ্টান আৰু আলাৱীয়ে বৰদিন উদযাপন কৰে। পূবৰ খ্ৰীষ্টান মণ্ডলীবোৰ এটা অংশই জুলীয় কেলেণ্ডাৰৰ ২৫ ডিচেম্বৰত বৰদিন উদযাপন কৰে, যিটো বৰ্তমান গ্ৰেগৰীয় কেলেণ্ডাৰত ৭ জানুৱাৰীৰ সৈতে মিল খায়। বৰদিনৰ পূৰ্বে বৰদিনৰ উদযাপন আৰম্ভ হয়, সাধাৰণতে ২৪ ডিচেম্বৰৰ পৰা।
  11. Often referred to by his Quranic name, ʿĪsā
  12. কিছু মধ্যযুগীয় মুছলিম বিশ্বাস কৰিছিল যে ঈছা ক্ৰুচবিদ্ধ হৈছিল, যেনেকুৱা আধুনিক আহমদীয়া আন্দোলনৰ সদস্যসকলেও বিশ্বাস কৰে; চাওক সাঁচ:Slink

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Meier, John P. (1991). A Marginal Jew: The roots of the problem and the person. Yale University Press. পৃষ্ঠা. 407. ISBN 978-0-300-14018-7. https://archive.org/details/marginaljewrethi0000john.
  2. Rahner 2004, পৃষ্ঠা. 732.
  3. Sanders 1993, পৃষ্ঠা. 10–11.
  4. Finegan, Jack (1998). Handbook of Biblical Chronology, rev. ed. Hendrickson Publishers. পৃষ্ঠা. 319. ISBN 978-1-56563-143-4. https://archive.org/details/handbookbiblical00fine.
  5. Brown, Raymond E. (1977). The birth of the Messiah: a commentary on the infancy narratives in Matthew and Luke. Doubleday. পৃষ্ঠা. 513. ISBN 978-0-385-05907-7. https://archive.org/details/birthofmessiahco0000brow.
  6. Humphreys, Colin J.; Waddington, W. G. (1992). "The Jewish Calendar, a Lunar Eclipse and the Date of Christ's Crucifixion". Tyndale Bulletin খণ্ড 43 (2): 340. http://www.tyndalehouse.com/tynbul/library/TynBull_1992_43_2_06_Humphreys_DateChristsCrucifixion.pdf#page=9 আহৰণ কৰা হৈছে: 2 August 2016.
  7. Dunn 2003, পৃষ্ঠা. 339.
  8. Ehrman 1999, পৃষ্ঠা. 101.
  9. Crossan & Watts 1999, পৃষ্ঠা. 96.
  10. Eddy & Boyd 2007, পৃষ্ঠা. 173.
  11. "Global Christianity – A Report on the Size and Distribution of the World’s Christian Population" (en-US ভাষাত). পিউ ৰিচাৰ্চ চেণ্টাৰ. 2011-12-19. https://www.pewresearch.org/religion/2011/12/19/global-christianity-exec/ আহৰণ কৰা হৈছে: 2025-12-29.
  12. Ehrman 2011, পৃষ্ঠা. 285.
  13. Burridge, Richard A.; Gould, Graham (2004). Jesus Now and Then. Wm. B. Eerdmans. পৃষ্ঠা. 34. ISBN 978-0-8028-0977-3. https://archive.org/details/jesusnowthen0000burr/page/34.
  14. Price, Robert M. (2009). "Jesus at the Vanishing Point". In Beilby, James K.; Eddy, Paul R. The Historical Jesus: Five Views. InterVarsity. pp. 55, 61. ISBN 978-0-8308-7853-6. Archived from the original on 7 September 2015. Retrieved 14 August 2015. Unknown parameter |url-status= ignored (help)
  15. Sykes, Stephen W. (2007). "Paul's understanding of the death of Jesus". Sacrifice and Redemption. Cambridge University Press. pp. 35–36. ISBN 978-0-521-04460-8.
  16. Grant, Michael (2004). Jesus. Phoenix. পৃষ্ঠা. 200. ISBN 978-0-684-14889-2.
  17. Van Voorst 2000, পৃষ্ঠা. 16.
  18. "So-Called 'Biblical Scholar' Says Jesus a Made-Up Myth". The Daily Beast. 5 October 2014. https://www.thedailybeast.com/so-called-biblical-scholar-says-jesus-a-made-up-myth.
  19. Powell 1998, পৃষ্ঠা. 168–173.
  20. Bart D. Ehrman. Historical Jesus. 'Prophet of the New Millennium'. Archived 23 January 2019 at the Wayback Machine Course handbook, p. 10 (Lecture Three. V. B.), The Teaching Company, 2000, Lecture 24
  21. Sanders 1993, পৃষ্ঠা. 57.
  22. Bowman Jr. & Komoszewski 2019, পৃষ্ঠা. 22–23.
  23. "Life-of-Jesus Research and the Eclipse of Mythology". Theological Studies খণ্ড 54: 13–14. 1993. https://theologicalstudies.net/wp-content/uploads/2022/08/54.1.1.pdf. "First, the New Testament Gospels are now viewed as useful, if not essentially reliable, historical sources. Gone is the extreme skepticism that for so many years dominated gospel research. Representative of many is the position of E. P. Sanders and Marcus Borg, who have concluded that it is possible to recover a fairly reliable picture of the historical Jesus.".
  24. Sanders 1993, পৃষ্ঠা. 11.
  25. Sanders 1993, পৃষ্ঠা. 11, 14.
  26. "anno Domini". Merriam-Webster Online Dictionary. 2003. Archived from the original on 22 December 2007. Retrieved 3 November 2016. Etymology: Medieval Latin, in the year of our Lord Unknown parameter |url-status= ignored (help).