সমললৈ যাওক

চন্দ্ৰ গ্ৰহণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আংশিক চন্দ্ৰ গ্ৰহণ লাগি ক্ৰমে চন্দ্ৰ পৃথিৱীৰ ছাঁৰ পৰা আঁতৰি যোৱা দৃশ্য। ২০১৯ চনৰ ১৭ জুলাই তাৰিখে হোৱা চন্দ্ৰ গ্ৰহণ।

চন্দ্ৰ গ্ৰহণ হৈছে এক মহাজাগতিক পৰিঘটনা। যেতিয়া পৃথিৱীৰ ছাঁ সম্পূৰ্ণৰূপে চন্দ্ৰৰ ওপৰত পৰে,[1]তেতিয়াই চন্দ্ৰগ্ৰহণ হোৱা বুলি কোৱা হয়। এই পৰিঘটনা তেতিয়াই সম্ভৱ হয় যেতিয়া সূৰ্য, পৃথিৱী আৰু চন্দ্ৰ সম্পূৰ্ণৰূপে বা নিকটতম স্থানত একে ৰৈখিক হয়, কেৱল পূৰ্ণিমা তিথিতহে চন্দ্ৰগ্ৰহণ হয়।

চন্দ্ৰগ্ৰহণৰ প্ৰকাৰ আৰু দৈৰ্ঘ্য চন্দ্ৰৰ কক্ষপথৰ সৈতে পৃথিৱীৰ কক্ষই কটাকটি কৰা একোটা মূৰৰ পৰা ইয়াৰ দূৰত্বৰ ওপৰত নিৰ্ভৰশীল।

পূৰ্ণগ্ৰাস চন্দ্ৰ গ্ৰহণৰ সময়ত কেতিয়াবা চন্দ্ৰটো ৰঙা দেখা যায়। ইয়াক তেজৰঙা চন্দ্ৰ, ৰঙা জোন, ৰক্তিম চন্দ্ৰ বুলি কোৱা হয়। এই সময়ত পৃথিৱীয়ে সম্পূৰ্ণৰূপে সূৰ্যৰ ৰশ্মি আহি চন্দ্ৰত পৰাত বাধা দিয়ে। কেৱলমাত্ৰ পৃথিৱীৰ বায়ুমণ্ডলৰ মাজেৰে গৈ চন্দ্ৰত পৰা ৰশ্মিহে চন্দ্ৰই প্ৰতিফলিত কৰিব পাৰে। সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ সময়ত সূৰ্যটো ৰঙাহোৱাৰ দৰেই এই সময়ত চন্দ্ৰটো ৰঙা দেখা যায়।

ৰাতি হৈ থকা পৃথিৱীৰ যিকোনো অংশৰ পৰায়েই চন্দ্ৰগ্ৰহণ প্ৰত্যক্ষ কৰিব পাৰি। পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ এটি প্ৰায় দুঘণ্টা পৰ্যন্ত বাহাল থাকিব পাৰে। পূৰ্ণিমাৰ পূৰ্ণ চন্দ্ৰৰ পোহৰতকৈ গ্ৰহণৰ সময়ৰ চন্দ্ৰৰ পোহৰ কম হোৱা বাবে এই মহাজাগতিক ঘটনাটো খালি চকুৰেই প্ৰত্যক্ষ কৰিব পাৰি।

চন্দ্ৰ গ্ৰহণৰ প্ৰকাৰ

[সম্পাদনা কৰক]
পৃথিৱীৰ দুই প্ৰকাৰৰ ছাঁ ক্ৰমে প্ৰচ্ছায়া আৰু উপচ্ছায়াৰ জ্যামিতিয় ব্যাখ্যা(সূৰ্য, পৃথিৱী তথা চন্দ্ৰৰ আকাৰ আৰু দূৰত্বৰ কোনো একক অনুকৰণ কৰা হোৱা নাই)

পৃথিৱীৰ ছাঁক দুটা ভাগত ভাগ কৰিব পাৰি: প্ৰচ্ছায়া আৰু উপচ্ছায়া। পৃথিৱীয়ে প্ৰচ্ছায়া (পৃথিৱীৰ ছাঁৰ মধ্য অংশ) অংশত সূৰ্যৰ বিকিৰিত ৰশ্মিৰ প্ৰৱেশ সম্পূৰ্ণৰূপে বাৰণ কৰে। সেয়ে হ'লেও যিহেতু চন্দ্ৰাকাশত সূৰ্যৰ ব্যাস প্ৰায় পৃথিৱীৰ ব্যাসৰ এক চতুৰ্থাংশ প্ৰদৰ্শিত হয় গতিকে পৃথিৱীয়ে সূৰ্যৰ ৰশ্মিক উপচ্ছায়া অংশত আংশিক হে বাধা দিব পাৰে।

খণ্ডছাঁয়া যুক্ত চন্দ্ৰ গ্ৰহণ

[সম্পাদনা কৰক]

খণ্ডছাঁয়া যুক্ত চন্দ্ৰ গ্ৰহণ হোৱাৰ সময়ত চন্দ্ৰটো পৃথিৱীৰ উপচ্ছায়া অংশইদি পাৰ হৈ যায়। অৰ্থাৎ পৃথিৱীৰ উপচ্ছায়া চন্দ্ৰৰ ওপৰত পৰাত চন্দ্ৰটো আংশিক ঢাকখাই পৰে আৰু এই গ্ৰহণ খালি চকুৰে তেতিয়াহে প্ৰত্যক্ষ কৰিব পাৰি যেতিয়া চন্দ্ৰটোৰ প্ৰায় ৭০% অংশ পৃথিৱীৰ উপচ্ছায়াৰ গ্ৰাসত থাকে[2]। বিশেষ খণ্ডছাঁয়া যুক্ত চন্দ্ৰ গ্ৰহণ বুলিলে সেই খণ্ডছাঁয়া যুক্ত চন্দ্ৰ গ্ৰহণক বুজা যায়, যেতিয়া চন্দ্ৰৰ সম্পূৰ্ণ অংশই পৃথিৱীৰ উপচ্ছায়াৰ আৱৰ্তত থাকে। চন্দ্ৰৰ যি অংশ পৃথিৱীৰ প্ৰচ্ছায়া অংশৰ একেবাৰে ওচৰত থাকে সেই অংশ তুলনামূলক ভাৱে বেছি অন্ধকাৰ হৈ দেখা দিয়ে।

তথ্যউৎস

[সম্পাদনা কৰক]
  1. McClure, Bruce (July 27, 2018). "Century's Longest Lunar Eclipse July 27". EarthSky. http://earthsky.org/tonight/centurys-longest-lunar-eclipse-july-27। আহৰণ কৰা হৈছে: August 1, 2018. 
  2. H. Mucke, J. Meeus (1992). Canon of Lunar Eclipses -2002 to +2526 (3rd সম্পাদনা). Astronomisches Büro Wien. পৃষ্ঠা. V.