ৰাহু
ৰাহু | |
---|---|
সূৰ্য গ্ৰহণ আৰু চন্দ্ৰ তথা পৃথিৱীৰ কক্ষৰ উত্তৰ চেদ বিন্দু | |
নৱগ্ৰহ-ৰ সদস্য | |
ৰাহু দেৱ: ৰাক্ষস সাপৰ মুৰব্বী, কনৰাক মূৰ্তি, ব্ৰিটিছ মিউজিয়াম | |
অন্য নাম | ৰাহু আৰু কেতু |
দেৱনাগৰী | राहु |
সংস্কৃত লিপ্যন্তৰ | rāhu (চন্দ্ৰ তথা পৃথিৱীৰ কক্ষৰ উত্তৰ চেদ বিন্দু) |
সম্পৰ্ক | গ্ৰহ, অসুৰ,[1] স্বৰভানু, ৰাহুকাল |
নিবাস | ৰাহু কাল, ৰাহু দশা |
মন্ত্ৰ | ওঁম বিপ্ৰচিত্তি পুত্ৰ সিংহিকা পুত্ৰ ওঁম নৱগ্ৰহ ৰাহুয় নমঃ |
অস্ত্ৰ | ৰাজদণ্ড |
বাৰ | শুক্ৰ বাৰ |
সহোদৰ | কেতু |
আসন/বাহন | বাঘ |
উৎসৱ | অমাৱশ্যা |
ৰাহু (Sanskrit: राहु)() ভাৰতীয় জ্যোতিৰ মাৰ্গৰ নৱগ্ৰহ ৰ এজন সদস্য। আন বহুতৰ দৰে, ৰাহু এবিধ ছাঁয়া অৱয়ব। যি গ্ৰহণ সৃষ্টি কৰে আৰু উল্কাৰ ৰজা[1] ৰাহুৱে পৃথিবীৰ চাৰিওফালে তাৰ পূৰ্বৱৰ্তী কক্ষপথত চন্দ্ৰৰ আৰোহণৰ প্ৰতিনিধিত্ব কৰে।
ৰাহু আৰু কেতুক সাধাৰণতে এটা সংহতি বুলি ধৰা হয়। য'ত দুয়োটাই ছাঁয়া গ্ৰহ। ৰাহুৰ গ্ৰাসত থকা সময়ছোৱাক ৰাহু কাল বা ৰাহুৰ দশা বুলি কোৱা হয়। যিটো অশুভ বুলি বিশ্বাস কৰা হয়।[2]
হিন্দু জ্যোতিৰ্বিদ্যা অনুসৰি ৰাহু আৰু কেতুৰ ১৮ বছৰীয়া কক্ষচক্ৰ আছে আৰু উভয়ে পৰস্পৰৰ পৰা ১৮০° কোণত অৱস্থান লয়(জন্ম পত্ৰিকা সমূহতো)।
ই চন্দ্ৰৰ পূৰ্বৱৰ্তী কক্ষ বা পৃথিৱীৰ গ্ৰহণতলত চন্দ্ৰ আৰোহি বা অৱৰোহী কক্ষৰ ১৮ বাৰ্ষিক ঘূৰ্ণী চক্ৰৰ সৈতেও মিলে। ইয়াৰ জ্যোতিৰ্বিজ্ঞানৰ সৈতেওঁ মিল দেখা যায়। প্ৰায় ২২৩ চান্দ্ৰ মাহ (প্ৰায় ৬৫৮৫.৩২১১ দিন বা ১৮ বছৰ, ১১ দিন, ৮ ঘণ্টা), যিটো সূৰ্য আৰু চন্দ্ৰ গ্ৰহণৰ ভৱিষ্যতবাণী দিবৰ বাবে গণনা কৰা হয়। ৰাহুৱে শনিৰ সৈতে মিলি কুম্ভ ৰাশিক পৰিচালনা কৰে।
জ্যোতিৰ্বিজ্ঞানৰ মতে, ৰাহু আৰু কেতুৱে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰা কক্ষ আৰু চন্দ্ৰৰ কক্ষৰ চেদ বিন্দুত অৱস্থান কৰে। সেয়ে ৰাহু-কেতুক চন্দ্ৰ কক্ষৰ উত্তৰ আৰু দক্ষিণ মেৰু বুলি কোৱা হয়। গ্ৰহণ লগাৰ মূল কাৰণ হিচাপে সেয়ে কোৱা হয় যে চন্দ্ৰ বা সূৰ্য যিকোনো এটা যেতিয়াই এই স্থান আহি পায়হি তেতিয়াই সাপডালে ইহঁতক গ্ৰাস কৰে। ৰাহুক সাধাৰণতে সূৰ্য গ্ৰহণৰ কাৰক বুলি কোৱা হয়।
আখ্যান
[সম্পাদনা কৰক]পৌৰাণিক আখ্যান সমূহত ৰাহুৰ উল্লেখ পোৱা যায়।[3] প্ৰাগঐতিহাসিক যুগৰ এক আখ্যান অনুসৰি যেতিয়া দেৱতা আৰু অসুৰে ক্ষীৰ সাগৰ মন্থন কৰি অমৰ হোৱাৰ মানসেৰে অমৃত কলহ উদ্ধাৰ কৰিছিল,[4] সেই সময়ত ৰাহু উপস্থিত আছিল। স্বৰভানু নামৰ এজন অসুৰে দেৱতাৰ বেশ লৈ দেৱতাৰ মাজত বহি অমৃত পান কৰে। চন্দ্ৰ আৰু সূৰ্যই স্বৰভানুক চিনিব পাৰি মোহিনীক এই কথা জনায়।[5] লগে লগে মোহিনীৰূপী বিষ্ণুৱে অমৃত স্বৰভানুৰ ডিঙি পাৰ হ'বলৈ নাপাওঁতেই সুদৰ্শন চক্ৰৰে তেওঁৰ শিৰশ্ছেদ কৰে। অমৃতৰ স্পৰ্শ পোৱাৰ বাবে স্বৰভানুৰ শিৰ অংশই ৰাহু আৰু বাকী দেহাংশই কেতু নাম পাই গ্ৰহত পৰিণত হয়। ইতিমধ্যে অমৃতৰ স্পৰ্শ পোৱাত ৰাহু-কেতু অমৰ হৈ পৰে। স্বৰভানুৰ শিৰ অংশ ৰাহু নামেৰে আৰু গা অংশ কেতু নামেৰে পৰিচিত হৈ পৰে। ৰাহু আৰু কেতুৰ দ্বাৰা পৃথিৱীত মানুহৰ জীৱন প্ৰভাৱিত হয়।[3]
চিত্ৰ বীথিকা
[সম্পাদনা কৰক]-
ৰাহু আৰু তেওঁৰ পত্নী কাৰালী
-
থাইলেণ্ডত ফ্ৰা ৰাহু।
-
কম্বোডিয়াত ৰাহুৰ মূৰ্ত্তি শিল্প।
-
ব্ৰিটিছ মিউজিয়ামত ৰাহুৰ ভাস্কৰ্য্য
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Roshen Dalal (2010). Hinduism: An Alphabetical Guide. Penguin Books. পৃষ্ঠা. 324. ISBN 978-0-14-341421-6. https://books.google.com/books?id=DH0vmD8ghdMC.
- ↑ Gopal, Madan (1990). K.S. Gautam. ed. India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 77. https://archive.org/details/indiathroughages00mada.
- ↑ 3.0 3.1 Cornelia Dimmitt (2012). Classical Hindu Mythology: A Reader in the Sanskrit Puranas. Temple University Press. পৃষ্ঠা. 75, 347–349. ISBN 978-1-4399-0464-0. https://books.google.com/books?id=re7CR2jKn3QC.
- ↑ Heinrich Zimmer, Myth and Symbols in Indian Art and Civilisation. New York: Harper Torchbooks, 1946, p. 176
- ↑ "ৰাহু - ভাৰতকোষ, জ্ঞান কা হিন্দী মহাসাগৰ".